সাহিত্য সভাত উদয় হ’ব নেকি সূৰ্য!

সাহিত্য সভাত উদয় হ’ব নেকি সূৰ্য!

author-image
asomiyapratidin
New Update
সাহিত্য সভাত উদয় হ’ব নেকি সূৰ্য!

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসমৰ ৰাইজৰ বৰ হেঁপাহৰ অনুষ্ঠান আছিল অসম সাহিত্য সভা। অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ সাহিত্য সভাক লৈ বহু ৰাজনীতি হ'ল।সাহিত্য সভাক ব্যক্তিগত সম্পত্তিৰূপত একাংশই ব্যৱহাৰ কৰি নিজক প্ৰতিষ্ঠা কৰা জখলা ৰূপে ব্যৱহাৰ কৰিলে।

মানুহৰ মাজৰ পৰা সাহিত্য সভাক আঁতৰাই নি অনুষ্ঠানটোক দুৰ্বল কৰি গণ ভিত্তীহীন কৰি তোলা এই চক্ৰান্তৰ ফলে এতিয়া সাহিত্য সভাই ভোগ কৰিবলৈ গৈ আছে।

অসম সাহিত্য সভা বুলি ক'লে যি আৱেগ পূৰ্বতে আছিল সেই টান এতিয়া কাৰোৱে নাই। কেইজনমান মুষ্টিমেয় লোকৰ এক অনুষ্ঠান হৈ পৰা এই জাতীয় অনুষ্ঠানটোৰ খবৰ কোনোৱে ৰাখিব নিবিচাৰে।

সাহিত্য সভাৰ সভাপতিৰ আছিল বিশেষ মৰ্যদা। সেই মৰ্যদাত এচাম আসন প্ৰত্যাশীয়ে এনেকৈয়ে পদঘাত কৰিলে যে সাহিত্য সভাৰ সভাপতি হ'বলৈও বহু কেইজন বিশিষ্ট সাহিত্যিকে ইচ্ছা ব্যক্ত নকৰিলে।

আন একাংশক অতি কৌশলেৰে সেই আসনত অধিষ্ঠিত হোৱাৰ পৰা আঁতৰাই ৰখা হ'ল। এবছৰীয়া সাহিত্য সভাৰ কাৰ্যকাল দুবছৰীয়া কৰি সাহিত্য সভাই জাতিৰ বাবে কিবা এটা কৰা অৱকাশ বা সুযোগ দিয়া হৈছিল যদিও দুই এজনক বাদ দি প্ৰায়বোৰ সাহিত্য সভাৰ সভাপতিয়েই প্ৰধান সম্পাদকৰ শ্ৰুতলিপি মানি ফুলদানীৰ দৰে ভূমিকা পালন কৰিলে।

কভিডসৃষ্ট পৰিৱেশৰ বাবে সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুল শইকীয়া দুবছৰৰ ঠাইত তিনি বছৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিলে। এই সময়চোৱাত সভাপতি শইকীয়াই কি উল্লেখযোগ্য কাম কৰিলে তাৰ বিচাৰ নিশ্চয় যোগ্যজনে কৰিব।

সাংগঠনিক দিশত সাহিত্য সভাৰ ভেঁটি এতিয়া থৰক-বৰক। শতবছৰ গৰকা এই অনুষ্ঠানটোৰ আৰ্থিক দৈনতা আৰু সু পৰিচালনাৰ অভাৱত কোনো স্থায়ী জাতিৰ প্ৰতি ভৱিষ্যতৰ দৃষ্টি ৰাখি সাহিত্যৰ নৱমূল্যায়ণৰ কিবা কাম কৰিব পাৰিছে বুলি মনে নধৰে।

সেই ধাৰণা ভুল বুলি প্ৰমাণিত হোৱাৰ আশাৰে সাহিত্য সভা সন্দৰ্ভত এই কথাখিনি লিখাৰ সময়ত অনুষ্ঠানটোৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আৰু সাহিত্যিক, গল্পকাৰ কুল শইকীয়া দেৱৰ ওপৰত আস্থা ৰাখি জানিবলৈ মন যায় সাহিত্য সভাই এতিয়া আচলতে কি কৰে?

