/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ee6e5cca-da4d-4524-9a58-eb3dab3a1472/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
special writing
মৃদুল কুমাৰ সন্দিকৈ
সমস্যা যেনেকৈ আছে, সম্ভাৱনা আৰু সমাধানো তেনেকৈ থাকে। কোনোবাই ওলাই গৈ আমাৰ সমস্যা, সম্ভাৱনাবোৰৰ কথা কাৰোবাক ক'ব লাগিব। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অতি নিৰ্বাচিত আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত আলোকপাত কৰাৰ এক অৱকাশ আছিল দ্যা কনক্লেভ-২০২২।
সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ এক সপোন আছিল। উত্তৰ পূৰ্বাঞ্চলৰ মৌলিক সমস্যাবোৰৰ লগতে ইয়াৰ প্ৰাচুৰ্য আৰু সম্ভাৱনাবোৰৰ বাট মুকলি কৰিবলৈ তেনে এক প্ৰয়াস হাতত লোৱাৰ। তাৰেই বাস্তৱৰ ৰূপ আছিল এই কনক্লেভ।
বিতৰ্কৰ বাবে এই কনক্লেভ নাছিল। সমস্যা সমাধানৰ পথ বিচাৰি এখন মঞ্চত উপযুক্ত আৰু বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰাই প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা কনক্লেভৰ আৰম্ভণি হৈছিল ১৫ অক্টোবৰ ২০২২ত।
নতুন দিল্লীৰ মানেকেশ্ব কেন্দ্ৰত আয়োজন কৰা এই কনক্লেভৰ শুভাৰম্ভ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জয়ন্ত বৰুৱাৰ এই উদ্যোগক, সাদিন-প্ৰতিদিন গোষ্ঠীৰ এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰি ক'লে - ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উত্তৰ পূৰ্বাঞ্চললৈ গৈ এনে কনক্লেভ বা আলোচনা আয়োজন কৰাৰ উদাহৰণ আছে।
প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কোনো সংবাদ গোষ্ঠীয়ে দিল্লীলৈ আহি উত্তৰ পূৱৰ সমস্যাৰাজিক উপস্থাপন আৰু ইয়াৰ সমাধানৰ বাবে এই পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনালে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিগৰাকী কৰ্মীক।
আদৰণি ভাষণত এই কনক্লেভ আয়োজনৰ আঁৰৰ কথা কৈছিল জয়ন্ত বৰুৱাই। অনুষ্ঠানটোত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অটল বিহাৰী বাজপেয়ীয়ে যে প্ৰকৃত সন্মান জনাইছিল সেই কথা দোহাৰিলে।
প্ৰধানমন্ত্ৰী মোদীয়ে এই অঞ্চলটিৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰতি প্ৰাধান্য দিছে। সিঙৰ ভাষণত উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপন, যোগাযোগ ব্যৱস্থাৰ উন্নত আদি বিকাশৰ এক খতিয়ান দাঙি ধৰিলে।
এই কনক্লেভৰ প্ৰথম দিনটোত প্ৰথমখন আলোচনা সত্ৰৰ বিষয় আছিল জাতীয়তাবাদ বনাম ৰাষ্ট্ৰতাবাদ। আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই এই আলোচনাত অংশ লৈছিল।
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই আঁতধৰা আলোচনাত ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ প্ৰাসংগিকতাক লৈ বক্তাসকলে নিজস্ব দৃষ্টি ভংগী দাঙি ধৰে। অসমক কেন্দ্ৰই প্ৰৱঞ্চনা কৰা তথ্য দাঙি ধৰি সমুজ্বল ভট্টাচাৰ্যই প্ৰশ্ন কৰে - বানপানীৰ সময়ত কেন্দ্ৰই অসমক কিমান টকাৰ পেকেজ দিলে।
