বশিষ্ঠ দেৱ শৰ্মা...

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

এজন ব্যক্তি নহয়, এটা অনুষ্ঠান আছিল তেওঁ। কেৱল আধ্যাত্মিক সত্বাৰে নহয় সামাজিক দায়বদ্ধতাৰে তেওঁ সমাজখনক নেতৃত্ব দিছিল। তেওঁৰ মহাপ্ৰস্থানৰ পাছত কেৱল বৰপেটা সত্ৰতে নহয় সামগ্ৰিকভাৱে ৰাজ্যৰ বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিমণ্ডলত বৃহৎ শূণ্যতা সৃষ্টি কৰিলে।

প্ৰগতিশীল মন, সংস্কাৰবাদী চিন্তা আৰু বৰ্ণাঢ্য জীৱনৰ গৰাকী আছিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা। তেওঁৰ দৰে আধ্যাত্মিক গুৰু, পাণ্ডিত্য আৰু ব্যক্তিত্ব থকা লোক নাই বুলিবই পাৰি।

গহীন গম্ভীৰ কণ্ঠ, উদাৰ দৃষ্টিভংগী আৰু নতুন প্ৰজন্মক লোক-কৃষ্টিৰ পাঠ দি আগুৱাই নিয়া এই মহান ব্যক্তি বিশেষৰ ব্যক্তিত্বই সকলোকে সন্মোহিত কৰিছিল। বশিষ্ঠ দেৱ শৰ্মা আছিল আঁৰৰ মানুহ। এজন সাধাৰণভাৱে থকা অসাধাৰণ ব্যক্তি। তেওঁৰ কণ্ঠত নিগৰিত হোৱা ঘোষা, বৰগীত, হোলী গীতে মানুহৰ মনত ভক্তি ভাৱৰ সৃষ্টি কৰিছিল।

থিয় নামৰো এগৰাকী সুদক্ষ শিল্পী আছিল তেওঁ। এক সুঠাম আৰু পৰিশীলিত জীৱনেৰে শংকৰী সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰশিক্ষণ দিছিল নৱপ্ৰজন্মক। নিমগ্ন হৈ হাতত যেতিয়া ভোৰতাল তুলি লৈছিল এক নিৰ্দিষ্ট ভংগীমাৰে, হস্ত-মুদ্ৰাৰ অৰ্থব্যঞ্জক প্ৰকাশেৰে এইগৰাকী বুঢ়া সত্ৰাধিকাৰে গায়ন শৈলীত দিছিল ভক্তি মাৰ্গ দৰ্শনত নতুনত্বৰ সন্ধান।

সকলোৰে আপোন আৰু শ্ৰদ্ধাৰ আছিল তেওঁ। শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি বৰপেটা সত্ৰৰ প্ৰথম ডেকা সত্ৰাধিকাৰ আৰু পৰৱৰ্তী সময়ত বুঢ়া সত্ৰাধিকাৰ হিচাপে বশিষ্ঠ দেৱ শৰ্মাই যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে।

১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম হৈছিল তেওঁৰ। তেখেতৰ পিতৃৰ নাম আছিল গিৰীশ চন্দ্ৰ দেৱ শৰ্মা আৰু মাতৃৰ নাম আছিল দময়ন্তী দেৱী। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পৰম্পৰা অনুসৰণ কৰা দেৱ শৰ্মাই আকাশবাণীযোগেও কীৰ্তন, ঘোষা, নাও খেলৰ গীত, ভাওনা আদিৰ চৰ্চা কৰিছিল।

সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱন উচৰ্গা কৰি সেইবোৰ নিখুঁতভাৱে নৱপ্ৰজন্মক দি যাবৰ বাবে তেওঁৰ পৰিচালনা আৰু কণ্ঠদানেৰে বহুকেইখন শ্ৰব্যকেছেট প্ৰস্তুত কৰিছিল। তাৰ ভিতৰত সুন্দৰ, হৰি গুণ গাই নাচা, দেৱ যদুপতি, বনমালী ৰাম উল্লেখযোগ্য।

১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে তেওঁ নিৰ্বাচিত হৈছিল। ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ হিচাপে দায়িত্ব লৈছিল। বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহক পদ্ধতিগতভাৱে সংস্কাৰ আৰু উৎকৰ্ষ সাধনৰ বাবে তেওঁ গ্ৰহণ কৰিছিল বহু উল্লেখনীয় পদক্ষেপ।

২০১৫ চনত তেওঁ গৈছিল লখিমপুৰলৈ। তাতে মিচিং জনগোষ্ঠীয় এক অঞ্চললৈ গৈ তাত থকা চাঙনী সত্ৰত এজন মিচিং সম্প্ৰদায়ৰ লোকক সত্ৰাধিকাৰ পাতি দিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৰে তেওঁ আছিল উদাৰ আৰু ব্যক্তি উৰ্ধত কৈ সমাজৰ হকে নিজৰ উৎসৰ্গিত কৰিব পৰা এক প্ৰাণ।

মাধৱদেৱৰ নীতি আদৰ্শৰ ধ্বজাবাহক আছিল বশিষ্ঠ দেৱ শৰ্মা। এজন সু-অভিনেতাও আছিল তেওঁ। বিভিন্ন প্ৰান্তলৈ গৈ তেওঁ অভিনয়ো কৰিছিল। কেৱল বৰপেটাৰে সমাজ জীৱনৰ প্ৰাণস্পন্দন নাছিল তেওঁ। পিছপৰা জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ তেওঁ ঘূৰি ফুৰিছিল।

তেওঁ আছিল এজন সু-লেখক। তেওঁ ৰচনা কৰিছিল বহু প্ৰৱন্ধ। নাও খেলৰ গীত, মহোহো গীত, পূৰ্ণ মানৱ সমন্বয়ৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, সত্ৰীয়া নীতি-বিচাৰ, মানৱ জীৱন চন্দন কাঠ আদি তেওঁৰ সৃষ্টিৰ অন্যতম। সাংস্কৃতিক মহাসভাৰ পৰা জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা, মাধৱদেৱ বঁটা তেওঁক প্ৰদান কৰা হৈছিল।

তেওঁৰ জীৱন চৰ্যাত কেৱল ধৰ্মীয় অনুভূতিয়ে স্থান পোৱা নাছিল। তেওঁ আছিল প্ৰকৃতিপ্ৰেমী। ধৰ্মক তেওঁ কৰ্মৰ মাজেৰে তুলি ধৰিব খুজিছিল। সেয়েহে তেওঁ আছিল ব্যতিক্ৰম, শ্ৰদ্ধেয় আৰু অনুকৰণীয়। তেওঁৰ প্ৰতিভাৰ সম্ভাৰ আছিল।

সত্ৰীয়া সংস্কৃতিৰ প্ৰতিটো কথাই তেওঁৰ নখ দৰ্পনত। ঈশ্বৰত্ব সন্ধানৰ বাবে তেওঁৰ ব্যক্তিত্বই মানুহক সন্মোহিত কৰিছিল। দাম্ভিকতাৰ বিপৰীতে তেওঁৰ সৰলতাই সাধাৰণ লোকসকলক আকৰ্ষিত কৰিছিল। সেয়েহে তেওঁৰ বিয়োগৰ পাছত সকলোৱে এক মুখে, সশ্ৰদ্ধাৰে কৈছে - তেওঁৰ দৰে সত্ৰাধিকাৰ হয়তো আৰু আমি কেতিয়াও নাপাম।

এই মহান ব্যক্তিজনৰ বিয়োগত যি শূণ্যতা সৃষ্টি হ'ল সেই অভাৱ আমি পদে পদে অনুভৱ কৰিম। কেতিয়াও তেওঁ কক্ষচ্যুত হোৱা নাছিল। গহীন গম্ভীৰভাৱে যিকোনো প্ৰত্যাহ্বানৰ তেওঁ সন্মুখীন হৈ সমাধানৰ বাট কৰ্ষন কৰিছিল। বৰপেটা সত্ৰত মহিলা প্ৰৱেশক লৈ সৃষ্টি হোৱা বাদানুবাদৰ সময়ত তেওঁ কৈছিল ৰাইজে যেতিয়াই বিচাৰে তেতিয়াই সেই বাট মুকলি হ'ব। মই ৰাইজৰ উৰ্ধত নহয়।

সংকীৰ্ণতাৰ বিপৰীতে বিশালতাৰে বশিষ্ঠ দেৱ শৰ্মাই এখন প্ৰগতিশীল সমাজৰ সপোন দেখিছিল। সেই সমাজত উচ্চ-নিম্ন বিভেদ নাছিল। মানবীয় প্ৰৱণতাৰে সমৃদ্ধ সেই সুস্থ সমাজখনৰ অগ্ৰদূত তেওঁ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in