
ডাক্তৰ-নাৰ্ছ নহ'ব পাৰে তেওঁলোক। কিন্তু চিকিৎসা ক্ষেত্ৰখনত তৃণমূল পৰ্যায়ত তেওঁলোকৰ আছে বিশেষ ভূমিকা। নীলা পটি দিয়া বগা সাজযোৰ পিন্ধি তেওঁলোক দৌৰি ফুৰে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ। সকলোৱে বাবে তেওঁলোকৰ এটাই পৰিচয়- 'আশা বাইদেউ'।
গাঁওবাসীৰ বাবে থাউকতে পোৱা তেওঁলোকেই চিকিৎসাজনিত সমস্যাৰ প্ৰাথমিক বিধান দিওঁতা। সেইবাবে আশাকৰ্মীসকলৰ আছে বিশেষ আদৰ। কাৰোবাৰ জ্বৰ, কাৰোবাৰ পেট বিষ আদি সাধাৰণ সমস্যাবোৰৰ সন্মুখীন হ'লে তেওঁলোকৰ কাষলৈ দৌৰে মানুহ।
কোভিড-১৯ৰ সংক্ৰমণৰ শংকাই সমগ্ৰ বিশ্ব ছানি ধৰাৰ সময়ত দেশৰ লগতে অসমতো আশাকৰ্মীসকলৰ দায়িত্ব আৰু কৰ্তব্য বৃদ্ধি পাইছে। তেওঁলোকৰ বাবে কাম কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই। যেতিয়াই, যাক প্ৰয়োজন তাৰ কাষত গৈ তেওঁলোক থিয় হয়গৈ।
কোৰোনা ভাইৰাছ সংক্ৰমণৰ সময়চোৱাত প্ৰথমতে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি তেওঁলোকৰ অঞ্চলটোত কিমান লোক বাহিৰত আছে আৰু কিমান লোক ঘূৰি আহিছে তাৰ জৰীপ কৰাৰ মূল মানুহ আছিল এই আশাকৰ্মীসকল। পৰৱৰ্তী সময়ত সেই লোকসকলক কোৱাৰেন্টাইন আৰু কোৰোনা ভাইৰাছ যাতে সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে সজাগতা অনাৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰি আছে আশাকৰ্মীসকলে।
হ'ম কোৱাৰেন্টাইনত থকা লোকসকলে সঠিকভাৱে কোৱাৰেন্টাইন প্ৰট'কল মানি চলিছেনে, তেওঁলোকৰ অধীনৰ অঞ্চলটোত কোৰোনা ভাইৰাছ সংক্ৰমণ সদৃশ কোনো উপসৰ্গই কাৰোবাৰ গাত দেখা দিছে নেকি, লগতে পূৰ্বতে ন্যস্ত কৰা দায়িত্ব আশা কৰ্মীসকলে দেহে কেহে খাটি পালন কৰিবলগা হৈছে।
বিশেষকৈ সন্তান সম্ভৱা মহিলা আৰু কেচুঁৱা থকা মহিলা সকলৰ আলপৈচান, দিহা পৰামৰ্শ, স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত আশাকৰ্মীসকলেই স্বাস্থ্য বিভাগ আৰু সেই অঞ্চলবাসীৰ মাজত যোগসূত্ৰকাৰীৰ ভূমিকা পালন কৰে।
