/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-NEW-bikhekh-lekha-1-17.jpg)
মৃদুল কুমাৰ সন্দিকৈ
"মই বৰ কষ্টত চলিছো। মানুহে আজিকালি ভিক্ষাও নিদিয়ে। কিমান নো দিব মোক? চকু দুটায়ো নেদেখা হৈ আহিছো। বাওঁফালৰ চকুটোত কেটেৰেক পৰিল। সেইটোৰে মই একেবাৰেই নেদেখো। সোঁ ফালৰটোৰে চিলমিল কৈহে দেখোঁ। দূৰৰ বস্তু প্ৰায়েই মনিব নোৱাৰো। মোৰ হাত দুখন এই অৱস্থা। যথৰ হৈ গ'ল। ককালটোৰো একেই দশা। ভৰি কেইটাটো দেখিছেই।"- মানুহ জনে কৈ গৈছিল তেওঁৰ দুখৰ কথা।
তেওঁৰ লগত একেলগে পঢ়া এজন বন্ধুৱে তেওঁৰ সন্ধান দিছিল। সহজ সৰল বন্ধুজনৰ দুৰ্দশা দেখি তেওঁৰ সহ্য হোৱা নাছিল। অনুৰোধ কৰিছিল সেই বন্ধুজনৰ দুখৰ কথাবোৰ বাতৰি হ'ব লাগে। আন নহলেও তেওঁৰ এটা ইচ্ছা আছে, সেই ইচ্ছা পূৰণ হ'লে ভাল লাগিব।
কিন্তু তেওঁ জনা নাছিল ক'ত থাকে তেওঁ। বাটে-পথে তেওঁ প্ৰায়ে দেখে। তিনিচকীয়া এখন চাইকেলৰ ওপৰত বহি হাতেৰে পেডেল ঘূৰাই ভিক্ষা বিচাৰি ঘূৰি ফুৰে বিশেষভাৱে সক্ষম বন্ধু। নাম তেওঁৰ সুব্ৰত দাস। কামৰূপ একাডেমীত একেলগে পঢ়িছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে।
সুব্ৰত দাসক বিচাৰি আমি ৩ দিন গৈছিলো। আমাক তেওঁৰ কথা কোৱা বন্ধুজনৰ সৈতে সঘন যোগাযোগ ৰাখিছিলো। প্ৰথম দুটা দিন উজান বজাৰৰ অলিয়ে-গলিয়ে বিচাৰি বিফল হৈছিলো। প্ৰচণ্ড ৰ'দ। তৃতীয় দিনা পুনৰ উজান বজাৰত উপস্থিত হৈছিলোগৈ প্ৰায় ১ বজাত।
সহকৰ্মী সাংবাদিক জয়দীপ নাৰায়ণ দেৱৰ সৈতে এখন ৰিক্সা লৈ বাৰোৱাৰীত থকা পুৰণি দোকানবোৰত তেওঁৰ কথা সুধিছিলোগৈ। কোনেও তেওঁৰ সন্ধান দিব নোৱাৰিলে। পুনৰ বিফল হৈ ঘূৰি অহাৰ পথত চেনিকুঠিৰ চিটিবাছ আস্থানত ৰৈ থকা এজন ৰিক্সাৱালাক তেওঁৰ কথা এনেই সুধিছিলো।
ৰিক্সাৱালাজনে কৈছিল এজন তেনেকুৱা মানুহক তেওঁ চিনি পায়। এইছ ডি এফ চি বেংকৰ কাষেৰে সোমাই যোৱা পথটোৰে তেওঁৰ ৰিক্সাতে উঠি আগবাঢ়িছিলো। এখন দোকানৰ সন্মুখত ৰিক্সাখন ৰখাই দি ৰিক্সাৱালাজনে কৈছিল – এই গলিটোৰে তেওঁ সোমাই যায়। সম্ভৱ এই ফালেই তেওঁৰ ঘৰ।
দীঘল পদূলিটোৰ বাওঁকাষে এখন গেলামালৰ দোকান। এগৰাকী মহিলা বহি আছিল দোকানত। তেওঁকেই সুধিলো সুব্ৰত দাসক চিনি পাই নেকি। মহিলাগৰাকীয়ে বৰ আগ্ৰহেৰে তেওঁৰ ঘৰটো দেখুৱাই দিলে। ক'লে – ৰাতিপুৱাই তেওঁ ওলাই যায়। বেলি ডুবাৰ আগতে উভতে।
