/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/Bekhekh-Lekha-New-2.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি বহুবোৰ দূৰদৰ্শী সিদ্ধান্ত লয় বুলি মানুহে ভাৱে। যি স্থানলৈ তেওঁ যায়, যি অনুষ্ঠানতে তেওঁ অংশ লয় সেই অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সদায় তেওঁ নতুন দৃষ্টিভংগী দাঙি ধৰে। মুখ্যমন্ত্ৰীয়ে কোৱা বা ভৱা এই কথাবোৰ ব্যৱহাৰিক ভাৱে কাৰ্যকৰী হ'লে অসমখনৰ ৰেহ-ৰূপেই যে সলনি হ'ব তাক নুই কৰিব নোৱাৰি।
খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ১৫ আগষ্ট, ২০২২ ত তেনে বহু তেওঁৰ চৰকাৰে গ্ৰহণ কৰিব বিচৰা আঁচনিৰ বিষয়ে উল্লেখ কৰিছিল। সেই দিনাই মুখ্যমন্ত্ৰীয়ে কৈছিল, তেওঁৰ চৰকাৰে ৰাজ্যৰ ৪ হাজাৰখন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ সমান্তৰাল ভাৱে ইংৰাজী মাধ্যমত শিক্ষাদান আৰম্ভ কৰিব।
এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে মুখ্যমন্ত্ৰীয়ে ১ টকা, ২ টকা নহয় ১০ হাজাৰ কোটি টকাৰ নতুন আঁচনিৰ কথা ঘোষণা কৰি কৈছিল অসমৰ প্ৰতিখন বিদ্যালয়ত আধুনিক শিক্ষাৰ এক আধাৰ গঢ়ি শিক্ষাখণ্ডৰ ছবিখনেই সলনি কৰি দিব। মুখ্যমন্ত্ৰীৰ মুখত সেইদিনা এই কথাবোৰ কিমান যে ভাল লগা আছিল!
আমি এতিয়া দিল্লীৰ শিক্ষা ব্যৱস্থাৰ কথা সদায়েই কও। এটা বছৰত দিল্লীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ ৪ লাখ ছাত্ৰ-ছাত্ৰী ঘূৰি আহিল। দ্যা নিউয়ৰ্ক টাইমছৰ দৰে কাকতত দিল্লীৰ শিক্ষা মডেলক লৈ ১৮ আগষ্ট ২০২২ ত প্ৰথম পৃষ্ঠাত খবৰ প্ৰকাশ হ'ল।
বিশ্বৰ বাবে আদৰ্শ হৈ পৰা দিল্লীৰ শিক্ষা মডেল কিন্তু মোডীৰ চৰকাৰৰ বাবে হ'ল মূৰৰ কামোৰণি। সেই অনুমান এই কাৰণেই কৰা হৈছে যে এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষা বিভাগৰ দায়িত্বত থকা মনীষ চিছোদয়াৰ ঘৰত সোমালগৈ চি বি আইৰ দল।
আপৰ নেতাই এই অভিযানক ৰাজনৈতিক ইৰ্ষা পূৰণ আখ্যা দি ক'লে- মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত চি বি আই সোমাওতে তাত পাইছিল ৪ খন মাফলা ! আৰু এইবাৰ মনীষ চিছোদিয়াৰ ঘৰত চি বি আইয়ে পালে গৈ নোটবহী, পেঞ্চিল আৰু জ্যামিতি বক্স।
দেশৰ শিক্ষা খণ্ডক উপযুক্ত আন্তঃগাঁথনিৰে গঢ়ি তুলি নতুন প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰয়াস ভাৰতৰ দৰে কল্যাণকামী ৰাষ্ট্ৰ এখনে চৰকাৰী পৃষ্ঠপোষকতাতেই কৰিব লাগিব। যিটো দিল্লীয়ে সম্ভৱ কৰি দেখুৱাইছে, সেয়া দল, মত নিৰ্বিশেষ আন ৰাজ্যৰ বাবেও অনুকৰণীয় হোৱাতো প্ৰয়োজন।
শিক্ষা এতিয়া অতি লাভজনক বেপাৰ। সেয়েহে এই বেপাৰত নমাসকলে যিকোনো প্ৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচে। সেই ষড়যন্ত্ৰৰ যদি অংশীদাৰ চৰকাৰ মূৰব্বীসকলেই হয়, তেনেহ'লে ভেবা লাগি চাই থকাৰ বাদে আন উপায় কি আছে?
