
'Good Doctors
understand responsibility
better than privilege
and practice accountability
better than business'
সেই কথা যেন তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে। আমি সুধিছিলো- এতিয়া আপোনাৰ বয়স কিমান? তেওঁ হাঁহি হাঁহি উত্তৰ দিলে- 'তিনিটা কথা মানুহক সুধিব নাপায়। বয়স, উপাৰ্জন…'।
আপুুনি গুৱাহাটী মেডিকেল কলেজৰ পৰা কেতিয়া অৱসৰ লৈছিল? – আমাৰ প্ৰশ্ন শুনি তেওঁ কিছু সময় ভাৱিলে। তাৰ পাছত মনত পেলাই ক'লে- 'কথাবোৰ এতিয়া অলপ পাহৰিছো। ১৯৯১ চনত মই গুৱাহাটী মেডিকেল কলেজৰ পৰা মেডিচিন বিভাগৰ অধ্যাপকৰূপে অৱসৰ লৈছিলো।'
কিছু সময় আমি থমকি ৰ'লো। মনতে গণনা কৰিলো ৬০ বছৰত যদি তেওঁ অৱসৰ লৈছিল, তেন্তে তেওঁৰ বয়স এতিয়া প্ৰায় ৮৯ বছৰ হ'ব। তেওঁ হয়তো কথাষাৰ তৎ ধৰিব পাৰিছিল। কৈছিল- 'আমাৰ দিনত কিন্তু ৫৮ বছৰ বয়সতে অৱসৰ হৈছিল।'
মনতে তেওঁৰ বয়স গণনা কৰি আছিলো। ৮৯ বছৰৰ পৰা দুবছৰ বিয়োগ কৰিলো। তাৰ পাছত তেওঁক ক'লো- আপুনি এতিয়াও অতি তৰুণ হৈ আছে। দেখিলে এনে লাগিব, আপুনি সত্তৰ গৰকাই নাই। তেওঁ স্বভাৱসুলভ ভংগীমাৰে হাঁহি এটা মাৰি ক'লে- ধন্যবাদ।
আমি তেখেতৰ বিষয়ে কিছু কথা শুনিছিলো। মাত্ৰ ৫ টকাৰ বিনিময়ত তেওঁ ৰোগীক চায়। এয়া অবিশ্বাস্য। তেওঁকেই সুধিছিলো- আচলতে ৫ টকা নল'লেও হয়। আপুনি ইমান কম ধনৰ বিনিময়ত ৰোগীক চিকিৎসাৰ বিধান দিয়ে। এইবোৰ কথা সঁচানে?
তেওঁ পুনৰ হাঁহিলে। 'এটা দিন আছিল, কিন্তু এতিয়া নহয়। প্ৰয়োজনত মই দৰিদ্ৰ ৰোগীৰ পৰা ধনেই নল'ও। কোনোবাই মোৰ ফিজ কিমান বুলি সুধিলে দুশ টকা বুলি কওঁ। তাৰ পাছত সাধ্য অনুসৰি যি দিয়ে লওঁ। ধনৰ বাবে মই চিকিৎসা সেৱা আগ নবঢ়াও। মোৰ বাবে এয়া মানৱ সেৱা। কোনোবাই ৫০ টকা আৰু আন কোনোবাই কেতিয়াবা টকা নাথাকিলে নিদিয়াকৈয়ে গুছি যায়…।' -এয়াই আজিৰ তাৰিখত এজন চিকিৎসকৰ মানসিকতা।
তেওঁ কোনো সাধাৰণ চিকিৎসকো নহয়। ১৯৫৯ চনতে তেওঁ লৈছিল এমবিবিএছ ডিগ্ৰী। তেতিয়া অসম মেডিকেল কলেজেহে আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হোৱাই নাছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল অসম মেডিকেল কলেজ।
