/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/AP-bikhekh-lekha-BHUPEN-BORAH.jpg)
মৃদুল কুমাৰ সন্দিকৈ
তুমি অসমীয়া/ তুমি নুবুজিলা/তোমাৰেই অতীতৰ অমিয়া/ কমলাকান্তই লিখিছে কবিতা/ তুমি অসমীয়া/তুমি নুবুজিলা/তোমাৰেই অতীতৰ অমিয়া….ঠিক তেনেকুৱাই। কমলাকান্তই নহয়, এইবাৰ কবিতা লিখিছে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হঠাৎ কবি হৈছে।
দেশে ৭৩সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ভূপেন বৰাই কবিতাৰ জৰিয়তে সাব্যস্ত কৰিব খুজিছে সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ। কবিতা প্ৰতিবাদৰ শক্তিশালী ভাষা। সেই ভাষাই মানুহক সহজতে চুই যায়।
শ্ৰমিকসকলে প্ৰতিবাদৰ সেই শ্লোগানসমূহো কাব্যধৰ্মী মনৰ ক্ষোভ আৰু অভিব্যক্তি। একেদৰে কমলাকান্ত বা অম্বিকাগিৰিৰ কবিতাত অসমীয়াৰ বাবে আছে চেতনা প্ৰবাহিত সময়ৰ আহ্বান আৰু সকিয়নী। সেই পথেৰেই যেন যাত্ৰী হ'ব খুজিছে এইবাৰ ভূপেন বৰা।
অসমৰ ৰাজনীতিত কোনো ৰাজনৈতিক নেতাই কবিতা লিখি প্ৰতিবাদ সাব্যস্ত কৰা এয়াই হয়তো আনুষ্ঠানিকভাৱে প্ৰথম ঘটনা। সুবক্তা হিচাপে ভূপেন বৰাৰ নাম আছে। ৰাজনীতিত বাক্যবাণৰ যুদ্ধত যুক্তি আৰু সময়ৰ সৈতে সংগতি ৰাখি ভূপেন বৰাই যিবোৰ কথা উত্থাপন কৰে, সেইবোৰ প্ৰাসংগিক।
প্ৰসংগ আছিল নগাঁৱত নিৰপৰাধী ছাত্ৰ নেতাক আৰক্ষীয়ে গুলীবৰ্ষণ কৰা ঘটনাৰ পিছৰ পৰ্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি কৌশলেৰে এই ঘটনাক সাধাৰণ ঘটনা বুলি যুক্তি দৰ্শাবলৈ গৈ একপ্ৰকাৰে আৰক্ষীক ক্লীণশ্বিট দিয়াৰ প্ৰস্তুতিয়েই চলাইছিল।
মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানৰ কথা দোহাই তেনে ঘটনাৰ পোষকতাৰে এই জুই জ্বলিছে জ্বলিবই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। ইয়াৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কৈছিল- মুখ্যমন্ত্ৰীয়ে যদি জুই জ্বলাই, তেওঁ ফায়াৰ ব্ৰিগেড হৈ পানী ঢালিব সেই জুইত।
তাৰ পাছতেই সৃষ্টি হ'ল ভূপেন বৰাৰ কবিতা- মই ফায়াৰ ব্ৰিগেড। এটা ৰাজনৈতিক কবিতা এনেদৰেই জন্ম হ'ল। কবি বৰাই লিখিছে- বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই।/ নিবনুৱাৰ বুকুতো জ্বলিছে জুই, /বুলেট খাই কীৰ্তিকমল আছে শুই।/
প্ৰতিবাদৰ লগতে তীৰ্যক বাক্যবাণেৰে কবিতাৰ মাধ্যমৰে এই চৰকাৰক এইবাৰ আক্ৰমণৰ লক্ষ্য ভূপেন বৰাৰ। ২৬লাইনৰ এই কবিতাত ভূপেন বৰাই দুখীয়াৰ পেটত জুই জ্বলা, বিজেপিৰ বিধায়ক অপৰাধীক ধৰিলে দিয়া ভাবুকিকো উত্থাপন কৰিছে।
