আপোনাৰ যাত্ৰা শুভ হওক…

আপোনাৰ যাত্ৰা শুভ হওক…

author-image
asomiyapratidin
New Update
আপোনাৰ যাত্ৰা শুভ হওক…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

হয়, ভগৱানৰো ভুল হয়। ভুল হৈছিল দেশবাসীৰ। কিন্তু কিয়? সেই কথা কোৱাৰ আগতে এটা দৃশ্য মনতে ভাৱক। দ্ৰুত গতিত জোনাক নিশা নাইট চুপাৰখন আগবাঢ়িছে। বহুতৰ বাবে নৈশ বাছৰ এই যাত্ৰা বৰ প্ৰিয়। এনে মানুহো আছে নিশা নৈশ বাছেৰে যাত্ৰা কৰি অনাবিল আনন্দ আৰু সুখ অনুভৱ কৰে।

বহু দূৰণিবটিয়া ঠাইলৈ নৈশ বাছৰ বাদে আন যোগাযোগৰ মাধ্যম আজিও নাই। অসমত নৈশ বাছৰ ব্যৱসায়ৰ এক ভাল উদ্যোগ আছিল। কিন্তু এতিয়া মানুহে নৈশ বাছত উঠিব নুখোজে। ১০০/১৫০ টকীয়া নৈশ বাছৰ টিকট এতিয়া হাজাৰ টকীয়া হ'ল। তথাপিও নৈশ বাছ চলোৱা লোকসকলৰ ব্যৱসায় লাভজনক হৈ হোৱা নাই।

কেৱল নৈশ বাছ বুলিয়েই নহয়, মটৰ পৰিবহনৰে জড়িত আন বাহন বোৰৰ ক্ষেত্ৰতো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বানে দেখা দিছে। সেইয়া হৈছে মূল্য বৃদ্ধিয়ে তেওঁলোকক এনেদৰে ছানি ধৰিছে যে, লাভৰ সলনি লোকচান হে ভৰিব লগা হৈছে। সদৌ অসম মটৰ পৰিবহন সন্থাই অলপতে অসম চৰকাৰৰ পৰিবহন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

এই স্মাৰক পত্ৰত যাত্ৰীবাহী বাহনৰ ভাড়া পুনৰ নিৰ্ধাৰণৰ হকে আৰ্জি কৰি ২০১৭ চনৰ পৰা ৭০ শতাংশ ভাড়া বৃদ্ধিৰ দাবী জনাইছে। লগতে ভাড়া বৃদ্ধিৰ এক বিজ্ঞানসন্মত সূত্ৰও তেওঁলোকে পৰিবহন বিভাগক প্ৰদান কৰিছে। পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধি কি পৰ্যায়ত হৈছে সেইয়া সকলোৱে দেখিছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য নিতৌ বৃদ্ধি পাই আছে। তাৰ প্ৰভাৱ পৰিছে ভাৰতৰ ইন্ধনৰ বজাৰখনতো। পেট্ৰ'ল, ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। নিতৌ ৪০/৮০ পইচাকৈ পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধি কৰাত সেই মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰি ১৫০ৰ ঘৰলৈ আগবাঢ়িছে।

কোভিডৰ সময়তো পৰিবহনৰ ব্য়ৱসায়ীসকলে যথেষ্ট সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কোভিড লকডাউনৰ সময়ছোৱাত হোৱা লোকচান জোৰা মাৰিব নোৱাৰা এই ব্যৱসায়ীসকলৰ ওপৰত আন এক মাধমাৰ দিয়া হ'ল ২০২২ ৰ এপ্ৰিলত।

যিকোনো প্ৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে ন ন কৌশলেৰে কৰ-কাটল সংগ্ৰহৰ লক্ষ্য লৈছে। ১ এপ্ৰিল ২০২২ ৰ পৰা চেণ্ট্ৰেল মটৰ ভেহকল ৰোলৰ ৪৭ ৰ সংশোধন ঘটাই সকলো ধৰণৰ কৰ বৃদ্ধি কৰিও অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে।

ব্যৱসায়ীসকলে কি কৰিব? গাড়ী চলাব নে এৰি দিব? ৰাজ্যৰ লগতে দেশত এতিয়া খোজে খোজে টোলগেট। সেই টোলগেট সমূহৰ টোল টেক্স অতিৰিক্ত ১৫ শতাংশ বৃদ্ধি কৰা হৈছে। কেৱল এইয়াই নে? বীমা কোম্পানীসমূহেও বীমাৰ বাবে প্ৰিমিয়ামৰ মূল্য বৃদ্ধি কৰিছে।

থাৰ্ড পাৰ্টী প্ৰিমিয়াম ইতিমধ্যে ১৩ গুণ বৃদ্ধি পাইছে। এইবোৰৰ উপৰিও যান-বাহন সমূহৰ আন খৰছ আছে। টায়াৰ, বেটেৰী, লুব্ৰিকেণ্ট, স্পেয়াৰ পাৰ্টছ আদিৰ মূল্য বৃদ্ধি হোৱাৰ ফলত যাত্ৰীবাহী বাহনসমূহৰ যাত্ৰী ভাড়াৰ বৃদ্ধিৰ বিকল্প নাইকীয়া হৈছে।

