
গৰুখুঁটিকলৈ ৰাজনীতি হৈছে। আৰক্ষীৰে হোৱা প্ৰচণ্ড সংঘৰ্ষত ছিপাঝাৰৰ ৩ নম্বৰ ধলপুৰত ২৩ ছেপ্টেম্বৰ ২০২১ত সংঘটিত হৈছিল সংঘৰ্ষ। আৰক্ষী আৰু সেই স্থানত বাস কৰা লোকসকলৰ মাজত উচ্ছেদ চলাবলৈ যাওতে হোৱা সংঘৰ্ষত ৩ জন লোকৰ মৃত্যু হয়। আৰক্ষী আৰু প্ৰশাসনৰ লোকক হাত হাতে লাঠি-জোং লৈ চলোৱা আক্ৰমণত ৩ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে ১১ জন লোক আহত হ'ল।
ৰহস্যজনক পৰিস্থিতিত লাঠি চালনা, কন্দুৱা গেছ নিক্ষেপ, গুলী চালনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ বিশ্বজুৰি সংবাদ মাধ্যমৰ চৰ্চা হ'ল গৰুখুঁটি। এই উচ্ছেদৰ সময়ত হাতত কেমেৰা লৈ থকা এজন উন্মাদ যুৱকে মৃতদেহৰ ওপৰত জপিয়াই পৰাৰ দৃশ্য মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিল। আৰক্ষীয়ে ৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি এই ঘটনা সংঘটিত কৰা বিজয় শংকৰ বণিয়া নামৰ প্ৰশাসনৰ দ্বাৰাই নিয়োজিত ফটোগ্ৰাফাৰগৰাকীক ২৪ ছেপ্টেম্বৰ ২০২১ ত আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে।
ৰহস্যত গৰুখুঁটি
বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ হৈছে। কিন্তু হঠাৎ কিয় এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। প্ৰায় ১০ লানি আলোচনাৰ অন্তত সেই স্থানত বাস কৰা উচ্ছেদকাৰীসকলক ১০০০ বিঘা ভূমি আৱণ্টন দিবলৈ প্ৰস্তুত হৈছিল চৰকাৰ। এক সৌহাদ্যপূৰ্ণ পৰিৱেশত এই উচ্ছেদ অভিযান চলাৰ পাছতো কাৰ প্ৰৰোচনাত এইসকল সাধাৰণ লোকে এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে সেইয়া এতিয়া ৰহস্যৰ বিষয়।
ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে। দৰং জিলা ১২ ঘণ্টীয়া বন্ধৰ আহ্বান দিয়াৰ লগতে প্ৰদেশ কংগ্ৰেছে এই ঘটনাৰ পাছতে ২৪ ছেপ্টেম্বৰ ২০২১ ত এ পি চি চিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। গৰুখুঁটিৰ দৃশ্য দেখি বিশ্ববাসীয়ে অসমবাসীক ককৰ্থনা কৰিছে।
হাতত কেমেৰা লৈ থকা যুৱকজনে মাটিত ঢলি পৰি থকা এজন ব্যক্তিক আক্ৰমণ চলাইছে। অভিযোগ উঠিছে মৃত্যুৰ পিছতে অকলশৰীয়া মইদুল নামৰ ব্যক্তিজনক সশস্ত্ৰ আৰক্ষীয়ে প্ৰহাৰ কৰিছে। এজন সাধাৰণ লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি থকাৰ মাজতে বিজয় শংকৰ বণিয়া নামৰ প্ৰশাসনৰ দ্বাৰাই নিয়োজিত যুৱকজনে সকলো নৃশংসতা আৰু জিংঘাসা অতিক্ৰম কৰি আক্ৰমণ চলাইছে।
