বাইদেউ, নিষ্কৰ্মা আৰক্ষীৰ বাবেই সিহত বাচি গ'ল...

বাইদেউ, নিষ্কৰ্মা আৰক্ষীৰ বাবেই সিহত বাচি গ'ল...

- মৃদুল কুমাৰ সন্দিকৈ

পুলিছৰ অৱহেলা । পুলিছ নিষ্কৰ্মা । সেই কথাই প্ৰমাণ হ'ল নেকি আকৌ এবাৰ ? ৰাজ্য কপাই যোৱা এক ধৰ্ষণ আৰু হত্যাকাণ্ড আছিল এইটো । তেতিয়া কোৱা হৈছিল যিকোনো মূল্যৰ বিনিময়ত হত্যাকাৰী আৰু বলাৎকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব । হত্যাকাণ্ডৰ বলি হোৱা মহিলা গৰাকীৰ আত্মীয়ই সেয়াই বিচাৰিছিল । ৰাজ্যজুৰি এনে কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছিল ।

বৰ বেছি দিন পূৰ্বৰ ঘটনা নাছিল এইটো । হোজাই যমুনামুখৰ এগৰাকী শিক্ষয়ত্ৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছিল । ধিক্কাৰ দিয়াৰ ভাষা নাছিল মানুহৰ । বিদ্যালয়ৰ পৰা উভতি আহিছিল অৰ্ণমাই বৰা নামৰ শিক্ষয়ত্ৰী গৰাকী । ভবা নাছিল সন্মুখত এনে এক কাল সময় ৰৈ আছিল । ৫ বছৰ হৈ গৈছে এই ঘটনাৰ । ইয়াৰ বিৰুদ্ধে এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে নিৰ্বাচনৰ বতৰত নেতাৰ মুখত এই কাণ্ড সংঘটিত কৰা অপৰাধীক ফাচিঁ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি এক প্ৰকাৰৰ শ্লোগান হৈ পৰিছিল ।

আইনী প্ৰক্ৰিয়াৰ মাজেৰে সেই বিচাৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰায় সম্পূৰ্ণ হ'ল । সমগ্ৰ কাণ্ডৰ অন্যতম খলনায়ক আছিল মইনুল হক নামৰ লোকজন । গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ পৰা ৰেহাই দি ৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিলে । আন এজন আচামী ছেলিমউদ্দিনক উচ্চ ন্যায়ালয়ে নিম্ন আদালতে বিহা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে । ইয়াৰ কাৰণ আৰক্ষী । উপযুক্ত তথ্য প্ৰমাণ আৰক্ষীয়ে আদালতত দিব নোৱাৰাৰ বাবেই অপৰাধীয়ে ৰেহাই পালে ।

দিল্লীত সংঘটিত নিৰ্ভয়া কাণ্ডতকৈ এই ঘটনা কম নাছিল । বৰঞ্চ তাতোকৈ বেছি বৰ্বৰ আছিল এই হত্যা আৰু বলাৎকাৰৰ কাণ্ড । ৰাইজ পুনৰ জাগি উঠিছে । পৰিয়ালৰ লোকে ক্ষোভত ফাটি পৰিছে । উচ্চতম ন্যায়ালয়লৈ যাব সাজু হৈছে ।

২০১৭ চনৰ ৩১ মে' । চং জুৰাই ইলাচি এল পি স্কুলৰ পৰা কৰ্তব্য সম্পাদন কৰি ঘৰমুখী হৈছিল অৰ্ণমাই বৰা । এক জনশূণ্য অঞ্চলত তেওঁক বলাৎকাৰ কৰি মৃতদেহ পেলাই দিয়া হৈছিল কপিলী নদীত । ৰুজু হৈছিল যমুনামুখ থানাত এক গোচৰ । যি গোচৰৰ নম্বৰ আছিল ৫২/২০১৭ । আৰক্ষীয়ে তদন্ত চলাই মইনুল হক আৰু ছেলিমউদ্দিন নামৰ দুই হত্যা আৰু বলাৎকাৰীক গ্ৰেপ্তাৰ কৰিছিল । দুয়োজন অপৰাধীৰ বিৰুদ্ধে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি অনুসৰি ৩০২/৩৪, ২০০১/৩৪, ৩৭৬ (এ) ধাৰাত গোচৰ । নিম্ন আদালতত আৰক্ষকীয়ে দাখিল কৰিছিল অভিযোগ নামা । ভালে সংখ্যক লোকৰ সাক্ষী লৈছিল নিম্ন আদালতে ।

নিম্ন আদালতে এই দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিছিল । তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে পাইছিল এই গোচৰ । কিন্তু শুনানিকালত ওলাই পৰিল আৰক্ষীৰ তদন্তৰ স্বৰূপ । বলাৎকাৰীয়ে বলাৎকাৰৰ সময়ত শিক্ষয়ত্ৰী গৰাকীৰ শৰীৰত কামুৰিছিল । চূড়ান্ত বিভৎস আছিল এই কাণ্ড । মৰণোত্তৰ পৰীক্ষাত শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ দেহত কেইবাটাও দাতৰ দাগ পাইছিল । কিন্তু কোনে কামুৰিছিল ? কাৰ আছিল সেই দাতৰ দাগ ? সেই পৰীক্ষা আৰক্ষীয়ে নকৰিলে । অপৰাধীক শাস্তি পোৱাৰ ক্ষেত্ৰত এনেকৈয়ে সুযোগ পাইও আাৰক্ষীয়ে সদব্যৱহাৰ নকৰিলে । কৰা নহ'ল সেই দাতবোৰৰ ফৰেনছিক পৰীক্ষা । শুনানী কালত এমিকাছ কিউৰী হিচাপে দ্বায়িত্ব পালন কৰা অধিবক্তা জিয়াউৰ কামৰে উদঙাই দিলে আৰক্ষীৰ তদন্তৰ নমুনা ।

