মৃদুল কুমাৰ সন্দিকৈ
দোকান এখনৰ সন্মুখত লগ পোৱা যুৱকজনে গৰমৰ বাবে কিছু সময় জিৰাইছিল। দোকানীজনৰ পৰা পানীৰ বটল এটা লৈ পানী খাই মাটিত থৈ দিয়া বেগটো লৈ সি যাবলৈ ওলাইছিল। বেগটোলৈ লক্ষ্য কৰি দেখা পাইছিলো বেগটোৰ ভিতৰত কেইটামান ষ্টিলৰ বাচন, প্লাষ্টিকৰ খৰাহি আৰু কেইবাটাও সৰু সৰু বাটি, গিলাচ।
দোকানখনৰ সন্মুখৰ পৰা কান্ধত বেগটো লৈ এটা সময়ত যুৱকজন গুচি গ'ল। তাৰ লক্ষ্য মূলতঃ মহিলা। কিছু দূৰ গৈয়ে সি এটা সুৰ লগাই চিঞঁৰিলে- এই চুলি আছে চুলি, সৰা চুলি আছে বাইদেউ, খুৰী… চুলি দিয়ক, বাচন লওক। মহিলাৰ সৰা চুলি বিচাৰা যুৱকজনৰ প্ৰতি আগ্ৰহ বাঢ়িল।
বৰ বেছি দূৰ সি যোৱা নাছিল। যুৱকজনক অলপ খৰকৈ আগবাঢ়ি গৈ ৰ'বলৈ ক'লো। এনেদৰে সৰা চুলি বিচাৰি ফুৰা যুৱকজনৰ সৈতে কিছু সময় কথা পাতিলো। সৰা চুলিবোৰ নি সি কি কৰে, গুৱাহাটীৰ ক'ত এই চুলিবোৰ ইত্যাদি। যুৱকজনৰ নাম মতি শ্বেইখ।
৭ বছৰ মান পূৰ্বেই পশ্চিমবংগৰ পৰা অহা মতিৰ ঘৰ পশ্চিমবংগৰ হুগলি জিলাৰ তাৰাকেশ্বৰত। তাৰ পাছত সি এনেদৰে সৰা চুলি বিচাৰি ফুৰাৰ আঁৰৰ কাহিনী ক'লে। সি এটা কোম্পানীত কাম কৰে। তাৰ মাহেকীয়া দৰমহা ১৫ হাজাৰ টকা। কিন্তু সি প্ৰতি মাহত ২০ হাজাৰ মানকৈ টকা পাই।
সৰা চুলি, ভঙা মোবাইল বিচাৰি ফুৰাই তাৰ কাম। বেগৰ পৰা উলিয়াই সি তেতিয়ালৈকে সংগ্ৰহ কৰা চুলিৰ থোপা এটা দেখুৱালে। প্ৰায় ১০০ গ্ৰাম মান চুলি ইতিমধ্যে সি পাইছে। কোনোবাই তাক চুলি দিলে চুলি অনুপাতে দিওঁতাক বাচন, বৰ্তন দিয়ে। মোবাইলৰ ক্ষেত্ৰতো একেই কথা।
চুলিবোৰ নি কি কৰে? দৈনিক তাৰ অতি কমেও ৫০০ গ্ৰাম চুলি সংগ্ৰহ কৰাৰ টাৰ্গেট থাকে। ৫০০ গ্ৰামৰ ওপৰৰ চুলি সংগ্ৰহ কৰিলে সি বনাচ পায়। জালুকবাৰীতে এনেধৰণৰ সৰা চুলি সংগ্ৰহ কৰা বহু দোকান আছে। গুৱাহাটীৰ বহু মহিলাই সেই কথা জানে।
গাঁৱতো মহিলাবোৰ এতিয়া সেয়েহে চুলি ফঁণীয়ালে ফণীত লাগি সৰি অহা চুলিবোৰ পলিথিনত ভৰাই গোটা কৰি থৈ দিয়ে। গাঁৱতো এনে সৰা চুলি বিচৰা বহু মানুহ ঘূৰি ফুৰে। যুৱকজনে ক'লে যিটো কোম্পানীত সি কাম কৰে সেই কোম্পানীটোৱে সৰা চুলি প্ৰতি কেজিত ২০০০ টকাকৈ বিক্ৰী কৰে।
আৰু পুৰণি মোবাইলবোৰৰ ভিতৰৰ চাৰ্কিটবোৰ বিক্ৰী হয় প্ৰতি কেজিত ৮০০ টকাকৈ। সৰা বা কটা চুলিৰ এখন বৃহৎ বজাৰ যে আছে সেয়া হয়তো বহুতেই আমি নাজানো। বিউটি পাৰ্লাৰ বা নাপিতে কটা এই চুলিবোৰ সংগ্ৰহ কৰি নিবলৈ এনেদৰে এতিয়া চুবুৰীয়ে চুবুৰীয়ে, অলিয়ে-গলিয়ে মানুহ ঘূৰি ফুৰে।
এইদৰে সংগ্ৰহ কৰি নিয়া চুলিবোৰ আকৌ আমাকেই বিক্ৰী কৰে। তাৰ পাছতেই চুলিৰ বজাৰখনৰ সন্দৰ্ভত কিছু কথা সন্ধান কৰোতে আন কিছু তথ্য পালো। যিবোৰ সঁচাকৈয়ে অতি আমোদজনক। দেশৰ এটা বিখ্যাত মন্দিৰ তিৰোপতি। এই তিৰোপতি মন্দিৰলৈ গ'লে মানুহে চুলি খুৰাব লাগে।