কনক্লেভৰ প্ৰথমদিনা দ্বিতীয় আলোচনা সত্ৰৰ বিষয় আছিল অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ প্ৰতিবন্ধকতা। ৰাজ্যৰ চাহ উদ্যোগৰ সম্ভাৱনীয়তা আৰু ইয়াৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত এই আলোচনাত বক্তব্য প্ৰদান কৰে অসম চাহ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা, এ.ই.আৰ.চিৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ, আটছাৰ নেতা ধীৰাজ গোৱালাই।
আলোচনাত অংশ লৈ কুমাৰ সঞ্জয় কৃষ্ণই কয় যে অসমৰ চাহ উদ্যোগে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ভিতৰত ভাৰতীয় চাহ ৰপ্তানিকৰ্তাসকলে চাহৰ মানৰ সন্দৰ্ভত সচেতন নহয়। চাহ উৎপাদনশীলতা, মান, ব্ৰেণ্ড সৃষ্টিৰ ৰপ্তানি সঠিক পৰিকল্পনা, যান্ত্ৰিকৰণ, বজাৰ এইবোৰ ওপৰত নিৰ্ভৰশীল চাহ উদ্যোগৰ ভৱিষ্যৎ। অনুষ্ঠানটিৰ আঁত ধৰিছিল বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে।
প্ৰথমদিনাৰ আলোচনাৰ তৃতীয় সত্ৰৰ বিষয় আছিল বহনক্ষম পৰ্যটন আৰু উত্তৰ পূব ভাৰত। পৰ্যটন উদ্যোগী জাহ্নবী ফুকন, ডিপ্ল'মেটিক ট্ৰেভেল পইন্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা এ.ডি.টি.অ'.আইৰ সভাপতি পি পি খান্নাই অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈছিল।
প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদিকা স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা এই আলোচনাৰ মূল কথাবোৰৰ ভিতৰত পৰ্যটন ক্ষেত্ৰই কৰা ভুলবোৰ অধ্যয়ন কৰি সেই ভুলৰ পৰা শিক্ষা লোৱা, অসমৰ হাড়গিলাৰো পৰ্যটনৰ সম্ভাৱনা হ'ব পৰা উপযুক্ত প্ৰচাৰৰ পোষকতা কৰে সমল ব্যক্তি সকলে।
বহনক্ষম পৰ্যটন আজিৰ তাৰিখত সকলোৱে বিচাৰে। এই পৰ্যটন উদ্যোগৰ বাবে আন্ত:গাঁথনিৰ প্ৰয়োজন হয়। কৰ্মশক্তি বিকাশ, ঐতিহ্য প্ৰকৃতি সংৰক্ষণ পৰ্যটনৰ বাবে অতি গুৰুত্বপূৰ্ণ। কনক্লেভৰ প্ৰথমদিনা এই আলোচনাই উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ নতুন বিকাশৰ পথ মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
চতুৰ্থ আলোচনা সত্ৰত শক্তি সংৰক্ষণ বনাম বন ধ্বংস আৰু উদ্যোগীকৰণক লৈ বস্তুনিষ্ঠ আলোচনা কৰে আই.আই.টি গুৱাহাটীৰ অধ্যাপক ড০ অৰূপ শৰ্মা, ভূ বিজ্ঞানী ভগৱৎ প্ৰাণ দুৱৰা, ষ্টাৰ চিমেন্টৰ প্ৰতিনিধি প্ৰদীপ পুৰোহিত আৰু ডাউন টু আৰ্থৰ পৰিচালন সম্পাদক ৰিচাৰ্থ মহাপাট্টাই।
নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই আঁত ধৰিছিল এই অনুষ্ঠানটো। মানুহে প্ৰকৃতি বিৰোধী কাম-কাজ কৰি থকাৰ বাবেই প্ৰকৃতিয়ে নিজস্ব ধৰণে প্ৰতিশোধ লয়। এই মন্তব্য আছিল বিশিষ্ট ভূ বিজ্ঞানী ভগৱৎ প্ৰাণ দুৱৰাৰ।
পঞ্চমখন আলোচনা সত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ, বাণিজ্য ক্ষেত্ৰত বিকল্পৰ পৰিবহণৰ মাধ্যমৰূপে ব্ৰহ্মপুত্ৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়টোক লৈ আলোকপাত কৰে। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়নপ্ৰতীম কুমাৰে আঁতধৰা অনুষ্ঠানত দেশৰ প্ৰায় ২৩খন নদীত এক বৃহৎ প্ৰকল্পৰ হাতত লোৱাৰ কথা দোহাৰে।
