পৰম্পৰা আৰু জনবিশ্বাসত গৰু বিহু…

পৰম্পৰা আৰু জনবিশ্বাসত গৰু বিহু…

♦ পংকজ শৰ্মা

'লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…'। আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব'হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ খিৰতী গাই জনী, হালৰ গৰুহাল, দামুৰীটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে।

অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটিক পালন কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ এনাজৰীডাল। নৈৰ ঘাটত কেইবাখন গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক পৰিৱেশৰ। ঢোলৰ ছেও, পেঁপাৰ মাতত নৈৰ ঘাটত নামি আহে ব'হাগৰ পূৰ্ণ সজীৱতা।

গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক 'জাগ দিয়া' বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

গৰু বিহুৰ লগত প্ৰচলিত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে সিদিনাৰ দিনটোত ১০১ বিধ শাকৰ ব্যঞ্জন খাব লাগে। পৰম্পৰা অনুসৰি এই ১০১ বিধ শাক খালে বছৰটোলৈ বহু বেমাৰ আজাৰৰ পৰা ৰক্ষা পোৱা যায়। সিদিনাৰ দিনটোত খোৱা কেইবিধমান শাক হৈছে-

১) অমিতাফুল

২) অমৰা ফুল

৩) অশোক ফুল

৪) আৰফুল

৫) আমৰ মল

৬) আনাৰসৰ কোঁহ

৭) আলুগুটিৰ পাত

৮) আদাপাত

৯) আগেজলা

১০) ওলকচুপাত

১১) ওলকবি পাত

১২) কঁঠালৰ মুচি

১৩) কেঁহেৰাজ শাক

১৪) কচুশাক

১৫) কুঁহিয়াৰ পাতৰ আগ

১৬) কুকুৰাঠেঙীয়া

১৭) কোৱাভাতুৰি

১৮) কেঞাবন

১৯) কাচিপকা

২০) কাঁছকল পাত

২১) কাঠ আলু পাত

২২) কৰ্দৈ পাত

২৩) কলমৌ শাক

২৪) কুহিলা পাত

২৫) কলপচলা

২৬) কোমোৰা পাত

২৭) কেৰেলা পাত

২৮) খুতৰা শাক

২৯) গাখীৰতী

৩০) গাজৰ পাত

৩১) গৰুখিচ

৩২) চুকাশাক

৩৩) চজিনা পাত

৩৪) চালকুঁৱৰী আগ

৩৫) চিৰতা পাত

৩৬) চয়াবিন পাত

৩৭) জিলমিল শাক

৩৮) জেতুলীপকা পাত

৩৯) জালুকপাত

৪০) জলকীয়া পাত

৪১) জবাফুল

৪২) জ্যেষ্ঠমধু পাত

৪৩) জৱেত্ৰী

৪৪) জাতিলাউ পাত

৪৫) জিকা পাত

৪৬) টিকনি বৰুৱা

৪৭) টুপুৰী লতা

৪৮) টেঙামৰা

৪৯) টেঙেচি টেঙা

৫০) তিতাফুল

৫১) তিল পাত

৫২) তুলসী

৫৩) তিঁয়হ পাত

৫৪) থেকেৰা পাত

৫৫) থেৰেজু পাত

৫৬) দাংবদি

৫৭) দোৰোণশাক

৫৮) সোণবৰীয়াল

৫৯) দুপৰটেঙা

৬০) ধুন্দুলি পাত

৬১) ধতুৰা

৬২) ধনিয়া

৬৩) ঢেকীয়াশাক

৬৪) নৰসিংহ

৬৫) নহৰু পাত

৬৬) নেফাফু

৬৭) নুনি পাত

৬৮) নিলাজী বন

৬৯) পিৰালি পালেং

৭০) পিঁয়াজপাত

৭১) পদিনা

৭২) পিৰালি কুঁৱৰী

৭৩) পটল পাত

৭৪) পালেং

৭৫) পুৰৈশাক

৭৬) পনৌনৌৱা

৭৭) পচতীয়া

৭৮) পিপলি

৭৯) ব্ৰাহ্মীশাক

৮০) বিলাহী পাত

৮১) বন্ধাকবি

৮২) বনজালুক

৮৩) বেতগাজ পাত

৮৪) বেঙেনা পাত

৮৫) বৰথেকেৰা পাত

৮৬) বিহলঙনি

৮৭) বকফুল

৮৮) বৰমানিমুনি

৮৯) বৰবৰীয়াল

৯০) বৃন্দাবন

৯১) বহমথুৰি

৯২) বিশল্যকৰণি

৯৩) ভেদাইলতা

৯৪) ভাঙৰ আগ

৯৫) ভৃঙ্গৰাজ

৯৬) ভেকুৰি তিতা

৯৭) ভেটফুল

৯৮) মাটিকাঁদুৰি

৯৯) সৰু মানিমুনি

১০০) মহানিম