'দেউতাৰ বাবে মই চিকিৎসক হ'ব পাৰিলো। মোৰ জন্ম হৈছিল কমলপুৰৰ আঠগাঁৱৰ বৰ্খাত। এখন সৰু গাঁও। কিন্তু মোৰ দেউতা আছিল দুৰদৰ্শী। মেট্ৰিক পৰীক্ষাৰ ফলাফল চায়েই দেউতাই কৈছিল- তই ডাক্তৰ পঢ়িব লাগিব। কটন কলেজত নামভৰ্তি কৰিলো বিজ্ঞান শাখাত। দেউতাৰ কঢ়া নিৰ্দেশ আছিল- তই মেছ কৰি থাকিব নোৱাৰিবি। হোষ্টেলত থাকি পঢ়িব লাগিব। কটনত দুবছৰ পঢ়ি মেডিকেল পঢ়িবলৈ ডিব্ৰুগড়লৈ গুছি গ'লো।'
অতীতৰ কথাবোৰ তেওঁ কৈ গৈছিল। মাজে মাজে চিকিৎসা সম্পৰ্কীয় কিছু কথা পতা হৈছিল। সুধিছিলো তেওঁৰ এই দীঘলীয়া যাত্ৰাৰ বিষয়ে। আজিকালি ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত প্ৰায়ে সংঘাত হয়। সেইবোৰ কিয়? আগতেও এনে হৈছিলনে?
তেওঁ কৈছিল- 'ইয়াৰ কাৰণ কেইবাটাও। আজিকালি বহু ডাক্তৰে ৰোগীৰ সন্দৰ্ভত আত্মীয়ৰ সৈতে কথা নাপাতে। ৰোগীৰ অৱস্থা আত্মীয়ক জনাই থাকিব লাগে। তেতিয়া ৰোগীৰ আত্মীয়ও আশ্বস্ত হয়। কি হৈছে একে নকৈ হঠাৎ ৰোগীৰ সন্দৰ্ভত ডাঙৰ খবৰ এটা আত্মীয়ক দিলে তেওঁলোক আচৰিত হৈ পৰে। চিকিৎসকে ভাৱিব লাগে, তেওঁলোকৰো কিছু দায়িত্ব আছে। সেই যোগাযোগখিনি ৰক্ষা কৰি চলিলে ভুল বুজাবুজিৰ সৃষ্টি নহয়।'
এয়াই তেওঁৰ অভিজ্ঞতা। ৰাজগড়ৰ তেওঁৰ ঘৰটো বহুতৰে চিনাকি। এসময়ত এই ঘৰৰ পৰাই প্ৰকাশ পাইছিল অসমৰ এখন দৈনিক কাকত। সেই কাকতখনৰ প্ৰকাশ বন্ধ হ'ল। এতিয়া গেটৰ সন্মুখত ওলমি আছে এখন ফলক।
ডা০ ৰাজেন্দ্ৰ নাথ পাঠক, এম ডি, কনচালটেন্ট ফিজিচিয়ান। ইচ্ছা কৰিলে তেওঁ কোনোবা নামী দামী ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত বহি মাহে লাখ লাখ টকা ঘটিব পাৰিলেহেঁতেন। টকা ঘটাৰ প্ৰৱণতাৰ বিপৰীতে তেওঁৰ ইচ্ছা দৰিদ্ৰ আৰু দিকভ্ৰান্ত ৰোগীত কম মূল্যৰ বিনিময়ত চিকিৎসা প্ৰদান কৰা।
আপুনি ৰোগীক যিমান কম খৰছত পাৰি, চিকিৎসাৰ বিধান দিয়াৰ চেষ্টা কৰে। এতিয়া তথ্য প্ৰযুক্তিৰ দিশত বহু আগবাঢ়ি গৈছে। এগৰাকী ৰোগীক প্ৰয়োজন নোহোৱাকৈয়ে বহু পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়ে চিকিৎসকে। এইবোৰৰ ক্ষেত্ৰত কমিছনৰ প্ৰসংগও আহে। কিন্তু আপুনি ব্যতিক্ৰম। প্ৰয়োজন নহ'লে এটাও পৰীক্ষ কৰিব নিদিয়ে। আচলতে কোনটো ৰোগীৰ বাবে গ্ৰহণযোগ্য?
