শিক্ষক…

শিক্ষক…

author-image
asomiyapratidin
New Update
শিক্ষক…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নতুনকৈ বিদ্যালয়ত যোগদান কৰিবলৈ যোৱা উচ্চ শিক্ষিত যুৱকজন আচৰিত হ'ল। ইমান দুৰ্গম অঞ্চলত নগৰৰ পৰা আহি কেনেদৰে চাকৰি কৰিব। যাতায়তৰ বিশেষ ব্যৱস্থা নথকা অঞ্চলটোত যোগদান কৰো-নকৰোকৈ থকা যুৱকজনক প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আশ্বস্ত কৰিলে- আপুনি যোগদান কৰক। বিদ্যালয়লৈ আপুনি নাহিলেও হ'ব। দুই-এমাহৰ মূৰত আহি উপস্থিতি বহীত চহী আৰু আন কামবোৰ কৰি গ'লেই হ'ব। ইয়াৰ বাবদ আপুনি কিছু ধন প্ৰতিমাহে অৱশ্যে ব্যয় কৰিব লাগিব।"

লগতে তেওঁ ক'লে- "আপুনি নাহিলেও পাঠদান কৰিবলৈ মানুহৰ অভাৱ ইয়াত নহয়। লোকেল ল'ৰা এটাক ভাড়াতীয়া শিক্ষক হিচাপে নিযুক্তি দিব লাগিব। সেই ধন ভৰিব লাগিব আপুনি।" এয়া এতিয়া এক সাধাৰণ ঘটনা হৈ পৰিছে। ভাড়াত এতিয়া শিক্ষকো পায়। শিক্ষা বিভাগক স্বচ্ছ কৰাৰ কথা প্ৰায়ে কোৱা হয়। কিন্তু ভাড়াতীয়ী শিক্ষকে ৰাজ্যৰ বহু প্ৰাথমিক বিদ্যালয়ত চলি থকা প্ৰসংগটো ৰাজ্যৰ শিক্ষা বিভাগে কোনোদিনেই গুৰুত্ব সহকাৰে নল'লে।

দুৰ্গম অঞ্চলত থকা বিদ্যালয়সমূহত নিয়মীয়া শিক্ষক প্ৰায় উপস্থিত নাথাকে। চৰকাৰী তথ্য অনুসৰি নিয়মীয়া শিক্ষক থকাৰ পাছতো স্থানীয় যুৱক-যুৱতী ভাড়াতীয়া শিক্ষকৰূপত নিযুক্তি দি চলাই আছে বিদ্যালয়। এই সময়ত বিভিন্ন খবৰ প্ৰকাশ কৰাৰ পাছত শিক্ষা বিভাগৰ গা লৰা নাছিল। অসম বিধানসভাৰ শিক্ষা বিভাগ সম্পৰ্কীয় ষ্টেণ্ডিং কমিটীৰ এখন প্ৰতিবেদনৰ পাছত সাৰ পাইছে শিক্ষা বিভাগে।

ৰাজ্য চৰকাৰক দিয়া এই প্ৰতিবেদনত উল্লেখ থকা মতে, ষ্টেণ্ডিং কমিটিয়ে এই কথা লক্ষ্য কৰিছিল যে বহু দুৰ্গম অঞ্চলত শিক্ষকৰ সলনি স্থানীয় যুৱকক নিযুক্তি দি বিদ্যালয় পৰিচালনা কৰা হৈছে। এই প্ৰতিবেদনতে বিষয়টো গুৰুত্ব দিবলৈ কোৱা হৈছিল।

চৰকাৰেও কিছু নিয়ম কৰিছিল। শিক্ষা বিভাগে কোনো বিদ্যালয়ৰ শিক্ষক অৱসৰ লোৱাৰ পাছত তেওঁৰ স্থানত স্থানীয় শিক্ষিত যুৱক-যুৱতীক অস্থায়ীভাৱে নিযুক্তি দি কাম চলাই যাবলৈ এক নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ সুবিধা লৈ ১০হাজাৰ টকাৰ বিনিময়ত ভাড়াতীয়া শিক্ষকে বহু বিদ্যালয়ে পাঠদান চলাইছিল।

