আউটষ্টেণ্ডিং !

আউটষ্টেণ্ডিং !

মৃদুল কুমাৰ সন্দিকৈ

বিদেশলৈ যাব খোজে ৰূপশিখা। তাইৰ সপোন লণ্ডন স্কুল অফ ইকনমিকচ বা ইউনিভাৰ্চিটি অফ টেকচাচত পি এইচ ডি কৰাৰ। বৰ বিনম্ৰতাৰে কৈ গৈছিল ৰূপশিখাই সপোনবোৰৰ কথা।

জলপানি লৈ বিদেশত উচ্চ শিক্ষা ল'ব খোজা ৰূপশিখাৰ সৰুৰে পৰা আন এটা সপোনো আছে। সেয়া হ'ল এগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱা। ৰূপশিখাৰ সপোনবোৰ পূৰণ হওক সেয়া সকলোৰে কামনা।

২১ টা বসন্ত ৰূপশিখাই বৰ প্ৰত্যাহ্বানেৰে পাৰ কৰিছে। নিৰাশাৰ মাজত আশাৰ পোহৰ হৈ আনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈছে। হাঁহিমুখীয়া ছোৱালী জনীৰ বাবে শেহতীয়াকৈ আহিছে আন এক সুখবৰ।

দিল্লীৰ জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ POLM পাঠ্যক্ৰমত নামভৰ্তি কৰিছে ৰূপশিখাই। দেশৰ সন্মানীয় এই বিশ্ববিদ্যালয়খনত অধ্যয়নৰ বাবে ১১ নৱেম্বৰ ২০২২ত দিল্লীলৈ যাব তেওঁ।

বিশেষভাৱে সক্ষম ৰূপশিখা নাথ। জন্মৰ পৰাই স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ দুয়োখন ভৰি আৰু এখন হাত বিকল হৈ পৰিছিল। পিতৃ-মাতৃয়ে অশেষ যতনেৰে ডাঙৰ কৰিছিল ৰূপশিখাক। ৰূপশিখাৰ ভাষাত মা-দেউতাৰ উৎসাহ আৰু আশীৰ্বাদেই তেওঁৰ সফলতাৰ মূল মন্ত্ৰ।

২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ ৭৯.৬৭ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল ৰূপশিখা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ব্ৰিলিয়ান একাডেমীৰ পৰা ৰূপশিখাই দুই বিষয়ত লেটাৰ নম্বৰ সহ ৭৩.৮৬ শতাংশ নম্বৰ পাইছিল।

মঙলদৈ কলেজত স্নাতক শ্ৰেণীত নামভৰ্তি কৰিছিল এই মেধাৱী ছাত্ৰী গৰাকীয়ে। ঘৰৰ পৰা কলেজ দূৰ হোৱাৰ বাবে ক্লাছ কৰাত অসুবিধা হৈছিল। আৰক্ষী বিভাগত কৰ্মৰত ৰূপশিখাৰ পিতৃ-মাতৃ। তেওঁৰ পিতৃৰ নাম কমলেশ্বৰ নাথ। মাতৃৰ নাম হেমন্তী নাথ। দুয়ো অসম আৰক্ষীৰ উপ-পৰিদৰ্শক।

কলেজলৈ ৰূপশিখাৰ সৈতে মাতৃ প্ৰতিদিনেই যোৱাতো সম্ভৱ নহয়। সেয়েহে তিনিটা বছৰত মাত্ৰ ২০-২২ দিন মানহে ক্লাছ কৰা হৈছিল। কলেজখনৰ অধ্যাপক সকলে ৰূপশিখাৰ সমস্যাটো বুজিছিল। সেয়েহে ক্লাছ কৰি থাকোতে তেওঁলোকে মোবাইল ফোনটো ৰূপশিখাৰ নম্বৰত লগাই লৈছিল।

ৰূপশিখাই ঘৰতে থাকি ক্লাছবোৰ শুনিছিল। ৰাজনীতি বিভাগত মেজৰ লোৱা ৰূপশিখাই স্নাতক শ্ৰেণীত ৮১.৫০ শতাংশ নম্বৰ পাইছিল। তাৰপাছত ৰূপশিখাই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও জেএনইউত নামভৰ্তি কৰিবলৈ সুবিধা পোৱাত দিল্লীলৈ যাবগৈ।

অকলে ৰূপশিখাই থাকিব নোৱাৰিব দিল্লীত। সেয়েহে ৰূপশিখাৰ সৈতে মাতৃও থাকিব লাগিব। মঙলদৈ ডি এছ বিত কৰ্মৰত মাতৃয়ে সেয়ে ভাবিছে বিভাগীয় নিয়ম অনুসৰি তেওঁ প্ৰায় ৩৭ মাহ মানৰ আৰ্জিত ছুটী আছে। দুই এদিনতে এই ছুটীৰ বাবে আৱেদন কৰিব মাতৃয়ে।

জে এন ইউত বিশেষভাৱে সক্ষম সকলৰ বাবে আছে হোষ্টেলৰ সুবিধা। যদি হোষ্টেলত মাককো থাকিবলৈ দিয়ে তেন্তে হোষ্টেলতে থাকিব মেধাৱী ছাত্ৰী গৰাকী। অন্যথা কিবা এটা ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছে পৰিয়ালটোৱে।

জন্মৰ পৰাই স্নায়ু ৰোগত আক্ৰান্ত হোৱা ৰূপশিখাই কৈছিল আনে খুলি নিদিলে কলমটো খুলি লিখিব নোৱাৰে। ভৰি দুখনৰ লগতে বাঁও হাতখনেৰে তেওঁ একো কৰিব নোৱাৰে। সেয়েহে তেওঁৰ সৈতে কোনোবা এজন থাকিব লাগিবই।

ৰূপশিখাই চিন্তা কৰে তেওঁৰ দৰে বিশেষভাৱে সক্ষম সকলৰ কথা। যি সকলৰ পিতৃ-মাতৃৰ আৰ্থিক অৱস্থা বেয়া আৰু পৰিয়ালৰ লোকে বহুতকে অনাদৰ কৰে। এইবোৰ কথা ভাবিয়েই কেতিয়াবা প্ৰৱন্ধ বা গল্প লিখে। গল্পবোৰত ৰূপশিখাই প্ৰেৰণাদায়ক চৰিত্ৰবোৰৰ জৰিয়তে মনৰ কথাবোৰ কব খোজে।

ৰূপশিখাৰ সফলতাত পিতৃ মাতৃ সুখী। হাঁহি থকা ছোৱালী জনীও সুখী মাক-দেউতাকক এই সুখ দিব পাৰি। ৰূপশিখা আছিল পৰিয়ালটোৰ তৃতীয় সন্তান। বাহিৰা কিতাপ পঢ়ি ভাল পাই ৰূপশিখাই।

ৰূপশিখাই বিচাৰে তেওঁৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিভাগ আৰু চৰকাৰে তেওঁৰ মাতৃক ছুটী প্ৰদান কৰিব। মেধাৱী ৰূপশিখাৰ সপোনবোৰ সাৰ্থক হওক। তেওঁৰ প্ৰতি সকলোৰে আছে অলেখ শুভকামনা। ৰূপশিখাই দেখুৱাই দিছে সকলো প্ৰত্যাহ্বানেই সাহসৰে সন্মুখীন হ'লে জয় কৰিব পাৰি। জীৱন জিনা ৰূপশিখা এতিয়া বহুতৰে প্ৰেৰণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in