মানৱতাৰ চূড়ান্ত অৱস্খলন হোৱা গৰুখুঁটিৰ এই ঘটনাৰে জড়িত যুৱকজন সাংবাদিক নাছিল। গৰং জিলা প্ৰশাসনৰ অস্থায়ি ফটোগ্ৰাফাৰ আছিল বিজয় শংকৰ বণিয়া। মৃতদেহৰ ওপৰত লঠিয়াই আসুৰিক আনন্দ লাভ কৰা যুৱকজনক আৰক্ষীয়ে বাধা দিছিল যদিও বাৰে বাৰে তেওঁ গুলী লাগি পৰি যোৱা ব্যক্তিজনৰ ওপৰত আক্ৰমণৰ চেষ্টা চেলাইছিল।
চৌদিশে এতিয়া কেৱল ধিক্কাৰ। গৰিহণাৰ ভাষা নাই কাৰো। কিন্তু যুৱকজনে কিয় এনে কাম কৰিলে? ইয়াৰো অনুসন্ধান বা তদন্তৰ প্ৰয়োজন আছে। যি ভুল সেই যুৱকজনে কৰিছে সেইয়া ক্ষমাৰ অযোগ্য। বিজয় শংকৰ বণিয়া নামৰ এই যুৱকজনৰ ঘৰ ছিপাঝাৰৰ ভুক্তাবাৰীত। এজন উন্মাদ আৰু অস্থিৰ যুৱক বুলিয়েই তেওঁক সকলোৱে জানে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে কোনো এটা কামতেই লাগি থাকিব নোৱাৰা বিজয় শংকৰ বণিয়াই নকৰা কাম নাই। চচিয়েল মিডিয়াতো অপ্ৰাসংগিক কথা-বতৰাৰে চৰ্চাত থকা বিজয় শংকৰ বণিয়াৰ সন্দৰ্ভত স্থানীয় লোকৰ আছে নেতিবাচক ধাৰণা। এক প্ৰকাৰৰ উদণ্ড চৰিত্ৰৰ বাবেই তেওঁ পৰিচিত।
প্ৰশ্ন হয়, এই ঘটনাৰ পূৰ্বে সেই স্থানত কি হৈছিল? অকলশৰে সেই মানুহজনে হাতত লাঠি লৈ কাক খেদি আহিছিল? প্ৰকৃত ঘটনাৰ এতিয়াও উদঘাটন হোৱা নাই। কিন্তু যি বৰ্বৰ দৃশ্য ভাইৰেল হ'ল ইয়াৰ বিৰোধিতা আৰু সমালোচনা সকলো বিবেকবান মানুহেই কৰিব। ই অকল্পনীয় আৰু এক সভ্য সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক ঘটনা।
ছিপাঝাৰৰ গৰুখুঁটিত ইয়াৰ পূৰ্বেও ৰক্তাত ঘটনা সংঘটিত হৈছিল। ১৯৮৩ চনৰ ২৯ জানুৱাৰীত।প্ৰায় ৫০ টা খিলঞ্জীয়া অসমীয়া পমুৱা পৰিয়ালে বাস কৰিছিল গৰুখঁটি চাপৰিত। সহশ্ৰাধিক সন্দেহযুক্ত লোকে সেই পৰিয়ালৰ ওপৰত আক্ৰমণ চলাইছিল। প্ৰাণ হেৰুৱইছিল ৪ জনকৈ লোকে।
৮৩ৰ ১৩ ফেব্ৰুৱাৰিতো অনুৰূপ ঘটনা সংঘটিত হৈছিল হাতীমূৰীয়াত। কৃষি সমবায় স্থাপন কৰিছিল বাস কৰা খিলঞ্জীয়া লোকৰ ওপৰত চলিছিল আক্ৰমণ। খিলঞ্জীয়া লোকক মাৰি পিটি খেদি হৈছিল সেই স্থানৰ পৰা । এই ঘটনাৰ তদন্ত কৰিছিল হিমাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ টি ইউ মেহতাৰ নেতৃত্বত গঠিত এখন ন্যায়িক আয়োগে।
এন নবিছ, জি চি ফুকন আৰু ৰাইহান শ্বাহেৰে গঠিত আয়োগে প্ৰতিবেদনৰ পাতত উন্মোচন কৰিছিল সেই ৰক্তাত ঘটনাৰ কাৰণ। ধলপুৰ, হাতীমূৰীয়া, উপৰিয়া চাপৰি, গৰুখুঁটি, চাউলখোৱা চাপৰি আদি ঠাই সামৰি সংঘটিত হোৱা এই ৰক্তাত ঘটনাৰেই যেন পুনৰাবৃত্তি ঘটিল।
অভিযোগ উঠিছিল এই স্থানত বেদখল কৰা সন্দেহযুক্ত নাগৰিক আৰু পমুৱা মুছলমানে অতি ভায়বহ আক্ৰমণেৰে উক্ত স্থানৰ পৰা খিলঞ্জীয়া লোকসকলক খদি পঠিয়াইছিল। তাৰ পাছত দিন অতিবাহিত হ'ল। ৰাজনৈতিক উত্থান পতন ঘটিল। পুনৰ চৰ্চালৈ গৰুখুঁটি আহিল।