হাউচ নম্বৰ ৫০। নীলা গেটখন খুলি বাওঁফালে ঘূৰোতে এজন আদহীয়া লোকক লগ পালো। সুধিলো সুব্ৰত দাসৰ কথা। মানুহজনে বৰ আগ্ৰহ নেদেখুৱালে। মাত্ৰ ক'লে – 'তেওঁ মোৰ ভাই'। কিয় বিচাৰিছো সুধিলে। আমি তেখেতৰ মোবাইল নম্বৰ আছে নেকি জানিব খুজিলো।
সৰু ককায়েকগৰাকীয়ে একপ্ৰকাৰৰ ভেকাহি মাৰি ক'ত তাৰ নম্বৰ থাকিব বুলি আমাক এৰাই চলিব চেষ্টা কৰিলে। পুনৰ ওলাই আহিলো পদূলিলৈ। পূৰ্বতে লগ পোৱা দোকানখনত বহি থকা মহিলাগৰাকীক সুব্ৰত দাসৰ নম্বৰ আছে নেকি সুধিলোহি।
মহিলাগৰাকীয়ে ক'লে- মোৰ হাতত নাই। আমাৰ ইয়াৰ অংগনবাড়ী কেন্দ্ৰৰ বাইদেউজনীৰ হাতত থাকিবও পাৰে। তেখেতে অংগনবাড়ী কেন্দ্ৰৰ বাইদেউজনীলৈ ফোন কৰিলে। নাই, সুব্ৰত দাসৰ নম্বৰ তেওঁৰ হাততো নাই।
কেনেকৈ লগ পাম মহিলাগৰাকীকেই সুধিলো। তেখেতে ক'লে আবেলি ৫ৰ পৰা ৬ বজাৰ ভিতৰত তেওঁ উভতে ঘৰলৈ। আমি সিদ্ধান্ত ল'লো তাতেই তেওঁৰ বাবে অপেক্ষা কৰিম। উৎকট গৰম। দোকানখনৰ কাষতে থকা পুল এটাত দুয়ো বহিলো। এই পথেৰে নৱগ্ৰহ সংযোগী শিলপুখুৰী পথটো ওলাব পাৰি।
দুয়োফালে সমানেই দৃষ্টি ৰাখিলো। আবেলি ২ বাজিল। ঘড়ীৰ সময় আগবাঢ়িল। আবেলি ৫.২০ বজাৰ মানত নৱগ্ৰহৰ ফালৰ পৰা তিনিচকীয়া চাইকেলখন হাতেৰে পেডেল মাৰি মাৰি মানুহ এজন আহি থকা দেখিলো। জয়দীপে আঁতৰৰ পৰাই সেই দৃশ্য বন্দী কৰিলে।
প্ৰায় ৪ ঘন্টাৰো অধিক সময় অপেক্ষাৰ অন্ত পৰিল। মানুহজন আহি তেওঁ ঘৰৰ কিছু নিলগত থকা আন এখন দোকানৰ সন্মুখত ৰৈছিলহি। আমি আগবাঢ়ি গলো। মানুহ জনক পৰিচয় সুধিলো। মানুহজনে হয় বুলি ক'লে। তাৰ পাছত তেওঁ জানিব বিচাৰিলে কিয় তেওঁক বিচাৰি আহিছো।
আমি ক'লো – বাটত এনেদৰে কথা পতাতকৈ তেওঁৰ ঘৰৰ পদূলিটোত সোমায়েই কথা পাতো নেকি। মানুহ জনেও তেওঁৰ চাইকেলৰ পেডেল ঘূৰাই আগবাঢ়িল। গেটখন আমি খুলি তেওঁক সোমোৱাৰ সুবিধা কৰি দিলো। প্ৰচুৰ ৰ'দৰ বাবে চাইকেলখনতে তেওঁ ছাতি এটা আঁৰি লৈছিল।
প্ৰথমেই সুধিলো – মুখ্যমন্ত্ৰীৰ সৈতে আপুনি একেলগে পঢ়া ?তেওঁ প্ৰাণখুলি হাঁহি এটা মাৰিলে। উত্তৰ দিলে – হয়, আমি একেলগে কামৰূপ একাডেমীত পঢ়া। তাৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰশংসা তেওঁৰ মুখত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিজালে সৰগৰ তৰাৰ সৈতে।
