মৃদুল কুমাৰ সন্দিকৈ
সম্পৰ্কবোৰ হেৰাই গৈছে।যিবোৰ সম্পৰ্কই মানুহক এখন ঘৰ ধৰি ৰখাত আৰু এখন সমাজ গঢ়াত সহায় কৰিছিল। কেতিয়াবা ভাৱি চোৱা হয়নে সেই সুমধুৰ শব্দবোৰ কেনেদৰে আমাৰ পৰা আঁতৰি গৈ আছে। আমি আধুনিক মনৰ গৰাকীহৈও সেই আধুনিকতাৰ মাজত তথাকথিত ঘৰ এখন ধৰি ৰাখিব পৰা নাই।
শিল-বালি. ইটা,চিমেন্টেৰে সজা মৰমৰ ঘৰখনো সময়ত ঘৰ হৈ নৰয়। ঘৰ থাকে, থাকে সকলো আচবাব কিন্তু সেই ঘৰত থাকিবলৈ নাথাকে মানুহ। এই সমস্যা এতিয়া প্ৰায়েই হয়। হেঁপাহৰে সজোৱা ঘৰখন শূণ্য হৈ যায়। সম্পৰ্কবোৰ বৰ থুনুকা । ইয়াক ধৰি ৰাখিব নোৱাৰিলে ই ভাগি যায়।
গাঁৱৰ সেই পুৰণি ঘৰখনত কিমান আত্মীয়তা আছিল এদিন। ভৰপুৰ হৈ আছিল চৌদিশ। মানুহৰ বাবে সেয়া আশ্ৰম সদৃশ আছিল। কব নোৱাৰাকৈয়ে প্ৰত্যেকে প্ৰত্যোকৰ ঘৰখন এখন পৱিত্ৰ স্থান কৰি লৈছিল। আন্তৰিকতা আৰু দায়বদ্ধতাৰে আতিবাহিত কৰা দিনবোৰত অহা প্ৰত্যাহ্বানবোৰ সকলোৱে মিলি গ্ৰহণ কৰিছিল।
বিভিন্ন জনগোষ্ঠীৰ মাজত সম্পৰ্ক বা সম্বোধনৰ বাবে যিবোৰ শব্দ ব্যৱহাৰ কৰা হৈছিল সেই শব্দবোৰে কৈ গৈছিল কাৰ সৈতে কি যোগসূত্ৰ। এনা, পুথা,মামাদেউ,নিচাদেউ, ভনীজোঁৱাই, খুড়া, খুৰী, পিতাই, আই, বোৱাৰী, ভতিজা,ককাইদেউ,ককা, আইতা আদি সম্বোধন সূচক শব্দবোৰ আহোম সকলে প্ৰায়েই ব্যৱহাৰ কৰিছিল।এতিয়া এনা, পুথা সম্বোধন প্ৰায় নোহোৱা হোৱাৰ দৰেই।
নতুন প্ৰজন্মই সম্পৰ্কবোৰৰ এই সম্বোধন সূচক শব্দবোৰ সংকুচিত কৰি পেলালে। কাজিন, আংকল, আন্টী, ফাদাৰ-ই-ল, মাডাৰ-ইন-ল, চিষ্টাৰ, ব্ৰ' আদি শব্দৰে আমাক ছানি ধৰিছে। নজনাকৈয়ে আমি সেইবোৰ আঁকোৱালি লৈছো। আন্তৰিকতাবিহীন এই শব্দবোৰে কেৱল আমাৰ পৰিচয় হৈয়ে ৰৈছে। ইয়াত নাই আত্মীয়তা।
আত্মীয়তাই মানুহক এডাল দোলেৰে বান্ধি ৰাখে। আত্মীয়তাই মানুহক দায়বদ্ধশীল হ'বলৈ শিকায়। এতিয়া মানুহৰ বাবে মোবাইল ফোনটো যিমান আত্মীয় সেই সমান আত্মীয়তা পৰিয়াল স্বজনৰ সৈতেও ৰক্ষা নকৰে। আত্মীয়জন হেৰুৱালে যিমান দুখ পাই মোবাইল ফোনটো হেৰুৱালে তাতকৈ বহু বেছি দুখত ম্ৰিয়মান হয়।
কিমান যান্ত্ৰিক হৈ গৈছো আমি। সেই যান্ত্ৰিকতাৰ মাজত স্বাভাৱিক আত্মীয়তাৰে গঢ় লৈ উঠা সম্পৰ্কই মানুহৰ মনোজগতত প্ৰভাৱ পেলায়। পুৰণি সেই দিনবোৰ সোঁৱৰাই দিয়ে। পুত্ৰ-কন্যাৰ পিতৃ-মাতৃৰ প্ৰতি থাকিব লগা কৰ্তব্য আৰু দায়িত্ববোৰ এনে ঘৰ বিহীন ঘৰত কেনেকৈ আশা কৰিব পাৰো।
সকলো থাকিও আজি মানুহৰ মাজত মৰমৰ অভাৱ। অভাৱ সেই অভিমান আৰু বুজি উঠা সৰল মনবোৰৰ। খালী ঘৰবোৰত কেৱল ওলমি ৰয় সোঁৱৰণি চিলা। মনৰ ভিতৰত গুজৰি গুমৰি থকা হতাশাবোৰে মানুহক অমানুহ কৰি তোলে।