এখন আৰ টি আই। দাখিল কৰা হৈছিল ২৪-০৫-২০১৩ত। এই আৰ টি আইখন দাখিল কৰিছিল ছিপাঝাৰৰ ভুক্তাবাৰীৰ নিত্যানন্দ কলিতা নামৰ লোকজনে। নং এছ পি আৰ ২৭/২০০৭/৪৮৯ নম্বৰৰ এই আৰ টি আইখনত বিচৰা হৈছিল ছিপাঝাৰ সমষ্টিৰ দক্ষিণ পুৰুৱাৰ পৰা ধলপুৰলৈ কিমান চৰ গাওঁ আছে আৰু সেই চৰ অঞ্চলসমূহ কিমান মাটি বেদখলকাৰীৰ হাতত আছে।
এই তথ্য জনা আইনৰ অধীনত দাখিল কৰা আৱেদনৰ উত্তৰত উত্তৰ দিছিল ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়ায়। ২১.০৮.২০১৩ ত উত্তৰ দিয়া হৈছিল নিত্যানন্দ কলিতাক। মুঠ ১০ টা প্ৰশ্নৰ উত্তৰ তেওঁ জানিব বিচাৰিছিল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা।
আৰ টি আইত ৰাজহ চক্ৰ বিষয়াই ৪ টা প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। আৱেদনকাৰীয়ে সুধা ২,৩, ৪ আৰু ৫ নম্বৰ উত্তৰ দিছিল "জনা নাযায়" বুলি। প্ৰথম প্ৰশ্নৰ উত্তৰত জনাইছিল যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণে কুৰুৱাৰ পৰা ধলপুৰলৈ এই সমগ্ৰ চৰ অঞ্চলত মুঠ ৪২০০ বিঘা ১ কঠা ১৫ লেচা পি জি আৰ মাটি আছে।
ইয়াৰ উপৰিও কুৰুৱাৰ পৰা ধলপুৰলৈ ৯৩৩ বিঘা ৪ কঠা, ১৭ লেচা ভি জি আৰ মাটি আছে। বিষয়াগৰাকীয়ে চৰ অঞ্চলত থকা পি জি আৰ মাটিৰ এখন মানচিত্ৰও দাখিল কৰিছিল।
৯ নম্বৰ তথ্য জনা অধিকাৰৰ আৱেদনৰ উত্তৰত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উল্লেখিত চৰ অঞ্চলৰ মাটিৰ পৰিমাণ ৭৭ হাজাৰ ৪২০ বিঘা ৪ কঠা চৰকাৰী মাটি থকাৰ কথা জানিবলৈ দিছিল। ইয়াৰ ভিতৰত ৩০০০ বিঘা ১ কঠা ১৫ লেচা মাটি পি জি আৰ মাটি আৰু তাত ভি জি আৰ মাটি নাই বুলি উল্লেখ কৰিছিল।
এই আৰ টি আইৰ উত্তৰতেই ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উক্ত অঞ্চলত ৭৭ হাজাৰ ৪২০ বিঘা ৪ কঠা মাটি বেদখলকাৰীৰ কৱলত থকা বুলি সদৰী কৰে। তাৰপাছতেই সেই স্থানত বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক বিভিন্ন দল সংঘটনে দাবী উত্থাপন কৰিছিল।
উক্ত স্থানত মাজে মাজে উচ্ছেদ অভিযান চলিছিল। আনকি উচ্ছেদৰ পাছত আকৌ কেতিয়াবা সেই মাটিতেই কিছু লোকক ধনৰ বিনিময়ত থাকিবলৈ একাংশ চৰকাৰী বিষয়াই ব্যৱস্থা কৰি দিছিল। অভিযোগ উঠে যে জয়নাথ শৰ্মাই এসময়ত প্ৰতিনিধিত্ব কৰা এই অঞ্চলটোত কিছু লোকক স্থায়ীভাৱে বসতি কৰাৰ সুবিধা কৰি দিয়াত বহুলোকে তাত নিজৰ নামত মাটি ম্যাদি কৰি লৈছিল।