কোৰোনা ভাইৰাছৰ সময়চোৱাত চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী আদিৰ লগতে অনুষাংগিক দায়িত্বত ন্যস্ত সকলৰ কৰ্মৰ খতিয়ান, তেওঁলোকৰ ত্যাগ আৰু দায়িত্ব বোধক লৈ সকলোৱে প্ৰশংসাৰে উপচাই পেলায়। কিন্তু আঁৰতেই থাকি যায় এইসকল ত্যাগ আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱা আশাকৰ্মী।
কোনেনো লয় আশা কৰ্মীসকলৰ মনৰ বতৰা। দায়িত্ব পালন কৰি মানুহক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগ, সচেতন হৈ থাকিবলৈ কোৱা কোৱাৰেন্টাইনৰ নিৰ্দেশ মানি ঘৰৰ ভিতৰত সোমাই থাকিবলৈ ক'লে তেওঁলোকেই হৈ পৰে আক্ৰমণৰ লক্ষ্য। বৰপেটাৰ এগৰাকী আশাকৰ্মী ছাহিদা বেগম। তেওঁৰ ঘৰ কাটলিজাৰত।
এই সময়চোৱাৰ অভিজ্ঞতাৰ কথা কৈ আশাকৰ্মী ছাহিদা বেগমে ক'লে- '' ভয় আৰু শংকাৰ মাজেৰে দায়িত্ব পালন কৰিবলগা হৈছে। নিজৰো পৰিয়াল আছে। চৰকাৰে দিয়া দায়িত্ব পালন কৰিবলৈ যাওঁতে মানুহৰ পৰা গালিও খাইছো। মোৰ অঞ্চলটোত ১৭৭৫ জন মান লোক আছে। ইয়াৰে ৭জন লোক হ'ম কোৱাৰেন্টাইনত আছে।''
আশাকৰ্মীগৰাকীয়ে তেওঁৰ নিজৰ নিৰাপত্তাক লৈও শংকাৰ সন্মুখীন হ'ব লগা হৈছে। আন চিকিৎসাকৰ্মীসকলৰ দৰেই তেওঁলোকে লাভ নকৰে পৰ্যাপ্ত প্ৰতিৰোধমূলক সামগ্ৰীসমূহ। কোৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত কৰ্তব্য পালন কৰিবলৈ তেওঁ এযোৰ গ্লোভছ, দুখন ডিছপ'জেবল মাস্ক আৰু এটা সৰু ছেনিটাইজাৰৰ বটল লাভ কৰাৰ কথা জনালে।
ভৱানীপুৰ পিএইচইৰ অধীনষ্ঠ এই আশাকৰ্মীগৰাকীয়ে সন্মুখীন হোৱা অভিজ্ঞতাৰ সন্দৰ্ভত ক'লে- ''মানুহক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ ক'লে মানুহেই আমাক উভতি ধৰে। কয়- তহঁতি যে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কৈছ, ভাত-দাইল তহঁতি দিবিহি নেকি?''
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আশাকৰ্মীসকলে এই সময়চোৱাত কেনেদৰে কৰ্তব্য সম্পাদন কৰিছে সেই বিষয়ে জনাৰ প্ৰয়াস কৰা হৈছিল। প্ৰায় প্ৰতিখন জিলাত আশাকৰ্মীসকলৰ প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰি এই কথাই গম পোৱা গ'ল- শংকা আৰু প্ৰত্যাহ্বানেৰে আশাকৰ্মীসকলে কৰ্তব্য সম্পাদন কৰি এই মহা সংকটৰ সময়ত দায়িত্ব পালন কৰি গৈছে।