গুৱাহাটীৰ পাণ্ডুত নিৰ্মাণ কৰা হৈছে জাহাজ মেৰামতি কাৰখানা। পাণ্ডুৰ জাহাজ মেৰামতিৰ এই ব্যৱস্থাই যথেষ্ট সহায়ক হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত চলা জাহাজৰ বাবে। অসমৰ মূল নদী ব্ৰহ্মপুত্ৰৰ উপৰিও ইয়াৰ উপ নৈ সমূহৰ জলপথক উদ্যোগ, বাণিজ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আৰু আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে।
জলপথ আটাইতকৈ কম খৰচী যোগাযোগ ব্যৱস্থা। ইয়াৰ সুযোগ উদ্যোগ সমূহে গ্ৰহণ কৰিলে নি:সন্দেহে লাভাম্বিত হ'ব। প্ৰথম দিনাৰ দ্যা কনক্লেভ ২০২২ৰ ৫ খন আলোচনা সত্ৰৰ অন্ত পৰাৰ পাছত ১৬ অক্টোবৰ ২০২২ত দ্বিতীয় দিনাৰ আলোচনাৰ প্ৰথম সত্ৰৰ আৰম্ভ হয় কিদৰে বৰ্ণ বৈষম্য আৰু এই সমস্যাৰ বিৰুদ্ধে মোকাবিলা কৰিব তাক লৈ।
দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী বৰ্ণ বৈষম্যৰ বলি হয়। আলোচনাত অংশ লয় দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবুয়ে। সুনিত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কয় আয়ুক্তগৰাকীয়ে। তেওঁ কয় - উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন ধাৰণ শৈলী, ভাষা ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে পৃথক। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি অন্যান্য কৰ্মত নিয়োজিত হোৱা লোকসকলক বহিঃৰাজ্যলৈ যোৱাৰ পূৰ্বে দক্ষতাৰ কিছু প্ৰশিক্ষণ দিয়া হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক পৰ্যবেক্ষণত নৰখাত সেই দক্ষতাৰ প্ৰশিক্ষণৰ উদ্দেশ্য ব্যৰ্থ হয়।
তেওঁ বহিঃৰাজ্যত উত্তৰ পূৰ্বাঞ্চলীয় লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিবলৈ গৈ কয় যে, অসংগঠিত কাৰ্যপন্থা, পৰ্যবেক্ষণ ব্যৱস্থা, মূল সুঁতিৰ ভাৰতৰ সামাজিক ব্যৱস্থাৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল এতিয়াও অভ্যস্ত হ'বলৈ পৰা নাই। এই সমস্যা সমূহৰ পৰা মুক্ত হ'বলৈ শিক্ষাৰ্থী তথা অন্যান্য লোকসকলে সেই সেই ৰাজ্যত থকা নিজ ৰাজ্যৰ সংস্থা, সংগঠনৰ সৈতে যোগাযোগ ৰাখিব পাৰে বুলিও মন্তব্য কৰে।
তেওঁ ৩০ বছৰে আৰক্ষীত থাকি অৰ্জন কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে, বহু সময়ত নিজেও বৰ্ণ বৈষম্যকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। তেওঁ দেশৰ অন্য প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ ক্ষেত্ৰত কোনোবাখিনিত নিজৰো ভুল আছেনেকি বুলি মন্তব্য কৰি কয়, আমি দেশৰ অন্য প্ৰান্তৰ চহৰৰ সৈতে, সেই চহৰৰ পৰিৱেশ আৰু সমাজ ব্যৱস্থাৰ সৈতে মিলিব নোৱাৰো নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক য'তেই থাকে সেই অঞ্চলৰে ভাষা, সংস্কৃতি, জীৱন শৈলী আয়ত্ব কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে সেই অঞ্চলৰ লোকসকলকো উত্তৰ পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি আৰু জীৱন শৈলীৰ ধাৰণা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। প্ৰয়োজনত তেওঁ উত্তৰ পূৰ্বৰ লোকক আন ৰাজ্যৰ সংস্কৃতিৰ লগত বিলীন হৈ যাবলৈ দিয়াৰ লগতে সময়ে সময়ে সেই সেই ৰাজ্যৰ লোকক বিহুকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ সৈতে জড়িত কৰি ল'বলৈও পৰামৰ্শ আগবঢ়ায়।
