এজন ওখ মানুহ আৰু এখন বিশাল আকাশ…

এজন ওখ মানুহ আৰু এখন বিশাল আকাশ…

author-image
asomiyapratidin
New Update
এজন ওখ মানুহ আৰু এখন বিশাল আকাশ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

"An investment in knowledge pays the best interest."- Benjamin Franklin

 তেখেতক আৱিষ্কাৰ কৰাতো মোৰ বাবে আছিল পৰম বিস্ময় আৰু বিমল প্ৰাপ্তি। এখন অভিনন্দন গ্ৰন্থৰ পাতে পাতে তেখেতক বিচাৰোতে কৌতুহলপূৰ্ণ চিন্তাই মানুহজনক বহুদিনৰ চিনাকী কৰি তুলিছে।

এজন পুৰুধাৰ ব্যক্তি। ১৯৩৯ চনৰ পৰা ২০২২ চনলৈ বৰ কম সময় নহয়।এই সময়চোৱাৰ তেখেতৰ কৰ্মৰাজিৰ উমান লৈ গভীৰ উপলব্ধিৰে এই কথা হৃদয়ংগম কৰিলেও কিছুমান ব্যক্তি সমাজৰ বাবে কেৱল পথেয় নহয়,তেওঁলোক অনন্য।

তেওঁ এজন শিক্ষাবিদ।পৰিব্যাপ্তি শব্দৰ অৰ্থ তেখেতৰ কৰ্মৰাজিৰ সৈতে সাঙুৰ খাই যায় যে তেওঁৰ ত্যাগ ,দায়বদ্ধতা,সততা আৰু নীৰৱে কাম কৰাৰ মানসিকতাত আছিল কেৱল এজন দুৰন্ত লোকৰ সামাজিক প্ৰমূল্যৰে সকলো দিশ সামৰি এখন সমাজ তুলি ধৰাৰ অত্যন্ত হেঁপাহ।

'পৰিব্যাপ্তি' শীৰ্ষক তেখেতৰ অভিনন্দন গ্ৰন্থত সেয়েহে সম্পাদকে লিখিছে- ''কেৱল যাপনেই জানো জীৱন! আজি উপলক্ষ্য এটা অভিনন্দিত জীৱনৰ উদযাপন''। মমবাতিৰ দৰে নিজেই গলি সমাজক পোহৰাই তোলা এই ব্যক্তি জীৱনৰ প্ৰতিটো খোজতেই আছে শাশ্বত অন্বেষণৰ বৰ্ণিল অধ্যায়।

শিৱসাগৰ জিলাৰ এখন ভিতৰুৱা গাঁও, নাম চাৰিং অগ্নিগড় খনিকৰ গাঁও। সেই গাঁৱতে জন্ম হৈছিল এই মহান শিক্ষাবিদ গৰাকীৰ।তাৰপাছত জীৱনৰ বহু কঠিন প্ৰত্যাহ্বান পাৰ কৰি নিজেই উজ্বলি উঠাৰ লগতে সমাজখনক উজ্বলাই তুলিবলৈ যাঁওতে এজন মানুহেই এখন আকাশ হৈ পৰিছিল।

এনে নীৰৱ সাধক সকলৰ কথা আমি চৰ্চা নকৰো। তেওঁলোকেও সেই সাধনাৰ আৰু কৰ্মৰ বিশাল ক্ষেত্ৰখন এনেদৰে ঢাকি ৰাখে যে তেওঁলোক সাধাৰণ হৈও আসাধাৰণ হৈয়ে ৰৈ যায়। সেই বিশাল ব্যক্তিত্বৰ অধিকাৰী শিক্ষাবিদ, চিন্তাৰ নায়ক, সুবক্তা তুৱাৰাম খনিকৰ সন্দৰ্ভত সেয়েহে বিভিন্ন জনৰ দৃষ্টিভংগী সেই একোটা অঞ্চলৰ পৰিধি ভাঙি বিশ্বমুখী হৈছে সেই অভিনন্দন গ্ৰন্থত।

তেওঁ সঁচাকৈয়ে খনিকৰ।মানুহ গঢ়াৰ খনিকৰ, সমাজ গঢ়াৰ খনিকৰ, চিন্তা চেতনাৰে জীৱনক পোহৰমুখী কৰি তোলা এই ব্যক্তিত্বৰ মাজত আছে শৈক্ষিক, সাংস্কৃতিক, সামাজিক বিভিন্ন দিশৰ ইতিবাচক চিন্তাৰ আধাৰ। প্ৰজ্ঞাৰে তেওঁ অঢ্যৱন্ত। কলাত্মক চিন্তাৰে সমৃদ্ধ। কেতিয়াও ভাগৰ নলগা, অৱসাদ নথকা, প্ৰেৰণাদায়ক এই জীৱনৰ সৈতে সম্পৃক্ত হৈ আছে জীৱনজোৰা শিক্ষা সাধনাৰ আয়তনিক বহু ঘটনা।

ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল তেওঁ। ১৯৫৫ চনত ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা আইএ পৰীক্ষা পাছ কৰিছিল তুৱাৰাম খনিকৰে। শিক্ষকতাই আছিল তেওঁৰ জীৱনৰ পথ। ১৯৭৩ চনত গুৱহাটী বিশ্ব বিদ্যালয়ৰ পৰা এমএ ডিগ্ৰী লৈছিল তেখেতে। ১৯৫৭ চনতেই ফুলপানীছিগা এমই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি দেওৰজা জনতা হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক, শশীধৰ ফুকন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক,দিকচু হাইস্কুলৰ শিক্ষক, চামগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল তেওঁ।

ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি পিয়লি ফুকন মহাবিদ্যালয়ত ১৯৭১ চনত যোগদান কৰা তুৱাৰাম খনিকৰে ১৯৭২ চনত মণিৰাম দেৱান মহাবিদ্যালয়ত যোগদান কৰে। ১৯৯৯ চনত সেই মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা খনিকৰে প্ৰাচাত্য সাহিত্যৰ সৈতে একাত্ম হৈও সনাতন পৰম্পৰাৰ প্ৰতি লৈ ফুৰিছিল গভীৰ শ্ৰদ্ধা আৰু দৃঢ়তা।

তেওঁৰ এক সুকীয়া পৰিচয় আছে। কেৱল শিক্ষকেই নহয় তেওঁ। সামাজিক ব্যৱস্থা, আধ্যাত্মিকতা আৰু বৈষ্ণৱ ধৰ্মৰ দৰ্শনক লৈ লিখা প্ৰৱন্ধবোৰৰ মূল্যায়নে তেওঁৰ জ্ঞানৰ গভীৰতাৰ উমান দি যায়। সেয়া তেখেতৰ সান্নিধ্যলৈ অহা বিশিষ্ট লোকৰৰ তেখেতৰ প্ৰতি মূল্যায়ন।

গহীন, গুৰু গম্ভীৰ মানুহজন।বিশাল সত্বাৰ মাজত এখন মুকলি আকাশ লৈ ফুৰা সৰলতাৰে তেওঁ মানুহৰ সৈতে আত্মীয়তা গঢ়ে। সকলোৰে বাবে তেওঁ ছাৰ।জ্ঞানৰ উত্তৰণৰ সেই বাটত তেওঁৰ সাৱলীল ভাষণবোৰ তেখেতৰ ব্যক্তিত্বৰে প্ৰতিফলন।

কলা-সংস্কৃতিৰ পৰা আৰম্ভ কৰি খেলা-ধূলা, ৰাজনৈতিক অনুষ্ঠান সকলোৰে আছে তেওঁৰ সম্পৰ্ক। সেই সমাধিত জীৱনৰ আস্থা আৰু আত্মবিশ্বাসে মানুহক প্ৰেৰণা দিয়ে। তেওঁৰ সৌৰভ এতিয়া চৌদিশে বিয়পি আছে। চিন্তাৰ প্ৰসাৰত বিয়পি যোৱা কল্যানকামী মহানতাই ,অকৃ্ত্ৰিম আন্তৰিকতাৰে তেওঁক এতিয়া বহু ওখ স্থানত এনেকৈ থৈ দিয়া আছে যে এজন শিক্ষক কিমান ওখ হ'ব পাৰে তাৰ প্ৰমাণ তেওঁ নিজেই।

সেই কথাই আছে এই গ্ৰন্থ খনত। সাহিত্য সভাৰ সৈতেও তেওঁ জড়িত। অশীতিপৰ এই বিদ্যানে সাহিত্যাৰ সাধনাৰ জৰিয়তেও অসমীয়া সাহিত্য়ত সমৃদ্ধ কৰিছে। তেওঁ হেনো স্পষ্টবাদী। প্ৰয়োজনত অতি চোকা ভাষা প্ৰয়োগ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে। আত্মবিশ্বাসী আৰু সতৰ্কৰ দৃষ্টিৰে সমাজখন পৰ্যবেক্ষণ কৰে।