উল্লেখ কৰিলে অৰ্ণমাই বৰাৰ শৰীৰত থকা দাতৰ দাগ কাৰ আছিল সেইয়া নিশ্চিত কৰাৰ বাবে মইনুল বা ছেলিমউদ্দিনৰ অডন্ত'ল'জী পৰীক্ষা কৰাটো প্ৰয়োজন আছিল । কিন্তু সেইয়া কৰা নহ'ল । হত্যাকাণ্ড হোৱাৰ সময়ত মইনুল ঘটনাস্থলীত উপস্থিত আছিল নে নাই সেই তথ্য প্ৰমাণেই নিয়াৰিকৈ আৰক্ষীয়ে যোগাৰ কৰিব নোৱাৰিলে । আৰক্ষীয়ে তদন্তৰ নামত কি কৰিলে সেইয়া উচ্চ ন্যানয়ালতে পোহৰলৈ আহিল । সহজ কথাত অৰ্ণমাই বৰাৰ বলাৎকাৰ যে হৈছিল ইয়াক প্ৰমাণ কৰিব নোৱাৰিলে আৰক্ষীয়ে । আদালত প্ৰমাণৰ ওপৰত চলে । সেই তথ্য প্ৰমাণৰ ভিত্তিৰ আদালতে ৰায় দিলে ।

এনে এক ৰাজ্য জোকাৰি যোৱা কাণ্ডৰ বিৰুদ্ধে আৰক্ষী দায়িত্বহীন তদন্তৰ পাছত তেওঁৰ স্বামী বিমল বৰাই অসমীয়া প্ৰতিদিন ডিজিটেলক ক'লে এই ৰায়দানক লৈ তেওঁ মুঠেই সন্তুষ্ট নহয় । উচ্চতম ন্যায়ালয়লৈ যাব তেওঁ । অধিবক্তাৰ সৈতে ইতিমধ্যে কথা পাতিছে । কন্যাও পুনৰ কান্দিছে । ভাবিছিল মাকৰ আত্মাই অন্তত: অপৰাধীয়ে শাস্তি পালে শান্তি পাব । প্ৰশ্ন উঠিছে আৰক্ষীৰ দক্ষতাক লৈ । অসম আৰক্ষী স্মাৰ্ট কৰাৰ কথা কোৱা হয় । এনেকৈ কি স্মাৰ্ট আৰক্ষী গঢ় দিয়া হ'ব ? কিয় এইবোৰ কৰা নহ'ল ? বিজ্ঞান সন্মত তদন্ত কৰাত আৰক্ষীয়ে কিয় গাফিলতি কৰিলে ? তাৰো তদন্ত হ'ব লাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কথা উল্লেখ কৰিছিল । হত্যাকাণ্ডৰ বলি হোৱা শিক্ষয়ত্ৰী গৰাকীক মা আখ্যা দিছিল । সেই মায়েই এতিয়া ন্যায় নাপালে আৰক্ষীৰ অৱহেলাৰ কাৰণে ।

এতিয়া সেয়েহে পুনৰ ৰাইজে প্ৰশ্ন কৰিছে । যদি এনে কাম কৰা লোকেই বাচি যাব পাৰে তেনেহলে ৰাজ্যত ছোৱালী-বোৱাৰীৰ নিৰাপত্তা ক'ত ? কিয় এই ভয়ানক অপৰাধ সংঘটিত কৰা অপৰাধীক সাৰি যাব পৰাকৈ আৰক্ষীয়ে বাট মুকলি কৰি দিয়ে । এইয়া কেৱল অৰ্ণামই বৰাৰ হত্যাকাণ্ডৰ ৰায়ে নহয় । এনে অপৰাধ সংঘটিত কৰা সকলৰ প্ৰতি এক সকিয়নী বাৰ্তা দিব পৰাকৈ সুন্দৰ সুযোগ আছিল আৰক্ষীৰ হাতত ।

ধৰি অনা অপৰাধীক এনকাউন্টাৰ কৰাত অসম আৰক্ষীৰ সুনাম বা বদনাম আছে । কিন্তু প্ৰকৃত অপৰাধীক কঠোৰ শাস্তি বিহাত উপযুক্ত  তথ্য প্ৰমাণ আৰু তদন্ত কৰাত বাৰে বাৰে উজুটি খায় অসম আৰক্ষী । ন্যায়ালয়ৰ মজিয়াত সেইয়া প্ৰমাণিত হৈ পৰাৰ পাছত আৰক্ষীয়ে নিজৰ পক্ষত হয়তো বহু যুক্তি আগবঢ়াব । সেই যুক্তিত এতিয়া ৰাইজ পতিয়ন যাব পৰা কোনো থল নাই । অৰ্ণমাই বৰাৰ কাণ্ডক লৈ আৰক্ষীৰ অৱহেলাই এই কথাই কৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in