সদা চিপাহী নাই ! ১০০০ৰ বিপৰীতে ১ জনহে আৰক্ষী

সদা চিপাহী নাই ! ১০০০ৰ বিপৰীতে ১ জনহে আৰক্ষী

author-image
asomiyapratidin
New Update
সদা চিপাহী নাই ! ১০০০ৰ বিপৰীতে ১ জনহে আৰক্ষী

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

বিশ্বাসৰ অবিহনে সু-সম্পৰ্ক সম্ভৱ নহয়। সংঘাতৰ কাৰণ বিশ্বাসহীনতা আৰু অসন্তুষ্টি। তেনে অসন্তুষ্টিৰ সৃষ্টি হ'লে সংঘাত অনিবাৰ্য। সেয়েহে যিকোনো মূল্যৰ বিনিময়ত বিশ্বাস আৰু প্ৰমূল্য ৰক্ষা কৰাটো যিকোনো সম্পৰ্কৰ বাবেই প্ৰাথমিক চৰ্ত।

বটদ্ৰৱাৰ কাণ্ডৰ পাছত কোন জগৰীয়া তাকলৈ ভালকৈয়ে আলোচনা হৈছে। সেই ঘটনাৰ আলম লৈ চৰ্চিত আৰু আলোচিত কথাবোৰে গভীৰ ভাৱে আৰক্ষী আমাৰ সমাজ তথা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি কিছু ইংগিত প্ৰদান কৰিছে। ওপৰে ওপৰে এই কথাবোৰ খবৰত উল্লেখ কৰা তথ্য বা ব্যাখ্যাতেই সীমাবদ্ধ হৈ আছে।

'খুনকা বদলা খুন' হ'ব নোৱাৰে। এই কথা দুয়ো পক্ষই উপলব্ধি কৰিব লাগিব। এখন থানা জ্বলাই দিয়া বা থানাত আৰক্ষীক মাৰপিট কৰা ঘটনাৰ বাবে সেই সংশ্লিষ্ট থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰাটোৱেই এখন চৰকাৰৰ পদক্ষেপ গ্ৰহণৰ প্ৰথম পৰ্যায় বুলি ধৰি ল'ব নোৱাৰি।

বটদ্ৰৱাৰ সেই থানাখনত কিমান আৰক্ষীৰ লোক আছে? সংশ্লিষ্ট ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কিমান সময় ধৰি কাম কৰি, সেই সময়ত তেওঁ ক'ত আছিল? মানুহ যন্ত্ৰ নহয়। উগ্ৰ ৰূপ ধৰা হাজাৰ হাজাৰ মানুহৰ সন্মুখত আৰক্ষী কেতিয়াবা নিস্ক্ৰিয় হৈ পৰাটোৱেই স্বাভাৱিক।

উগ্ৰ হিংসাত্মক কৰ্মকাণ্ডৰে যিসকল লোকে প্ৰায়েই এনে ধৰণৰ কাৰ্য সংঘটিত কৰে তেওঁলোকৰ মানসিকতাক কেৱল প্ৰতিশোধেৰে সলনি কৰিব নোৱাৰি। সৌ সেইদিনা গোলাঘাট আঠখেলিয়াৰ বেবেজিয়াত ঘৰৰ ভিতৰত সোমাই দ্বিপেন দাসক হত্যা কৰিছিল এজন বিশেষ সম্প্ৰদায়ৰ লোকে।

নাজিজুল নামৰ এই ব্যক্তিজনক কঠোৰ শাস্তি দিবলৈ স্থানীয় দল সংগঠনে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আইন হাতত তুলি লোৱা নাই। প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে সামাজিক শান্তি শৃংখলাৰ প্ৰতি এই শ্ৰেণীৰ লোক যে সচেতন সেই কথা প্ৰকাশ পাইছে। কিন্তু বটদ্ৰৱাৰ দৰে ঘটনাবোৰে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত সেইয়া প্ৰতিবাদৰ সলনি অপৰাধ হৈ পৰে।

