/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/Bekhekh-Lekha-New-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যত হাহাকাৰ পৰিস্থিতি। ২৬ খন জিলাত বানে তাণ্ডৱ চলাইছে। বানৰ পৰিস্থিতি জটিলৰ পৰা জটিল হৈ গৈ আছে।যোৱা ৩-৪ দিন ধৰি বানে এনে সংহাৰ ৰূপ লোৱাৰ পাছতো কিয় চকু মেলি চোৱা নাই দিল্লীয়ে।
অসমৰ প্ৰতি তীব্ৰ টান আৰু ভালপোৱা আছে বুলি কৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন নহ'লেও হাফলঙত বানপানীত যাত্ৰীবাহী ৰেলৰ ডবা কেনেদৰে বগৰাই পেলাইছিল সেই দৃশ্য নিশ্চয় দেখিছে বা শুনিছে।
অসমৰ মানুহ আৰু কিমান অসুবিধাত পৰিলে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমবাসীৰ কাষলৈ আহিব। দেশৰ আন ৰাজ্যত বানে এনে পৰিস্থিতিৰ সৃষ্টি হ'লে দিল্লীয়ে কেতিয়াবাই সাৰ পালে হয়। ইমান দেৰি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে বানাক্ৰান্তৰ বাবে কিবা নহয় কিবা আৰ্থিক পেকেজ নিসন্দেহে ঘোষণা কৰিলেহেতেন।
অসমৰ ক্ষেত্ৰত আজিও কিয় সলনি হোৱা নাই দিল্লীৰ দৃষ্টি-ভংগী।বানত এই মুহুৰ্তলৈকে ১৫ জনৰো অধিক লোক মৃত্যু হৈছে। ৪ লক্ষাধিক লোক বানত ককবকাই আছে। জীৱ-জন্তু মানুহৰ অৱস্থা নাইকীয়া হৈছে।
ৰেল, স্থলপথ, যোগোযোগ ব্যাহত হৈছে। বহুকেইখন ৰেল বাতিল কৰিছে।খাদ্যৰ বাবে মানুহে হাহাকাৰ কৰি মৰিছে। বানৰ সেই ভয়াৱহতাৰ মাজতেই বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলিছে।
বানাক্ৰান্তক উদ্ধাৰত সেনা নামিছে। প্ৰথমটো বানতেই অৱস্থা কাহিল হৈ পৰিছে। শাকতোলা নৈৰ বানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উৰুৱাই পেলালে। সেই পথেৰে যাতায়ত ব্যাহত হৈ যোগাযোগ বিচ্ছিন্ন হৈছে। বানত ঘৰ দুৱাৰ বুৰ যোৱাৰ পাছত ওখ ঠাই বিচাৰি আশ্ৰয় লৈছে।
প্ৰতিবছৰে এই দৃশ্য আৰু অভিজ্ঞতা অসমৰ মানুহে ভোগ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বানাক্ৰান্তৰ প্ৰতিও সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। সেই মহানুভৱতা শত্ৰু ৰাষ্ট্ৰৰ প্ৰতি প্ৰদৰ্শন কৰা নৰেন্দ্ৰ মোডীয়ে নিজ ৰাষ্ট্ৰৰ মানুহৰ প্ৰতি উদাস কিয়?
কিয় কোনো এজন মন্ত্ৰীক তেওঁ বান পৰিস্থিতিৰ খবৰ ল'বলৈ ইমান সময় পঠোৱা নাই। এয়া ইচ্ছাকৃত অৱজ্ঞা নে আন কিবা? অসমবাসীয়ে দিয়া মৰমৰ মূল্য দিবলৈ কিয় নিবিচাৰে দিল্লীয়ে।
বানাক্ৰান্তক সহায় লাগে। প্ৰকৃতিক কোনোৱে বাধা দিব নোৱাৰে। বৰষুণ হৈয়ে আছে। বানপানীয়ে ইয়াতকৈও ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। সেই সংহাৰৰ পাছত বানাক্ৰান্তই এতিয়া চৰকাৰৰ মুখলৈ চাইছে।
এনে লোকো আছে যি পানীৰ বাবে আৱদ্ধ হৈ লঘোনে থাকিবলগীয়া পৰিস্থিতি হৈ পৰিছে। এপেকেট বিস্কুটৰ বাবে হাহাকাৰ কৰিছে। সেই সকল লোকক সকাহ দিয়াৰ দায়িত্ব চৰকাৰৰ নহয় নেকি?
দিল্লী দিছপুৰে টেলিফোনত কথা পাতিলেই পেটৰ ভোক নুগুচে। ব্যৱহাৰিকভাৱে বানাক্ৰান্ত লোক সকলক খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ দিয়াৰ ব্যৱস্থা কৰক। এয়া তেওঁলোকৰ অধিকাৰ। তাৰপাছত আহিব ক্ষতিপূৰণৰ প্ৰসংগ।
জলমগ্ন হোৱা গাঁৱৰ সংখ্যা বাঢ়ি গৈয়ে আছে।একেদৰে বাঢ়িছে বানাক্ৰান্তৰ সংখ্যা। কিন্তু যি সকল লোকে সাৰ পাব লাগে তেওঁলোকে সাৰ পাব কেতিয়া? নিৰ্বাচনৰ সময়ত বিভিন্ন দলে প্ৰতিশ্ৰুতি দিয়ে।সেই প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কথাও থাকে।
শাসনলৈ অহাৰ পাছতহে সেই সকলোবোৰ কথা পাহৰে। প্ৰতিবছৰে বান আহে। কেতিয়াবা বানে ভয়াৱহ ৰূপ ধৰে। হাফলঙত আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সামান্যভাৱে বতৰ ফৰকাল হ'লেও যিকোনো মুহুৰ্ততে আকৌ বৰষুণ অহাৰ ভয়।
চুবুৰীয়া ৰাজ্য অৰুনাচলত বৰষুণ অব্যাহত আছে। তাৰ প্ৰভাৱো অসমৰ বানত পৰে। প্ৰকৃতিৰ ধ্বংস যজ্ঞ চৰকাৰৰ পৃষ্ঠপোষকতাতেই চলে।বৃহত নদী বান্ধৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদৰ পাছতো মানুহৰ কথা চৰকাৰে নুশুনে।
ইয়াৰ ফলত সৃষ্টি হব পৰা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আছেই। বানপানী হ'ব।কিন্তু ইয়াৰ সৈতে সহবাস কৰিব পৰা, ইয়াক প্ৰতিৰোধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপায় এতিয়া আমাক লাগে।
চৰকাৰে কেতিয়া শুনিব এই দাবী। বানাক্ৰান্তৰ দুৰ্ভোগৰ কথা এবাৰলৈ ভাৱক দিল্লী-দিছপুৰে। বানত ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো নষ্ট হৈ যোৱা লোকসকলৰ উচুপনি প্ৰধানমন্ত্ৰীয়ে শুনা পাবনে? এতিয়া পাকিস্তানক নহয়, অসমৰ বানাক্ৰান্তক সহায় লাগে।
আৰু পঢ়ক: ৩১ বছৰ পিছত মুকলি ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবল