/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/holi-bikhekh-lekha.jpg)
তুষাৰ প্ৰতিম
ৰঙৰ উৎসৱ ফাকুৱা। সমগ্ৰ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই ৰঙৰ উৎসৱ উদযাপন কৰাৰ লগতে আনন্দত মতলীয়া হৈ পৰিছে। ফাকুৱাই কঢ়িয়াই আনে আনন্দৰ বতৰা। ফাকুৱা মানেই নানা ৰঙীন আবিৰ। ৰং কোনে বেয়া পায়? ৰং-বিৰঙৰ আবিৰকে ধৰি সকলো ৰঙীন বস্তুৱেই মানুহৰ প্ৰিয়।
ফাকুৱাই কঢ়িয়াই আনে ভাতৃত্ববোধ। ফাকুৱাত থাকে ধৰ্মীয় বিশ্বাস। এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰি আহিছে। ভিন্নজনে বিভিন্ন ঠাইত ফাকুৱাক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰি আহিছে।
জনবিশ্বাস মতে হিৰণ্য কশিপুৰ ভনীয়েক হোলীকাই ইশ্বৰ ভক্ত প্ৰহ্লাদক কোলাত লৈ জুইত জাঁপ দিছিল। প্ৰহ্লাদৰ মৃত্যু হওক বুলিয়েই এইদৰে হোলীকাই জুইত জাপ দিছিল। প্ৰহ্লাদক জুইয়ে কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰিলে। কিন্তু অপ-সংস্কৃতিৰ প্ৰতীক হোলীকা জুইত ভষ্মীভূত হ'ল। সেই বাবেই অপশক্তিৰ বিনাশ কৰি শুভশক্তিৰ বাবে হোলীকাক দাহন পৰম্পৰা আৰু জনবিশ্বাস প্ৰচলিত হৈ আহিছে। আন এক জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশয্যাত থকা ভীষ্মদেৱক ইচ্ছামৃত্যুৰ পিছত এই দিনটোতে দাহন কাৰ্য সম্পন্ন কৰিছিল।
ইয়াৰ উপৰি ওড়িশাৰ উৰেষাপুৰীত ৰজা ইন্দ্ৰদ্যুম্নই দৌল সাজি তাত কৃষ্ণ-বলৰামক স্থাপন কৰিছিল। ইপিনে কীৰ্ত্তনৰ উৰেষা বৰ্ণন মতে স্বয়ং কৃষ্ণই বিজয়ী হৈ দলে-বলে ইন্দ্ৰদ্যুম্ন ৰজাৰ দেশলৈ আহিছিল। কৃষ্ণ অহাৰ বাতৰি পাই প্ৰজাগনে আনন্দত আত্মহাৰা হৈ নতুন সাজ পিন্ধি ফাকু ৰং ছটিয়াই কৃষ্ণক আদৰি আনিছিল। মনৰ আনন্দত গালে-মুখে ফাকু সানি ৰং-ধেমালি কৰিছিল।
অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত ফলগু উৎসৱৰ আৰম্ভণি কৰিছিল। শংকৰদেৱৰ ২১ বছৰ বয়সত বৰদোৱা ধামত জসাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠিয়াইছিল। ১০ দিনৰ অন্তত ৭ টা কড়িৰ বিনিময়ত বলোৰাম আতৈয়ে সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনিছিল।
ইয়াৰ পিছত সন্ধাৰা দলৈক পঞ্জিকাত দিন-বাৰ চাবলৈ কৈছিল। ইয়াৰ পিছত ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুভ দিন চাই দৌল উৎসৱ পালন কৰিছিল। দৌল উৎসৱত ভক্তসকলে ইজনে সিজনক ফাকুগুড়িৰ ৰং সানি ৰং-ধেমালি কৰিছিল। তেতিয়াৰ পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱ পালন কৰি আহিছে।
এই দৌল উৎসৱত কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা-অৰ্চনা তথা আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্যৰে দৌল উৎসৱ পালন কৰি আহিছে। পূৰ্বে উল্লেখ কৰাৰ দৰে ভাৰতৰ ভিন্ন স্থানত ভিন্ন ধৰণে ফাকুৱা উদযাপন কৰি আহিছে। এই ফাকুৱাত বিভিন্ন ৰঙৰ সমাহাৰ ঘটে।