আনহাতে বহিঃৰাজ্যত থকা অসম ভৱন, অৰুণাচল ভৱন আদিৰ দৰে ভৱন বোৰেও উ্তৰ পূবৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি কয়, এই ভৱন বোৰ উত্তৰ পূৱৰ লোকসকলক সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু থাকিব লাগে। বিশেষকৈ স্বাস্থ্য জনিত কাৰণত বহিঃৰাজ্যলৈ যোৱা লোকক ৰক্ত দান, স্বাস্থ্য মিত্ৰ আদিৰ ব্যৱস্থা কৰি দিয়াত আগভাগ ল'ব লাগে।
আলোচনাৰ শেষত তেওঁ বৰ্ণ বৈষম্যৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে পৰামৰ্শ আগবঢ়ায় কয় যে,- সকলো মানুহেই মানুহক ভাল পাই, তাৰ মাজতেই থাকে এনে একাংশ লোক থাকে যিয়ে বৰ্ণ বাদৰ পৃষ্ঠপোষকতা কৰে। ইয়াৰ অন্তৰালত সেই লোকসকলৰ শিক্ষাৰ আৰু সজাগতাৰ অভাৱ। সেয়ে তেনে লোকৰ কথাক গুৰুত্ব নিদিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত আইনৰ সহায় ল'বলৈও আহ্বান জনাই।
দ্বিতীয় দিনাৰ দ্বিতীয় সত্ৰত ড্ৰাগছ, সন্ত্ৰাসবাদ, ভূ ৰাজনীতি আৰু উত্তৰ পূৱ শিক্ষক আলোচনাত উপস্থিত থাকে লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা। ষ্টান্ট কামাণ্ডৰ জি অ চি গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা ড্ৰাগছ, সন্ত্ৰাসবাদ আদিক বিষয়ৰ ওপৰত মতামত দাঙি ধৰে।
ইয়াৰ উপৰিও অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং, নিৰাপত্তা বিশেষজ্ঞ সুবিমল ভট্টাচাৰ্য, বিশিষ্ট লেখক সঞ্জয় হাজৰিকাই এই আলোচনাত অংশ লয়। ৰাণা প্ৰতাপ কলিতাই কয় - উত্তৰ পূৰ্বাঞ্চলে দেশলৈ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ এই অঞ্চলটোৰ সুৰক্ষাৰ দিশটোৰ কথা উল্লেখ কৰি কয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে শিলিগুৰি কৰিডৰে এক বৃহৎ ভূমিকা পালন কৰে।
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰসংগ উত্থাপন কৰি কয়, ভাৰত-বাংলাদেশ সীমান্ত অস্থিৰ। ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহকে ধৰি অবৈধ সামগ্ৰীৰ সৰবৰাহে উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰভাৱ পেলাই আহিছে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা বৰ্তমান স্থিৰতালৈ আহিছে। যদি আমি ইয়াক স্থিৰতা কৰি ৰাখিব নোৱাৰো তেন্তে এয়া আমাৰেই বিফলতা হ'ব। অঞ্চলটোৰ জনগাঁথনিয়েও ইয়াত প্ৰভাৱ বিস্তাৰ কৰে।
আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় য, অসমৰ বিদ্ৰোহী সমস্যা অতীত হ'ল। অসমৰ বাবে এতিয়া অপেক্ষা কৰি আছে সোণালী ভৱিষ্যতে। তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰজি দেশৰ আন ৰাজ্যৰ সৈতে একেই। আমি এই সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব।
তেওঁ কয়,উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সাধাৰণতে বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আশাবাদী। সেয়েহে আমি সমস্যাসমূহ সমাধানৰ বাবে কাম কৰিব লাগে। আমি যোগাত্মক দিশবোৰৰ বিষয়ে অধিক কথা পাতিব লাগে। অসম আৰক্ষীৰ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ।
