ৰাখো জানো খবৰ ! তাৰ পিছত তেওঁলোকে কি কৰে…

ৰাখো জানো খবৰ ! তাৰ পিছত তেওঁলোকে কি কৰে…

author-image
asomiyapratidin
New Update
ৰাখো জানো খবৰ ! তাৰ পিছত তেওঁলোকে কি কৰে…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

বহু বছৰ আগতে তেওঁ মেট্ৰিকত ষ্টেণ্ড কৰিছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেতিয়াৰ কটন কলেজৰ পৰা ভৱাৰ দৰে তেওঁ ফলাফল লাভ কৰা নাছিল। শৈক্ষিক জীৱনৰ উত্থান-পতনৰ এই কথাবোৰক লৈ তেওঁ এটা লেখা লিখিছিল। সেই লেখাটো পঢ়িয়েই তেখেতৰ সৈতে কথা পাতোতে গম পাইছিলো ভাৰতৰ এখন উচ্চস্তৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ তেওঁ সু-প্ৰতিষ্ঠিত হৈছিল পৰৱৰ্তী সময়ত।

তেতিয়াই তেওঁ কৈছিল মেট্ৰিকত ষ্টেণ্ড আৰু উচ্চতৰ মাধ্যমিকত ভবাৰ দৰে ফলাফল লাভ নকৰাত তেওঁ ঘৰলৈ যাবলৈকে ভয় হৈছিল। কিয়নো বহু দিনলৈকে ওচৰ চুবুৰীয়া আৰু চিনাকি জনে তেওঁৰ সন্মুখত নহ'লেও তেওঁকলৈ কৰা কিছু মন্তব্যই তেওঁক ব্যথিত কৰি তুলিছিল।

ঘৰৰ মানুহৰ আচৰণতো তেওঁ তেনে অস্বাভাৱিকতা প্ৰত্যক্ষ কৰিছিল। গোলাঘাটৰ পৰা কটনত পঢ়িবলৈ আহি তেওঁ গুৱাহাটীৰ হাৱা লাগি গেলিলে বুলি মানুহে কোৱা-কুই কৰাৰ কথা তেওঁৰ কাণত পৰিছিল। মানসিক ভাৱে দৃঢ় হৈ থকাৰ বাবেই এইবোৰ কথালৈ তেওঁ গুৰুত্ব নিদি জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ আগবাঢ়িছিল।

মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিলেই স্থানপ্ৰাপ্তসকলক লৈ যথেষ্ট চৰ্চা হয়। এই খবৰ বোৰে পিছৰ প্ৰজন্মৰ লোকসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। বহু স্থানপ্ৰাপ্ত সময়ৰ সোঁতত হেৰাই যায় আৰু বহু স্থানপ্ৰাপ্ত উজলি উঠে।

আন এজন স্থান প্ৰাপ্তৰ কথা এয়া। ১৯৯১ চনত মেট্ৰিক পৰীক্ষাত পুৰণিগুডাম ৰাধকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছিল প্ৰাণজিত বৰাই। দেউতাকে অসমৰ ভিতৰত মেট্ৰিকত তৃতীয় স্থান লাভ কৰা প্ৰাণজিত বৰাই সেই দিনটোৰ স্মৃতি সোৱৰণ কৰি লিখিছিল- দেউতাকে ১২ মান বজাত চাইকেল মাৰি মাৰি পুত্ৰৰ ৰিজাল্ট লৈ ঘৰলৈ উভতিছিল। আঁঠুলৈকে পেণ্টটো কুছাই বৰষুণৰ বতৰত বোকা-পানী খচকি তেওঁ ফলাফল অনালৈ মাতৃ অধিৰ অপেক্ষাৰে ৰৈ আছিল ঘৰত।

তেতিয়া এতিয়াৰ দৰে মুহূৰ্ততে খবৰবোৰ পাবপৰাকৈ সামাজিক মাধ্যম, টিভি চেনেলবোৰ নাছিল। মাতৃয়ে আগফালৰ ৰাজহুৱা সেই সময়ত কাপোৰ ধুই আছিল। দেউতাকক দেখি মাকে সুধিছিল ৰিজাল্ট কি হ'ল? ইংগিতেৰে দেউতাকে তিনিটা আঙুলি মেলি দেখুৱাওতে মাকৰ হাতৰ পৰা পানীৰ বাল্টিটো খৰি পৰিছিল।