তেনে কৰিলে যুক্তিগত ভাৱে ধৰ্ম নিৰপেক্ষতাৰে সেই কথাবোৰ সমৰ্থন কৰা ক'ৰবাত যুক্তি থাকিলেও তেনে কৰিবলৈ ক'ৰবাত সংকুচবোধ হয়। এইধৰণৰ মানসিকতাক কোনো কাৰণতেই পৃষ্ঠপোষকতা কৰিব নোৱাৰি। আজিও তেনে এক শ্ৰেণীয়ে অপৰাধী বা মাফিয়া ৰাজত জড়িত সকলক উৎসাহিত কৰি আহিছে।

আৰক্ষীৰ ভাষ্য সদায় নিজৰ পক্ষেই হয়। কিন্তু ঘটনাৰ বাস্তুৱতাক বিশ্লেষণ কৰি যি ধৰণে সমগ্ৰ ঘটনাৰাজিক বিচাৰ কৰিব পাৰি সেই বিচাৰধাৰাই কেৱল আৰক্ষীক অভিযোগৰ ভিত্তিত জগৰীয়া কৰিবলৈ অসুবিধা হয়। মৃতলোকজন সুৰা সেৱন কৰি এটা স্থানত পৰি আছিল।

কৰ্তব্য সামৰি যোৱা এজন আৰক্ষীৰ জোৱানেই তেওঁক দেখি থানাত খবৰ দিছিল। থানাৰ পৰা গৈ লোকজনক লৈ অহা হৈছিল। আকস্মিকভাৱে লোকজনৰ যদি মৃত্যু হয়, তেনেহ'লে তেওঁৰ মৃত্যুৰ বাবে আৰক্ষীক জগৰীয়া কৰিব নোৱাৰি। আনহাতে কোনোবাই কৰা অভিযোগৰ সত্যতাক বিচাৰ নকৰাকৈ ধন নিদিয়াৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ফলত আৰক্ষীৰ জিম্মাত লোকজনৰ মৃত্যু হোৱা কথা কেনেকৈ মানি ল'ব পাৰি?

এই সমগ্ৰ ঘটনাৰ দৃষ্টিকোণ বিভিন্ন কাৰকৰ সৈতে জড়িত হৈ আছে। আৰক্ষীয়ে সুৰাসক্ত লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰিছিল নে? মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কি কয়? পৰিয়ালৰ লোকে তেওঁক লকআপত ভৰাই থোৱাৰ সময়ত সাক্ষাৎ কৰিছিল নেকি?

বিভিন্ন সময়ত দেখা যায় আৰক্ষীও ধোঁৱা-তুলসীৰ পাত নহয়। ক্ষমতা, সাক্ষ্য, প্ৰমাণ নিজৰ হাতত থকাৰ সুত্ৰেই বিচৰা ধৰণেই এক ঘটনাক আৰক্ষীয়ে নিজৰ পক্ষে উপস্থাপন কৰিব পাৰে। নগাওঁ ছাত্ৰনেতাক লৈ কৰা গুলীৰ পাছতে আৰক্ষীয়ে ভাল শিক্ষা লাভ কৰিছিল।

পৰৱৰ্তী সময়ত কঠোৰ হোৱাৰ নামত একাংশ লোকক ধৰি নি ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগত আৰক্ষী অভিযুক্ত হৈ আছে। সেই ধৰণৰ ঘটনাই আৰক্ষীৰ বিশ্বাসযোগ্যতাত আঘাতহানি থৈছে। তাৰ পাছতো আৰক্ষীৰ পক্ষত থাকি আৰক্ষীৰ বাবেই এই কথা ক'ব লাগিব যে আৰক্ষীৰ গাত হাত দিয়া সেই সাহস আৰু থানা জ্বলাই দিবলৈ এনে মৰসাহ তেওঁলোকৰ মনৰ পৰাই আঁতৰিবই লাগিব।

এখন দেশত বাসকৰা সুত্ৰেই আইন মানি চলিবলৈ সকলো বাধ্য। অপৰাধীক ধৰিবলৈ গ'লেই আৰক্ষীক বাধা দি আক্ৰমণ চলাই তেওঁলোকে সংঘটিত কৰা কাণ্ডবোৰো বটদ্ৰৱাৰ কাণ্ডৰ আলমেৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন। আন ৰাজনৈতিক মতাদৰ্শৰ বিপৰীতে এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে যিসকল লোকৰ প্ৰৰোচনাই এইবোৰ কাৰকক প্ৰভাম্বিত কৰে সেই কাৰকবোৰ সেই সমাজখনৰ লোকসকলেই বিচাৰি উলিয়াই তাক সংশোধন কৰিবলৈ যত্ন কৰিব লাগিব।

