ল’ৰাই হওক বা ছোৱালীয়েই হওক; এটি সন্তানেই যথেষ্ঠ…

ল’ৰাই হওক বা ছোৱালীয়েই হওক; এটি সন্তানেই যথেষ্ঠ…

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ ভিৰত মানুহ হেৰাই যোৱা উপক্ৰম হৈছে। খোদ ৰাষ্ট্ৰসংঘই আঙুলিয়াই দিবলগীয়া হৈছে ভাৰতৰ সন্মুখত দেখ দিব পৰা নতুন বিপদ। চীনক ভাৰতে পিছ পেলাব। ২০২৩ চনত ভাৰতৰ মুঠ জনসংখ্যাই ১৪০ কোটি অতিক্ৰম কৰিব।

বৰ্তমান ভাৰতৰ জনসংখ্যা অনুমানিক ১৩৮ কোটি। জন্ম নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৫২ চনৰ পৰাই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কিন্তু এই পদক্ষেপক ৰাজনৈতিক, অৰ্থনৈতিক,সামাজিক,শৈক্ষিক আৰু ধৰ্মীয় কাৰণত সফল কৰি তুলিব পৰা নগ'ল।

জনসংখ্যা বিষয়ক ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত পুনৰ বিষয়টোৱে নতুন মাত্ৰা আৰু চৰ্চা লাভ কৰিছে। আচলতে জনসংখ্যাৰ ঘনত্বৰ ফালৰ পৰা ভাৰতে কেতিয়াবাই চীনক অতিক্ৰম কৰিছে।

বৰ্তমান চীনৰ জনসংখ্যাৰ ঘনত্ব ১৪৮ প্ৰতিবৰ্গ কিলোমিটাৰত। ভাৰতত এই ঘনত্ব ৪২৮.১৯। বিশ্বত জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গ কিলোমিটাৰত ৫৮.৮৭ জন লোক। কল্পনা কৰক চোন যেতিয়া ভাৰত বিশ্বৰ জনবাহুল দেশ হিচাপে বিবেচিত হ'ব তেতিয়া কি অৱস্থা হ'ব।

শিক্ষা, স্বাস্থ্য, চাকৰি, বাসভূমি, খাদ্য সকলো সমস্যাই আৰু অধিক গুৰুত্ব হৈ পৰিব দেশখনত। চীন এখন বিশাল দেশ। চীনৰ মুঠ মাটিকালি ৯.৫৯৭ মিলিয়ন বৰ্গ কিলোমিটাৰ। ভাৰততকৈ প্ৰায় ৩ গুণ ডাঙৰ চীন। ভাৰতৰ মুঠ মাটিকালি ৩.২৮৭ মিলিয়ন বৰ্গকিলোমিটাৰ।

বিশ্বৰ মুঠ জনসংখ্যা প্ৰায় ৮০০ কোটি। সেই হিচাপত ভাৰতত এক ষষ্ঠ অংশ লোক বাস কৰে। জনসংখ্যা বৃদ্ধিৰ লগে লগে এই লোকসকলে বসবাস কৰিবলৈ বিভিন্ন প্ৰাকৃতিক ভূমিক ধ্বংস কৰাৰ ফলত প্ৰাকৃতিক দুৰ্যোগেও ভয়াবহ ৰূপ ধাৰণ কৰিব।জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে সহযোগ কৰিব লাগিব। ইয়াত ধৰ্মীয় গোড়ামী, সংকীৰ্ণতা আদি কথা নাহে।

১৯০১ চনৰ কথা।অসমত মুঠ জনসংখ্যা আছিল ৩২ লাখ ৮৯ হাজাৰ ৬৮০ গৰাকী। ১৯১১ চনত সেই সংখ্যা বৃদ্ধি পাইছিল ৩৮ লাখ ৪৮ হাজাৰ ৬১৭ লৈ। ১৯২১ চনত অসমৰ জনসংখ্যা হৈছিলগৈ ৪৬ লাখ ৬৬ হাজাৰ ৯৮০ গৰাকী। ১৯৩১ চনত অসমৰ জনসংখ্যা আছিল ৫৫ লাখ ৬০ হাজাৰ ৩৭১ গৰাকী।