মাক আচৰিত হৈছিল ইমান পঢ়া শুনা কৰি ল'ৰাই থাৰ্ড ডিভিজনহে পালে বুলি।দেউতাকে মাকক কৈছিল পুত্ৰই অসমৰ ভিতৰত তৃতীয় স্থান পোৱাৰ কথা। এনেদৰে সেই দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰি বহু বছৰৰ পাছত ৰাজহুৱা সভাত এজন বিদ্বান ব্যক্তিয়ে ৰাজহুৱা সভাতেই কৈছিল- মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰ মুখ্য পৰীক্ষক হৈ থাকোঁতে তেওঁ ৰোল নম্বৰটো টুকি থৈছিল।

তেওঁ ইয়াকো সেইদিনা কৈছিল যে, সেই অসমীয়া বহীখনৰ গৰাকী আছিল উক্ত সভাত উপস্থিত থকা প্ৰাণজিত। অসমীয়াত তেওঁ ১০০ৰ ভিতৰত ৯৯ বা ৯৫ পোৱা নাছিল। পাইছিল ৮৫। এতিয়া বহুতে ভাবিব মাত্ৰ ৮৫ ! উচ্চতৰ মাধ্যমিকত প্ৰাণজিত বৰাই অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছিল। সেইবাৰ তেওঁ অসমীয়াত পাইছিল ৮৪।

প্ৰাণজিত বৰাক জনাসকলে এতিয়া জানে। অসমীয়া সাহিত্য জগতত বিশেষকৈ কাব্য সাহিত্যত প্ৰাণজিত বৰা সু-প্ৰতিষ্ঠিত। প্ৰতিষ্ঠিত কবি, নিবন্ধকাৰ, অনুবাদক আৰু অধ্যাপক। দায়বদ্ধতাৰে সাহিত্যৰ চৰ্চা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে প্ৰাণজিত বৰাই। তেওঁৰ চিন্তা, চেতনাত যি দায়বদ্ধতা প্ৰতিফলিত হয় আৰু সেই গৱেষণালব্ধ চৰ্চাৰ মাজেৰে অনাগত দিনত প্ৰাণজিত বৰাই অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত নিসন্দহে আৰু অধিক সমৃদ্ধশালী কৰিব।

এই মেধা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত সমাজখনক নেতৃত্ব দিবলগা হয়। বোম্বাই আই আই টিৰ ডিন হিচাপে আৰু গুৱাহাটী আই আই টিৰ প্ৰথমগৰাকী সঞ্চালক আছিল ডাঃ ধীৰেন্দ্ৰ নাথ বৰগোঁহাই। তেওঁ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে প্ৰথমস্থান লাভ কৰি উত্তীৰ্ণ হৈছিল।

টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গৌৰাংগ লাল দাসো আছিল অতি মেধাৱী। মেট্ৰিক উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে প্ৰথমস্থান লাভ কৰা গৌৰাংগ লাল দাসক লৈ অসম আজি গৌৰাম্বিত। ১৯৮৯ চনত উদয় শংকৰ মুদৈয়ে মেট্ৰিকত অসমৰ ভিতৰত দ্বিতীয় স্থান লৈ উত্তীৰ্ণ হৈছিল।

তেখেতে কটন কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত প্ৰথম হৈছিল। এতিয়া তেখেত নাছাৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী। একেধৰণে দুয়োটা পৰীক্ষাত স্থান লাভ কৰা অংকুৰ বৰুৱা কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৯৩ চনত তেওঁ মেট্ৰিকত স্থান লাভ কৰিছিল।

অংকুৰ বৰুৱা আছিল কবি ভৱেন বৰুৱাৰ পুত্ৰ। সেই সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা এনেধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনেধৰণৰ উত্থান নাছিল। স্থান লাভ কৰাসকলৰ বহুতৰেই খবৰ পৰৱৰ্তী সময়ত নাথাকে।

১৯৮৭ চনত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছিল ধ্ৰুৱজ্যোতি বৰঠাকুৰে। দ্বিতীয় স্থান লাভ কৰিছিল মুকুন্দ জ্যোতি শৰ্মাই। এতিয়া তেওঁলোক বিদেশত প্ৰতিষ্ঠিত। ২০০০ চনত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা নাইনা ভট্টাচাৰ্য ইউৰোপৰ এটা ফুটচেইন কোম্পানীৰ গ্ল'বেল চীফ ইনফ'ৰমেশ্যন অফিচাৰ।

২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথমস্থান প্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো প্ৰথমস্থান লাভ কৰিছিল। ধৃতিৰাজৰ সৈতে সাংবাদিকৰ কথা-বতৰা আৰু তেওঁৰ কথন শৈলী, চিন্তা-ভাৱনাক লৈ এক ইতিবাচক চৰ্চা হৈছে।

