/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-bikhekh-lekha-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আকৌ চলিল আৰক্ষীৰ বুলড'জাৰ। ভাল-বেয়া সেইবোৰ বিচাৰ আৱেগেৰে কৰা সময় নহয় এয়া। শুদ্ধ-অশুদ্ধ, আইনী-বেআইনী সেইবোৰ কথাও আদালতে বিবেচনা কৰিব। চৰ্চা হৈছে যি দুজন লোকৰ ঘৰত বুলড'জাৰ চলিলে তেওঁলোক অপৰাধী।
এনে কথাও কোৱা হৈছে যে তেওঁলোক ৭০ৰ দশকতে বেআইনী ভাৱে আফগানৰ পৰা আহি অসমত থিতাপি লৈ এতিয়া বাহুবলীৰ ভূমিকা পালন কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুওৱা ডিব্ৰুগড়ৰ যুৱক বিনীত বাগাৰীয়াই আত্মহত্যা কৰা ঘটনাক লৈ আৰক্ষী প্ৰশাসন তৎপৰ হ'ল।
যি কেইগৰাকী অপৰাধীৰ বাবে বিনীত নামৰ যুৱকজনে আত্মহত্যা কৰিবলগীয়া হ'ল তেওঁলোকৰ বিৰুদ্ধে বিনীতৰ পৰিয়ালে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে সহায় নকৰাৰ পৰিণতিত, ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছিল।
মুখ্যমন্ত্ৰীয়ে বিনীত বাগাৰীয়াৰ ঘৰলৈ গৈ আৰক্ষীক ধুই পেলাইছিল। চৰম লজ্জানত হোৱা বুলি কৈ আৰক্ষী অধীক্ষকগৰাকীকে পুলিচৰ পোচাক পিন্ধাৰ যোগ্য নহয় বুলি কঠোৰ ভাৱে সমালোচনা কৰিছিল। নিশান্ত শৰ্মা, সঞ্জয় শৰ্মা, বইদুল্লা খানে ভাবুকি দিয়া বুলি এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে হাত সাৱটি বহি আছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিছতহে সাৰ পালে ডিব্ৰুগড় আৰক্ষীয়ে। তাৰ পাছতহে ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাত থকা বাইদুল্লা খান আৰু আন এজন অভিযুক্ত চামছুল্লা খানৰ ঘৰত বুলড'জাৰ চলাবলৈ সাহস পালে আৰক্ষীয়ে।
ইয়াৰ পূৰ্বেও অসম আৰক্ষীয়ে বটদ্ৰৱাত আন এজন অভিযুক্তৰ ঘৰত এনেকৈ বুলড'জাৰ চলাই চৰ্চালৈ আহিছিল। এতিয়া কথা হ'ল আৰক্ষীয়ে কেৱল বুলড'জাৰ চলায়েই এইবোৰ সমস্যা সমাধান কৰিব পাৰিবনে? নে পুলিচক আত্মশুদ্ধিৰ সুযোগ দিয়াৰ পাছতো পুলিচৰাজৰ এই নতুন অধ্যায়ৰ এনেকৈয়ে পাতনি মেলা হৈছে।
অসম সঁচাকৈয়ে পুলিচ ৰাজ্য বা পুলিচৰ কাম-কাজ আইন শৃংখলাৰ উৰ্ধলৈ গৈছে নেকি? তেনেবোৰ কথাও ইয়াৰ সমান্তৰালভাৱে মনলৈ আহে। ইচ্ছা কৰিলেই পুলিচে সকলো কৰিব পাৰে নেকি? ইচ্ছা নকৰিলে পুলিচে কৰিবলগাখিনিও নকৰে নেকি?
নিৰপৰাধীক পুলিচে অত্যাচাৰ কৰা কেইটামান ঘটনা মনত পেলালেই যথেষ্ট। ট্ৰেফিক ছিগনেলত সামান্য কথাৰ কটাকটি হওতেই কণমানি সন্তান আৰু পত্নীৰ সৈতে থকা এজন ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰা নাছিল নে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই লোকজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ দিবলগীয়া হৈছিল।
ৰাজকন্যা নামৰ মডেল গৰাকীৰ ক্ষেত্ৰত আৰক্ষীয়ে কি কৰিছে? এজন শ্ৰমিকৰ ওপৰেৰে সুৰাৰ ৰাগীত মতলীয়া হৈ গাড়ী চলাই দিয়া ৰাজকন্যাৰ পক্ষতেই চোন প্ৰথম আৰক্ষী আছিল। ৰাজকন্যাক জামিনৰ সকলো ব্যৱস্থা আৰক্ষীয়েই কৰি দিছিল।