সৰু সৰু কথাতেই সংঘাত, মাৰ-পিট, হত্যাকাণ্ড, চুৰি-ডকাইত আদি অপৰাধৰ উপৰিও ড্ৰাগছৰ চোৰাং সৰবৰাহকে ধৰি গাঁওৱে-ভূঁইয়ে, চহৰে-নগৰে অপৰাধীৰ সাম্ৰাজ্য গঢ়ি তুলিবলৈ তেওঁলোকক কোনেও অনুমতি দিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে যিদলৰ চৰকাৰেই নাথাকক ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব।

এক পৰিৱৰ্তন কামি চিন্তাৰে সমাজখনক ইতিবাচক দিশত আগুৱাই নিবলৈ চেষ্টা কৰাৰ সময়তে জেহাদী, মৌলবাদী ধাৰণাৰে সকলোকে সাঙুৰি এক ধ্বংসকামী চিন্তাৰ পাতনি মেলিবলৈও কোনেও চেষ্টা কৰিব নালেগ। বটদ্ৰৱা কাণ্ডৰে সেই অঞ্চলৰ জনগাঁথনি বিন্যাসো মন কৰিবলগীয়া।

গৰুখুঁটিত উচ্ছেদৰ সময়তো অনুৰূপ ধৰণেই সংঘাতৰ পৰিণতিত ৩ জনে প্ৰাণ হেৰুৱাইছিল। এন আৰ চিৰ কাম কাজ আৰম্ভ কৰোটে বৰপেটাত কি হৈছিল? যিসকলে নেতৃত্ব দিয়ে তেওঁলোক সদায় পিছত থাকে। আন সহজ-সৰল একো বুজি নোপোৱা লোকে প্ৰাণ হেৰুৱায়।

এইদৰে ৰাজনৈতিক দন্দৰ পৰিণতিত সুযোগ গ্ৰহণেৰে সৰু ঘটনা এটাক বিক্ষিপ্ত কৰি প্ৰতি হিংসাৰ জুই জ্বলাই পৰিৱেশ বিনষ্ট কৰিবলৈ এচাম ৰৈ থাকে। অসম আৰক্ষীৰো বহু ভুল আছে। তেনে স্পৰ্শকাতৰ অঞ্চলসমূহত পৰ্যাপ্ত মানৱ সম্পদ আৰক্ষীয়ে বা চৰকাৰে কিয় দিব পৰা নাই?

বছৰি ৫ হাজাৰৰো অধিক কোটি টকা ব্যয়ৰে অসম আৰক্ষী পৰিচালিত হয়। বহু থানাত মানুহেই নাথাকে। বটদ্ৰৱাৰ এই থানাখনতেই আৰক্ষী বিষয়া, কনিষ্টবল মিলি মাত্ৰ ৬ জনহে লোক আছিল। ৰাজ্যত ২০১১ চনতেই হোৱা লোকপিয়লৰ তথ্য অনুসৰি মুঠ জনসংখ্যা ৩,১১,৬৯,২১১ জন।

সেই হিচাপত অসম আৰক্ষীত বিষয়া, কৰ্মচাৰীৰ সংখ্যা ৬১,৩১০ জন। অৰ্থাত প্ৰতি ৫০০ জনৰো অধিক লোকৰ বিপৰীতে একো একোজন পুলিচ। আইন শৃংখলাৰ দায়িত্বৰ উপৰিও এইসকল আৰক্ষীয়ে আন কামতো জড়িত হৈ থাকিব লাগে।

বিষয়াসকলক বাদ দিলে আৰু কনিষ্টবল বা তলৰ বিষয়াসকলক ধৰিলে সম্ভৱ ১০০০ জন জনসংখ্যাৰ বিপৰীতে একোজনকৈ আৰক্ষী। ইমান বৃহৎ সংখ্যক লোকক তাত্বিক দৃষ্টি ভংগীৰে এজন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাটো সম্ভৱনে সেয়া আপুনিয়েই কওক।