আকৌ সাহিত্য সভাত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে। শিৱসাগৰত ২৪ জুলাই ২০২২ ত সভাৰ কাৰ্যনিৰ্বাহকৰ বৈঠক আছে। সেই বৈঠকতে পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী কমিটি গঠন কৰা হ'ব।

তাৰ পাছতেই সাহিত্য সভাৰ নিৰ্বাচনী পৰ্ব আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব যদিও ইতিমধ্যে সভাপতি, প্ৰধান সম্পাদক আৰু আন বিষয় ববীয়া নিৰ্বাচনৰ বাবে শাখা সমূহৰ ভোটাৰ তালিকা প্ৰস্তুতি পৰ্ব চলি আছে।

ড০ গিৰীশ সন্দিকৈ, অমৰেন্দ্ৰ বৰুৱা, নিপেন ভাগৱতীৰে গঠিত ভোটাৰ তালিকা প্ৰস্তুতৰ কমিটিয়ে আচল-নকল শাখা সাহিত্য সভা সমূহৰ চিনাক্ত পৰ্ব আৰম্ভ কৰিছে।

পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত দেখা পোৱা যায় যে প্ৰয়োজন সাপেক্ষে সাহিত্য সভাৰ বহু বিয়াগোম বিষয় ববীয়াই ৰাতিৰ ভিতৰতে শাখা গঠন কৰি নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ী কৰি অনাত এক অনীতিগত কাম কৰি আহিছে।

শেহতীয়া নিৰ্বাচনত ৬৬৮ খন শাখা সাহিত্য সভাই ভোটদান কৰিছিল। নিয়ম অনুসৰি সক্ৰিয় শাখা সাহিত্য সভা হ'বলৈ হ'লে অতি ক'মেও ২৫ জন আজীৱন সদস্যৰ তালিকা, তেওঁলোকৰ পঞ্জীয়ন নম্বৰ, তিনিটা কাৰ্যকালৰ শাখা সাহিত্য সভাৰ বিষয় ববীয়াৰ নাম সহ জমা দিব লাগে।

এই নিয়ম মানি চলিলে এইবাৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিব পৰা শাখা সাহিত্য সভাৰ সংখ্যা ৩০০ ৰ আশে পাশে ৰ'বগৈ। সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক হ'বলৈ ইচ্ছা কৰা বহুতেই ইতিমধ্যে সক্ৰিয় হৈ পৰিছে।

চৰ্চাত আছে সভাপতিৰ দৌৰত সূৰ্য হাজৰিকা, প্ৰহ্লাদ তাছা, জগদীশ পাটগিৰিৰ নাম। তিনিওৱে ৰাজ্য জুৰি নিৰ্বাচন ঘোষণাৰ পূৰ্বেই নিজৰ সাপেক্ষে প্ৰচাৰ অভিযানৰ পাতনি মেলিছে।

বহু বিশিষ্ট সাহিত্যিকে এইবোৰ সাহিত্যৰ নামত চলা ৰাজনীতিৰ ভূকে নাপায়। সেয়েহে এনে ৰাজনৈতিক মেৰপাক নেওচি তেওঁলোকে সাহিত্য সভাৰ সভাপতি হোৱাটো সপোনৰ অগোচৰ হৈ পৰে।

সাহিত্য সভাৰ আন এটা গুৰুত্বপূৰ্ণ পদবী হ'ল প্ৰধান সম্পাদক। এই দৌৰতো আছে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা,  ৰমানন্দন বৰা, পংকজ কুমাৰ দত্ত, ড০ উপেন্দ্ৰজিত শৰ্মা আদিৰ নাম।

সাহিত্য সভাৰ এতিয়া নিজকে সংবিধানো নাই।  শেহতীয়াকৈ পাঠশালা অধিৱেশনত সংবিধান সংশোধন কৰি নতুন সংবিধান গ্ৰহণৰ অনুমোদন জনাইছিল প্ৰতিনিধি সভাই।

গুৱাহাটী ভগতী প্ৰসাদ বৰুৱাৰ ভৱনত সংবিধান সংশোধনী সমিতিয়ে প্ৰদান কৰা সংশোধিত সংবিধান প্ৰকাশৰ প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু ৰহস্যজনক ভাৱে এই সংবিধান প্ৰকাশ কৰা নহ'ল।

তাৰ অন্যতম কাৰণ সাহিত্য সভাত কিছু সংস্কাৰেৰে এজন ব্যক্তিয়ে যাতে বাৰে বাৰে সাহিত্য সভাৰ পদবী দখল কৰি অনুষ্ঠানটো ঘৰৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে তাক বাধা দিয়া।