ছোৱালীজনীৰ নাম আছিল মাম্পী। বয়স ১৩ কি ১৪। মাম্পীৰ কাহিনী এদিন চৰ্চা হৈছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখজনক আৰু আত্মীয়তাৰ কাহিনী আছিল এয়া। মাম্পীৰ দেউতাক আছিল এজন শ্ৰমিক। কোনোমতে খোৱা-বোৱা কৰাটোৱেই তেওঁলোকৰ বাবে ডাঙৰ সমস্যা।
সেই সময়তেই অভিশাপ হৈ আহিছিল আন এক খবৰ। মাম্পীৰ দেউতাকৰ অসুখ। বেয়া হৈছিল তেওঁৰ দুয়োটায়ে কিডনী।ব্যয়বহুল সেই চিকিৎসাৰ কথা মাম্পীৰ পৰিয়ালে কল্পনায়েই কৰিব পৰা নাছিল। আৰু বেচেৰী মাম্পীয়ে কি কৰবি পাৰে।
কিন্তু তাইৰ ইচ্ছা আছিল দেউতাকৰ বাবে কিবা এটা কৰাৰ।এই সমস্যাৰ মাজতেই মাম্পী গৈ আছিল বিদ্যালয়লৈ। তাই লগৰবোৰক কৈছিল দেউতাকৰ অসুখৰ কথা। লগৰবোৰে তাইক সান্তনা দিছিল। দুয়োটা কিডনী বেয়া হোৱা মাম্পীৰ দেউতাকৰ কিডনী ট্ৰেনচপ্লেন্ট নকৰিলে আন উপাই নাই বুলি চিকিৎসকে কৈছিল। চিকিৎসা বিজ্ঞানৰ কথা মাম্পীয়ে নাজানে।জানিছিল কেৱল দেউতাকক এটা কিডনীৰ প্ৰয়োজন।
লগৰ এজনীয়ে মাম্পীক এই কথা খিনিয়েই কৈছিল। ঘৰৰ কোনোবাই এটা কিডনী দি দিলে দেউতাক বাচিব। সেই কথা মাম্পীয়ে বুজিছিল। স্কুলৰ পৰা আহি মাম্পীয়ে ভাৱিলে কি কৰিব। মাকে এতিয়া ঘৰ খনৰ চালিকা শক্তি। দিন ৰাতি একাকাৰ কৰি মাকে মানুহৰ ঘৰে ঘৰে কাম কৰি সিঁহতক পোহপাল দিছে, দেউতাকক চাইছে।
মাম্পীয়ে তাইৰ স্কুলৰ বহি এখন উলিয়াই ল'লে। তাৰপাছত তাতেই লিখিলে মাক আৰু দেউতাকলৈ বুলি এখন চিঠি। তাৰপাছত মাম্পী নাই। সন্ধিয়া হ'ল । ক'ত গ'ল মাম্পী? বিচাৰিলে মাকে। অৱশেষত মাম্পীক পালে। ঘৰৰ পিছফালৰ এজোপা গছত মাম্পীৰ নিঠৰ দেহ ওলমি আছে। হাতৰ মুঁঠিত লৈ আছে বহী পাত ফালি লিখা চিঠিখন।
মাম্পীয়ে লিখিছিল- মা-দেউতাৰ দুয়োটা কিডনী বেয়া হৈছে। লগৰবোৰে কৈছে ঘৰৰ কোনোবাই দেউতাৰ কিডনী দি দিলে দেউতা বাচিব। মোৰ কিডনী দুটা দেউতাক দি দিবা। মাম্পীৰ মাকে নহয়, সেই খবৰ শুনি তালৈ অহা প্ৰতিজন লোকৰ চকু সেমেকি উঠিছিল। মাম্পীয়ে পথটো নাজানিলে। কিন্তু দেউতাকৰ প্ৰতি ইমান আত্মীয়তা, দায়বদ্ধতা প্ৰদৰ্শন কৰা মাম্পীতকৈ ওপৰত আৰু কোন হ'ব পাৰে।
এনেবোৰ আত্মীয়তাই আমাৰ সমাজ ভৰি আছিল। মাম্পীৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিব নালাগে। কিন্তু অন্য পথেৰেও আত্মীয়তা ধৰি ৰাখিব পাৰি। সম্পৰ্কবোৰ জটিল হবলৈ নিদি বিশ্বাস আৰু আত্মীয়তাৰে বেৰি ৰাখিলে কেতিয়াও সেইবোৰ তিক্ত হ'ব নোৱাৰে। মানুহ সঁচাকৈয়ে মৰমৰ দাস।