বৰাৰ ভাষাত- "দুখীয়াৰ পেটতো জ্বলিছে জুই।/ শুদা চাউল এমুঠি খাই আমিও আছো শুঁই।/পুলিচ পিটিকা হ'ব অপৰাধী ধৰিলে।" কবি হিচাপে ভূপেন বৰাৰ পূৰ্বৰ পৰিচয় নাছিল। তেওঁ আছিল নেতা, কিন্তু এই কবিতাত তেওঁৰ নিজৰ ৰাজনৈতিক দৰ্শন আৰু চৰকাৰী পক্ষক লক্ষ্য কৰি লৈ সাধাৰণ মানুহৰ মাজলৈ কিছু ভাষ্য লৈ যোৱাৰ বাবে কৰা প্ৰয়াস লক্ষ্যণীয়।
কবিতাত সকলো কথা মুকলিকৈ কৈ দিয়া নাযায়। কবিতাই নিজেও কথা কয়। কবিতাৰো আছে নিজস্ব ভাষা। পাঠকে বুজি পায় কবিয়ে কালৈ ইংগিত কৰিছে। তেনে এটা শাৰী সেই কবিতাটোত কবি বৰাই বৰ কৌশলেৰে লিখিছে- "সংবাদ সোপা দিব ৰাজমাতাৰ খবৰ ছপালে।' ইয়াত ৰাজমাতা কোন? কোনো কাকো বুজাই ক'ব নালাগে। সেই খবৰ কি সেই কথাও কৈ দিয়াৰ প্ৰয়োজন নাই। ভূপেন বৰাৰ কবিতাটোত এই শাৰীটোও অন্যতম এটা উল্লেখযোগ্য শাৰী।
সীমান্তৰ ভূমি বিবাদৰ প্ৰসংগ, মেঘালয়ক সীমান্তৱৰ্তী বহু অঞ্চল এৰি দিয়াৰ চলা প্ৰস্তুতি আৰু গণতান্ত্ৰিক মৰ্যদাবোধক প্ৰতীকিধৰ্মত কবিতাৰ জৰিয়তে বৰাই তুলি ধৰি কা আন্দোলনৰ পঞ্চ শ্বহীদকো কবিতাৰ মাজলৈ লৈ আহিছে।
এইটো যে এটা ৰাজনৈতিক কবিতা। সেয়েহে কবিতাটো পঢ়োতে ঘটনাৰাজিবোৰে ভুমুকি মাৰেহি- মিজো সীমান্ততো জ্বলি আছে জুই।/ দেখিছিলো তাত চকুৰপানী নৈ।/ জাতি মাটি ভেটি এৰি দিব গৈ,/ মেঘালয়ে আদৰিব বৰপীৰা লৈ।/ গণতন্ত্ৰ আমাৰ মন্ত্ৰ,/ন্যায় সমতা স্বাধীনতা আৰু ভাতৃত্ব/ আজিৰ অসমত সকলো লাঞ্চিত-বঞ্চিত।/ ছেম দীপাঞ্জল বিজেন্দ্ৰ আলিম আৰু ঈশ্বৰেও দেখিলে জুই,/ তেজে ধোৱা পঞ্চ শ্বহীদ দেশমাতৃৰ কোলাত আছে শুই।/
অভিযোগ উঠে সম্প্ৰীতি বিনষ্ট হৈছে। সাম্প্ৰদায়িকতাৰ বিষবাষ্পই আমাক গিলিছে। এই বিষবাষ্প বিয়পোৱা সকলে ইয়াৰ জৰিয়তে ৰাজনৈতিক মুনাফা লুটিছে। মানুহৰ মাজত ধৰ্মৰ নামত ভাগ ভাগ কৰা হৈছে। জাতি, ধৰ্ম আদিক লৈ কৰা এই ৰাজনীতিৰ প্ৰতিও যেন কবি বৰা সচেতন।
নেতা নহয় কবি ভূপেন বৰাৰ ভাষাত- খৰি ফলাদি জাতি ফালিছে/ দাউদাউকৈ যেন জ্বলিছে জুই/ জাতিৰ মূৰত জ্বলিছে হৃদয়তো জাতিৰ একুৰা জুই।/ " এই জুই কবিৰ মতে চৰকাৰে জ্বলাইছে। আৰু হেনো নুমুৱাব তেওঁ। চৰকাৰ কোন সকলোৱে জানে।
কবিতাৰ মাধ্যমেৰে এই অভিযোগ কবিয়ে তুলিছে- চৰকাৰ তই জ্বলাইছ/মই নুমুৱাম/ময়েই ফ্ৰায়াৰ ব্ৰিগেড হৈ পানী ছটিয়াম/ মই জুই নুমুৱাম।।/" কবিতাত ৰাজনীতিৰ ভাষ্য। সময়ক ধৰি ৰাখি জনোৱা প্ৰত্যাহ্বানৰ এই নতুন প্ৰয়াসক সাধাৰণ মানুহে কেনেদৰে লয় সেয়া সময়ে ক'ব। কিন্তু সুখপাঠ্য এই কবিতাত আছে বাস্তৱৰ প্ৰতিচ্ছবি। কেৱল পঢ়োতে ইয়াক কোনো ৰাজনৈতিক নেতাই লিখি ৰাজনীতিৰ কবিতা বুলি ধৰি নলৈ সময়ৰ ঘটনাপ্ৰৱাহক কবিতাৰ মাধ্যমৰে মানুহৰ মাজলৈ প্ৰতিবাদৰ কন্ঠ ৰূপত লৈ যোৱা এক প্ৰয়াস বুলিও গ্ৰহণ কৰিব পাৰি…