তেওঁৰ জীৱন কাহিনী শুনিবলৈ আগ্ৰহ কৰিলো। সুব্ৰত দাসে কৈ গ'ল তেওঁৰ জীৱনৰ কথা। সকলো ঠিকেই চলি আছিলে। কুকুৰে কামুৰিছিল তেওঁক। তাৰ কেইবছৰ মানৰ পাছত তেওঁৰ স্নায়ুজনিত সমস্যা হৈছিল। হাত-ভৰি লাহে লাহে নিষ্ক্ৰিয় হৈ পৰিল।
অস্থায়ীভাৱে হ'লেও সোমাই থকা চৰকাৰী চাকৰিটো গ'ল। আগা-পিছা কৰি মাক-দেউতাকক হেৰুৱালে। এদিন তেওঁ খোজ কাঢ়িব নোৱাৰা হ'ল। সুহৃদ এজনে এই তিনিচকীয়া চাইকেলখন উপহাৰ দিলে। সেইখনকে সম্বল কৰি তেওঁৰ জীৱন ৰথৰ চকৰী ঘূৰিল।
খোজ কাঢ়িব নোৱাৰিলেও প্ৰচণ্ড আত্মবিশ্বাস আছিল তেওঁৰ। দেহাও ইমান পৰি যোৱা নাছিল। তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ গৈছিল। স্কুলীয়া দিনৰ বন্ধুজনৰ কাষত নিজৰ দুৰ্ভাগ্যৰ কথা কৈছিল। অনুৰোধ কৰিছিল আন নহ'লেও বিশেষভাৱে সক্ষম লোকৰ বাবে থকা পেঞ্চন আঁচনিত নামটো ভৰাই দিবলৈ।
দিছপুৰলৈ গৈছিল তেওঁ। লগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ পি এক। এটা ফোন নম্বৰো দি পঠাইছিল যোগাযোগ কৰিবলৈ। কিন্তু যোগাযোগহে নাপালে তেওঁ তাৰ পাছত। আক্ষেপ তেওঁৰ একো নাই। জানে একালৰ স্কুলীয়া বন্ধুৰ কান্ধত কিমান দায়িত্ব। এতিয়া তেওঁৰ বাবে হিমন্ত বিশ্ব শৰ্মা দোস্ত নহয়, মুখ্যমন্ত্ৰী। সেয়ে তেওঁ ছাৰ বুলি সম্বোধন কৰি কথাবোৰ ক'লে।
হিমন্ত বিশ্ব শৰ্মাৰ উন্নতি দেখি তেওঁৰ চকুৰে আনন্দৰ লোতক নিগৰে। ফুলি উঠে বুকু। আশা কৰে মুখ্যমন্ত্ৰীয়েই নহয়, প্ৰধানমন্ত্ৰী হওক এদিন বন্ধু। হুইলছেয়াৰ খনৰ পৰা নামি তেওঁ চুচৰি চুচৰি কোঠাটোলৈ যায়। নিজেই একো তেওঁ বনাই খাব নোৱাৰে। খোজি-মাগি যি দুই-এটকা পাই, তাৰেই দোকানৰ পৰা কিবা এটা কিনি খায়।
চিনাকী দুই এজনেও তেওঁক দিয়ে। চাইকেলখন লৈ হাইক'ৰ্টৰ লৈকেও তেওঁ যায়। অধিবক্তাবোৰে হেনো তেওঁক বৰ মৰম কৰে। তেওঁ দুৰ্বিসহ জীৱনৰ বৰ্ণনা দি গ'ল। পায়খনা লাগিলেও তেওঁ শৌচাগাৰলৈ যাব নোৱাৰে। ৰুমৰ ভিতৰতে কাগজ এখন পাৰি এই কাম কৰিবলগীয়া হয়।