ব্যক্তিগতখণ্ডৰ বিদ্যালয় ইখনৰ পিছত সিখন মানুহে খুলি আছে। ছাত্ৰ-ছাত্ৰীৰ অভাৱ নাই। মাচুল দিও ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ অভিভাৱক সকলে কুণ্ঠাবোধ নকৰে। ইয়াৰ বিপৰীতে অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়লমূহৰ কেৱল নেতিবাচক পোষ্টমৰ্টেম চলে।
মানুহক ভাবিবলৈ বাধ্য কৰি দিয়া হয় যে, চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ালে ল'ৰা-ছোৱালী কেতিয়াও মানুহ হ'ব নোৱাৰে। মাধ্যম কেতিয়াবা শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব পাৰে নেকি? অসমীয়া মাধ্যমতে পঢ়ি দেশ, বিদেশত সুনাম কৰা অসমৰ সু-সন্তানসকলে কেতিয়াও ইংৰাজী মাধ্যমত নপঢ়াৰ বাবে আপচোচ কৰিবলগীয়া হোৱা নাছিল।
এনেবোৰ বাক-বিতন্দা চলি থকাৰ মাজতেই এখন পত্ৰই আকৌ চকু কপালত তুলিলে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ বিধায়কসকললৈ ১১ আগষ্ট ২০২২ ত লিখা এই পত্ৰখনৰ বিষয় আছিল- 'সমষ্টিৰ বিদ্যালয়সমূহলৈ অনুদান প্ৰদানৰ বাবে অনুৰোধ।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ranoj-pegulatter.jpg)
অনুদান আচলতে কোনে, কাক বিচাৰিব লাগিছিল? আগতে হোৱা হ'লে সমষ্টিৰ বিধায়কজনে তেওঁৰ সমষ্টিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নতকৰণৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনালেহেতেন। এতিয়া কথা পৃথক।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লিখিছে- 'মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। আপুনি নিশ্চয় জ্ঞাত যে আপোনাৰ সমষ্টিত কিছুমান বিদ্যালয় পর্যাপ্ত সুবিধা যেনে- বৈদ্যুতিক পাংখা, চকী-মেজ, খোৱা পানী ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে। এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ-শিকন পৰিৱেশৰ বাৰে অতিকৈ জৰুৰী। যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্রয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পর্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ। এই অভাৱসমূহ পূৰণ কৰিবলৈ দীর্ঘকালীন সময়ৰ প্ৰয়োজন হ'ব।'
কিমান অসহায় হ'লে এজন শিক্ষামন্ত্ৰীয়ে এনে স্বীকাৰোক্তি চিঠি লিখি ক'ব পাৰে যে চৰকাৰৰ ধন নাই?শিক্ষামন্ত্ৰী গৰাকীৰ এই পত্ৰৰ কথাবোৰ বিশ্বাস কৰিবনে মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসত কৰা ঘোষণা বিশ্বাস কৰিব এতিয়া?
অসহায় শিক্ষামন্ত্ৰীয়ে পত্ৰখনত পৰৱৰ্তী খণ্ডত লিখিছে- 'ভাৰতৰ মাননীয় প্রধানমন্ত্রী মহোদয়ে "বিদ্যাঞ্জলী২.০" নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে। বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুবসমাজ, সামাজিক তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত http://vidyanjali.education.gov.in/en পোৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব।'
চৰকাৰৰ অসমীয়া মাধ্যমৰ এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে সঁচাই ধন নাই নে চৰকাৰৰ আন্তৰিকতা নাই অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ? এতিয়া বিধায়কসকলৰ কাম হ'ব তেনে বিদ্যালয়ৰ বাবে দান, বৰঙনি দিবলৈ দাতা বিচৰা।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অনুৰোধ-'সেয়েহে মই অনুৰোধ জনাও যে, আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেজ, চকী, বৈদ্যুতিক পাংখা, খোৱা পানী ফিল্টাৰ তথা অন্যান্য সা-সুবিধা বিদ্যালয়সমূহক প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন।
এই সুবিধাসমূহ বিদ্যালয়লৈ প্ৰত্যক্ষভাবে নতুবা "বিদ্যাঞ্জলী ২০" ৰ জৰিয়তে প্ৰদান কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ পৰা এটি ইতিবাচক সঁহাৰি কামনা কৰিলোঁ। ধন্যবাদেৰে ৰণোজ পেগু, শিক্ষামন্ত্ৰী, অসম চৰকাৰ।'
চৰকাৰীখণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ এই গতিত এদিন তলা উলমিব। লাহে লাহে সেইবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ব। আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিলে অসমীয়া ভাষাৰ ভৱিষ্যত কি হ'ব সেয়া সহজেই অনুমেয়।
মুখ্যমন্ত্ৰীয়ে আচলতে অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ৰক্ষা নে ধ্বংস কৰিব খুজিছে? চৰকাৰ ইমান দুৰ্বল হৈ গ'ল নে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে কেই কোটি মান টকা ব্যয় কৰিব নোৱাৰে? অৰুণোঁদয় আঁচনিৰ ক্ষেত্ৰতো চৰকাৰে আন এক আহ্বান জনাইছে।
এই আহ্বানৰ জৰিয়তে কোৱা হৈছে স্বইচ্ছাই কোনো লোকে আঁচনিৰ পৰা নিজৰ নাম কৰ্তন কৰিব পাৰে। আন হিতাধিকাৰীসকলক সহায় কৰাৰ স্বাৰ্থত স্বচ্ছল লোকসকলে অনলাইন প'ৰ্টেল, চক্ৰ বিষয়াৰ কাৰ্যালয়ত তেওঁৰ নাম কৰ্তন কৰিব পাৰিব। এই আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰোঁতেই চোন নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছিল? তাৰ পাছত এনে আহ্বানৰ প্ৰাসংগিকতা ক'ত?