এতিয়া দেশত এক ধৰ্মীয় অসহিষ্ণুৰ পৰিৱেশ গঢ়লৈ উঠিছে। ধৰ্মীয় বিষবাস্প বিয়পাই একাংশ মুনাফা আদায়কাৰীয়ে ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত ধৰ্মীয় উন্মাদনা সৃষ্টিৰ বাবে অহৰহ চেষ্টা কৰি আহিছে। আনহে নালাগে এই চাম অপশক্তিৰ বাহকে ৰঙকো ধৰ্মীয় গণ্ডিৰ মাজলৈ কঢ়িয়াই আনিছে।
দেশত এতিয়া গেৰুৱা কেৱল হিন্দুৰ প্ৰতীক আৰু সেউজীয়া মুছলমানৰ প্ৰতীক হৈ পৰিল। জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ বিষয়ক এতিয়া কেৱল ধৰ্মৰ দৃষ্টিৰে চোৱা হয়। ধৰ্মীয় উন্মাদনা ইমানেই বেছি হৈ পৰিল যে ধৰ্মক বাদ দি একো কথাই আলোচনা নহোৱা এক পৰিস্থিতি।
এনে এক মেঘাচন্ন পিৰৱেশৰ মাজতে এক খবৰে দেশৰ সাধাৰণ জনতাৰ বাবে কঢ়িয়াই আনিছে আশাৰ খবৰ। হিন্দু-মুছলমান আদি ধৰ্মৰ ভেদাভেদ নিবিচৰা লোকসকলক দিছে সকাহ। আনহাতে ধৰ্মীয় উন্মাদনাৰ বাহকসকলৰ মুখ বন্ধ কৰিছে।
উত্তৰ প্ৰেদশৰ ৰাজনীত আৰু ৰাজনীতিয়ে সৃষ্টি কৰা জটিল পৰিৱেশ পৰিস্থিতিৰ কথা সকলোৰে জ্ঞাত। এই উত্তৰ প্ৰদেশৰ এটা দৰগাহত ধৰ্মীয় গণ্ডীৰ বাহিৰত থাকি ফাকুৱা বা হোলী উদযাপনৰ খবৰে নিশ্চয় ভাতৃত্ববোধৰ এনাজৰী ডালক অধিক গাঢ় কৰিব।
হোলীৰ দিনটোত উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ দেৱ শ্বৰীফত ভাৰতীয়ৰ ভাতৃত্ববোধৰ এনাজৰী প্ৰকাশ পাই আহিছে।ইয়াত হিন্দু, মুছলমান, শিখসকলে একেলগে হোলী উদযাপন কৰি এক দৃষ্টান্ত দাঙি আহিছে। ইয়াত উদযাপন কৰা ফাকুৱা বা হোলীত সকলো ৰঙে স্থান লাভ কৰে। আঁতৰি থাকে কেৱল ঘৃণা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/dorgah-1.jpg)
সমগ্ৰ দেশৰ প্ৰতিটো ধৰ্মৰ মানুহে ইয়ালৈ হোলী উদযাপন কৰিবলৈ আহে। ইয়াত, জাতি আৰু ধৰ্মৰ সকলো সীমা অতিক্ৰম কৰি কেৱল ভাতৃত্ববোধৰ দৃশ্য প্ৰকাশ হৈ পৰে। এই দৰগাহত বিগত ১০০ বছৰৰো অধিক সময় ধৰি এইদৰে সকলো ধৰ্মীয় লোকে একেলগে হোলী উদযাপন কৰি আহিছে।
এই হাজী ৱাৰিছ আলী শ্বাহৰ দৰগাহ হিন্দু ৰাজা পঞ্চম সিঙে নিৰ্মাণ কৰিছিল। এই দৰগাহ নিৰ্মাণৰ পিছৰ পৰাই ইয়াত হিন্দু-মুছলমানে ঐক্য বাৰ্তা প্ৰেৰণ কৰি আহিছে। হাজী ৱাৰিছ আলী শ্বাহৰ দৰগাহত খেলা হোলীত, মুছলমান মহিলাসকলেও অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/dorgah-2.jpg)
দৰগাহৰ হোলী সমিতিৰ অধ্যক্ষ সাহাজাদে আলম ৱাৰ্চিয়ে ইয়াত হোলী উদযাপনৰ বিষয়ত কয় এইদৰে- 'ইয়াত ১০০ বছৰৰো অধিক সময় ধৰি হোলী খেলা হৈছে। আগতে, ইয়াত ইমান ভিৰ নাছিল আৰু চহৰখনৰ মানুহে ইয়াত ৱাৰিছ চৰকাৰৰ পদাংকত ৰঙীন গুলাল আগবঢ়াইছিল আৰু তেওঁ সকলোকে আশীৰ্বাদ দিছিল। সময়ৰ লগে লগে ইয়াত হোলীৰ আবিৰ্ভাৱ সলনি হয় আৰু বাহিৰৰ মানুহো ইয়ালৈ হোলী খেলিবলৈ আহিবলৈ আৰম্ভ কৰে।'
যিসয়মত দেশত ধৰ্মক কেন্দ্ৰ কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে, ধৰ্মই ভাতৃত্ববোধৰ এনাজৰী শিথিল কৰিছে তেনে সময়তে এই দৰগাহে নিশ্চয় এক বাৰ্তা প্ৰেৰণ কৰিব। হিন্দুৰ পবিত্ৰ উৎসৱ হিচাপে পৰিচিত এই হোলীক আদৰি লৈ সকলো ধৰ্মৰ লোকে একেলগে উদযাপন কৰি আদৰ্শ প্ৰতিষ্ঠা কৰিছে।