অভিনয় তেওঁৰ এক নিচা। বৌদ্ধিক জীৱনত তেওঁ সেই বাটৰ সন্ধান দিয়ে যি বাটে নতুন প্ৰজন্মক সঠিক দিশে আগুৱাই নিয়ে। বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত এনে নৈতিকতাক ধৰি ৰাখি, প্ৰজন্মৰ প্ৰতি দৃষ্টি ৰাখি দৃঢ়তাৰে মানুহৰ বাবে মানুহৰ কথা ভৱা মানুহ তেনেই নগন্য।

৮০ ৰ উৰ্ধতো তেওঁ এতিয়া তৰুণ। তেওঁ মানেই আছিল কঠোৰ অনুশাসন। যিয়ে তেওঁ সানিধ্য লাভ কৰে তেওঁ আয়ত্ব কৰে জীৱনবোধৰ নতুন তত্ব। এই অভিনন্দন গ্ৰন্থত লেখা প্ৰতিটো লেখাতেই তেখেতক মূল্যায়ন কৰাৰ অৱকাশ পাব পাৰি।

সাৰ্থক জীৱনৰ এই সত্বাই শিক্ষা বৃত্তিটোকেই পৱিত্ৰ কৰি ৰাখে। সমাজ হিতৈষী তেওঁ। সমাজৰ বাবে দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব তেওঁ সদায় পালন কৰিবলৈ সাজু। আউনীআটি আধ্যাত্মিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল তেখেত।গভীৰ চিন্তাৰ উদ্বেগকাৰী তেখেতৰ ভাষণবোৰে মানুহক মন্ত্ৰমুগ্ধ কৰে।

'জীৱনৰ লেছেৰী বুটলি' তেখেতে লিখিছিল আত্মকথা। চিন্তা বিচিত্ৰা, ইত্যাদি ইত্যাদি ইত্যাদি তেখেতৰ প্ৰৱন্ধ সংকলন। নিবিৰ অনুভৱ তেখেতৰ কাব্য সংকলনৰ নাম। তেখেতৰ চিন্তান দৰ্শন আছে। সেই দৰ্শন সমাজৰ হকে। সমকালীন সমাজ ব্যৱস্থা লৈ আছে তেওঁৰ প্ৰচুৰ অধ্যয়ন।

৬খনকৈ গ্ৰন্থ, হাজাৰতকৈ অধিক প্ৰৱন্ধ আৰু সহস্ৰাধিক গুৰুত্বপূৰ্ণ বিষয়ক লৈ দিয়া ভাষণ তেওঁৰ পৰিশীলিত জীৱনৰ, গ্ৰামীন সৰলতাৰ আৰু লোকৰ সাংস্কৃতিক মনৰে ভৰি আছে। দৃঢ়মনা, সমাজ উত্তৰণৰ গতিপথ নিৰ্ণয় কৰা এই গৰাকী শিক্ষাবিদ আদৰ্শক লৈ সচেতন।

তেওঁৰ কবিতা সমূহৰ মাজত সেই কথকতাই সৰল হৈও গভীৰ অৰ্থ বহন কৰি ফুৰে। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰোতে, কৰ্মসূত্ৰে অনেক জন লোকৰ সান্নিধ্য লৈ আহে। পাণ্ডিত্যৰ ফুলজাৰি তেওঁ নামাৰে। কিন্তু এই পাণ্ডিত্য তেওঁৰ কথা, কামত ফুটি উঠে।

অৱসৰী জীৱনৰ পাছতো তেওঁ দুৰন্ত তৰুণ হৈয়ে তেওঁ ঘূৰি ফুৰিছে। বগা ধূতী-পাঞ্জাবী পিন্ধি এখন মপেট চলাই কামৰ পিছলৈ দৌৰিছিল সৌ সিদিনালৈ। তেওঁঁ ৰসাল। শিক্ষকতাৰ জীৱনত তেওঁৰ বহু ঘটনাই ঘটিছিল। এই অভিনন্দন গ্ৰন্থতে সন্নিৱিষ্ট কৰা এটা সাক্ষাতকাৰত তেওঁ কৈছিল তেনে এক ঘটনাৰ কথা।

চতুৰ্থ বৰ্ষৰ ইংৰাজী কবিতা এটা বুজাই আছিল। হঠাৎ এজন ছাত্ৰ থিয় হৈ ভুলে শুদ্ধই অনৰ্গল ইংৰাজীত কথা কৈছিল। কি কব খুজিছে অৱশ্যে বুজা নাছিল। ক্লাছৰ পৰা ওলাই আহিছিল তেখেত। শিক্ষকৰ জিৰণী কোঠাত বহি আছিল। ছাত্ৰজন আহি তাত পালেহি। হাতত তামোল-পান লৈ ক্ষমা বিচাৰিলে। কিয় এনে কৰিলে বুলি সোধাত উত্তৰ দিছিল- ইংৰাজীয়ে তেওঁক এনেদৰে মোহভ্ৰষ্ট কৰি পেলাইছিল যে স্বতস্ফূৰ্ত ভাৱে ছাত্ৰজনকো তেখেতৰ দৰে ইংৰাজী কবলৈ মন গৈছিল।

