/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b9b36b60-3bb7-4697-bef0-00de17155524/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
special writing
মৃদুল কুমাৰ সন্দিকৈ
মূলত: মানুহ দুজন। দুয়োজনেই দায়িত্বশীল। স্থান কাজিৰঙাৰ। সময় নিশা। লক্ষ্য বিশ্ব ঐতিহ্যৰ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ। এখন জিপছি গাড়ীত সন্মুখৰ আসনত দুই দায়িত্বশীল ব্যক্তি।
এজন আধ্যাত্মিক যোগ গুৰু। দক্ষিণ ভাৰতত তেওঁৰ যথেষ্ট প্ৰভাৱ আছে। ১৯৮২ চনৰ পৰাই তেওঁ যোগ শিক্ষা প্ৰদান কৰি আহিছে। কইম্বাতুৰ সমীপত আছে এখন আশ্ৰম। ইছা ফাউণ্ডেশ্যনৰো তেওঁ মূৰব্বী। নাম সদগুৰু। তেওঁ জিপছিখনৰ চালকৰ আসনত। তেওঁৰ কাষতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী।
কেইবাখনো গাড়ীৰ কনভয় কাজিৰঙাৰ ভিতৰলৈ যোৱাৰ পূৰ্বে সাংবাদিকক কৈ গ'ল - চিন্তা নকৰিব। আপোনালোকৰ মুখ্যমন্ত্ৰী মোৰ সৈতে নিৰাপদে থাকিব। চিন্তা মুখ্যমন্ত্ৰীক লৈ নহয়। চিন্তা কাজিৰঙাৰ ভিতৰত থকা জীৱ-জন্তুৰ প্ৰতিহে।
ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত নিশা জীপ ছাফাৰী কৰিবলৈ যোৱা এই দুইগৰাকী দায়িত্বশীল লোকে এবাৰো নভবাকৈ ভংগ কৰিলে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২। কেনেকৈ দুই দায়িত্বশীল লোকে বন্যপ্ৰাণীবোৰক আমনি কৰাৰ অধিকাৰ পালে, তাকলৈহে প্ৰশ্ন এতিয়া।
বিশ্বৰ আগশাৰীৰ দেশবোৰ বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ অতি সচেতন। বন্যপ্ৰাণীয়েতো চিনি নাপায় ভিভিআইপিক। সাধাৰণতে দিনত কাজিৰঙাত পৰ্যটকক প্ৰৱেশ কৰিবলৈ দিয়া হয়। সদগুৰুকো দিনতে কাজিৰঙা দৰ্শন কৰোৱা হ'লে হয়তো আপত্তি নুঠিল হয়।
নিশা ভাগত তাকো বন্যপ্ৰাণী আচৰণ বিধিৰ ওপৰত কোনো অভিজ্ঞতা নথকা সদগুৰুক জিপছি চলাবলৈ দিয়াৰ সিদ্ধান্ত কোনে লৈছিল? মুখ্যমন্ত্ৰী কাষত থকাৰ বাবেই বনবিভাগে নিজৰেই নিয়ম ভৰিৰে মুহাৰি পেলালে নেকি।
এতিয়া আন পৰ্যটক সকলৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'বনে? দিবনে নিজেই বাহন চলাই কাজিৰঙা দৰ্শনৰ সুবিধা? ভুল হৈছিল নাই বন বিভাগৰ। মুখ্যমন্ত্ৰীয়ে এবাৰ উপলব্ধি কৰে নে এই কাম তেওঁলোকৰ দৰে দায়িত্বশীললোকে কৰা অনুচিত আছিল। কাজিৰঙা আমাৰে নহয়, বিশ্বৰ সম্পদ। তাত মানিব লগা নিয়মবোৰ সকলোৱে মনা উচিত নহয়নে?