চিকিৎসালয়ত মৃত্যু হৈছিল শ্ৰমিকজনৰ। এনে স্পৰ্শকাতৰ ঘটনা সংঘটিত কৰা ৰাজকন্যাৰ বিৰুদ্ধে সংবাদ মাধ্যম, সামাজিক মাধ্যমত মানুহ সৰৱ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কবলগীয়া হৈছিল কি কৰিব লাগিব ৰাজকন্যাৰ বিৰুদ্ধে।
আৰক্ষী চাকৰি প্ৰাৰ্থী কেইজনমানে বিক্ষোভ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত। তেওঁলোকক আৰক্ষীয়ে আটক কৰি জে'ললৈ প্ৰেৰণ কৰাৰ পিছত কাৰ নিৰ্দেশত পুনৰ মুকলি কৰি দিয়া হৈছিল? অসম আৰক্ষীয়ে নগাঁৱত ড্ৰাগছ ব্যৱসায়ত জড়িত বুলি প্ৰাক্তন ছাত্ৰ-নেতাক এনকাউণ্টাৰ কৰিলে।
পৰৱৰ্তী সময়ত সেয়া ভুৱা বুলি প্ৰমাণিত হ'ল। অসমত অপৰাধী ধৰিব নোৱাৰা আৰক্ষীয়ে গুজৰাটলৈ গৈ জিগনেশ মেৱানীক আটক কৰি আনি কমখন নাটক কৰিলেনে? বাৰে বাৰে আৰক্ষীয়ে এই ভুল কিয় কৰে? বাটৰ নাট কৰা অভিনেতাকো আৰক্ষীয়ে জে'লত ভৰাই থয়।
কোনোবাই শিৱৰ ৰূপ ধৰি ধৰ্মীয় অনুভূতিত আঘাত হানিছে বুলি ক'লেই আৰক্ষীয়ে এই কাম কৰিব নেকি? মুখ্যমন্ত্ৰীয়েও ইমান ব্যস্ততাৰ মাজত ক'বলগা হ'ল সেয়া ভুল নাছিল, আৰক্ষীৰহে ভুল। অসম আৰক্ষীৰ নিজস্বতা আছেনে নাই? আৰক্ষীয়ে আইনগত ভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত কোনো অদৃশ্য শক্তিৰ প্ৰতি থকা ভয়ে বা কাৰোবাৰ প্ৰভাৱে আৰক্ষীক ৰোগাক্ৰান্ত কৰিছে নেকি?
বৰপেটা সত্ৰ ন্যায়াধীক্ষগৰাকীয়ে আৰক্ষীক লৈ কৰা মন্তব্যই কাৰোবাক লজ্জানত কৰা নাই নে? বাস্তৱৰ কথাখিনি এগৰাকী ন্য়ায়াধীক্ষে আৰক্ষীক সমালোচনা কৰি কওঁতে এজন সাধাৰণ নাগৰিকৰ উপলব্ধিৰ প্ৰতিফলন ঘটিছিল। অপৰাধ নিয়ন্ত্ৰণ কৰক। কিন্তু অপৰাধীক নিয়ন্ত্ৰণৰ কৰিবলৈ ইউ পি, গুজৰাট মাৰ্কা কোনোবাই যদি অসমত ব্যৱহাৰ কৰে তেনেহ'লে এদিন অসমত আৰক্ষীয়েই আমাৰ বাবে মাফিয়া হৈ পৰিব।
সংযমতা আৰক্ষীৰ ক্ষেত্ৰতো প্ৰয়োজন। এক সাধাৰণ যুক্তিৰে অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে এনকাউণ্টাৰ, বুলড'জাৰ চলোৱাক বৈধতা দিবলৈ গ'লে ইয়াৰ ফল এদিন নিৰীহ লোকেও ভোগ কৰিব লাগিব। আৰক্ষীক সেই সংস্কাৰ বোধৰ প্ৰয়োজন আছে।
আৰক্ষী কেতিয়াও অপৰাধী হ'ব নোৱাৰে। যদি কোনোবাই অপৰাধী নিয়ন্ত্ৰণৰ নামত আৰক্ষীক অপৰাধী ৰূপত চাব খোজে তেনেহ'লে সেয়া ক্ষন্তেকৰ চমকৰ বাদে আন একো হ'ব নোৱাৰে। ডিব্ৰুগড়ত যি অভিযোগত বুলড'জাৰ চলোৱা হৈছে সেই বেআইনী ভাৱে অহা আফগান নাগৰিকসকলে কিয়, কেনেকৈ ৫০ বছৰৰো অধিক কাল কোনো বাধা নোপোৱাকৈ থাকিব পাৰিলে?
এনেকৈ আৰু কিমান লোক ক'ত, বেআইনী ভাৱে আছে তাৰো খতিয়ান লোৱাৰ প্ৰয়োজন। পুলিচক যিধৰণে ব্যৱহাৰ কৰা হয় সেই ধৰণৰ ফলাফলেই চৰকাৰে পাব। এখন গণতান্ত্ৰিক দেশত আৰক্ষীৰ পদমৰ্যাদা আৰু ভূমিকাক চৰকাৰী পক্ষই নিজৰ স্বাৰ্থত ব্যৱহাৰেৰে পদাঘাট কৰিলে ইয়াৰ বিচাৰ, বিশ্লেষণ সময়ে কৰিব।
বিনীত বাগাৰীয়াৰ পৰিয়ালে ন্যায় পাওক। অপৰাধীৰ কঠোৰ শাস্তি হওক। চলিবলগীয়া ঠাইত বুলড'জাৰ চলক। কিন্তু খাকী পোচাকত দাগ লগাৰ পিছত এনেকুৱা ধৰণৰ প্ৰতিশোধৰূপী প্ৰতিক্ৰিয়াই আহি থকা দিনবোৰৰ এখন ভয়াৱহ ছবিৰ উমানো দি যায়। সজাগ হওক, সতৰ্ক হওক।