প্ৰশ্ন শুনি তেওঁ কিছু সময় ভাৱিলে। ক'লে- 'প্ৰয়োজনত মই পৰীক্ষা কৰিবলৈ ৰোগীক কওঁ। কিন্তু প্ৰয়োজন নহ'লে মই পৰীক্ষা কৰিবলৈ দিয়াৰ পক্ষপাতী নহয়। আমাৰ দিনত ইএছআই নাছিলেই। তথাপিও ৰোগীক চিকিৎসকে সুচিকিৎসা প্ৰদান কৰিছিল। এতিয়া তথ্য প্ৰযুক্তিৰ পয়োভৰ ঘটিছে। ভাল চিকিৎসাৰ বাবে কেতিয়াবা সেই পৰীক্ষাৰ প্ৰয়োজন হয়। কিন্তু বহু পৰীক্ষা অবাবতে কৰিবলৈ দিলে চিকিৎসকজনৰ লাভ হয়, ৰোগীৰ নহয়।'
এইদৰে তেওঁ কৈছিল এক ব্যক্তিগত অভিজ্ঞতাৰ কথা- 'দুদিনমানৰ পূৰ্বে মোৰ চেম্বাৰলৈ এজন ৰোগী আহিল। মই চাই চিতি তেওঁক ক'লো এইকেইটা ঔষধ খালে, তেওঁ ভাল হ'ব। তেওঁ ক'লে- এক্স-ৰে এখন কৰিলে ভাল হ'ব নেকি ছাৰ? মই তেওঁক এক্স-ৰে কৰিবলৈ দিব লাগে বুলি ভৱা নাছিলো। কিন্তু তেওঁ নিজেই যেতিয়া বিচাৰিছিল, লিখি দিলো। এক্স-ৰে কৰি তেওঁ মোৰ ওচৰলৈ আহিল। একো নোলাল তাত। মই দিয়া ঔষধ কেইটাই খাই ভাল পালে।'
এয়া আপোনাৰ অভিজ্ঞতাৰ ফল নেকি? – তেওঁক সুধিলো। 'যি বুলি ভাৱা, কিন্তু এজন ভাল চিকিৎসকে ৰোগীক চায়েই বহু কথা অনুমান কৰিব পাৰে। নিজৰ অভিজ্ঞতা, নিৰীক্ষণ আৰু তথ্য প্ৰযুক্তিৰ সকলোৰে প্ৰয়োজন হয় ৰোগীক চিকিৎসা কৰোতে। কেৱল পৰীক্ষাৰ দ্বাৰাই ৰোগীক ভাল কৰিব নোৱাৰি।' -কথাবোৰ লাহে লাহে কৈ গৈছিল তেখেতে।
নাম তেওঁৰ ডা০ ৰাজেন্দ্ৰ নাথ পাঠক। ডিব্ৰুগড়ত এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰি তাতেই তেওঁ চাকৰি জীৱন আৰম্ভ কৰিছিল। সেই সময়ত মেডিচিন ডিপাৰ্টমেন্টৰ মুৰব্বী আছিল মথুৰা নাথ ভট্টাচাৰ্য। এইগৰাকী অধ্যাপকৰ পৃষ্ঠপোষকতাৰ বাবেই তেওঁ এমডি অৰ্থাৎ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। ১৯৬৬ চনত তেওঁ চিকিৎসা বিজ্ঞানত স্নাতোকত্তৰ ডিগ্ৰী লাভ কৰিলে।
তাৰ পাছত তেওঁ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজতে সহকাৰী অধ্যাপকৰূপে যোগ দিলে। ১৯৮১ চনত তেওঁ এই পদত আহি যোগ দিলেহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। গুৱাহাটীত থাকোতেই তেওঁৰ পদোন্নতি হ'ল অধ্যাপকৰূপে। তাৰ মাজতে ছমাহৰ বাবে গৈছিল শিলচৰ মেডিকেল কলেজলৈ। পুনৰ ঘূৰি আহিল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰাই তেওঁ মেডিচিন বিভাগৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
অৱসৰ গ্ৰহণ কৰি তেওঁ বহি নাথাকিল। ৰোগীক চোৱাতো তেওঁৰ বাবে এক নিচা হৈ পৰিছে। কাৰোবাৰ বাবে কিবা এটা কৰাটো তেওঁ দায়িত্ব বুলি ভাৱে। ডিব্ৰুগড়ত কাম কৰি থকা সময়ত কোনোবা সংকটজনক ৰোগীক ভৰ্তি কৰি থোৱা থাকিলে ডেকা কালত চিনেমা চাবলৈ গৈ উভতি আহোতেওঁ ৰোগীৰ খবৰ লৈহে ৰুমলৈ উভতিছিল।
সেই নিষ্ঠাৰে কাম কৰা চিকিৎসক আজি কম। নাম আৰু ধনৰ গৰাকী হোৱা বহু চিকিৎসক আছে। যি সকলতকৈ এইগৰাকী চিকিৎসক বহু ওপৰত। তেওঁ কেতিয়াও নিবিচাৰে নাম আৰু যশ। আনকি তেওঁৰ বিষয়ে কিছু কথা জানিবলৈ যাওতে তেওঁ বিনম্ৰতাৰে সেয়া প্ৰথমে প্ৰত্যাখান কৰিছিল। কৈছিল- 'কিনো লিখিবা মোৰ কথা! মই লিখিবলগা মানুহ নহয়।'
তেওঁক প্ৰত্যয় নিয়াবলৈকে আমি কৈছিলো- চিকিৎসকসকলৰ মানুহে ভগৱান বুলি ভাৱে। কিন্তু বহু চিকিৎসক আছে, যিসকলে মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিব নোখোজে। যথেষ্ট ব্যৱধান ৰাখে। সেই পৰিৱৰ্তন আপুনি অনুভৱ নকৰেনে? আপোনাৰ দৰে এজন চিকিৎসকে কিমান সৰলভাৱে আৰু নিষ্ঠাৰে এই বয়সতো মানৱ সেৱাক ধৰ্মৰূপে লৈছে, সেই কথাবোৰ লিখিলে তেনে অহংকাৰ আৰু গৰ্বত ফুলি থকা এচাম চিকিৎসকলৰ চকু মেল নাখাবনে?
'আমাৰ দিনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰোঁতে ৰোগীৰ সৈতে কৰিবলগা ব্যৱহাৰৰ সন্দৰ্ভতো শিক্ষাগুৰুসকলে যথেষ্ট শিক্ষা দিছিল। এজন চিকিৎসকৰ কাষলৈ মানুহ সহায় বিচাৰি আহে। চিকিৎসকজনৰ ব্যৱহাৰ আৰু ৰোগীৰ প্ৰতি সহাঁৰিয়ে বহু ৰোগীৰ বেমাৰ আধা ভালেই কৰি দিয়ে। এইবোৰ কথা চিকিৎসকসকলে উপলব্ধি কৰিলে ভাল।' – তেওঁ কৈছিল এইখিনি কথা।
'এজন ৰোগীক চাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰোগীক চাই থাকোতে কেতিয়াবা কৰ্তব্যৰ সময় শেষ হয়। এনেকুৱাও অভিজ্ঞতা হৈছে- বিশেষ কিছু ৰোগীৰ সৈতে কথা পতাৰ প্ৰয়োজন থাকিলেও আন ৰোগীৰ বাবে তেওঁক বেছি সময় দিব নোৱাৰো। তেনেকুৱা ৰোগীক মই মোৰ কোঠালৈ মাতি নি সবিশেষ বুজাই দিও। এই কথাবোৰে এজন ৰোগীৰ আত্মবিশ্বাস বৃদ্ধি কৰে।' -এনেদৰেই তেওঁ ৰোগীৰ প্ৰতি লয় যতন।
বয়স হ'লেও তেওঁ এই কাম কৰি গৈছে। আনকি পে়ঞ্চন ভৱনত শনিবাৰ আৰু দেওবাৰে তেওঁ যায় ৰোগী চাবলৈ। বহু ৰোগী আহে তেওঁক তাতে দেখুৱাবলৈ। সেয়াই তেওঁৰ জীৱনৰ হেনো প্ৰাপ্তি। আদহীয়া মানুহবোৰক তাতেই তেওঁ দিয়ে চিকিৎসাৰ বিধান। যোৱা কিছুদিন তেওঁ অসুস্থতাৰ বাবে তালৈ যাব পৰা নাই। ভাল পালেই পুনৰ যাব।