এই সময়চোৱাত যাতে আশাকৰ্মীসকলকো পৰ্যাপ্ত প্ৰতিৰোধমূলক সামগ্ৰী প্ৰদান কৰা হয় তাৰ অনুৰোধেৰে এগৰাকী আশাকৰ্মীয়ে স্বাস্থ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগলৈ এখন মুকলি পত্ৰও লিখিছিল। এই পত্ৰত মৃদুলা বৰুৱা সোণোৱাল নামৰ আশাকৰ্মীগৰাকীয়ে লিখিছিল-
''অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, যিসকল ব্যক্তি বৰ্তমান বহিঃৰাজ্যৰ পৰা আহি আছে, সেই ব্যক্তিসকলৰ খবৰটো আশা কৰ্মীসকলে প্রথমে ল'ব লাগে আৰু আমি সকলো আশাই লৈছো। কিন্তু আমাৰ প্ৰটেকচনৰ বাবে যি বিলাক সামগ্ৰীৰ প্ৰয়োজন সেইবিলাক ভিতৰত আমাক এটাও সামগ্ৰী যোগান ধৰা নাই। এবাৰ ভাৱকচোন যদি কেনেবাকৈ কাৰোবাৰ গাত পজিটিভ ওলাই তেতিয়া হ'লে কি ভয়ংকৰ পৰিস্থিতি হ'ব। আমাৰ লগতে গোটেই গাঁওখনতে বিয়পি যাব। কাৰণ লকডাউনৰ সময়তো সকলো আশা কৰ্মীক ঘৰে ঘৰে গৈ সজাগ কৰিবলৈ দিছে।''
কিন্তু পালেনে আশাকৰ্মীসকলে এই সময়চোৱাত এই সামগ্ৰী সমূহ। ২৪ ঘন্টাই কৰ্তব্যত ব্যস্ত হৈ থাকিব লগা হোৱা আন এগৰাকী আশাকৰ্মী জ্যোতি গগৈ। মাৰ্ঘেৰিটাৰ মাকুমটিলাৰ এইগৰাকী আশাকৰ্মীয়ে এইদৰে ক'লে মনৰ কথা- ''মোৰ অঞ্চলটোত চৰকাৰে দিয়া দায়িত্ব পালন কৰাত মই কৃপনালী কৰা নাই। কোৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ সময়ত ৫ গৰাকী লোক বাহিৰৰ পৰা আহিছিল। ইয়াৰে এজন ডুবাইৰ পৰা আৰু ৪ জন কেৰেলাৰ পৰা। কিন্তু আমি চৰকাৰৰ পৰা মাস্ক, গ্লোভছ, ছেনিটাইজাৰ আদি প্ৰয়োজনীয় সামগ্ৰী আজিও লাভ কৰা নাই। অথচ আমি প্ৰত্যেক দিনাই মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকক সজাগ-সচেতন কৰিবগৈ লাগে। ''
জ্যোতি গগৈয়ে লগতে ক'লে- '' মাস্ক, ছেনিটাইজাৰ, গ্লোভছ আদি আশাকৰ্মীসকলৰ বাবে যোগান ধৰিবৰ বাবে আমি আমাৰ উৰ্ধতম মহলক অনুৰোধ কৰিছিলো। কিন্তু সেইবোৰ পৰ্যাপ্ত নাই বুলি আমাক দিয়া নহ'ল। মানুঙৰ ঘৰলৈ যাওঁতে মানুহেই আমাক প্ৰশ্ন কৰে- বাইদেউ আপোনালোক যে আহিছে, আপোনালোকৰ গাৰ পৰাওটো আমাৰ গালৈ কোৰোনাৰ সংক্ৰমণ হ'ব পাৰে। '"
"আমাক এখন এবাৰ ব্যৱহাৰ কৰিব পৰা মাস্ক, এটা ছেনিটাইজাৰ দিছিল। কিন্তু সেইবোৰে জানো ইমান দিন ডিউটি কৰিব পাৰি। তথাপিও আমি দায়িত্ব পালন কৰি গৈছো। মোৰ অঞ্চলটোত দুগৰাকী গৰ্ভাৱতী মহিলা আছে। তেওঁলোককো চাব লগা হৈছে। বৰ প্ৰত্যাহ্বানৰ মাজেৰে আমি কাম কৰি গৈছো।
