এটা কবিতাৰ নাম বৰ্ষাশ্ৰীঃ আলফা নহয়, অধ্যাপিকাহে হ’ব খোজে..

এটা কবিতাৰ নাম বৰ্ষাশ্ৰীঃ আলফা নহয়, অধ্যাপিকাহে হ’ব খোজে..

author-image
asomiyapratidin
New Update
এটা কবিতাৰ নাম বৰ্ষাশ্ৰীঃ আলফা নহয়, অধ্যাপিকাহে হ’ব খোজে..

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আলফা হ'ব নুখোজে বৰ্ষাশ্ৰী। বিদ্ৰোহৰ কবিতা লিখিলেও বৰ্ষাশ্ৰীৰ লক্ষ্য এগৰাকী অধ্যাপিকা হোৱা। ৬৫ দিনৰ অন্তত বৰ্ষাশ্ৰী কাৰাগাৰৰ পৰা নিজৰ ঘৰলৈ ঘূৰি আহিছিল। প্ৰথমটো নিশা কাৰাগাৰৰ পৰা আহি ঘৰত অতি ব্যস্ততাৰে কটালে বৰ্ষাশ্ৰীয়ে।

বৰ্ষাশ্ৰীৰ খবৰ ল'বলৈ ঘৰখনত মানুহৰ ভিৰ। সেয়া বৰ্ষাশ্ৰীৰ প্ৰতি মানুহৰ আন্তৰিকতা। বৰ্ষাশ্ৰী হয়তো আৰু কিছু দিন কাৰাগাৰতেই থাকিবলগীয়া হ'লহেতেন। যদিহে সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে এনে প্ৰতিবাদ সৃষ্টি নহ'ল হেতেন।

স্বীকাৰ কৰিব পাৰক বা নোৱাৰক বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ সময়ত মূল সুঁতিৰ সংবাদ মাধ্যমে ইয়াক বৰ বিশেষ গুৰুত্ব দিয়া নাছিল। সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত বৰ্ষাশ্ৰীয়ে অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাক লৈ সৃষ্টি হোৱা অনিশ্চিত পৰিৱেশৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বৰ্ষাশ্ৰীৰ সমৰ্থনত সকলো ওলাই আহিছিল। তাৰপাছত হে এই বিষয়টো সামাজিক মাধ্যমৰ পৰা মূল সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল। পৰৱৰ্তী সময়ত কি হৈছিল সেয়া সকলোৱে জানে। বৰ্ষাশ্ৰীয়ে কবিতা লিখিছিল। কেৱল বিদ্ৰোহৰ কবিতা বৰ্ষাশ্ৰীয়ে লিখা নাছিল।

ৰোমাণ্টিক আৰু দুখৰ কবিতাও বৰ্ষাশ্ৰীয়ে লিখিছিল। বৰ্ষাশ্ৰীয়ে কৈ গৈছিল সেইবোৰ কথা। প্ৰথমটো নিশা ঘৰলৈ আহি কুন্দুলিৰ ভাজিৰে ভাত খাইছিল। বহুদিনৰ মূৰত ঘৰখনে তেওঁক পাই আৱেগে নধৰা হৈছিল। বৰ্ষাশ্ৰীৰ মতে প্ৰথমবাৰৰ বাবে জন্মদিন কাৰাগাৰৰ ভিতৰতেই পাৰ হৈছিল।

কি হৈছিল বৰ্ষাশ্ৰীয়েও বুজা নাছিল। উৰিয়ামঘাট আৰক্ষীয়ে এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱা সময়ত বৰ্ষাশ্ৰীক আটক কৰি আনিছিল। আৰক্ষী বিষয়াই তেওঁক সুধিছিল তেওঁ সেই কবিতা কাৰ বাবে লিখিছিল? বৰ্ষাশ্ৰীয়ে কৈছিল মন্ত সৃষ্টি হোৱা আৱেগ আৰু অনুভৱৰ বাবে তেওঁ কবিতা লিখিছিল। কেতিয়াও তেওঁ ভৱা নাছিল সেয়া ৰাষ্ট্ৰদ্ৰোহৰ কবিতা হৈছে।

বৰ্ষাশ্ৰীয়ে ভাবিছিল আৰক্ষীয়ে তেওঁক এৰি দিব। ঘৰৰ দেউতাক আৰু ককায়েকৰ সৈতে আৰক্ষীয়ে কথা পাতিছিল। আৰক্ষী বিষয়াজনে তেওঁক পুৱা এৰি দিয়াৰ কথা কৈছিল। এগৰাকী মহিলা কনিষ্টবলৰ সৈতে তেওঁক নিশাটো কটাব দিয়া হৈছিল।

দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ নিওতে কোনোবাই বৰ্ষাশ্ৰীক শিকাই দিছিল উকীল ধৰিছো বুলি কবলৈ। বৰ্ষাশ্ৰীয়ে আইনৰ তলা-নলা বুজি নাপায়। তাই অংকৰ ছাত্ৰী। সেইধৰণেই বৰ্ষাশ্ৰীয়ে কৈছিল দণ্ডাধীশৰ আগত। তাৰ পাছত যেতিয়া বৰ্ষাশ্ৰীক গাড়ীত উঠাই লৈ গৈছিল তেতিয়া ভাবিছিল ঘৰলৈ লৈ যোৱা বুলি।

গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত উপস্থিত হৈ হে গম পাইছিল ঘৰলৈ নহয়, জে'ললৈ নিক্ষেপ কৰা হৈছে তাইক। কাৰাগাৰত থকা এই ৬৫ দিনৰ সময়ে বৰ্ষাশ্ৰীক বহু কথাই শিকালে। কাৰাগাৰৰ পৰা ওলাই আহি বৰ্ষাশ্ৰীয়ে কৈছিল যি হৈ গ'ল তাৰ বাবে মই অনুতপ্ত।

কিহৰ বাবে অনুতপ্ত বৰ্ষাশ্ৰী? নিলিখে নেকি আৰু কবিতা? বৰ্ষাশ্ৰীয়ে সেই উত্তৰো দিলে। দুটা শাৰীৰ কবিতাৰ পংক্তিয়ে তেওঁক বহু জ্বলা-কলা খোৱালে। বৰ্ষাশ্ৰীয়ে দাবী কৰে এই কবিতাশাৰী কেইটা লিখাৰ বাবে তেওঁ কোনোবা নিষিদ্ধ ঘোষিত সংগঠনক সমৰ্থন কৰাটো নুবুজায়।

যি হৈ গ'ল তাৰ বাবে অনুতপ্ত। কবিতা তেওঁ ভাল পাই লিখে। কবিতা নিলিখাকৈ থাকিব নোৱাৰে। চৰ্চা হোৱা আলফা স্বাধীনত তেওঁ যোগ দিব বুলি উঠা অভিযোগ বৰ্ষাশ্ৰীয়ে নাকচ কৰিলে। আলফা স্বাধীন নহয় তেওঁৰ জীৱনৰ লক্ষ্য এগৰাকী ভাল অধ্যাপিকা হোৱা।

দৰিদ্ৰতা আৰু অভাৱ-অভিযোগৰ মাজতো সেই লক্ষ্য লৈয়ে বৰ্ষাশ্ৰীয়ে পঢ়া-শুনা কৰিছে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি ভাল ফলাফল কৰা বৰ্ষাশ্ৰী এতিয়া স্নাতক মহলাৰ ছাত্ৰী। অংকক মূল বিষয় হিচাপে লৈ ডিচিবি কলেজত পঢ়ি থকা বৰ্ষাশ্ৰীয়ে কাৰাগাৰৰ পৰাই পৰীক্ষা দিবলগীয়া হৈছিল দ্বিতীয় ছেমিষ্টাৰৰ।

দুটা দিনৰ পৰীক্ষা ভাল বেয়াৰ মাজতে গৈছে। ঘৰলৈ আহিয়েই পঢ়া শুনাত মন দিবলৈ বৰ্ষাশ্ৰীয়ে চেষ্টা কৰিছে। ৩০ জুলাইত আছে বৰ্ষাশ্ৰীৰ পৰীক্ষা। ১ আগষ্টত শেষ হ'ব এই পৰীক্ষা। পঢ়িবৰ বাবে বৰ্ষাশ্ৰীক সময়ৰ প্ৰয়োজন। এই সময়খিনি বৰ সংবেদনশীল।

আৰক্ষী বা ৰাষ্ট্ৰযন্ত্ৰই কোৱাৰ দৰে বৰ্ষাশ্ৰীয়ে একো কৰা নাছিল। দুটা শাৰীৰ কেৱল কবিতা লিখিছিল। তাৰ পাছতেই বৰ্ষাশ্ৰীৰ ওপৰত এক প্ৰকাৰৰ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ। বৰ্ষাশ্ৰী ভাগি পৰা নাই। কিন্তু দুখ পাইছে মনত। এতিয়া বৰ্ষাশ্ৰীক আমনি কৰাৰ সময় নহয়। বৰ্ষাশ্ৰীৰ কলমেৰে আকৌ কবিতা নিগৰক। সেই কবিতা জণগনৰ শ্লোগান হৈ পৰক। বৰ্ষাশ্ৰী এটা কবিতাৰ নাম হওক। বৰ্ষাশ্ৰী এটা প্ৰতিবাদী সত্বা হওক।