সেই কাগজখন পৰিলিথিন এটাত ভৰাই ওলাই যাওতে পেলাই থৈ যায়। চাবলে তেওঁৰ কোনো নাই। কাপোৰ এখন তিয়াই লৈ সেইখনেৰেই তাৰ পাছত আন চাফ-চিকুণবোৰ কৰে। কল্পনা কৰকচোন এই জীৱনৰ কথা। তেওঁৰ ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এদিন লগ কৰাৰ। সেই দিন আহে নাহে তেওঁ নাজানে। মুখ্যমন্ত্ৰীক লগ পালে তেওঁ বৰ বেছি একো নিবিচাৰে।
নিজেই ভাৱে কেইদিননো জীয়াই থাকিব তেওঁ। থকা দিনকেইটাৰ বাবে যদি ভিক্ষা নুখুজাকৈ খাব পৰা কিবা এটা তেওঁ কৰি দিয়ে। পেঞ্চনটো দিলে ভালেই। নহলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দুটামান টকা দিলে সৰুকৈ এখন দোকান খুলি তেওঁ চলি যোৱাৰ কথা ভাবি থৈছে।
ৰাজ্যত সমাজ কল্যাণ নামৰ বিয়াগোম বিভাগ আছে। তেওঁৰ মতে তেওঁলৈ চাবলৈ কাৰনো আজৰি! যাব নোৱাৰে অফিচ-কাছাৰীলৈ। সেই দুখৰ মাজতে মনত পেলালে স্কুলীয়া দিনবোৰৰ কথা। অংক নুবুজিলে হেনো হিমন্ত বিশ্ব শৰ্মাকেই তেওঁ সুধিছিল। ছাইন, কছ থিটা টান বিষয়বোৰ বুজাই দিছিল।
এই বন্ধুজনৰ বাবে কিবা এটা কৰিবলৈ নিশ্চয় ভাল পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ এটা সহায় সুব্ৰত দাসৰ বাবে ভগৱানৰ আশীৰ্বাদ সদৃশ হৈ পৰিব। লাহে লাহে সন্ধিয়াৰ বেলি নামি আহিছিল। আন্ধাৰে চৌদিশ গিলিছিল। মানুহজনে বৰ কষ্টৰে চাইকেলখনৰ পৰা নামিবলৈ চেষ্টা কৰিছিল। আমি তেওঁক নমাত সহায় কৰি দিলো।
অহাৰ আগত তেওঁ ধন্যাবাদ দিবলৈ নাপাহৰিলে। কৃতজ্ঞতা প্ৰদৰ্শনেৰে বৰ বিনম্ৰতাৰে ক'লে – মোৰ বাবে তোমালোকৰ বৰ কষ্ট হ'ল। ৪-৫ ঘন্টা এই ৰ'দত থিয় হৈ হৈ ৰখিলা। আমি তেওঁক বুজালো – আপোনালোকৰ দৰে লোকসকলৰ প্ৰতি আমাৰ সকলোৰে আছে দায়বদ্ধতা।
চুচৰি চুচৰি তেওঁ ঘৰৰ ভিতৰলৈ আগবাঢ়িল। আন্ধাৰৰ মাজতো ষ্ট্ৰিট লাইটৰ পোহৰত বাটটো উজ্বলি থাকিল। ঘৰত সোমাব লোৱাৰ পূৰ্বে তেওঁ উভতি চালে আমালৈ। হাত দাঙি তাৰ পৰাই বিদায় জনালে। এই কষ্টকৰ জীৱনত অলপ হ'লেও সকাহ যদি মানুহজনে পাই তাতোতকৈ ভাল লগা কি হ'ব পাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুলীয়া দিনৰ সেই বন্ধুজনৰ বাবে কিবা এটা নিশ্চয় কৰিব। তেওঁৰ দৃষ্টিত সেই কথাবোৰ কেনেবাকৈ পৰিব লাগিব। মুখ্যমন্ত্ৰীলৈ বাট নাচাই আন কোনোবাইয়ো তেওঁৰ কথা নিশ্চয় ভাবিব পাৰে। কথা পাতি থাকোতে তেওঁ কৈছিল – আজি একেবাৰে নাপালো পইচা। ভাত খুৱাই নাই। চান্দমাৰিত লাল চাহ আৰু বিস্কুট খাইয়েই ঘৰলৈ উভতিলো।