কৰ্মক্ষেত্ৰত লাভ কৰা অসুবিধা আৰু শংকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক উপযুক্ত প্ৰতিৰোধমূলক সামগ্ৰী প্ৰদানৰ বাবে খোদ স্বাস্থ্যমন্ত্ৰীকো বাৰ্তা প্ৰেৰণ কৰিছিল এইগৰাকী আশাকৰ্মীয়ে। সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ কৈ দায়িত্ব সামৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ডিব্ৰুগড়ৰ ননী লিকচন ফুকনে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছিল এই বাৰ্তা। এই সন্দৰ্ভত ননী লিকচন ফুকনে কয়- '"আশাকৰ্মীসকলে নিজৰ জীৱনক বাজিত লগাই চৰকাৰে দিয়া দায়িত্ব পালন কৰি কাম কৰি গৈছে। প্ৰতি ঘৰে ঘৰে আমি গৈছো। সজাগতা সভা পাতিছো। আশাকৰ্মীৰ গাতো কোৰোনা লাগিব পাৰে। আপোনালোকৰ মাস্ক নাই? আমাক প্ৰশ্ন কৰে মানুহে। দায়িত্ব পালন কৰিবলৈ যাওঁতে বাটত আৰক্ষীয়েও ধৰে। দেখুৱাবলৈ আমাৰ আই-কাৰ্ড নাই। নিযুক্তি দিওঁতে এখন আই-কাৰ্ড দিছিল। তাৰ ম্যাদ পাৰ হৈ গ'ল।''
কোৰোনা ভাইৰাছৰ এই সময়চোৱাত প্ৰতিদিনে তেওঁলোকৰ মানুহৰ ঘৰলৈ যাব লগা হৈছে। গাওঁখনত জ্বৰ, কাঁহ কাৰোবাৰ হ'লে দিনৰ এক বজাৰ ভিতৰত ৰিপোৰ্ট দিব লাগে। এতিয়া সদ্যহতে মেলেৰিয়া বা তেনে ধৰণৰ পৰীক্ষাৰ বাবে তেজ সংগ্ৰহ কৰি সেইবোৰৰ পৰীক্ষা কৰাৰ দায়িত্বও আশাকৰ্মীৰ হাতত। এনে প্ৰতিটো পৰীক্ষাৰ বাবদ আশাকৰ্মীসকলে লাভ কৰে ১৫ টকা।
যদি মেলেৰিয়া পজিটিভ হয়, তেতিয়া প্ৰতিটো পৰীক্ষাৰ বাবদ ৫০ টকাকৈ ইনচেন্টিভ পায়। গৰ্ভাৱতী মহিলাৰ পৰামৰ্শ, আলপৈচান ধৰাৰ বাবে ৬০০ টকাকৈ তেওঁলোকে লাভ কৰে। দিনে-নিশাই কাম কৰি তেওঁলোকে পায় পাৰিশ্ৰমিক হিচাপে ৩০০০ টকা। তাৰে ১০০০ টকা ৰাজ্য চৰকাৰৰ আৰু ২০০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া হয়।
এখন গাঁৱত বা এটা অঞ্চলত আশাকৰ্মীসকলৰ যথেষ্ট দায়িত্ব। কোৰোনা ভাইৰাছৰ এই সময়চোৱাত আশাকৰ্মীসকলক উপযুক্ত প্ৰতিৰক্ষামূলক ব্যৱস্থা কৰিবলৈ আশাকৰ্মীসকলে উৰ্ধতম কৰ্তৃপক্ষপৰ ওচৰত দাখিল কৰিছিল স্মাৰকপত্ৰ।