এতিয়া প্ৰশ্ন কিয় নুঠিব। সেই ভুলৰ সপক্ষে কিবা যুক্তি দি তাক ভুল নহয় বুলি প্ৰতিপন্ন কৰিব খুজিলে ইয়াক মানি লোৱা হ'ব নে? নে এই ক্ষেত্ৰতো কোনো কাকোৱে প্ৰশ্ন কৰিব নোৱাৰিব। এইবোৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক কোনোবাই পৰোক্ষ বা প্ৰতক্ষ্যভাৱে নকৰিলেও মানুহৰ মনত কিন্তু স্বাভাৱিকতেই উদ্বেগ হ'ব।
মুখ্যমন্ত্ৰী মানুহ এজন। কাম বহুত। সকলো কথাতে কেৱল তেওঁ। তেওঁ যি বিচাৰে সেয়াই নিয়ম হয়। ঠিক এনেকুৱাই অনুভৱ কেতিয়াবা। ভাল কাম তেওঁ কৰাৰ প্ৰয়াস কৰে বা কৰিছে। তাৰ বাবে তেওঁ প্ৰশংসাৰ যোগ্য।
সেই প্ৰশংসাৰ দৰেই তেওঁ কৰা কিছু আন কামৰ বাবে তেওঁ সমালোচনাৰ যোগ্য হৈ পৰে। তেতিয়া তেওঁক সমালোচনা কৰাৰ অধিকাৰো থাকে। একনায়কত্ববাদ আৰু সু নেতৃত্বৰ মাজত পাৰ্থক্য আছে।
ৰাজনীতিৰ কোনো স্বাৰ্থ নথকা আৰু নীৰৱ হৈ সকলো লক্ষ্য কৰা জনে তেওঁৰ পৰা সু-নেতৃত্ব আশা কৰে। ২৬ হাজাৰ নিবনুৱাক স্বচ্ছভাৱে নিযুক্তি দিলে। সেয়া তেওঁৰ কৃতিত্ব। ইয়াৰ বিপৰীতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিৰ লিখিত পৰীক্ষাত হোৱা খেলিমেলিৰ সন্দৰ্ভত তেওঁ চকু মুদি দিলে। দেখিও একো নেদেখিলে।
এয়া তেওঁৰ ব্যৰ্থতা। দেখিও নেদেখা ভাও ধৰি সেই অনিয়মৰ কোনো তদন্ত নকৰাতো হয়তো তেওঁৰ ৰাজনীতিৰ কৌশল। তাক লৈ জানো প্ৰশ্ন নুঠিব? কেৱল ২৬ হাজাৰ চাকৰি কেলেংকাৰী মুক্ত হ'লেই আনবোৰ এনে অনিয়মৰ অভিযোগ উঠা নিযুক্তি প্ৰক্ৰিয়া নিজেই জানো স্বচ্ছ হৈ পৰিব?
৯৮ত তেওঁৰ ফৰমাইছ মতে পৰীক্ষা, ইন্টাৰভিউ একো নোহোৱাকৈয়ে ৩০জন যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা নিজেই ক'লে। ৰাজহুৱা সভাত তেতিয়া আৰু এতিয়াৰ মাজৰ চাকৰিৰ নিযুক্তিৰ পাৰ্থক্যৰ কথা ক'বলৈ যাওতে অনিয়ম বা দুৰ্নীতিৰ বোকা নিজেই নিজৰ গাত সানিলে।
এইবোৰ কথা প্ৰশ্ন হৈ ৰৈ যায়। সেই প্ৰশ্নৰ আধাৰতেই কোনোবাই তেওঁক সমালোচনা কৰা মানেই তেওঁক বিৰোধিতা কৰাতো নুবুজায়। দায়িত্বশীল লোকৰ আচৰণো কেতিয়াবা হয় দায়িত্বহীন জনৰ দৰে। সেইবোৰ আঙুলিয়াই দিব লৈকে তোষামোদকাৰীৰ বিপৰীতে নিস্বাৰ্থ আৰু নিৰ্ভয়ে সমালোচনা কৰিব পৰা পৰিৱেশ আৰু সমালোচকৰ প্ৰয়োজন হয়।