১৯৪১ চনত অসমৰ জনসংখ্যা ৬৬ লাখ ৯৪ হাজাৰ ৭৯০ হয়গৈ। ১৯৫১ টনৰ পৰা ১৯৬১ চনলৈ অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ৩৪.৯৮ শতাংশ। এক অবিশ্বাস্য হাৰত বৃদ্ধি পাইছিল জনসংখ্যা।

১৯৬১ চনত অসমৰ জনসংখ্যা হৈছিলগৈ ১ কোটি ৮ লাক ৩৭ হাজাৰ ৩২৯ জন।১৯৭১ চনত জনসংখ্যা বৃদ্ধিৰ হাৰ ৩৪.৯৫ শতাংশ বৃদ্ধি পায়। ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি পাইছিল ১ কোটি ৪৬ লাখ ২৫ হাজাৰ ১৫২ জনলৈ।

এনেকৈয়ে অসমৰ জনসংখ্যা এই দুটা দশকত বৃদ্ধি পোৱাৰ পাছত ১৯৮১ চনত ২৩.৩৬শতাংশ , ১৯৯১ চনত ২৪.২৪ শতাংশ কৈ জনসংখ্যা বৃদ্ধি হৈছিল অসমত। ১৯৮১ চনত ৰাজ্যৰ মুঠ জনসংখ্যা আছিল ১ কোটি ৮০ লাখ ৪১ হাজাৰ ২৪৮ জন।১৯৯১ চনত অসমৰ জনসংখ্যাই ২ কোটি চুইছিল। ২ কোট্ ২৪ লাখ ১৪ হাজাৰ ৩২২ হৈছিল গৈ অসমৰ জনসংখ্যা।

২০১১ চনত অসমৰ জনসংখ্যা ৩ কোটি হৈছিল। সেই বছৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা হৈছিল ৩ কোটি ১১ লাখ ৬৯ হাজাৰ ২৭২ জন। জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ১৬.৯৩ শতাংশ।

বিশ্বৰ উন্নত দেশবোৰত জনসংখ্যা বৃদ্ধি সমস্যা নহয়। শিক্ষা আৰু আন সামগ্ৰিক উন্নয়নে দেশসমূহৰ জনসংখ্যা নিয়ন্ত্ৰণত স্বতস্ফূৰ্ত ভূমিকা পালন কৰে। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ বাবে জনসংখ্যা বৃদ্ধি নতুন প্ৰত্যাহ্বান।

ভাৰতত বৰ্তমান মুঠ জিডিপি মাত্ৰ ১.২৯ শতাংশহে স্বাস্থ্য খণ্ডত ব্যয় হয়।সেই হাৰ নেপাল , বাংলাদেশতকৈ কম। অথচ চীনত মুঠ জিডিপিৰ ৬.৭ শতাংশ ব্যয় কৰা হয়। একেদৰে আন এক উল্লেখ যোগ্য খণ্ড শিক্ষাত ভাৰতে ব্যয় কৰে মুঠ জিডিপিৰ ৩.৫ শতাংশ। সমগ্ৰ বিশ্বত আন দেশ সমূহে গড়ে শিক্ষাৰ নামত ব্যয় কৰা জিডিপিৰ শতাংশ ৪.২ ।

নিবনুৱা, দৰিদ্ৰতা আদি সমস্যাই ভাৰাক্ৰান্ত ভাৰত। এই হাৰত জনসংখ্যা বৃদ্ধি হোৱাতো ভাৰতৰ বাবে অতি পৰিতাপৰ কথা। সমগ্ৰ ইউৰোপত মুঠ জনসংখ্যা ৭৪.৬৪ কোটি। আৰু ভাৰতত সেয়া প্ৰায় ৩ গুণ।

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সকলোৱে সজাগ, সচেতন নহ'লে এয়া এক জনবোমা হৈ পৰিব। ভৱিষ্যতৰ সেই দিনবোৰৰ কথা ভাৱিব লগা হ'ল। অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বহু নীতি গ্ৰহণ কৰিছে। সেই নীতিবোৰৰ সঠিক আৰু সফল প্ৰয়োগ কৰাতো এতিয়া অত্যন্তই প্ৰয়োজন।

ল'ৰাই হওক বা ছোৱালীয়ে হওক দুটি সন্তানেই যথেষ্ঠ শ্লোগানো এতিয়া আঁতৰাব হ'ল। এতিয়া এনেদিন আহিছে ল'ৰাই হওক বা ছোৱালীয়ে হওক এটি সন্তানেই যথেষ্ঠ বুলি আমি মানি লব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in