এক সূত্ৰ মতে প্ৰায় ১০০ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ লক্ষ্য লৈছিল তেওঁ। তাৰে গৰিষ্ঠ সংখ্যক মাটিৰ ম্যাদি পট্টা দিবলৈ সক্ষম হৈছিল জয়নাথ শৰ্মা। এনেদৰে উচ্ছেদৰ নাটক হৈছিল সেই স্থানত। ৰাজনৈতিক ক্ষমতাশালী একাংশ লোকে সেই চৰকাৰী ভূমিৰ নামত সন্দেহজনক লোকসকলক লৈ এখন বজাৰো পাতিছিল।
এই গৰুখুঁটি অঞ্চলতে স্থাপন কৰা হৈছিল এটা শিৱ মন্দিৰষ ধলপুৰত এটা টিলাৰ সমীপত থকা এই শিৱ মন্দিৰৰ নামত আছিল ১৮০ বিঘা মাটি। কিন্তু মন্দিৰৰ সেই মাটি বেদখলকাৰীৰ কৱলত পৰিছিল। মুখ্যমন্ত্ৰী ৰূপে দায়িত্বলোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ছিপাঝাৰলৈ যাওঁতে উক্ত শিৱ মন্দিৰৰ বেদখল মুক্ত কৰিবলৈ জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক নিৰ্দেশ দিছিল।
সেই নিৰ্দেশৰ পিছতেই আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত শিৱ মন্দিৰৰ মাটি বেদখলমুক্ত কৰিছিল। মন্দিৰৰ চৌহদৰ ৱাল নিৰ্মাণ কৰি সেই স্থানৰ ভিতৰত কোনো লোকে দখল নকৰিবলৈ সাৱধান কৰিও দিছিল। কিন্তু ৰহস্যজনকভাৱে সেই মন্দিৰৰ মাটি পুনৰ বেদখল হৈছিল।
তথ্যজনাৰ অধিকাৰ আইনৰ অধীনত গৰুখুঁটিত সন্দেহজনক নাগৰিকে ৭৭ হাজাৰৰো অধিক বিঘা মাটি বেদখলকাৰীৰ কৱলত থকা বুলি তথ্য উন্মোচন কৰাৰ পিছত আৰ টি আই কৰা লোকজনে ৰাজ্যৰ এজন জ্যেষ্ঠ অধিবক্তাৰ সংস্পৰ্শ লাভ কৰে। খিলঞ্জীয়া লোকৰ স্বাৰ্থত মাত মাতি অহা এই অধিবক্তাজনে উক্ত মাটি বেদখলমুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল।
ত৩াৰ পৰিণতিতেই গৰুখুঁটি অঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ চৰকাৰ বাধ্য হৈছিল। কিন্তু লক্ষ্যণীয় কথাতো হ'ল যে সেই অঞ্চলটোত চৰকাৰী মাটি বেদখল কৰি থকা লোকসকলৰ বাবে আন ৰাজহ গাওঁবোৰত থকাৰ দৰে বিদ্যুৎ, চিকিৎসা, শিক্ষা আদি সকলো ব্যৱস্থা কৰা হৈছিল।
গৰুখুঁটি প্ৰসংগ অসম বিধানসভাতো উত্থান হৈছিল।২০১৬ চনত ৰাজ্যত গঠন হৈছিল বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। সেই সময়ৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই অসম বিধানসভাত এক তৰা বিহীন প্ৰশ্ন উত্থাপন কৰিছিল।
যিটো প্ৰশ্নৰ নম্বৰ আছিল ১১৬ । ২৯.০৭.২০১৯ত বিধায়কগৰাকীয়ে সুধা প্ৰশ্ন ৫ টা আছিল ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত থকা চৰ অঞ্চলত কিমান মাটি বেদখলমুক্ত কৰা হ'ল। আৰু কিমান মাটি বেদখল মুক্ত কৰিবলৈ বাকী আছে। বেদখল কৰা অঞ্চলসমূহ পুনৰ বেদখলকাৰীয়ে বসতি স্থাপন কৰাটো সঁচানে? যদি সঁচা ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে?