২০ মাৰ্চত অসম ৰাজ্যিক আশা ইউনিয়নে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালকলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰত জনসম্পৰ্ক ৰক্ষা কৰি জনস্বাস্থ্যজনীত এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আশাকৰ্মীসকলকো যথোপযুক্ত কোভিড-১৯ প্ৰতিৰোধী সা-সামগ্ৰী যোগান ধৰাৰ কথা কোৱা হৈছিল।
তৃণমূল পৰ্যায়ত এই ফ্ৰন্টলাইন ৱৰ্কাৰসকলৰ প্ৰতিৰক্ষাৰ প্ৰতি উদাস দৃষ্টিভংগী গ্ৰহণ কৰা দেখা গ'ল স্বাস্থ্য বিভাগক। অসম ৰাজ্যিক আশা ইউনিয়নৰ সভানেত্ৰী তথা আশাকৰ্মী টুটুমণি লাহনে জানিবলৈ দিয়া মতে তেওঁ নিজেই এই সময়চোৱাত দুখন মাস্ক আৰু এযোৰ গ্লোভছহে পালে। বহুতে সেয়াও পোৱা নাই।
বহাগ বিহুৰ আগত এটা ছেনিটাইজাৰৰ বটল দিয়া হ'ল তেওঁক। স্বাস্থ্য মিছনৰ বিষয়াই তেওঁলোকক বুজনি দি পঠিয়ালে- বেমাৰীজনেহে মাস্ক পিন্ধিব লাগে। মাক্স আহিলে তেওঁলোকক দিব পৰা যাব। তাৰ পাছত সেয়া কাগজে-পত্ৰই ৰৈ গ'ল। আশাকৰ্মী দুই-একে মাস্ক লাভ কৰিলে যদিও বাকীসকলে তেনেদৰেই এই দায়িত্ব পালন কৰি গৈছে।
নগাঁৱৰ আশাকৰ্মী অঞ্জলী বৰুৱা বৰাই এই সময়চোৱাৰ অভিজ্ঞতাৰ সন্দৰ্ভত ক'লে- ''প্ৰথমে আমাক এলেকা সমূহ ছাৰ্ভে কৰিবলৈ দিয়া হৈছিল। কোন মানুহ আহিছে আৰু কিমান মানুহ বাহিৰত আছে সেই ছাৰ্ভে আমি কৰি দিছিলো। তাৰ পাছত কোৰোনা ভাইৰাছৰ সজাগতা আৰু মানুহৰ মাজত সেই সন্দৰ্ভত সচেতনতামূলক সভা অনুষ্ঠিত কৰিবলগা হৈছিল।''
গ্ৰাম্য অঞ্চলত মানুহে কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া তেওঁলোকে প্ৰত্যক্ষ কৰিছে। চামগুৰিৰ ভোৰভুৰি গাঁৱৰ এইগৰাকী আশাকৰ্মীয়ে এই সময়চোৱাত পাইছে মাত্ৰ এখন মাস্ক, এটা ছেনিটাইজাৰ। নিজেই মাস্ক প্ৰস্তুত কৰি ব্যৱহাৰ কৰিছে তেওঁ।
কটাবাৰীৰ ফৰিদা বেগমে এই সময়চোৱাত প্ৰাণনাশৰো ভাবুকি পাইছে। কটাবাৰীৰ এক নং মছজিদ গলিৰ এজন লোকৰ ঘৰত যোৰহাটৰ পৰা আহি ৪ জন লোক লুকাই আছিল। স্থানীয় ৰাইজৰ সহযোগত এই খবৰ আৰক্ষীক দিয়াত আৰক্ষীয়ে লোককেইজনক লৈ গৈছিল কাৱোৰেন্টাইন কক্ষলৈ। আবেলি ঘৰলৈ ঘূৰি অহাৰ সময়ত এজন লৰা আৰু এগৰাকী মহিলা আহি তেওঁক প্ৰণনাশৰ ভাবুকি দিছিল। আৰক্ষীৰ কাষ চাপিবলগা হৈছিল তেওঁ। অৱশ্যে তেওঁ ৩ যোৰ হেণ্ড গ্লোভছ, ৫ খন মাস্ক আৰু এটা ছেনিটাইজাৰ এই সময়চোৱাত লাভ কৰিছে।