সেই কাৰণতেই এতিয়া সংবিধানৰ অৱিহনেই এক প্ৰকাৰৰ এই বৃহৎ অনুষ্ঠানটো চলি আছে আৰু এইবাৰ অনুষ্ঠিত হ'ব লগা সাহিত্য সভাৰ নিৰ্বাচনক অবৈধ আখ্যা দিব পাৰি।

সাহিত্য সভাৰ কাৰ্যালয়ত প্ৰায় ৪৫ জনৰো অধিক কৰ্মচাৰী আছে। স্থায়ী, অস্থায়ী এই কৰ্মচাৰী সকলে যোৱা  ৫ মাহ ধৰি দৰমহা পোৱা নাই। আৰু ২০২২ বৰ্ষতো তেওঁলোকে দৰমহা পোৱাৰ কোনো সম্ভাৱণা নাই।

ৰাজ্য চৰকাৰে সাহিত্য সভালৈ বছৰি ১ কোটি ২০ লাখ টকা আগবঢ়াইছিল। সেই ধনেৰে কৰ্মচাৰী সকলক দৰমহা দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ চৰকাৰে দিয়া অনুদান ৪৫ লাখলৈ হ্ৰাস কৰাত সাহিত্য সভা চলিবলৈকে ধনৰ অভাৱ হৈছে।

এনে এক পৰিপ্ৰেক্ষিতত সাহিত্য সভাত কোনোবাদিনা তলা ওলমিলেও আচৰিত হ'ব লগা একো নাথাকে। সভাৰ অৱস্থা ইমানেই বেয়া হৈছে যে দীৰ্ঘদিন ধৰি ভগতী প্ৰসাদ বৰুৱা ভৱনত থকা লক্ষীৰাম বৰুৱা সদনো অব্যৱহৃত হৈ ৰৈছে।

এই সদনৰ মঞ্চ মেৰামতি কৰিবলৈ সাহিত্য সভাৰ হাতত নাই ১ লাখ ২০ হাজাৰ টকা। সাহিত্য সভাৰ যি জাতীয় পূঁজি এই পূঁজি এতিয়াও ৪ কোটি হোৱা নাই।

সাহিত্য সভাৰ নামত ৰাজ্যৰ লগতে বাহিৰতো কাৰ্যালয় আৰু ভূ সম্পত্তি থকাৰ পাছতো সেইবোৰ কোনো কেনেকৈ ব্যৱহাৰ কৰি আছে তাৰ হিচাপ নাই। অথচ সাহিত্য সভাই পৰিকল্পিত ভাৱে নিজস্ব এক আয়ৰ উৎস গঢ়ি ল'ব নোৱাৰাটো পৰিতাপৰ কথা।

সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত ভৱন এতিয়া নামতহে আছে। মানুহ নাযায় তালৈ। নিৰ্বাচনী কাম-কাজ এই ভৱনৰ পৰাই পৰিচালিত  হ'ব লাগে যদিও গুৱাহাটী কাৰ্যলয়তে সেইবোৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হয়।

দৰং জিলাৰ আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সম্পাদক দীপেন কোৱৰৰ মৃত্যুৰ ২ বছৰৰো বেছি হ'ল। এই পদবী কাৰ্যালয়টোৰ বাবে অতি গুৰুত্বপূৰ্ণ। এতিয়া সেই কাৰ্যালয়ৰ তলা খুলিবলৈও মানুহৰ অভাৱ। কিন্তু ৰহস্যজনক ভাৱে কাকো এই দায়িত্ব দিয়া হোৱা নাই।

কিয় এনে হৈছে সাহিত্য সভাত? কিয় অৱজ্ঞা কৰা হৈছে অনুষ্ঠানটোক? অসমৰ ৰাইজৰ মাজৰ পৰা সাহিত্য সভাত আঁতৰাই ৰাখি আৰু কিমান দিনলৈ এই অনুষ্ঠানটোক জাতীয় অনুষ্ঠান ৰূপত ধৰি ৰাখিব পাৰিব?

শুভ বুদ্ধি উদয় হ'বনে এই সকল সাহিত্য সংগঠক তথা সাহিত্য সভাৰ নীতি নিৰ্ধাৰণেৰে জড়িত ব্যক্তি বিশেষৰ? নে সাহিত্য সভাত তলা ওলমা দিনলৈ তেওঁলোকে সাহিত্য সভাত কেকোৰা চেপা দি যাব।সাহিত্য সভাৰ ভৱিষ্যত সঁচাকৈয়ে অন্ধকাৰ।

আৰু পঢ়ক: অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ পাছতে তাকাৰচুকত উপস্থিত উপায়ুক্ত…

assam assam sahitya sabha