তেতিয়াৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই দৰং জিলা উপায়ুক্তই দিয়া তথ্য অনুসৰি জনাইছিল যে ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত চৰ অঞ্চলত ৫, ৯৫২ বিঘা ৪ কঠা মাটি বেদখলমুক্ত কৰা হৈছে। উক্ত ৰাজহ চক্ৰৰ অধীনত ১৮ হাজাৰ ৩১৫ বিঘা ১ লেচা মাটি বেদখল মুক্ত কৰিবলৈ বাকী থকাৰ কথা তেওঁ সদৰী কৰিছিল সদনত।
এই স্থানত কোনো বেদখলকাৰীয়ে পুনৰ বেদখলমুক্ত কৰা ঠাইত পুনৰ বসতি কৰা নাই বুলিও জানিবলৈ দি পৰ্যায়ক্ৰমে বেদখলমুক্ত অভিযান চলি আছে বুলি উল্লেখ কৰিছিল।
আকৌ এবাৰ বিধানসভাত গৰুখুঁটিৰ প্ৰসংগ উত্থাপন হ'ল। ২০২১ চনৰ ১৬ জুলাইত বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰে সদনত গৰুখুঁটিকলৈ আন এক প্ৰশ্ন উত্থাপন কৰিলে। বিধায়কগৰাকীয়ে উত্থাপন কৰিছিল মুঠ ৩ টা প্ৰশ্ন। সেই প্ৰশ্ন কেইটা আছিল ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ মৌজাৰ অধীনত ধলপুৰ, ফহুৰাতলী, কিৰাকাৰা চৰ অঞ্চলত কিমান মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে? লগত তেওঁ জানিব বিচাৰিছিল এই অঞ্চলকেইটাৰ উপৰিও গৰুখুঁটি অঞ্চলত গৰাখহনীয়া মুক্ত হৈ কিমান বিঘা মাটি বৰ্তমান কৃষি যোগ্য বা বাসযোগ্য হৈ আছে।
উক্ত অঞ্চলত থকা চৰকাৰী মাটি কোনোবা মন্দিৰ, প্ৰতিষ্ঠান, মছজিদ, কৃষি পামৰ নামত আৱণ্টন দিয়া হৈছে নেকি? বিভাগীয় মন্ত্ৰী যোগেন মহনে এই প্ৰশ্নৰ উত্তৰত জনালে যে উক্ত অঞ্চলটোত কেৱল ফহুৰাতলী আৰু ধলপুৰতে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ৩৭ হাজাৰ বিঘাতকৈ বেছি মাটি জাহ গৈছে।
ফহুৰাতলী আৰু ধলপুৰ অঞ্চলত সেই জৰীপ হোৱা নাই কিৰাকাৰ গাওঁখন অজৰীপকৃত গাওঁ বুলি সদনক জনোৱা হৈছিল। উল্লেখিত অঞ্চলসমূহত ২৫ হাজাৰ ৯২৯ বিঘা ৮ লেচা মান মাটিৰ ভিতৰত ১৬ হাজাৰ ৮৭৮ বিঘা মাটি কৃষি যোগ্য আৰু ৯ হাজাৰ ৫১ বিঘা মাটি বাসপোযোগী বুলি জনাইছিল।
উক্ত স্থানত মাটি আৱণ্টন প্ৰস্তাৱ জিলা ভূমি উপদেষ্টা সমিতিৰ তৰফৰ পৰা অনুমোদন দিয়া হৈছিল যদিও চৰকাৰী ভাৱে কোনো আৱণ্টন দিয়া হোৱা নাই বুলি সদৰী কৰা হৈছিল।
২০২১ বৰ্ষৰ বাজেটত অসম চৰকাৰে গৰুখুঁটিৰ কথা বিশেষভাৱে উল্লেখ কৰে। গৰুখুঁটিক লৈ চৰকাৰে এক প্ৰকল্পৰ কথা ঘোষণা কৰিলে। বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁৰ বাজেট ভাষণৰ ৩৫, ৩৬ পৃষ্ঠাত ৯.৬ কোটি টকাৰ এক বাজেটেৰে ৰাজ্য চৰকাৰে এই প্ৰকল্প ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে। বাজেটত উল্লেখ থকা গৰুখুঁটি প্ৰকল্পৰ সেই ঘোষণা সমূহ আছিল
১৪৫. অধ্যক্ষ মোহাদয়, দৰং জিলাত ছিপাঝাৰ খণ্ডৰ অধীনত গৰুখুঁটিত ৭৭,৪২০ বিঘাতকৈও অধিক ভূমিক বেদখলকাৰীসকলক আঁতৰোৱাটো আমাৰ চৰকাৰৰ এটা সম্পৰীক্ষা।
১৪৬. এই উদ্দেশ্যে, কৃষি উন্নয়ন আৰু ইয়াৰ লগত জড়িত কাম-কাজসমূহ আগুৱাই নিবলৈ এই পৱিত্ৰ সদনৰ মাননীয় সদস্য শ্ৰীপদ্ম হাজৰিকাক সভাপতি হিচাপে লৈ এখন কমিটীও গঠন কৰা হৈছে।
১৪৭. এই অঞ্চলটো উচ্চ মূল্যৰ উদ্যান শস্যৰ কৃষিকাৰ্যৰ বাবে উপযোগী।
১৪৮. এই অঞ্চলটোত বসবাস কৰা খিলঞ্জীয়া যুৱকৃযুৱতীসকলক জীৱিকাৰ পথ প্ৰদান কৰাই আমাৰ উদ্দেশ্য। এই ব্যৱস্থাই আধাুনিক কৃষি প্ৰথাক সাহুৰি লোৱাৰ উপৰি বৈজ্ঞানিক পশুপালন ব্যৱস্থাকো সাঙুৰি ল'ব। আমি এই ক্লাষ্টাৰটোক এক নৱজাগ্ৰত আলোক স্তম্ভ হিচাপে বিকাশ কৰিম।
১৪৯. মহোদয়, গৰুখুঁটিৰ প্ৰস্তাৱিত প্ৰকল্পৰ জৰীপকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিস্তৃত বৃক্ষৰোপণৰ বাবে ১৩৪ টা ইক'লজিকেল টাস্ক ফোৰ্চ (ETF) ৰ এটা অগ্ৰগামী দল আমি ইতিমধ্যে মোতায়েন কৰিছো। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় যোগাযোগ ৰক্ষা কৰি থকা হৈছে। মহোদয়, বৰ্তমানে থকা ভৱনসমূহ (যেনে গৰুখুঁটি পশু চিকিৎসালয়) অস্থায়ীভাৱে নিৰ্মাণ নবীকৰণৰ বাবেও প্ৰস্তাৱ লোৱা হৈছে।
১৫০. এই জৰীপৰ ওপৰত বিত্তি কৰি, কৃষি কাম-কাজৰ মূল্যাংকনৰ যোগেদি কৃষক গোটসমূহক চিনাক্ত কৰা হৈছে আৰু এই গোটসমূহ এটা বহুমুখী কৃষি উৎপাদক সংস্থাৰ অংশ হ'ব। গিৰ (Gir) প্ৰজাতিৰ ২০০০ টা গৰু অনাৰ বাবে আমি পৰিকল্পনা কৰিছো। আমাৰ স্থানীয় জলবায়ু আৰু পৰিৱেশৰ সৈতে খাপ খাই নে নাখায় সেইটো পৰীক্ষা কৰিবলৈ পৰীক্ষামূলকভাৱে আমি ৫০ ৰ পৰা ১০০ টা এনে প্ৰজাতিৰ গৰু ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছো। এই ক্ষেত্ৰত গুজৰাটৰ এটা পশু বিশেষজ্ঞৰ দল ইতিমধ্যে আহি উপস্থিত হৈছে।
১৫১. মহোদয় ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ ব্যৱস্থা আৰম্ভ হৈছে আৰু প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আমি এটা পৰিচালনা কৰা দলো গঠন কৰিছোঁ।
