/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/bikhekh-lekha-guwahati.jpg)
তুষাৰ প্ৰতিম
গুৱাহাটী…. ৰাজ্যখনৰ বহুতৰে বাবে সপোনৰ মহানগৰী। ৰাজ্যৰ প্ৰশাসনৰ মূল যন্ত্ৰ এই গুৱাহাটীতে থকাৰ বাবেই প্ৰশাসনীয় সকলো কাম-কাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো শ্ৰেণীৰ নাগৰিক ঢপলিয়াই আহে গুৱাহাটীলৈ। সমান্তৰালকৈ গুৱাহাটীয়ে বহুতকে দিছে সংস্থাপন, বহুতকে দেখুৱাইছে সপোন। সেই সপোনক আকৌ গুৱাহাটীয়েই সাকাৰ ৰূপ দিছে।
কিন্তু শেহতীয়াকৈ এই গুৱাহাটীয়েই কাঢ়ি নিছে বহুতৰে সপোন, বহুতৰে জীৱন। কেইদিনমানৰ আগলৈকে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰচাৰ কৰিছিল পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়াও মাজে, সময়ে সেই কথা আওঁৰাই থকা হয়। কিন্তু গুৱাহাটী ক্ৰীড়াৰ ৰাজধানী অথবা আন কিবা বিষয়ৰেই ৰাজধানী হওঁক বা নহওক, অপৰাধৰ যে ৰাজধানী হ'বলৈ আগবঢ়িছে সেইয়া নিশ্চিত হৈ পৰিছে।
বিগত দিনবোৰত গুৱাহাটিত এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে হত্যাকাণ্ড সংঘটিত হ'বলৈ লৈছে। ৰাজ্য জোকাৰি যোৱাকৈ কেইবাটাও হত্যাকাণ্ড ধাৰাবাহিকভাৱে সংঘটিত হৈছে গুৱাহাটীত। কোনোবাই যদি ধন, সম্পত্তিৰ বাবে কাৰোবাক হত্যা কৰিছে, আন কোনোবাই পৰিয়াল কেন্দ্ৰিক কথা বতৰাৰ বাবে হত্যা কৰিছে আত্মীয়ক।
ইয়াৰ উপৰিও কোনোবাই যদি ড্ৰাগছৰ আসক্তিৰ কৱলত পৰি হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিছে আন কোনোৱে আকৌ প্ৰেম জনিত কাৰণতে হত্যা কাণ্ড সংঘটিত কৰিছে। ইয়াৰ মাজতে আকৌ সৌভাগ্যবশত বহু ব্যক্তি হত্যাৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিছে। কোনোমতে জীৱন ৰক্ষা পৰিছে।
চলিত সপ্তাহৰ এই ৪ টা দিনত ৪ টা হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে এজন ব্যক্তি হত্যাকাণ্ডৰ বলি হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে যদিও গুৰুতৰভাৱে আহত হৈছে। বুধবাৰে মহানগৰীৰ সাতগাঁৱৰ আমবাৰীত এজন ব্যক্তিক ডিঙি ৰেপি হত্যা কৰে। প্ৰাথমিক অনুসন্ধানত পৰকীয়া প্ৰেমজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
ইয়াৰ পূৰ্বে মঙ্গলবাৰে নুনমাটিৰ কিশোৰ কলিতা নামৰ এজন ৰেলৱেৰ কৰ্মচাৰীক হত্যাৰ চেষ্টা চলাই দুৰ্বৃত্তই। কলিতাক ছুৰীকাঘাট কৰি তেওঁৰ পৰা সোণৰ চেইন, নগদ ১০ হাজাৰ টকা আৰু তেওঁৰ মোবাইল ফোনটো কাঢ়ি লৈ যায়। অৱশ্যে সৌভাগ্যক্ৰমে কলিতাৰ প্ৰাণ ৰক্ষা পৰে।
ইয়াৰ আগৰ দিনটোত অৰ্থাৎ সোমবাৰে ছাত্ৰীবাৰীত এগৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়তে ঘৰৰ পদূলিতে দুৰ্বৃত্তই গুলীয়াই অৱদেশ যাদৱ নামৰ ব্যক্তিজনক। দুৰ্বৃত্তৰ গুলীত আহত হোৱা অৱদেশৰ পাছত মাৰোৱাৰী মেটাৰ্নিতি হাস্পতালত মৃত্যু হয়।
আনহাতে দেওবাৰে পশ্চিমবংগৰ এজন যুৱকে গুৱাহাটীৰ বশিষ্ঠলৈ আহি এজন ব্যক্তিক গুলীয়াই। প্ৰেম জনিত কাৰণতে সংঘটিত হোৱা এই ঘটনাই বহু প্ৰশ্নৰ উদয় কৰিলে। পশ্চিমবংগৰ পৰা অসমলৈ আহি গুৱাহাটী মহানগৰৰ মাজমজিয়াত কিদৰে এই ঘটনা সংঘটিত কৰিব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
ইয়াৰ পূৰ্বে একেটা সপ্তাহতে মালিগাঁৱত উদ্ধাৰ হয় আন এক মৃতদেহ। এটা নলাত উদ্ধাৰ হৈছিল এই মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো হাত- ভৰি বান্ধি থোৱা অৱস্থাত আছিল। কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে তাৰ কোনো তথ্য বৰ্তমানলৈকে জানিব পৰা নাই।
এইয়া চলিত সপ্তাহৰ প্ৰতিটো দিনতে সংঘটিত হোৱা হত্যা আৰু হত্যাৰ চেষ্টাৰ ঘটনাহে। আন আন অপৰাধৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। এনেকুৱা নহয় যে, মহানগৰীত আন আন অপৰাধ সংঘটিত হোৱা নাই, আন অপৰাধৰ আচলতে সীমা, সংখ্যা নাই। সকলো অপৰাধৰ কথা উল্লেখ কৰা সম্ভৱ নহয়।