সেয়া তিৰোপতি মন্দিৰৰ পৰম্পৰাগত নিয়ম। ২০১৯ চনত তিৰোপতি দেৱাশ্ৰম অৰ্থাৎ মন্দিৰ পৰিচালনা কৰা কমিটীখনে ই তেণ্ডাৰৰ যোগে মন্দিৰত বছৰটোত সংগ্ৰহ কৰা চুলিবোৰ বিক্ৰীৰ কৰিছিল। সেই বৰ্ষত তিৰোপতি মন্দিৰে চুলি বিক্ৰী কৰি লাভ কৰিছিল ১১.৭ কোটি টকা।
সেইবাৰ মুঠ ১ লাখ ৪৩ হাজাৰ ৯০০ কেজি (১৪৩.৯ টন) চুলি মন্দিৰ কৰ্তৃপক্ষই বিক্ৰী কৰিছিল। মন্দিৰৰ পৰা বিক্ৰী কৰা চুলিবোৰৰ ৫ টা গ্ৰেড আছে। চুলিৰ দৈৰ্ঘ্য অনুযায়ী এই গ্ৰেড নিৰ্ধাৰণ কৰা হয়। প্ৰথম গ্ৰেডৰ চুলিৰ দৈৰ্ঘ্য ২৭ ইঞ্চি বা তাতোকৈ দীঘল।
দ্বিতীয় গ্ৰেডৰ চুলিবোৰৰ দৈৰ্ঘ্য ১৯ ৰ পৰা ২৬ ইঞ্চি, তৃতীয় গ্ৰেডৰ চুলিবোৰ দৈৰ্ঘ্য ১০ ৰ পৰা ১৮ ইঞ্চি, চতুৰ্থ গ্ৰেডৰ চুলিবোৰৰ দৈৰ্ঘ্য ৫ ৰ পৰা ৯ ইঞ্চি আৰু পঞ্চম গ্ৰেডৰ চুলিবোৰৰ দৈৰ্ঘ্য ৫ ইঞ্চিতকৈ কম। তিৰোপতি মন্দিৰত সেইবাৰ প্ৰথম গ্ৰেডৰ ২৯০০ কেজি চুলি বিক্ৰী কৰা হৈছিল।
এই চুলিখিনি বিক্ৰী হৈছিল৫২.০১ লাখ টকাত। দ্বিতীয় গ্ৰেডৰ চুলি বিক্ৰী কৰি লাভ কৰিছিল ৩৬.৬৬ লাখ টকা।কেৱল তিৰোপতি মন্দিৰতে যে চুলি বিক্ৰী হয় এনে নহয়। অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰা মন্দিৰ দেশৰ ভিতৰতে এটা উল্লেখযোগ্য মন্দিৰ। এই মন্দিৰটোৱেও বছৰি চুলি বিক্ৰী কৰি বহু টকা লাভ কৰে।
ইয়াত প্ৰৱেশ কৰাৰ সময়ত নিজৰ চুলি দান দিব লাগে। ২০১১-১২ বৰ্ষত ভেংকটেশ্বৰা এই মন্দিৰটোৱে মুঠ ১৯৪৯ কোটি টকা সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত সেইবাৰ ২০০ কোটি টকা সংগ্ৰহ কৰিছিল কেৱল চুলি বিক্ৰী কৰি। এই চুলি ক্ৰয় কৰিবলৈ বিদেশৰ পৰাও ব্যৱসায়ী আহে।
সেইবছৰ ২ টা পৰ্যায়ত মন্দিৰ কৰ্তৃপক্ষই চুলি বিক্ৰী কৰিছিল। ২০১১ ৰ ছেপ্তেম্বৰত ৪৬৬ টন চুলি আৰু ২০১২ ৰ মাৰ্চত ৯৫ টন চুলি বিক্ৰী কৰিছিল। মানুহৰ চুলিৰ কেনে এখন বজাৰ আছে সেয়া মাত্ৰ ভাৱক। হঠাৎ লগ পোৱা এই ল'ৰা জনে ক'লে- তেওঁলোকে সংগ্ৰহ কৰা এই চুলিবোৰ কলিকতালৈ পঠিয়াই।
তাতেই সেই চুলিবোৰৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। কৃত্ৰিম খোপাৰ পৰা আৰম্ভ কৰি চুলিৰ থোপা, আজিৰ বিভিন্ন পদ্ধতিৰ মূৰত চুলি নথকা লোকসকলৰ বাবে চুলি প্ৰস্তুত কৰা আদি বিভিন্ন কামত সেইবোৰ ব্যৱহাৰ হয় বুলি জনালে।
গুৱাহাটীৰ পৰা বাহিৰলৈ এনেদৰে টনে টনে চুলি পঠিওৱা হয়। মহিলাসকলৰ বহুতেই কিছু বাচন, বৰ্তনৰ বিনময়ত সাঁচি ৰখা এই চুলিবোৰ এইসকল লোকৰ হাতত তুলি দিয়ে। তেওঁলোকেও হয়তো নাজানে চুলিৰ এনে বৃহৎ আৰু লাভজনক বজাৰখনৰ কথা।
সৰা চুলি মানেই জাৱৰ। ঘৰৰ ডাষ্টবিনত, বাৰীৰ চুকত মহিলা সকলে সেই চুলিবোৰ পেলাই দিয়ে। কিন্তু দিন যে সলনি হ'ল। এতিয়া যেন একোৱেই পেলাব নালাগে। জীয়াৰী-বোৱাৰীহঁতৰ সৰা চুলিৰো বজাৰত ইমান দাম। কথাবোৰ কৈ আকৌ সেই পূৰ্বৰ সুৰত চিঞঁৰি চিঞঁৰি যুৱকজন আঁতৰি গ'ল। মহিলাৰ সৰা চুলিয়েই যে এতিয়া তাৰ জীৱিকাৰ উৎস।