১০১) মচন্দৰী

১০২) মানধনিয়া

১০২) মৰলীয়া পাত

১০৩) মৰিচা

১০৪) মেথিশাক

১০৫) মেটেকা

১০৬) মৰাপাট

১০৭) মধুৰী আম পাত

১০৮) মধুসোলেং

১০৯) মূলাশাক

১১০) ৰঙালাউ আগ

১১১) লফাশাক

১১২) লাইজাবৰী

১১৩) লাইশাক

১১৪) শেৱালি ফুল

১১৫) সৰিয়হ শাক

১১৬) শুকলতি

১১৭) হাতীখুতৰা

১১৮) হেলচী শাক ইত্যাদি।

গৰু বিহুৰ লগতে অসমীয়া সাধাৰণ কৃষক ৰাইজৰ বহু জনবিশ্বাস প্ৰচলিত হৈ আহিছে। জনবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা পুৱা যদি গৃহস্থই গোহালিত গৰু কেইটা শুই থকা দেখে, তেন্তে বছৰটো অশুভ হয়। অৰ্থাৎ, সেই বছৰটোত বানপানী, মহামাৰী আদি হোৱাৰ সম্ভাৱনা থাকে। আনহাতে যদি গোহালিত গৰু কেইটা থিয় হৈ থাকে, তেন্তে সেয়া গৃহস্থ আৰু সমাজৰ বাবে মংগলদায়ক। অৰ্থাৎ বানপানী, মহামাৰী আদিৰ শংকা নাথাকে।

গৰু বিহুৰ দিনা চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ'লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ দেখা নিদিয়ে বুলি লোক বিশ্বাস আছে। চাকত ব্যৱহৃত বাঁহচটি আগমৰা হ'ব নালাগিব। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি লোক বিশ্বাস আছে। গৰু বিহুৰ দিনাই সন্ধিয়া নহৰু বটা পানী ঘৰৰ চাৰিওকাষে ছটিয়ালে বছৰটোলৈ সৰ্পভয় নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়।

আনহাতে ঠায়ে ঠায়ে গৰু বিহুৰ দিনা নাহৰৰ পাতত 'দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জঁটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতেঃ' -এই মন্ত্ৰটো লিখি ঘৰৰ চালত আৰু গোহালিত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে।

জেতুকাৰ ৰং ব'হাগ বিহুৰ সময়ত তিৰোতা-ছোৱালীৰ হাতৰ অন্যতম প্ৰতীক। ব'হাগ বিহুৰ সময়ত নাচলৈ যোৱা যুৱতীসকলে হাতত জেতুকাৰ বোল বুলায়। ইয়ে সৌন্দৰ্য্য বৰ্ধন কৰাৰ লগতে চালৰ বিভিন্ন ৰোগৰ বাবেও ভাল। গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। লগতে কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম প্ৰচলিত আছে। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়। জনবিশ্বাস অনুসৰি, যদি বিবাহযোগ্য যুৱতীৰ হাতত জেতুকাৰ ৰং গাঢ় কৈ লাগে, তেন্তে তেওঁ ভাল স্বামী লাভ কৰে।

ব'হাগ বিহুৰ দিনা আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱা বেলা কণী যুঁজ, কড়ি খেলৰ প্ৰথা প্ৰচলিত আছে। অসমীয়া পৰম্পৰাৰ ওপৰত ভিত্তি কৰা খেলা এই খেলে মনোৰঞ্জনৰ লগতে গাঁৱৰ চহা জীৱনক এখন্তেক ওচৰ চাপি অহাত বিশেষ ভূমিকা পালন কৰি আহিছে।

বৰ্তমানৰ আধুনিক জীৱনৰ প্ৰেক্ষাপটত বিহুৰ মাদকতা যিদৰে ম্লান পৰিছে তেনেদৰে নিস্তেজ হৈ পৰিছে গৰু বিহুৰ পৰম্পৰাও। চহা জীৱন এৰি কংক্ৰিট জীৱনৰ মাজত হেৰাই যোৱা নৱ প্ৰজন্মৰ অধিকাংশই আজি গৰু বিহুৰ পৰম্পৰা নাজানে। চহৰত গৰু নাই। যাৰ বাবে গাঁৱৰ চহা কৃষকৰ বছৰটোৰ অতিকৈ আনন্দৰ দিনটোৰ মূল্য আজি চহৰত শূণ্য। চহৰত এতিয়া বিহু বুলি ক'লে কেৱল এখন মঞ্চ, কোনো নামী দামী শিল্পীৰ সংগীত পৰিৱেশন।