মহানগৰীত সংঘটিত হোৱা এই হত্যাকাণ্ডবোৰে মহানগৰৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ নিস্ক্ৰিয়তাকে প্ৰমাণ কৰিছে। এটাৰ পিছতে আন এটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতো মহানগৰ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ঘটনা হ্ৰাস কৰিবলৈ লোৱা নাই বিশেষ পদক্ষেপ। যোৱা দুই, তিনিটা মাহত ৰাজ্য কপাই যোৱাকৈ গুৱাহাটীতে সংঘটিত হ'ল বহু কেইটা হত্যাকাণ্ড। ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই দিলো।
ৰাজ্যত ড্ৰাগছ সৰবৰাহ তথা অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিগত সময়ত অসম আৰক্ষী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। অপৰাধ নিয়ন্ত্ৰণৰ নামত সংঘটিত হৈছে ধাৰাবাহিক গুলীচালনাৰ ঘটনা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যত চলি থকা এই গুলীচালনাক আৰক্ষীৰ 'একশ্যন' বুলি অভিহিত কৰিছিল। অপৰাধ নিয়ন্ত্ৰণৰ বাবে এনে ধৰণৰ একশ্যন চলাটো তেওঁ স্বাভাৱিক বুলি এক ধাৰণা দিব বিচাৰছিল।
কিন্তু মহানগৰত যেন আৰক্ষীৰ এতিয়া নাই কোনো একশ্যন। আৰক্ষী নহয়, অপৰাধীৰ ইচ্ছামতেই সকলো হয়। মন গ'লেই হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিব পাৰে। বহিঃৰাজ্যৰ পৰা আহি গুৱাহাটীত মুকলিকৈ গুলী চালনা কৰিব পাৰে। হাতত মাৰনাস্ত্ৰলৈ অপৰাধীয়ে পিয়াপি দি ফুৰিব পাৰে এইখন মহানগৰীত।
ট্ৰেফিক আইন ভংগকাৰীৰ বিৰুদ্ধে মহানগৰীত ধাৰাবাহিকভাৱে অভিযান চলিছে। বাহনৰ নথি-পত্ৰৰ লগতে হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে তীব্ৰ হৈছে অভিযান। আনকি মুখ্যমন্ত্ৰীয়ে নিজেই ৰাজপথলৈ আহি সুৰাপায়ী চালক তথা যানবাহন আইন ভংগৰকাৰীৰ বিৰুদ্ধে অভিযানত অংশগ্ৰহণ কৰিছে।
এই অভিযানৰ নামত বহুতকে জৰিমণা বিহি ৰাজহ সংগ্ৰহ কৰিছে। বহুতেই এতিয়া ক'ব বিচাৰিছে যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে মহানগৰীত আৰক্ষীয়ে যিদৰে অভিযান চলাইছে সেইয়া কেৱল ৰাজহ সংগ্ৰহৰ বাবেই চলিছে। যদি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো জৰিমণা সংগ্ৰহ বা ৰাজহৰ কথা জড়িত হৈ থাকিল হয় তেনে অপৰাধ নিয়ন্ত্ৰণৰ বাবেও আৰক্ষীয়ে একেই উদ্যমেৰে চেষ্টা চলালে হয়। অৱশ্যে এইয়া সামাজিক মাধ্যমৰ চৰ্চাহে।
প্ৰায় প্ৰতিদিনেই অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন জিলাত আৰক্ষীৰ বেষ্টনিৰ পৰা অপৰাধী পলাই যায়। হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে লৈ যোৱা অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা প্ৰায়ে পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলী চলাবলৈ বাধ্য হয়। প্ৰায় প্ৰতিদিনেই সংঘটিত হয় এই ঘটনা। প্ৰতিদিনেই অপৰাধী পলাই আৰু আৰক্ষীয়ে গুলীয়াই।
এনে ঘটনাবোৰ দেখি সাধাৰণ জনতাই অসম আৰক্ষীলৈও প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় প্ৰতিদিনেই একেই ঘটনা, একেই ভাষ্য। মানুহে এনে বোৰ ঘটনা দেখি, শুনি অসম আৰক্ষীকঅধিক শক্তিশালী কৰিবলৈ, অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ প্ৰশিক্ষণ দিবলৈও ৰাজহুৱাকৈ সামাজিক মাধ্যমত দাবী কৰিবলৈ লৈছে।
এনেবোৰ ঘটনাই অসম আৰক্ষীৰ ভাৱমূৰ্তি বহু পৰিমাণে হ্ৰাস কৰিছে। যিসময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে আৰক্ষীৰ 'একশ্যন' চলিছে বুলি স্পষ্টকৈ কৈছে, সেই সময়তে অপৰাধীয়ে মহানগৰীত মুকলিলৈ হত্যাৰ দৰে ঘটনা সংঘটিত কৰাৰ লগতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি অসম আৰক্ষীক যেন প্ৰত্যাহ্বান হে জনাইছে।
অপৰাধীৰ এনে মুকলি প্ৰত্যাহ্বানে এতিয়া সাধাৰণ জনতাৰ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ কোন সময়ত অপৰাধীয়ে আক্ৰমণ কৰে, কাৰ জীৱন কাঢ়ি নিয়ে তাৰ কোনো নিশ্চয়তা নাই। কেৱল নিজৰ হাতৰ মুঠিত জীৱনটোক লৈ প্ৰত্যাহিক কাম-কাজ আৰম্ভ কৰিছে আৰু এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে।