হায় ! বাই আজি নাই...

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

তেওঁলোক সৰু মানুহ। তেওঁলোক বৰ অভাৱী মানুহ। সেয়েহে তেওঁলোকে এই কাম কৰে। তেওঁলোক নহ'লে কিন্তু বহু পৰিয়াল নচলে। অথচ তেওঁলোকে পাব লগা সন্মানকণৰ পৰাও বঞ্চিত হয়।

তেওঁলোকো তেজ, মঙহৰ মানুহ। তেওঁলোক যন্ত্ৰ নহয়। বহুতে তেওঁলোকক যন্ত্ৰ বুলি ভাৱে। নূন্যতম কেইটামান টকাৰ বিনিময়ত তেওঁলোকক ইচ্ছা অনুসৰি ব্যৱহাৰ কৰে। তাৰ মাজত কিছু বুজা লোকো আছে। যিসকলৰ সৈতে তেওঁলোকৰ অন্তৰংগতা গঢ় লৈ উঠে। নিজকে পৰিয়ালৰ এজন বুলি ভাবে। আৰু সেই বাবেই তেওঁলোক হৈ পৰে সেই পৰিয়ালটোৰ অভিভাৱকস্বৰূপ।

কিমাননো টকা পাই তেওঁলোকে ? সেয়েহে এঘৰত কাম কৰিলে তেওঁলোকৰ সংসাৰ নচলে। দুই, তিনিঘৰ কেতিয়াবা তাতোতকৈ বেছি পৰিয়ালত তেওঁলোকে কাম কৰিব লাগে। তেওঁলোকৰ কাম কেৱল এটা নহয়।

কাৰোবাৰ ঘৰত যদি ঘৰ চাফাই, বাচন-বৰ্তন ধোৱা আন কাৰোবাৰ ঘৰত ভাত বনাই দিয়া, কাপোৰ ধোৱা, জ্যেষ্ঠ লোক থাকিলে আলপৈচান ধৰা, সৰু ল'ৰা-ছোৱালীক ৰখোৱা এই কামবোৰ মূলত তেওঁলোকে কৰিব লাগে।

তেওঁলোকৰ এটাই পৰিচয়, এটাই সম্বোধন 'বাই'। দুই একে তেওঁলোকক নাম কাঢ়ি মাতে। সময়ত তেওঁলোক নাহিলে বহু পৰিয়ালত হাহাকাৰ লাগে। নিজে কৰি ল'ব পৰা জনেও আজিকালি এই কামবোৰ নকৰে। কিয়নো কাম কৰা মহিলা এজনী আহি কাম কৰি দিয়াতো এতিয়া ষ্টেটাছৰ প্ৰতীক।

পুৱা বেলি নোলাওতেই তেওঁলোকে ঘৰৰ পৰা দৌৰে। এঘৰত সোমাই পুৱাই কৰিব লগা কামবোৰ কৰি আন এঘৰত কলিংবেল বজায়। তেওঁলোকে যিমান কাম কৰিলেও এটাই অভিযোগে সদায় খেদে - এই কাম কৰা মানুহবোৰে পাল মাৰি কামবোৰ কৰি গুচি যায়।

শ্ৰমৰ মূল্য আমাৰ দেশত নাই। উন্নত পশ্চিমীয়া দেশসমূহত এনেকৈ কাম কৰি ঘূৰি ফুৰা মানুহৰ বাবদ বহু ধন ভৰিব লগা হয়। আমাৰ ইয়াত কাম কৰা মানুহ সস্তাতে পায়। গুৱাহাটীত কিমান পৰিয়াল আছে কল্পনা কৰকচোন। সেই পৰিয়ালবোৰত কাম কৰিবলৈ কিমান মহিলাৰ প্ৰয়োজন হয় ?

সেই হিচাপ আজিলৈকে কোনেও কৰা নাই। কিন্তু এই কাম কৰা মহিলা সকলক লৈ ব্যৱসায় চলে। বহু এজেন্সিয়ে কাম কৰা মহিলা যোগান ধৰে। এনে লোকো আছে যি অকলশৰীয়াকৈ বাস কৰে। বয়সৰ বাবে বাহিৰলৈ আহ-যাহ কৰিব নোৱাৰে। তেনে লোকৰ বাবে কাম কৰা বাই জনীয়ে হৈ পৰে সকলো।

নিজেই বজাৰ কৰে, তেনে লোকক আলপৈচান ধৰে, পৰিয়ালৰ এজনৰ দৰে হৈ পৰে কাম কৰা মানুহজনী। কাম কৰা এই মানুহবোৰৰ হাতত থাকে বহু খবৰ। মানুহৰ ঘৰে ঘৰে কাম কৰি মানুহ চিনে। কোনোবাই গুৰুত্ব দিলে, আদৰ কৰিলে তেওঁলোকেও বিশ্বাসযোগ্যতাৰে কামবোৰ নিজৰ বুলি কৰে।

কাম কৰা মহিলাক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰায়েই উঠে। সেয়েহে বহু পৰিয়ালত কাম কৰা মহিলা বেছিদিন তিষ্টিব নোৱাৰে। কাম কৰা মানুহজনী নাহিলে তেওঁক ফোন কৰি দাবী ধমকি দিয়ে। কিয় আজি নাহিলি বুলি ধন কাটে। ভব্য গব্য সেই মানুহবোৰে কেতিয়াও কাম কৰা মানুহজনীৰো যে হঠাৎ কিবা অসুবিধা, বেমাৰ-আজাৰ হ'ব পাৰে বুলি নাভাবে।

তেওঁলোকৰ কোনো অধিকাৰ নাথাকে। তেওঁলোকৰ কথা ভাবিবলৈ কাৰোৰে আজৰি নাথকে। অথচ তেওঁলোকে সকলোৰে কথা ভাবিব লাগে। তাৰ মাজতে দুই এটা অঘটন ঘটে। কাম কৰা মহিলাৰ ৰূপত কোনো পৰিয়ালৰ কাষচাপি লুটি নিয়ে।

কাৰোবাৰ ঘৰত কিবা সামগ্ৰী হৰলুকী হ'লে প্ৰথম সন্দেহৰ চকু তেওঁলোকৰ ওপৰতে পৰে। তেওঁলোকে কিবা খাইছে নাই সেই কথা প্ৰায় মানুহেই নুসুধে। আহে কাম কৰে আৰু গুচি যায়। ব্যতিক্ৰম দুই একে তেওঁলোকৰ সেই খবৰবোৰ ৰাখে। কাম কৰা মানুহ বুলি তেওঁলোকক নাভাবে।

লোকৰ ঘৰে ঘৰে কাম কৰি তেওঁলোকে পৰিয়াল পুহে। কাম কৰিব নোৱাৰিলে লঘোণে ভোকে থাকে। তেওঁলোকৰ কোনো উমৈহতীয়া মঞ্চ নাই। কামৰ বাবে নিৰ্দিষ্ট মাননী নিৰ্ধাৰণ কৰি নিদিয়ে কোনেও।

মূল্য বৃদ্ধিয়ে তেওঁলোককো চুই যায়। নাবাঢ়ে তেওঁলোকৰ ধন। তেওঁলোকৰো ইচ্ছা যায় পূজা, বিহুত নতুন কাপোৰ পিন্ধিব। পৰিয়ালক সময় দিব। কিন্তু এই উৎসৱবোৰত তেওঁলোকক দিয়া থাকে কাঢ়া নিৰ্দেশ- বিহুত কিন্তু নহাকৈ নাথাকিবি, পূজাত কাম খতি নকৰিবি আদি।

এদিন যদি গুৱাহাটীৰেই কাম কৰা মহিলাবোৰ এক হৈ যায়। যদি তেওঁলোকে তেওঁলোকৰ পাৰিশ্ৰামিক নিৰ্ধাৰণ কৰে, দুৰ্ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে জাগি উঠে, হ'ব নেকি বাৰু কিবা পৰিৱৰ্তন ?

কোনেনো ভাবিব এইবোৰ কথা ? সৰু সৰু মানুহবোৰৰ অলেখ লেঠা। নাজানে তেওঁলোকে কেনেকৈ সাব্যস্ত কৰিব লাগে অধিকাৰ। জানে কেৱল বাচন ধুব, ঘৰ ঝাড়ু দিব, কাপোৰ ধুব, মজিয়া মচিব।

গালি পাৰিলেও তেওঁলোকে নিমাতে থাকিবলগীয়া হয়। মিলাব নোৱাৰিলে মিছা মাতিবলগাত পৰে। ধন কেইটাৰ বাবে খাটনি ধৰিবলগীয়া হয়। এয়াই কাম কৰা মানুহৰ বাস্তৱ।

তেওঁলোকৰ ওপৰতেই আমি নিৰ্ভৰশীল হৈ পৰিছো। তেওঁলোকক আমি কৰবাত শোষণ কৰিছো নেকি। আজিলৈকে কোনোবাই ভাবিছে জানো তেওঁলোকৰ কথা ? কোনোবাই মৰম কৰি নিজাকৈ কিবা দিছে। তাতেই তেওঁলোকৰ সন্তুষ্টি। সেয়াই তেওঁলোকৰ প্ৰাপ্তি। "কামৱালী বাই" এইয়াই তেওঁলোকৰ স্বীকৃতি !

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in