বিহুৰ এই উন্মাদনা, জন বিশ্বাস, পৰম্পৰা চহৰত থাকক বা নাথাকক, কিন্তু গাঁৱত আজিও এই বিহু ধুমধামেৰে উদযাপন কৰা দেখা যায়। আজি গৰু বিহুৰ দিনাও চহৰৰ যান্ত্ৰিক ব্যস্ততাৰ বিপৰীতে গাঁও সমূহত দেখা গৈছে এক আনন্দ মুখৰ পৰিৱেশ। অসমৰ প্ৰতিখন গাঁৱত আজি অসমীয়াই উলহ মালহেৰে পালন কৰিছে গৰু বিহু। নৈৰ ঘাটত চুবুৰীয়াৰ সৈতে মিলি গৰু ধুওৱাৰ পৰা ঘৰৰ বুঢ়ী আইতা জনীয়ে ১০১ বিধ শাক বুটলি আনি ৰান্ধি খোৱালৈকে সকলো পৰম্পৰাই গাঁৱত পালিত হৈছে।

কিন্তু ইমানৰ মাজতো আজি যেন ক'ৰবাত হেৰাই গৈছে প্ৰাচীন ঐতিহ্যৰ সেই বিহুটো। যি সময়ত কৃষকৰ বাবে গৰুহালেই আছিল অন্যতম ধন, সেই সময়ৰ গৰু বিহুত ৰং-ৰইচৰ মাজতো ফুটি উঠিছিল কৃষক জীৱনৰ প্ৰকৃত ছবিখন। এক বুজাব নোৱাৰা একাত্মবোধেৰে পালন কৰা হৈছিল সেই গৰু বিহু।

কিন্তু সময় সলনি হোৱাৰ লগে লগে সলনি হ'ল কৃষকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াও। আজি কৃষকৰ অন্যতম ধনস্বৰূপ হালোৱা গৰুহালৰ ঠাই দখল কৰিলে ট্ৰেক্টৰে। গাঁৱত বাস কৰা বহু লোকেই খেতি এৰি অন্য কামত নিয়োজিত হৈছে। যাৰ বাবে খেতি পথাৰৰ প্ৰতিথকা চহা জীৱনৰ একাত্মবোধ লাহে লাহে কমি গৈছে। তেনে পৰিপ্ৰেক্ষিতত যেন লাহে লাহে গৰুৰ প্ৰতি কৃষকৰ পূৰ্বৰ দৃষ্টিভংগীও সলনি হৈ পৰিছে। পূৰ্বে অসমীয়াত এক প্ৰবাদ আছিল- 'যাৰ নাই গৰু, সি সবাতোকৈ সৰু।' অৰ্থাৎ গৰু নথকাজনক সমাজৰ একেবাৰে নিম্ন শাৰীত ৰখা হৈছিল।

আজি সেই প্ৰবাদ সাৰশূণ্য। কিয়নো গাঁৱত বিহু জীয়াই থাকিলেও লাহে লাহে হ্ৰাস পাইছে গৰুৰ সংখ্যা। বিভিন্ন কাৰণত কৃষি জীৱনৰ প্ৰতি সাধাৰণ গাঁৱলীয়াৰো অনিহা বৃদ্ধি পাইছে। তদুপৰি যিসকল কৃষকে এতিয়াও চহা মাননণ্ড জীয়াই ৰাখিছে, তেওলোকেও আধুনিকাৰ ধামখুমীয়াত হালোৱা গৰুহাল এৰি অন্য পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভ কৰিছে।

গাঁৱত গৰুৰ সংখ্যা কমি অহাৰ সমান্তৰালভাৱে নৈৰ ঘাটতো গৰু বিহু উদযাপনৰ দিনা হ্ৰাস পাইছে গাঁৱলীয়াৰ সংখ্যা। পূৰ্বৰ দৰেই মিলিজুলি গৰু বিহু পালন আজি কোনেও নকৰে। যি বিহু এদিন সমাজৰ বান্ধোন হৈ পালিত হৈছিল, আজি সেয়া একো একোঘৰ মানুহৰ ভিতৰতে সীমাবদ্ধ হৈ পৰিছে। আধুনিকতাই চৰম ভাবুকি কঢ়িয়াই আনিছে বিহুটিলৈ।

কিন্তু তাৰ মাজতো বিহু অসমীয়াৰ প্ৰাণ হৈয়ে ৰৈছে, আৰু ভৱিষ্যতেও থাকিব। ভূপেন দাৰ ভাষাৰে- 'ব'হাগ মাথো এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ, অসমীয়া কৃষ্টিৰ আয়ুস ৰেখা, জন জীৱনৰ ই সাহ।' অসমীয়া জীয়াই থাকলৈকে বিহু জীয়াই থাকিব। গাঁও থকালৈকে জীপাল হৈ থাকিব, ব'হাগ বিহু, গৰু বিহুৰ পৰম্পৰা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in