চিকিৎসা সেৱাৰ সমান্তৰালভাৱে তেওঁ স্থানীয় অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতেও জড়িত। নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁ সচেতন। তেওঁৰ মতে, সুস্বাস্থ্যৰ বাবে এটা অন্যতম পৰামৰ্শ হ'ল সুষম আহাৰ। যি আহাৰে দেহক ক্ষতি নকৰে তেনে আহাৰ গ্ৰহণ কৰিব লাগে। পালো বুলিয়েই যি তি খোৱাটো বেয়া। ভাল আহাৰে মানুহক নিৰোগী কৰি ৰাখে।
বয়স তেওঁৰ যথেষ্ট হৈছে। পেঞ্চন ভৱনত ৰোগী চোৱাৰ লগতে নিময়িত তেওঁৰ ঘৰলৈও আহে বহু ৰোগী। কিন্তু তেওঁ এতিয়া বয়সৰ বাবে আগৰ দৰে পুৱাই ৰোগী চোৱাৰ সলনি কিছু পলমকৈ ওপৰৰ মহলাৰ পৰা নামি আহে। তেওঁ ক'লে- 'বাৰে বাৰে ওপৰৰ পৰা উঠা নমা কৰিবলৈ মোৰ কষ্ট হয়। সেয়ে এবাৰতে নামি আহি সকলোবোৰ ৰোগী চাই মই পুনৰ ওপৰলৈ উঠি যাও।'
সাম্প্ৰতিক সময়ৰ বহু চিকিৎসকৰ বাবে এইগৰাকী চিকিৎসক আদৰ্শৰ প্ৰতীক হোৱা উচিত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গঢ় লৈ উঠিছে। যিবোৰত লিখা থাকে গৱেষণা কেন্দ্ৰ, চুপাৰস্পেচিয়েলিটী ইত্যাদি। কিন্তু সেই চিকিৎসালয়ত নাথাকে থাকিবলগা নুন্যতম সা-সুবিধা। অথচ এনেদৰে বিজ্ঞাপন দি ৰোগীক প্ৰতাড়ণা কৰে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।
তেওঁ এই কথা স্বীকাৰ কৰিলে। ক'লে- 'এনে হ'ব নালাগে। সেয়া অনুচিত।' চিকিৎসাৰ নামত একাংশ চিকিৎসকৰ ধনৰ প্ৰতি থকা লালসা আৰু অত্যাধিক ব্যৱসায়িক মনোবৃত্তিৰ বিপৰীতে এইগৰাকী চিকিৎসকৰ লক্ষ্য কেৱল মানৱ সেৱা।
কোনো দিনেই তেওঁ স্বীকৃতি বিচৰা নাই। তাৰ বাবে তেওঁ মনত অলপো আক্ষেপ নাই। কিন্তু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বহু লোকক চৰকাৰে পদ্মশ্ৰী, পদ্মভূষণ সন্মান আগবঢ়ায়। কিন্তু সেই সন্মান আৰু চৰকাৰৰ দৃষ্টিয়ে এইবোৰ লোকক ঢুকি নাপায়। তেওঁলোক কোনো ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ ব্যক্তি নহয় নতুবা দিল্লী-দিছপুৰত তৈল মৰ্দন কৰি অপব্যয় নকৰে নিজৰ সময়।
সময় পালেই তেওঁ পঢ়ে কিতাপ। চিকিৎসা বিজ্ঞানৰ কিতাপৰ লগতে তেওঁ পঢ়ে এতিয়া শাস্ত্ৰ। এতিয়া চিকিৎসকসকলে বহুজাতিক ঔষধ কোম্পানীৰ প্ৰতিনিধিৰ দ্বাৰা প্ৰভাৱাম্বিত হয়। মেডিকেল ৰিপ্ৰেজেন্টিটিভ সকলৰ ফৰমাইছ পূৰাবলৈ লিখে দামী দামী ঔষধ। তেওঁ এনে কৰে নেকি? এনে হেঁচা পাইছেনে চিকিৎসা বৃত্তিৰে জড়িত থকা এই দীৰ্ঘ সময়ছোৱাত?