বিজয় নগৰ দখলা কলনীৰ উপৰ আলী গাঁৱৰ মণি দেৱীয়ে এটা ছেনিটাইজাৰৰ বটলহে লাভ কৰিছে এই সময়চোৱাত। তেওঁ খুব সততাৰে পালন কৰিছে দায়িত্ব। ১০০০ জনসংখ্যা থকা এই অঞ্চলটোত প্ৰতিনিয়ত দৃষ্টি ৰাখিছে মণি দেৱীয়ে।
চৰাইদেউৰ ৰিংকুমণি মহনে ক'লে মনৰ কথা। এইগৰাকী আশাকৰ্মীয়ে এখনো মাস্ক পোৱা নাই এই সময়চোৱাত। নাইপোৱা ছেনিটাইজাৰ বা গ্লোভছ। তথাপিও তেওঁ পিচ পৰি ৰোৱা নাই। কৰি গৈছে নিজৰ কৰ্তব্য। ফোন কৰি তেওঁৰ মনৰ ভাৱ জানিব খুজোতে হাস্পতালতে আছিল আশাকৰ্মীগৰাকী। মৌ-দুমনি চাব চেন্টাৰৰ অধীনত তেওঁ কাম কৰে।
যোৰহাটৰ মৃণালী ফুকনে মাত্ৰ এখন মাস্ক, এটা ছেনিটাইজাৰহে পাইছে। এই আশাকৰ্মীগৰাকীয়ে ঘৰতে মাস্ক বনাই পিন্ধি দায়িত্ব পালন কৰিছে। মৃণালী ফুকনে ক'লে- '"মানুহবোৰে কেতিয়াবা বুজি নাপায়। ৩বাৰ-৪ বাৰ প্ৰতিজন লোকৰ ঘৰলৈ গৈ বুজাইছো। লকডাউনৰ দুদিন মানৰ পাছতে চিকিমৰ পৰা আৰ্মিত কাম কৰা লৰা এজন আহিছিল। তেওঁক হ'ম কোৱাৰেন্টাইনত থাকিব কোৱাত থাকিব বিচৰা নাছিল। কৈছিল- বাটত মোক চেক-আপ কৰিছে। ঘৰত মই সোমাই থাকিব নোৱাৰো। তেওঁক বুজাবলৈ কষ্ট হৈছিল কিন্তু পিছত বুজিলে।''
দুখীয়া মানুহবোৰক ওচৰৰ পৰা দেখিছে মৃণালী ফুকনে। তেওঁৰ মনৰ কথা- '"মানুহবোৰৰ যে বৰ দিগদাৰ হৈছে। খোৱাবোৰ পৰা ইমান সমস্যা হৈছে। তেতিয়া এনে লাগে নিজৰ থকা হ'লে তেওঁলোকক সহায় কৰিলো হেতেন।'"
শোণিতপুৰৰ আন এগৰাকী আশাকৰ্মী ছায়াৰাণী দাস। ছায়াৰাণী দাসে ক'লে- ''চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে একো সুবিধা পোৱা নাই। ডিউতি কৰিবলৈহে কৈছে -্ ব্যৱস্থা একো নাই। যাতায়তৰ পৰা আৰম্ভ কৰি সকলোতে সমস্যা। কিন্তু পৰিশ্ৰম কৰিছো। নিষ্ঠাৰে দায়িত্ব পালনত অলপো কৃপনালী কৰা নাই। ''
এইদৰে বহুকেইগৰাকী আশাকৰ্মীৰ সৈতে কথা পাতি এই কথাই অনুভৱ হ'ল- আশাকৰ্মীসকলে দেহে কেহে খাটিছে। এয়া তেওঁলোকৰ পেচা নহয় সেয়া নিচা হৈ পৰিছে। কেৰেলাৰ দৰে ৰাজ্যত আশাকৰ্মীসকলে ভাল দৰমহা লাভ কৰে। কিন্তু অসমত আশাকৰ্মীসকলক অতি কম দৰমহাৰ পিছতো সৰ্বস্ব উজাৰি এই সংকটৰ সময়ত তেওঁলোকে কোৰোনা মুক্ত এখন সমাজ গঢ়াৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা পালন কৰিছে।
