/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/Bekhekh-Lekha-New-2.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যত জটিল বান পৰিস্থিতি। বিৰোধী আসনত থকা কংগ্ৰেছে বানাক্ৰান্তক সহায় সহযোগ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগা আছে। ইয়াৰ সলনি দলটো ব্যস্ত নিজৰ মাজৰ খাম খেয়ালীত।
দল বিৰোধী কাম কাজত জড়িত থকাৰ অভিযোগত একালৰ দুটকীয়া মন্ত্ৰীৰূপে খ্যাত নিলমণি সেন ডেকাক দলৰ পৰা বৰ্খাস্ত কৰা হ'ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলৰ পৰা বৰ্খাস্ত কৰা হ'ল একালৰ ক্ষমতাশালী মন্ত্ৰী গৰাকীক।
যদুকূল ধ্বংস হোৱাৰ দৰে এতিয়া কংগ্ৰেছৰ অৱস্থা। আনে একো কৰিবলগা হোৱাই নাই। নিজৰ মাজতে লাগিছে নিজৰ মাজতে ভাগিছে। কথাৰ কোনো লাগ বান নথকা নিলমণি সেন ডেকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিক মানসিক ৰোগী আখ্যা দিছে।তেওঁ মুখ খুলিলে ধুমুহাৰ সৃষ্টি হ'ব বুলি হুংকাৰ কৰিছে।
অনুৰূপ ধৰণে ভূপেন বৰাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো কংগ্ৰেছৰ বেয়া দিন চলিছে। গুজৰাটত বিধানসভা নিৰ্বাচন সন্মুখত থকা অৱস্থাত দল এৰিলে শক্তিশালী নেতা হাৰ্ডিক পেটেলে।
কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰ প্ৰতি প্ৰচণ্ড ক্ষোভ উজাৰি পেটেলে পদত্যাগ পত্ৰত লিখিলে দলটোৰ নেতা সকলে কোনো কথা শুনিবই নুখুজে। কিবা এটা ক'ব খুজিলে হাতত মোবাইল লৈ অন্যমনস্ক হৈ থাকে। শেহতীয়া প্ৰায় প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ বিধ্বস্ত হৈছে।
বিকল্প ৰূপত দলটোৱে কোনো ক্ষেত্ৰতেই তুলি ধৰিব পৰা নাই। অসমতো সমস্যাৰে জৰ্জৰ এখন ৰাজ্য হিচাপে কংগ্ৰেছৰ যি ভূমিকা সেয়া লক্ষণীয় হৈ পৰা নাই। নিয়মমাফিক প্ৰতিবাদ, ধৰ্ণা আদিতেই প্ৰতিবাদী কাৰ্যসূচী শেষ হৈছে।
ৰাজ্যত অভাৱনীয় বান পৰিস্থিতৰ পাছতো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰাজ্যবাসীৰ প্ৰতি সমবেদনা সূচক এটা বাক্য কবলৈও সংকোচ কৰিছে। অসমৰ সমস্যাক লৈ অথচ অৰবিন্দ কেজৰিবালেই মাত মাতিছে।
হাফলং চহৰত যি ভয়াৱহ পৰিস্থিতি সেয়া দেশেই উদ্বিগ্ন হ'ব লাগে।অথচ সেই খবৰ ৰাহুল গান্ধী বা ছোনিয়া গান্ধীয়ে হয়তো পোৱাই নাই। বানত ককবকাই থকা লোক সকলক সহায় লাগে।কিমান হাজাৰ কোটি টকা ক্ষতি হৈছে সেয়া এতিয়াও ঠাৱৰ কৰা হোৱা নাই।
বানক্ৰান্ত ৰাজ্যখনলৈ এতিয়াও সু-দৃষ্টি পৰা নাই দিল্লীৰ। ৰাজ্য চৰকাৰে ৪-৫ লাখ মানুহ বানত আক্ৰান্ত হৈছে বুলি ক'লেও সেই হিচাপ ৯-১০ লাখৰ বেছি হ'ব।বিৰোধীৰ আসনত থকাৰ হিচাপে এই সময়ত কংগ্ৰেছৰ দায়িত্ব অধিক আছিল।সেই দায়িত্ব পালন কৰাৰ সলনি নিজ দলৰ নেতাক গৰু-গাধৰ লগত তুলনা কৰি গালি পৰাতে তেওঁলোকে দায়িত্ব শেষ কৰিছে।
বিপদৰ সময়ত এষাৰ মাত মাতিবলৈ তেওঁলোকৰ আজৰি নাই। নিৰ্বাচনৰ বতৰত ভোট ভিক্ষা কৰিবলৈ অহা নেতা সকলে বানপানী সমস্যা নিয়ন্ত্ৰণৰ কথা কয়।এক প্ৰকাৰৰ অস্তিত্বহীন হৈ পৰিছে ৰাজ্যত বিৰোধী পক্ষ।
বিৰোধী শূণ্য ৰাজ্যত শাসকীয় দলে যি কয় তাকেই কৰি গৈছে। মূল্যবৃ্দ্ধি, নিবনুৱা আদি সমস্যা সমাধান হয়তো কোনো দিনেই নহ'ব। শাসক দলে ক্ষমতালৈ অহাৰ পাছত সকলোবোৰ পাহৰে।
এনেকৈয়ে ৰাজ্য চলিছে।হয়তো চলি থাকিব।কোনে কি কৰিছে সেয়া চাবলৈ বিৰোধীও এতিয়া একপ্ৰকাৰ নাই। সামগ্ৰীক ভাৱে কংগ্ৰেছত যেন শনি লম্ভিছে। ইজনৰ পাছত সিজনে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কৰি দল এৰি গৈছে।
নিজ দলৰ নেতাৰ মাজতে যেতিয়া এনে আস্থাহীন পৰিৱেশ তেনে সাধাৰণ মানুহৰ বাবে এই আস্থাহীনতা আৰু অধিক হ'ব। ক্ষমতাত কেইটামান বছৰ নাথাকোতেই কেনেকৈ দল এটা নিশেষ হৈ যোৱাৰ পথত আগবাঢ়িছে তাৰ প্ৰমান আৰু উদাহৰণ যেন কংগ্ৰেছ।
শাসকীয় দলৰ দৰে পূৰ্বতে বিৰোধী পক্ষৰ নেতাইও ভূমিকা পালন কৰিছিল। বিধানসভাৰ ভিতৰে বাহিৰে শাসকীয় মন্ত্ৰী বিধায়কক ব্যতি ব্যস্ত কৰি ৰাখে। এতিয়া সেই ৰামো নাই অযোধ্যাও নাই।
আৰু পঢ়ক: কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…