তেওঁ ক'লে- তেনে কোনো ঔষধ কোম্পানী বা তেওঁলোকৰ প্ৰতিনিধি তেওঁৰ ওচৰলৈ অহা নাই। হয়তো তেওঁ কি মানুহ সেয়া এই সকলৰ কাণত পৰিছিল। সেয়েহে তেওঁক এনে অনুৰোধ কৰিবলৈ কেতিয়াও কোনেও সাহস নকৰিলে।
তেওঁ শেষত ক'লে- 'মই এঠাইৰ পৰা অহা ৰোগীৰ পৰা এটাও টকা নলওঁ। মোক আহি তেওঁলোকে পৰিচয়টো দি বেমাৰ দেখুৱায়। কেতিয়াবা কথা বতৰাৰ মাজেৰে মই গম পাও তেওঁলোক মোৰ জন্মস্থান আঠগাঁৱৰ বৰ্খাৰ পৰা আহিছে। তেনে কোনো ৰোগীৰ পৰাই মই ফীজ নলওঁ। কোনোবাই জোৰ কৰিলেও মই ঘূৰাই দিও। মই তেওঁলোকক কও, সেই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদৰ বাবেই মই চিকিৎসক হ'লো। তাতোকৈ আৰু মোক কি ফীজ লাগিছে?'
বৰ আবেগিকভাৱে তেওঁ কথা কেইটা কৈছিল। আজিও মনত ৰাখিছে জন্মস্থান আৰু তাৰ সহজ সৰল লোকসকলক। এটা টকা নোলোৱাকৈয়ে তেওঁ সেই লোকসকলক চিকিৎসাৰ বিধান দিয়ে। দৰিদ্ৰ কোনোবা আহিলে লগত থকা ঔষধসহ চিকিৎসাৰ ব্যৱস্থনা পত্ৰ লিখি দিয়ে। এয়াই তেওঁৰ ৰোগীৰ প্ৰতি আন্তৰিকতা। তেওঁৰ চকু কেইটা চলচলীয়া হৈছিল কথাবোৰ কৈ যাওতে। পুনৰ কৈছিল- 'মোৰ অজ্ঞাতে বৰ্খাৰ পৰা অহা কোনো লোকে মোক ফীজটো দি গ'লে মোৰ বৰ বেয়া লাগে। অজানিতে দুই এবাৰ তেনেকুৱা হৈছে। কিন্তু মই সেই মানুহখিনিৰ পৰা জানি শুনি কেতিয়াও ফীজ লোৱা নাই।'
এতিয়াও আছে এনে চিকিৎসক। নাম, যশস্যা সকলো নেওচি কেৱল মানৱতাৰ বাবেই আশী বছৰ গৰকাৰ পাছতো থমকি ৰোৱা নাই। ৰোগীক তেওঁ কেৱল চিকিৎসাৰ বিধান দিয়াতেই দায়িত্বৰ শেষ বুলি নাভাৱে। দি পঠিয়াই মানৱীয় প্ৰমূল্যবোধ আৰু মানৱতাৰ পাঠ।