ইয়াৰে সুযোগ গ্ৰহণ কৰিছিল আন এচাম কৰ্মৰত নিয়মীয়া শিক্ষকে। দুৰ্গম আৰু ভিতৰুৱা অঞ্চলসমূহত এনে ঘটনা প্ৰায়ে দেখা যায়। শিক্ষা বিভাগৰ বিষয়াসকলে কথাবোৰ জানিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে। অসম বিধান সভাৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনৰ পাছত ৪মাৰ্চ,২০২২ত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক বিজয়া চৌধুৰীয়ে এক নিৰ্দেশ জাৰি কৰিলে।

নংEE(plan)/41/2022/20যোগে প্ৰতিখন জিলাৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ আৰু দুখন জিলা বিদ্যালয় পৰিদৰ্শকলৈ এই বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ সেই নিৰ্দেশ প্ৰেৰণ কৰা হয়। এই নিৰ্দেশত কোৱা হৈছে যে, ৰাজ্য চৰকাৰৰ চিঠি নং- PNA/49/2022/3 তাং- ২৮.২.২০২২ৰ আধাৰত শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে এই কথা লক্ষ্য কৰিছে যে, কিছু স্থানীয় লোকক ভাড়াতীয়া শিক্ষকৰূপে নিযুক্তি দি কিছু নিয়মীয়া শিক্ষকে পাঠদান কৰা বা বিদ্যালয়সমূহত উপস্থিত থকাৰ পৰা বিৰত থাকে।

শিক্ষা ব্যৱস্থাত সংঘটিত এনে অপকৰ্ম বা অনিয়মৰ বিৰুদ্ধে কমিটীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। সেয়েহে সঞ্চালক চৌধুৰীয়ে সংশ্লিষ্ট শিক্ষা বিষয়াৰ লগতে ৰাজ্যৰ আন জিলাত থকা শিক্ষা বিষয়াসকলক তদাৰক কৰি বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কোৱা হৈছিল। তেনে কাম কৰা শিক্ষকসকলৰ বিৰুদ্ধে বিভাগীয় নিয়ম অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে এই ধৰণৰ কাম কৰা শিক্ষকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়া হৈছিল।এই বিষয়টো টপ মষ্ট আৰজেন্ট হিচাপে গ্ৰহণ কৰিবলৈ কোৱা হৈছিল।

এনেকৈয়ে চলিছে এতিয়া শিক্ষা বিভাগ। শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ গুণোৎসৱ পতা হৈছে। কিন্তু সেইবোৰে চহৰৰ বা যাতায়তৰ সুব্যৱস্থ থকা বিদ্যালয়ৰ বিপৰীতে ভিতৰুৱা স্থানত থকা বিদ্যালয় সমূহৰ কেনে উন্নতি সাধিছে সেয়াও এতিয়া চাব লগা বিষয় হৈ পৰিছে।

ৰাজ্যত শিক্ষকৰ যথেষ্ট সমস্যা আছে। কিন্তু সেই সমস্যাবোৰৰ সমাধানৰ লগতে একাংশ শিক্ষকৰ শিক্ষক হিচাপে থাকিব লগা দায়িত্ববোধৰ প্ৰতিও প্ৰশ্ন উত্থাপন হয়। শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২১ বৰ্ষৰ প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰাক লৈ ছাত্ৰ-অভিভাৱক সকলৰ মাজত শংকাৰ সৃষ্টি হৈছিল। এইবোৰ কথা জনাৰ পাছতো শিক্ষক সমাজে বা হাইস্কুল শিক্ষক সন্থাই সকলো জানিও মৌন হৈ থাকিল।

শিক্ষকসকলেই তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আটাইতকৈ বেছি আন্দোলন কৰিব লগা হৈছে। সমাজ গঢ়াত শিক্ষকৰ ভূমিকা আন কাৰোৰে সৈতে তুলনা নহয়। কিন্তু শিক্ষাদানৰ নামত ফাঁকিবাজ, নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভাল পদক্ষেপৰ বিৰুদ্ধেও কৌশলপূৰ্ণ স্থিতি কেতিয়াও সমৰ্থন কৰিব নোৱাৰি।

শিক্ষকৰ বৃত্তিত জড়িত হৈ পৰাৰ পাছতে শিক্ষকসকলৰ যি সামাজিক মৰ্যাদাৰ স্থিতি সেয়া বহু ওপৰলৈ উঠি যায়। ইয়াক কেনেদৰে ধৰি ৰাখে সেয়া নিৰ্ভৰ কৰে শিক্ষকএগৰাকীৰ ব্যক্তিত্ব আৰু দায়িত্ব নিষ্ঠাৰ ওপৰত। বহু শিক্ষক আছে, তেওলোকৰ ব্য়ক্তিত্বই একো একোটাই অঞ্চলত এনে প্ৰভাৱ সৃষ্টি কৰে যে, সৰু-ডাঙৰ সকলোৰে বাবে তেওঁলোক ছাৰ বা মহাশয় হৈ পৰে।

চৰকাৰৰো শিক্ষকসকলক উচিত মৰ্যদা দিব পৰাকৈ এক পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব আছে। চাকৰি বা বিদ্যালয় চৰকাৰীকৰণ নোহোৱাকৈয়ে বছৰ বছৰ ধৰি শিক্ষাদান কৰি বিনা বেতেনেৰে অৱসৰ লোৱা শিক্ষকো আছে। শিক্ষক, চৰকাৰ সকলোৰে দায়ৱদ্ধতাই শৈক্ষিক পৰিৱেশ গঢ়িব পাৰে। এনে শিক্ষকো আছে মিউচুৱেল অথাত বুজা-বুজি বদলিৰ নামত সতীৰ্থ শিক্ষকৰ পৰাই লাখ টকা দাবী কৰে।

শিক্ষক সকল জানো এনে হোৱা উচিত। প্ৰায় সকল শিক্ষকে দায়ৱদ্ধতাৰে দায়িত্ব পালন কৰে। নতুনকৈ শিক্ষকৰ বৃত্তিত অতি মেধাৱী আৰু দায়ৱদ্ধশীল নতুন প্ৰজন্মই যোগদান কৰিছে। তেওঁলোকে নিষ্ঠাৰে কৰ্তব্য পালন কৰে। তাৰ মাজতে যি দুই-একে শিক্ষকৰ বৃত্তিটোক কলুষিত কৰে, তেওলোকৰ বাবেই এতিয়া মানুহে কবলৈ সুযোগ পাইছে- শিক্ষকে এনেই দৰমহা লয়। কিন্তু শিক্ষকসকলে কিমান কষ্ট কৰিব লগা হয়, ছাত্ৰসকলৰ সৈতে কিমান সময় দিব লাগে, সেই উপলদ্ধি কৰিব পৰাকৈ পৰিৱেশ ৰচনা সমাজেই কৰিব লাগিব।

শিক্ষকৰ মাজতেই এতিয়া শ্ৰেণী বিভাজন হৈছে। ঠিকাভিত্তিক শিক্ষক, নিয়মীয়া শিক্ষক, টেট শিক্ষক আদি বিভিন্ন শ্ৰেণী বিভাজনৰে শিক্ষকৰ প্ৰকৃত অৰ্থ আৰু মৰ্যদাক যেন লঘু কৰি পেলোৱা হৈছে। শিক্ষক সদায় শিক্ষকেই। শিক্ষাগুৰু ভগৱানৰ সদৃশ। সেই উপলদ্ধি আৰু সংস্কাৰ ছাত্ৰ সমাজে বুজিব পৰাকৈ আছে জানো এতিয়া তেনে পৰিৱেশ…

assam teacher