এয়াই হৈছে এজন শিক্ষকৰ শিক্ষাদানে ছাত্ৰৰ মনত ৰেখাপাত কৰা এটা বিৰল ঘটনা। এসময়ত বিপ্লৱী কমিউনিষ্ট দলৰ সদস্য আছিল তেওঁ। আৰ চি পি আই সক্ৰিয় সদস্যই নহয়, যুটীয়া সাধাৰণ সম্পাদক হিচাপে কলকতাৰ সভালৈ যোগদানৰ বাবে গৈছিল। জ্যোতি বসু, খনেন বৰবৰুৱা, হেমেন দাস আদিৰ সৈতে একেলগে সভা কৰিছিল। মাৰ্ক্সীয় দৰ্শনৰ মাজত বিচাৰি পাইছিল মানৱতা।

সেই সাক্ষাৎকাৰতে কবলৈ কুণ্ঠাবোধ কৰা নাছিল নতুন শিক্ষানীতিৰ কথা। সন্তুষ্ট নহয় তেওঁ শিক্ষানীতিক লৈ। বৰ্তমানৰ ৰাজনৈতিক বাতাবৰণে তেওঁক সুখী নকৰে। তেওঁৰ বাবে সফলতাৰ মাপকাঠী পৰিশ্ৰম। প্ৰতিজন মানুহৰে জীৱনৰ দৰ্শন থকা উচিত বুলি তেওঁ ভাৱে। তেওঁৰ নিজৰ দৰ্শন সদায় সৎ হৈ থকা, অন্যায়ৰ সৈতে আপোচ নকৰা।

পৰিস্থিতি অনুসৰি তেওঁ পৰিস্থিতি চম্ভালিব পাৰে। এজন ছাত্ৰই সুৱৰিছিল সেই কাহিনী- " প্ৰাক স্নাতক চূড়ান্ত পৰীক্ষাত এগৰাকী প্ৰাইভেট মহিলা পৰীক্ষাৰ্থীয়ে নকল কৰি থকা দেখি ছাৰে পৰীক্ষা গৃহত ডাঙৰকৈ কৈছিল , সকলোৱে শুনা, ছোৱালী হ'লে জীয়ৰী হয়, জীয়ৰী হ'লে বোৱাৰী হয়, বোৱাৰী হ'লে গৃহিণী হয়, গৃহিণী যেতিয়া চুৰণী হয় তেতিয়া…? সকলোৱে ইফাল-সিফাল চোৱা-চুই কৰাত মহিলাগৰাকীয়ে সোনকালে বহি দি ওলাই আহিল"।

২৫৬ ৰো অধিক পৃষ্ঠাৰ পৰিব্যাপ্তি শীৰ্ষক এই অভিনন্দন গ্ৰন্থত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে তেখেতৰ জীৱন, কৰ্মস্থান, সামাজিক কাম-কাজ, ব্যক্তিত্ব আদিৰ পৰ্যালোচনা কৰিছে। তুলি ধৰিছে তুৱাৰাম খনিকৰ দেৱল কৃতি, ব্যাপ্তি আৰু খ্যাতিৰ দলিল। যি সকলে এই মূল্যায়ন কৰিছে তেওঁলোক নিজেই একো একোজন বিশিষ্ট ব্যক্তি । তেওঁলোকৰ অন্তদৃষ্টিৰে তেনে এজন বিশেষ ব্যক্তিৰ সন্ধান কৰোতে জীৱন চৰ্যাৰ মাজেৰে সেই চিনাকী মুখে ধৰা দিয়েহি।

কোনো দিনেই লগ নোপোৱা অথচ বহুদিনৰ চিনাকী যেন এই ব্যক্তি সত্বাৰ দৰেই বহুলোক আছে বাবেই সমাজখন থন ধৰি আছে। তেখেতৰ পুত্ৰ ড০ দেৱব্ৰত খনিকৰ। সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ। আকস্মিক ভাৱে তেখেতৰ সান্নিধ্যলৈ আহোতে হাতত তুলি দিয়া পৰিব্যাপ্তিয়ে সন্ধান দিলে মোক এজন ওখ মানুহৰ।

assam