কোনো কোনো আশাকৰ্মীয়ে ৩০০০ টকা পাৰিশ্ৰমিকেৰে দৰিদ্ৰজনক এসাঁজ দিও সামাজিক দায়িত্ব পালন কৰিছে। তাৰ উদাহৰণ পুৰণিগুদামৰ ৰিন্টু বৰা নামৰ আশাকৰ্মীগৰাকীয়ে। ৩০০০ টকা মাননী লৈ কাম কৰা এই আশাকৰ্মীগৰাকীয়ে স্বামী বিপুল বৰাৰ সৰু ঘূমটি দোকানখনৰ পৰাই কেবাগৰাকী লোকক বিলালে খাজ্য সামগ্ৰী।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে ধনন্তৰী নামৰ আন এক সেৱা আৰম্ভ কৰিছে। নিজ অঞ্চলত ঔষধ বিচাৰি নোপোৱা লোকক ঔষধ যোগান ধৰা এই আঁচনিৰ অধীনত এমপিডব্লিউ আৰু আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ ঔষধ যোগান ধৰিছে।
ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত আশাকৰ্মীৰ সংখ্যা ক্ৰমে বাক্সাত ৯৩৫ গৰাকী, বৰপেটাত ১৫০৭, বঙাইগাঁৱত ৭৪০, কাছাৰত ১৮২৬, চিৰাঙত ৭১৭, দৰঙত ৯৬৪, ডিব্ৰুগড়ত ১২৯৯, ধেমাজিত ৭৪৬, ডিমা হাছাওত ২৩৮, ধুবুৰী আৰু দক্ষিণ শালমাৰাত ১৯২১, গোৱালপাৰাত ১০৭৫, গোলাঘাট ১০৩০, হাইলাকান্দিত ৬৮৯, যোৰহাট ১২৬৫ গৰাকী।
ইয়াৰ উপৰিও কামৰূপ মহানগৰত ৭৮, কামৰূপ (গ্ৰাম্য) ১৩৭৩, ইষ্ট কাৰ্বিআংলঙ আৰু ৱেষ্ট কাৰ্বিআংলঙত ১১২৯, কৰিমগঞ্জ ১২৬৫, কোকৰাঝাৰ ১৩০৭, লখিমপুৰ ১০৭১, মৰিগাঁও ৯১১, নগাওঁ আৰু হোজাইত ২৪৮৩, নলবাৰীত ৭৪৬, শিৱসাগৰ আৰু চৰাইদেউত ১২৫৬, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত ১৯৪৯, তিনিচুকীয়াত ১৪০৪, ওদালগুৰিত ১০৪৫ গৰাকী আশা কৰ্মী আছে।
কোৰোনা মহামাৰীৰ বিৰুদ্ধে এনেদৰে যুঁজত নামিছে ৰাজ্যৰ ৩০,৬১৯ আশাকৰ্মী। সীমিত সা-সুবিধাৰে তেওঁলোকে এই যুঁজৰ সন্মুখৰ সেনানি। সেইসকল আশাকৰ্মীয়ে ত্যাগ আৰু কৰ্তব্য নিষ্ঠাৰ বাবে আনসকলৰ দৰেই স্বীকৃতি পাব লাগে। তেওঁলোকৰো জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰতি চৰকাৰ সজাগ হোৱা উচিত। ৰাইজে আন একো কৰিব নোৱাৰিলেও তেওঁলোকৰ এই সেৱা মনোভাৱক সন্মান প্ৰদৰ্শন কৰিব পাৰে। ডাক্তৰ, নাৰ্ছ, আৰক্ষীৰ দৰেই তেওঁলোকৰ বাবেও ৰাইজে বজাব পাৰে এটা হাত চাপৰি।