ইফালে বিশিষ্ট লেখক সঞ্জয় হাজৰিকাই কয়, যোগাযোগ ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহু গুৰুত্বপূৰ্ণ। আমাক শান্তিৰ বাবে অধিক বুজাবুজিৰ প্ৰয়োজন। তেওঁ ক্ৰীড়া আৰু সংগীতৰ জৰিয়তে দেশক অধিক ঐক্যবদ্ধ কৰিব পাৰে। সেয়েহে উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া আৰু সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে।
আনহাতে এই অঞ্চলটোৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত ভৌগলিক তথা জলবায়ু পৰিৱৰ্তনে বৃহৎ ভাবুকি কঢ়িয়াই আনিব বুলিও মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত ইয়াৰ নদীসমূহৰ গভীৰতা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি কয় যে, নদী উন্নয়নৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীৰ প্ৰয়োজন।
আনহাতে চাইবাৰ একক্সপাৰ্ট সুবিমল ভট্টাচাৰ্যই উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক অধিক সুযোগ দিয়াৰ পোষকতা কৰে। আলোচনাত অঞ্চলটোৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে অভিভাৱকৰ ভূমিকাৰ প্ৰসংগৰ বিষয়ে উত্থাপন হোৱাৰ লগতে সমাজত শিক্ষিত যুৱ প্ৰজন্মৰ নেতৃত্বৰো পোষকতা কৰা হয়।
'দ্যা কনক্লেভ-২০২২'ৰ দ্বিতীয় দিনটোৰ তৃতীয়খন আলোচনাৰ বিষয় আছিল 'মহিলাৰ স্বাস্থ্য়, পুষ্টিহীনতা আৰু অসমৰ স্বাস্থ্য সেৱা'। এই আলোচনাত অংশগ্ৰহণ কৰে সমাজ কৰ্মী মনিষা বেহেল, ইউনিচেফৰ ৰাজ্যিক মূৰব্বী ড০ মধুলিকা জনাথন আৰু প্ৰতীক্ষা হাস্পতালৰ সঞ্চালক ডাঃ প্ৰমোদ শৰ্মাই।
নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই আঁত ধৰা অনুষ্ঠানটোত মধুলিকা জনাথনে কয় যে, কিশোৰীৰ স্বাস্থ্য সেৱাৰ ওপত বিনিয়োগ কৰাটো প্ৰয়োজন। এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছত স্বাস্থ্যৰ ওপৰত অগ্ৰাধিকাৰ পৰিৱৰ্তে কিশোৰী অৱস্থাতে স্বাস্থ্যৰ প্ৰতি সচেতন হৈ স্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজন।
তেওঁ লগতে কয় - মাতৃৰ স্বাস্থ্য মহিলাৰ অধিকাৰ। এগৰাকী মহিলা সন্তান জন্ম দিবলৈ স্বাস্থ্যৱান হ'ব লাগিব। মাতৃৰ স্বাস্থ্য বহুমাত্ৰিক। যদি আইনে নিৰ্ধাৰণ কৰি দিয়া বয়সৰ পূৰ্বেই ছোৱালী এজনীৰ বিয়া হ'লেও শৰীৰ গৰ্ভধাৰণৰ বাবে সাজু নহয়। এনে অৱস্থাত মাতৃত্ব অৰ্জন কৰিলে মাতৃ আৰু কেঁচুৱা দুয়োকে প্ৰভাৱিত কৰে। লিংগ বৈষম্যৰ বাবেও এনে হয়।
ইফালে উন্নত স্বাস্থ্য আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ মনিষা বেহালে কয়, "আমাক উন্নত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱশ্যক। আমাক অধিক মানৱ সম্পদৰ প্ৰয়োজন। উন্নত স্বাস্থ্যৰ বাবে ভেষজ ঔষধৰ লাভালাভৰ ওপৰত শিক্ষা প্ৰদান কৰাটোৰ প্ৰয়োজনিয়তা আছে।"
চতুৰ্থ আলোচনাৰ সত্ৰত 'ক্ৰীড়া আন্তঃগাঁথনি আৰু উত্তৰ পূবৰ সম্ভাৱনীয়তা' বিষয়ক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই মনোজ্ঞ আলোচনাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁতধৰা আলোচনা চক্ৰত অসমীয়া প্ৰতিদিনৰ ক্ৰীড়া সম্পাদক বিদ্যুৎ কলিতাই কয় - উত্তৰ পূৰ্বাঞ্চলবাসীয়ে পূৰ্বে ক্ৰিকেটক আদৰি লোৱা নাছিল। ক্ৰিকেটৰ পৰিৱৰ্তে ফুটবলকহে এই অঞ্চলৰ লোকে অগ্ৰাধিকাৰ দিছিল।
’উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ক্ৰীড়াত উত্তেজনা ভাল পায়, সেয়ে ক্ৰিকেটতকৈ ফুটবলক অধিক ভাল পায়। তেওঁৰ মতে ক্ৰিটেৰ জনপ্ৰিয়তাই ভৱিষ্যতলেও উত্তৰ পূৰ্বাঞ্চলত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব নোৱাৰে।
আনহাতে ভাৰতীয় ক্ৰীড়া জগতত আধিপত্য বিস্তাৰ কৰা মণিপুৰত খেলৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ প্ৰসংগত মণিপুৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ উপ সঞ্চালক লাইশ্বাং অনিতা চানুৱে কয় - মণিপুৰবাসী দেৱতাৰ বংশধৰ, ক্ৰীড়াৰ প্ৰতিভাও আমি দেৱতাৰ আশীৰ্বাদ ৰূপেই পোৱা। ৰাজ্যখনৰ পৰা বহু কেইগৰাকী ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলোৱাৰ লগতে অলিম্পিক পদক বিজয়ী কেইবাগৰাকী খেলুৱৈ দেশে লাভ কৰিছে।
ৰাজ্যখনত খেলৰ এনে এক পৰিৱেশ আৰু খেলুৱৈৰ প্ৰসংগত তেওঁ কয়, মণিপুৰৰ খেলুৱৈয়ে ধনৰ বাবে নেখেলে। তেওঁলোকে ৰাষ্ট্ৰৰ বাবেহে খেলে। উন্নত আন্তঃগাঁথনি নাই বুলি খেলৰ পৰা পিছুৱাই নাহে।
আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব প্ৰান্তৰ গুৱাহাটী কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক সতীশ কে ছাৰহাদিয়ে ক্ৰীড়া আন্তঃগাঁথনিৰ প্ৰসংগত কয় যে, ক্ৰীড়া বিজ্ঞান উন্নত হৈছে। ইয়াৰ সুবিধা খেলুৱৈসকলক প্ৰদান কৰা হৈছে।
ইফালে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা কমনৱেলথ গোল্ড মেডেলিষ্ট নয়নমণি শইকীয়াই প্ৰথমে নিজৰ ক্ৰীড়া জীৱনৰ আৰম্ভণিৰ পৰা কমনৱেলথ গোল্ড মেডেল জয় কৰাৰ লৈকে গোটেই যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰে। খেলুৱৈৰ সম্বৰ্ধনা আৰু সংস্থাপনৰ পিছত খেলিবলৈ এৰাৰ প্ৰসংগত নিজৰ অভিমত ব্যক্ত কৰি কয় যে, তেওঁ দেশৰ বাবে আৰু অধিক পদক কঢ়িয়াই আনিব বিচাৰে।
এই প্ৰসংগত লাইশ্বাং অনিতা চানুৱে কয় যে, তেওঁ ২০০০ চনৰ পৰাই বৰ্তমানলৈকে খেলৰ লগত জড়িত হৈ আছে। তেওঁ নিজৰ জীৱন ক্ৰীড়াৰ খেলতেই মগ্ন থকাৰ কথা উল্লেখ কৰে। তেওঁ আলোচনাৰ মাজতে ছাইৰ কাৰ্যবাহী সঞ্চালকগৰাকীক চেলেঞ্জ কৰি কয় যে, খেলুৱৈসকলক পাটিয়ালাৰ পৰিৱৰ্তে মণিপুৰলৈ ট্ৰেইনিংৰ বাবে পঠিয়াওক খেলুৱৈ।
তেওঁ কয় পাটিয়ালাৰ দৰে উন্নত আন্তঃগাঁথনি নাথাকিলেও মণিপুৰে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিব পাৰিব। তেওঁ এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যভ্যাস, পৰিৱেশৰ কথা উল্লেখ কৰে।
তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ খাদ্যভ্যাস ভাল। ইয়াৰ পৰিৱেশ ভাল। তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশিক্ষণ আৰু ডায়েট যোগান ধৰিলে অধিক স্বৰ্ণ পদক বিজয়ী দেশে লাভ কৰিব।
'দ্যা কনক্লেভ ২০২২' ৰ দ্বিতীয় দিনটোৰ পঞ্চম তথা অন্তিমখন আলোচনা চক্ৰ আছিল - 'বিনিয়োগ, সংস্থাপন আৰু অসমৰ ৪ লাখ কোটিৰ অৰ্থনীতি'। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰসিং চাওয়ান, চাপিনেট ৱেলথৰ এডভাইজাৰ পল্লৱ বাগাৰিয়া, ডালমিয়া চিমেণ্টৰ পৰিচালন সঞ্চালক তথা চি ই অ' মহেন্দ্ৰ সিংঘী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য সচিব সমীৰ সিনহা।
আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিৰ সঠিক ব্যৱহাৰ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত মহেন্দ্ৰ সিংঘীয়ে কয় - বিগত কিছু বছৰত উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগকাৰী সকলে বিশেষকৈ অসমত বাধাৰ পৰিৱৰ্তে বিনিয়োগৰ সুযোগহে লাভ কৰিছে। যাৰ জৰিয়তে অসম লাহে লাহে ৬ লাখ কোটি অৰ্থনীতিৰ দিশে আগবাঢ়িছে।
তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমে লুক ইষ্ট পলিচি আৰু পৰৱৰ্তী সময়ত লুক নৰ্থ ইষ্ট পলিচিৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
ইয়াৰ উপৰিও তেওঁ কয়, ডালমিয়া চিমেণ্টে অতি শীঘ্ৰেই ২০০০ কোটি টকা ব্যয়ৰে অসমৰ লংকা আৰু উমৰাংছুত নতুনকৈ দুটা চিমেণ্ট প্লাণ্ট স্থান কৰিব বুলিও ঘোষণা কৰে। এই চিমেণ্ট প্লান্ট নিৰ্মাণ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে জৈৱ ইন্ধন আৰু স্থানীয় লোকৰ সংস্থাপনৰ দিশত অধিক মনোনিৱেশ কৰিব।
শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰচিং চাওৰিয়ানে উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰখনত বিনিয়োগ আৰু ক্ৰীড়া ক্ষেত্ৰত সংস্থাপনৰ বাট মুকলিৰ বাবে সঠিক পৰিৱেশ গঢ় দিব পাৰিছোনে নাই সেই সন্দৰ্ভত আলোকপাত কৰে।
তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰত লাহে লাহে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে এই অঞ্চলত বৃদ্ধি পাইছে ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ।
মুখ্যমন্ত্ৰীৰ মুখ্য সচিব সমীৰ সিনহাই আলোচনাৰ মাজত তেওঁৰ ভাষণত কয় যে, অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰ আগবাঢ়িছিল যদিও সেই লক্ষ্য কিছু পৰিমাণে তল পৰি ৰৈছে। আনহাতে অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে।
তেওঁ কয়, উন্নত জি এছ ডি পিৰ বাবে অৰ্থনীতিকৃত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে বিনিয়োগৰ প্ৰয়োজন আছে। এই প্ৰসংগতে তেওঁ ভাৰতৰ মুঠ জি ডি পিত অসমে মাত্ৰ ১.৫ শতাংশ হে অৱদান আগবঢ়াই বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ কাৰণ স্বৰূপে তেওঁ জনগাঁঠনিৰ দিশটোক উনুকিয়াই।
অন্যহাতে তেওঁ অসমত বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰী পুঁজি বা ইয়াৰ বিতৰণ মূল সমস্যা নহয়। বৰঞ্চ মূল সমস্যা হৈছে বিনিয়োগ কৰা আঁচনিৰ ৰূপায়ণ। এই ক্ষেত্ৰত তেওঁ দুটা কাৰকক আঙুলিয়াই দিয়ে। প্ৰথমটো কাৰক হৈছে কণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ আৰু দ্বিতীয়তে হৈছে আনকণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ।
আলোচনাত অংশগ্ৰহণ কৰা আন এগৰাকী সমল ব্যক্তি পল্লৱ বাগাৰীয়াই কয় - অসমত পেট্ৰ' কেমিকেল ক্ষেত্ৰখনত থলুৱা উদ্যোগৰো প্ৰয়োজন আছে। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিত আটাইতকৈ বেছি অৰিহণা যোগাই আহিছে পেট্ৰ'কেমিকেলে।
দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কনক্লেভৰ সামৰণিত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে অংশ লয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি হুছেইনে কয় - মই গোৱালপাৰাৰ পৰা আহিছো আৰু ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰিছিলো।সেই সময়ত, মই ধ্ৰুৱজিত চৌধুৰীক লগ পাইছিলো। মই তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলোঁ । তেওঁৰ মহাভাৰত আৰু গীতাৰ বিষয়ে বহু জ্ঞান আছিল। তেওঁৱেই ১৯৮৫ চনত 'গীতা'ক মোৰ সৈতে পৰিচয় কৰাই দিছিল। তাৰ পৰা মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ।"
তেওঁ কয়- মই সাধাৰণতে সংগ্ৰাম শব্দটোক মহিমান্বিত নকৰোঁ। মই অভিনয়ৰ প্ৰেমত পৰিছো। ঠিক যেনেদৰে এখন ভাল চিনেমাৰ বাবে সঠিক কাষ্টিংৰ প্ৰয়োজন, একেদৰে যদি মই মোৰ জীৱনত নিজকে সঠিক ধৰণে কাষ্ট নকৰোঁ, ই এক সঠিক কাহিনী নহ'ব। সেয়ে মই নিজকে এনেদৰে কাষ্ট কৰিছো যে মোৰ হৃদয়ত দৃঢ়ভাৱে অনুভৱ কৰিছোে মই অভিনয়ৰ প্ৰেমত পৰিছো।
বিশিষ্ট অভিনেতাগৰাকীৰ সৈতে কথা পাতে নিতুমনি শইকীয়াই। এই কনক্লেভৰ সামৰণিত প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে উদ্বোধক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আলোচনাত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দুয়োদিনৰ আলোচনাত অংশগ্ৰহণ কৰা সকলো সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লগতে সফল কৰি তোলাৰ বাবে যিসকলৰ উদ্যোগ আৰু শ্ৰম জড়িত আছিল সেই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। এই কনক্লেভৰ আয়োজন কৰাৰ বাবে লোৱা উদ্যোগৰ কাৰণে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকো ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে স্মিতাক্ষী বি গোস্বামীয়ে।
কেৱল বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ, সমল ব্যক্তি, বিশেষজ্ঞৰ অংশ গ্ৰহণেই নহয় এই কনক্লেভত অংশ লৈছিল দেশৰ কেইবাখনো প্ৰতিষ্ঠিত উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে।
দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ, জামিয়া মিলিয়া আদিৰ দৰে শিক্ষানুষ্ঠানত অধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিটো আলোচনা সত্ৰৰ শেষৰ ফালে অনুষ্ঠানটোত অংশ লোৱা সমল ব্যক্তিসকলৰ সৈতে তেওঁলোকৰ চিন্তা চৰ্চাক ভাগ বতৰা কৰাৰো সুযোগ দিয়া হৈছিল।
ভৱিষ্যতে সমাজক নেতৃত্ব দিবলগা এই যুৱচামৰ সৈতে এনেদৰে কনক্লেভৰ জৰিয়তে অন্তৰঙ্গ আলাপ আৰু প্ৰশ্নই এক নতুন মাত্ৰা প্ৰদান কৰিছিল। আনকি বি.বি.চিৰ দৰে বিশ্বৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমত কৰ্মৰত আৰু দক্ষিণ পূৱ এছিয়াক প্ৰতিনিধিত্ব কৰা অসমৰ শচীন গগৈৰ দৰে সাংবাদিকেও এই কনক্লেভত অংশ লৈ তেওঁৰ মনত উদ্বেগ হোৱা প্ৰশ্ন সমল ব্যক্তি সকলক কৰিছিল।
আনকি এই অনুষ্ঠানৰ মুখ্য উদ্যোক্তা তথা প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে দৰ্শকৰ আসনত বহিয়ো কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে সমল ব্যক্তি সকলক
সঁচা অৰ্থত এয়া আছিল উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰাজি, সম্ভাৱনাক ৰাষ্ট্ৰীয় স্তৰলৈ নি পৰ্যালোচনা কৰাৰ এক সফল আৰু বিনম্ৰ প্ৰয়াস।