১৫২. ৰবি শস্যৰ বিস্তৃত কৃষিকৰ্মৰ বাবে পৰিকল্পনা কৰা হৈছে। কৃষি প্ৰযুক্তি, কৃষি যান্ত্ৰিকীৰণৰ নিচিনা বিভিন্ন বিষয়ত কৃষক গোট/আত্মসহায়ক গোট/এফ আই গোটসমূহক প্ৰশিক্ষণৰ নিচিনা বিভিন্ন কাম-কাজৰ বাবে পৰিকল্পনা হাতত লোৱা হৈছে আৰু অতি সোনকালে এইসমূহ আৰম্ভ হ'ব।
১৫৩. এই আঁচনিৰ বাবে মই ৯.৬০ কোটি টকা প্ৰস্তাৱ কৰিছো।
চৰকাৰে এক কেবিনেট সিদ্ধান্ত যোগে ছিপাঝাৰত ৰূপায়ণ কৰিবলৈ লোৱা গৰুখুঁটি প্ৰকল্পৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক। কেবিনেট মৰ্যাদাৰে উক্ত মাটি বেদখলমুক্ত কৰি কৃষি কৰ্মত ব্যৱহাৰেৰে অসমৰ কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত লোৱা হৈছে বুলিও ঘোষণা কৰে ৰাজ্য চৰকাৰে।
তাৰ পাছতেই গৰুখুঁটিত চলিছিল উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ৭৭ হাজাৰ মাটি বেদখল মুক্ত কৰা হোৱা বুলি প্ৰচাৰ কৰিছিল। মন্ত্ৰী বিমল বৰাই চচিয়েল মিডায়াত এই সন্দৰ্ভত পোষ্টো দিছিল।
থলুৱা কৃষকৰ মাটিও কাঢ়ি লোৱাৰ অভিযোগ
ছিপাঝাৰত ৰূপায়ণ কৰিবলৈ লোৱা প্ৰকল্পৰ বাবে ৭৭ হাজাৰ বিঘাৰ চৰকাৰী ভূমি আছিল নে? এই বহুমুখি প্ৰকল্পৰ নামত চৰকাৰে বহু প্ৰচাৰ চলাইছিল। এনে অভিযোগ উঠিছিল যে সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ পৰিৱৰ্তে সেই অঞ্চলত কৃষি কৰ্মৰে নিয়োজিত বহু থলুৱা কৃষকৰ মাটি প্ৰকল্প স্থাপনৰ বাবে লৈ লোৱা হৈছিল।
চৰ অঞ্চলত থকা থলুৱা কৃষকসকলৰ সমবায় সমূহক মাটি হস্তগত কৰিছিল এই প্ৰকল্পৰ বাবে। উল্লেখযোগ্য যে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ গৰুখুঁটি,টুনীবাৰী, ২নং ৰাজাপুখুৰী আদিত মুঠ ৯ খনকৈ কৃষি সমবায় গঠন কৰি ২৩২০ বিঘা চৰকাৰী মাটিত খেতি কৰি আহিছিল থলুৱা লোকে।
চৰকাৰী পঞ্জিয়ন ভুক্ত এইসমবায় সমূহে আলু, মাহ, সৰিয়হ, মৰাপাটৰ লগতে শাক-পাচলিৰ খেতি কৰিছিল ইয়াত। ২০২১ ৰ ২৪ জুনত সেই থলুৱা সমবায় সমিতিৰ সভাপতি সম্পাদক সকলক মতাই নিয়া হৈছিল খানাপাৰা কৃষি ভৱনলৈ। সেই দিনাই প্ৰতিখন সমবায় সমিতিৰ পৰা ১০ জনকৈ কৃষকক প্ৰতিনিধিৰূপে প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে বাকীসকলৰ কি হব, সেই সন্দৰ্ভত লোৱা হোৱা নাছিল কোৱো সুস্পষ্ট সিদ্ধান্ত।