মেধাৱী ছাত্ৰ-গৰাকী অতি সৰল ভাৱে কৈছে তেওঁৰ ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোন নাই। কি কৰিব সেয়া ধৃতিৰাজে ইতিমধ্যে ফলাফল ওলোৱাৰ পূৰ্বেই ঠিক কৰি থৈছে। ধৃতিৰাজে আই আই এছ ই আৰছত নামভৰ্তি কৰিব। সাংবাদিকক তেওঁ এই কথা কৈ থাকোঁতেই সাংবাদিকগৰাকীয়ে গান গাবলৈ কোৱাত ধৃতিৰাজে বৰ সুন্দৰকৈ এটা গীতো গালে।

IISERs ত পঢ়িবলৈ পোৱাতো সহজ কথা নহয়। আমি হয়তো বহুতেই এই প্ৰতিষ্ঠানটোৰ নাম নাজানো বা জানিবলৈ আগ্ৰহ নকৰো। ষ্টেণ্ড বা স্থান পালেই যে তাত পঢ়িবলৈ আসন পাব তেনে নহয়। বিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ প্ৰতি উৎসৰ্গিত এই প্ৰতিষ্ঠানটো হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স এড্যুকেছন এণ্ড ৰিচাৰ্ছ। সমগ্ৰ দেশত এনেকুৱা ৭ খন প্ৰতিষ্ঠান আছে।

ধৃতিৰাজে ভৱিষ্যতৰ লক্ষ্যৰ কথা কোৱাৰ লগতে আন কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। ভৱিষ্যতে শিক্ষকতাৰ বৃত্তিৰ সৈতে জড়িত হৈ মানুহ গঢ়াৰ সপোন দেখা ধৃতিৰাজে মানুহক উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰাৰ সংকল্পৰে ভৱিষ্যতে যাতে ১০ জন মানুহে তেওঁক মনত ৰাখে তেনে কাম কৰিব খোজে।

সেই চিন্তা আৰু সংকল্পৰ মাজত দায়বদ্ধতা আছে। কিন্তু তাৰ মাজতে মেধা জোখা স্থানপ্ৰাপ্তসকলৰ বিপৰীতে স্থানপ্ৰাপ্তসকলক লৈ একাংশ শিক্ষা বেপাৰীয়ে বজাৰমুখী প্ৰৱণতাৰে যি হৈচৈ সৃষ্টি কৰে সেই হুলস্থুলৰ মাজত স্থান লাভ নকৰিলেও আন বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অতি নীৰৱে নিজৰ জীৱন গঢ়াৰ লগতে সমাজৰ বিভিন্ন দায়িত্ব লবলৈ নিজকে প্ৰস্তুত কৰে।

মেধা আৰু নম্বৰ দুটা পৃথক বিষয়। নম্বৰ কেন্দ্ৰিক মেধাৰ বিপৰীতে ধৃতিৰাজৰ দৰে দায়বদ্ধতাৰে নিজক সাজু কৰিব পৰা তৰুণ প্ৰজন্ম এতিয়া আমাৰ প্ৰয়োজন। তেনে বহু ছাত্ৰ-ছাত্ৰী আছে, যি সকলে স্থান লাভ নকৰিলেও তেওঁলোকৰ প্ৰতিভাৰে পৰৱৰ্তী সময়ত উজলি উঠে।

প্ৰথম, দ্বিতীয়, তৃতীয় বা উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীসকলো আমাৰ বাবে মানৱ সম্পদ। স্থান প্ৰাপ্তসকলক লৈ উৎসাহিত হওক কিন্তু অত্যুৎসাহী হৈ আনসকলক অৱজ্ঞা কৰা নহওক। সময় এই যাত্ৰা পথৰ সংগী। পৰিশ্ৰম, চেষ্টা আৰু অধ্যাৱসায়ে জীৱনটোক গঢ়িব পাৰি।

উচ্চতৰ মাধ্যমিক বা মেট্ৰিকৰ নম্বৰৰ ভিত্তিত কেৰিয়াৰ গঢ়িব নোৱাৰি। এয়া এক আধাৰ হে। মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ পৰীক্ষাৰ ফলাফলৰ লগতে নৈতিকতাৰে, দায়বদ্ধতাৰে সমাজৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আন এক শিক্ষাৰ প্ৰয়োজন। সেই শিক্ষাৰ বাবে নহয় কোনো পৰীক্ষা।