দেশৰ পৰিবহন ব্যৱসায়ীৰ এতিয়া অৱস্থা নাই। মূল্যবৃদ্ধিৰ গ্ৰাসত ব্যৱসায়ীসকল। কোনো মানুহেই নিবিচাৰে যান-বাহনৰ ভাড়া বাঢ়ক। সাধাৰণ শ্ৰেণীৰ লোকসকলেই নাইট চুপাৰ, চিটি বাছ আদিত উঠে। ট্ৰেকাৰ, অটো, টেম্পো, মেজিক, মেক্সিমো, উইংগাৰ, ট্ৰেভেলাৰ আদিত উঠা যাত্ৰী সকলে এতিয়া বৰ্ধিত ভাড়া ভৰিবলৈ সাজু হোৱাৰ কথা।

২০১২ চনত অসম চৰকাৰে জাৰি কৰা যাত্ৰী বাহনৰ ভাড়া পুনৰ নিৰ্ধাৰণৰ হকে সদৌ অসম পৰিবহন সন্থাই দাবী তুলিছে। তেওঁলোকে ২০১৭ চনত ৭০ শতাংশ ভাড়া বৃদ্ধিৰ দাবী জনাইছিল যদিও ২০১৯ চনত অসম চৰকাৰে TMV/2010/352 তং ২০-১১-২০১৯ ত ২০১২ৰ ভাড়াৰ ওপৰত ২৫ শতাংশ ভাড়া বৃদ্ধি জাননী জাৰি কৰিছিল।

কিন্তু এতিয়া এনে অৱস্থা পাইছেগৈ যে পেট্ৰ'ল, ডিজেল তথা আন সামগ্ৰী সমূহৰ মূল্য বৃদ্ধিৰ ফলত যাত্ৰীবাহী বাহন ভাড়া বৃদ্ধি চলোৱাটোৱেই কঠিন হৈ পৰিছে। ভাড়া নিৰ্ধাৰণৰ এক সূত্ৰ সদৌ অসম পৰিবহন সন্থাই নিৰ্ধাৰণ কৰিছে। এই সূত্ৰ অনুসৰি নতুন ভাড়া=০.৪(নতুন ইন্ধনৰ মূল্য-পূৰণি ইন্ধনৰ মূল্য+০.৩ নতুন কাষ্টমাৰ প্ৰাইজ ইনডেক্স-পূৰণি কাষ্টমাৰ প্ৰাইজ ইনডেক্স+০.৩ নতুন এ এম চি ৰেট/ কিলোমিটাৰ- পূৰণি এ এম চি ৰেট/কিলোমিটাৰ+ পূৰণি ইন্ধনৰ মূল্য।

ভাড়া বাঢ়িলেও মানুহ যান-বাহনত উঠিবই লাগিব। বিশেষকৈ দূৰণিবটীয়া ঠাইলৈ যাবলৈ নৈশ বাছেই উত্তম মাধ্যম। কিন্তু এতিয়া সেইয়াও সাধাৰণ লোকৰ বাবে ভাৰ ব'ব নোৱাৰা বোজা হৈ পৰিছে। যাত্ৰীসকলক উদ্দেশ্যি বাছবোৰত লেখা আছিল- 'আপোনাৰ যাত্ৰা শুভ হওক।'

এই সমস্যা কাৰ বাবে? ৰাইজ এদিন জপিয়াই ফুৰিছিল। পৰিবৰ্তনৰ শ্ল'গানত ৰাইজ মচগুল হৈছিল। কিন্তু ভাল দিনৰ প্ৰতীক্ষাত থাকিও এই ভাল খবৰ ৰাইজে নাপালে। চৌদিশে মূল্য বৃদ্ধিৰ হাতোৰা। আন সামগ্ৰীৰ মূল্য বৃদ্ধি হ'লে ইয়াৰ প্ৰভাৱ সৰ্বত্ৰে পৰে।

ভুল ভগৱানেও কৰে! ৰাইজেও কৰিলে নেকি সেই ভুল? কিয়নো ৰাইজেই গাইছিল 'আকৌ এবাৰ মোডীৰ চৰকাৰ', 'আকৌ এবাৰ বিজেপিৰ চৰকাৰ'। এনে ভাড়া বৃদ্ধিৰ পাছতো যিসকল লোক বাছত বা বাহনত উঠিব তেওঁলোকৰ যাত্ৰা শুভ হওক। একেদৰে শুভ হওক মটৰ পৰিবহন ব্যৱসায়ীসকলৰো যাত্ৰা। নহ'লে কেনেকৈ চলাব ৰাজপথত তেওঁলোকে যাত্ৰীবাহী বাহন?