গৰুখুঁটিক লৈ তৃতীয় পক্ষৰ ৰাজনীতি চলিছে। শাসকীয় দলে সেই অভিযোগ কৰিছে। ২৪ ছেপ্টেম্বৰত গৰুখুঁটিৰ ঘটনাক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই সংবাদ মেল পাতি চৰকাৰৰ পক্ষত থিয় দিছে। কংগ্ৰেছে ইয়াক অমানৱীয় আখ্যা দি প্ৰতিবাদত নামিছে। অখ্যাত আৰু নিষিদ্ধ দল, সংগঠনেও এতিয়া এই উত্তেজনাক কিধৰণে সাম্প্ৰদায়িক ৰূপ দিব পাৰি তাৰ চেষ্টা কৰিছে।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, ৮৩ ত কৰিব নোৱাৰা কাম এটা এই চৰকাৰে কৰিছে। ২০০৮ চনতো ৰাজ্যত আন এক কাৰণত এনে এক সাম্প্ৰদায়িক বিষবাস্প বিয়পিছিল। ওদালগুৰিকে ধৰি কেইবাখনো জিলাত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। সেইবছৰৰ ১৪ আগষ্টত সংঘটিত এই জুই দৰঙতো জ্বলিছিল। ইয়াৰ আঁৰত আছিল মুছলিম ষ্টুডেণ্ট ইউনিয়ন নামৰ এটা সংঘটন।
বহুজন লোকৰ প্ৰাণহানী হাৈছিল এই সংঘৰ্ষত। প্ৰায় ২.৫ লাখ লোক গৃহহাৰা হৈছিল। পৰৱৰ্তী সময়ত এই সংঘৰ্ষৰ বাবে দায়ী ৰূপে প্ৰমাণিত হৈছিল মোছা নামৰ সংগঠনটোৰ নেতৃত্ব। এইবাৰো এনেধৰণৰ তৃতীয় পক্ষই এই সুযোগ গ্ৰহণ নাইকৰা বুলিও নুই কৰিব নোৱাৰি।
গৰুখুঁটিৰ সমগ্ৰ ঘটনাৰ বাবে বিফলতাৰ দায়ী আৰক্ষী। আইনগত ভাৱে সেই উচ্ছেদ অভিযান চলোৱাৰ সুযোগ আৰক্ষী প্ৰশাসনে লাভ কৰিছিল যদিও আৰক্ষীয়ে সুপৰিকল্পিতভাৱে ইয়াক কাৰ্যকৰী কৰিব নোৱাৰিলে। চূড়ান্ত বেমেজালিৰে অসম আৰক্ষীয়ে আকৌ এবাৰ নিজৰ বিফলতাক দাঙি ধৰিলে।
২০০৮ চনতো সূত্ৰপাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত আৰক্ষীৰ চোৰাংচোৱাৰ হাতত কোনো তথ্যই নাছিল। ১৪ আগষ্টত মোচাই আহ্বান দিয়া বন্ধৰ তথ্য আৰক্ষীয়ে জিলাৰ বিশেষ আৰক্ষীৰ শাখাৰ সলনি সংবাদ মাধ্যমৰ খবৰৰ পৰাহে গম পাইছিল।
গৰুথুঁটিত আৰক্ষীয়ে সেই লোকসকলে কিধৰণে পৰিকল্পনা কৰিছে বা তাত কোনো তৃতীয় পক্ষৰ উপস্থিতি সম্পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো তেনে তথ্য আহৰণ কৰিব নোৱাৰাতো চূড়ান্ত অৱহেলা বুলিব পাৰি। আৰক্ষীয়ে যুদ্ধংদেহী মনোভাৱেৰে এই উচ্ছেদ অভিযান চলাবলৈ যাওতে যি প্ৰতিৰোধৰ সন্মুখীন হ'লে সেই প্ৰতিৰোধ এৰাই চলিব পাৰিলেহয়।
উচ্চ পদস্থ আৰক্ষী বিষয়া তথা প্ৰশাসনৰ বিফলতাৰ বাবেই গৰুখুঁটি আজি চৰ্চাত। এইসুযোগ তৃতীয় পক্ষই গ্ৰহণ কৰিছে। চৰকাৰেও গৰুখুঁটিৰ নামত যি প্ৰচাৰ চলাইছে তাত কৃষি প্ৰকল্প ৰূপায়ণ কৰাৰ চেষ্টাতকৈ আত্মসন্তুষ্টি আৰু আত্মসংযমহীন আচৰণে মানুহক ভবাই তুলিছে এক সম্প্ৰদায়ৰ বিৰুদ্ধে এইয়া অভিযান।