/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/AP-bikhekh-lekha-1-3.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ফ্ৰী পালে মানুহে আলকতৰাও খায়। গাঁৱত এই কথাষাৰ বৰ প্ৰচলন আছে। তিনিআলি, চাৰিআলি আদ্দা দিয়া ল'ৰাবোৰে এনে কিছু কথা-বতৰা পাতে যিবোৰে সামগ্ৰীকভাৱে এক পৰিৱেশৰ মূল্যায়ন কৰাত কেতিয়াবা সহায় কৰে।
গাঁৱৰ মানুহবোৰৰো এতিয়া সমস্যা নাই বুলিবই পাৰি। আগতে গাঁৱৰ মানুহে যি পৰিশ্ৰম কৰিছিল সেই পৰিশ্ৰম কৰিবলৈ এতিয়া মানুহ ইচ্ছুক নহয়। বিনামূল্যে চাউল, আন বিভিন্ন আঁচনিৰ অধীনত অন্যান্য যাৱতীয় সা-সুবিধা পোৱাৰ পাছত খেতি-পথাৰলৈ যোৱাৰ কথা সাধাৰণ গাঁৱলীয়া লোকসকলে পাহৰি যোৱাৰ নিচিনা হৈছে।
এদিন অসমৰ গ্ৰাম্য অৰ্থনীতি যথেষ্ঠ সৱল আছিল। জনমুৰী আয় দেশৰ ভিতৰতে অসমত বেছি আছিল।ধানে, মাছে, কঁঠালে, শাকে নদন-বদন হৈ আছিল ঘৰ। উজনি অসমৰ ফালে প্ৰতিটো পৰিয়ালৰ ঘৰৰ সৈতে এখন বাৰী থাকে। থাকে এটা পুখুৰী। আদৰ্শ পৰিয়াল বুলিব পৰাকৈ গাঁৱত দৰিদ্ৰ বুলি ভৱা জনৰো নাই নাই বুলিও বহু কিবা থাকে।
বাৰীৰ তামোল-পান, ফল-মূলৰ গছ, চুমনি, বাঁহনি আদিৰে সমৃদ্ধ এই পৰিয়ালবোৰ স্বাৱলম্বী আছিল। এতিয়া তেনে পৰিয়াল কাৎচিতহে দেখা যায়। গাঁৱৰ পৰা হেৰাই গৈছে গোহালীবোৰ। আনকি গাঁৱৰ ঘৰৰ একোনত থকা ধান থ'বলৈ ব্যৱহাৰ কৰা ভঁৰালবোৰো এতিয়া অতীত হৈ পৰাৰ পথত।
দুই একে ব্যৱসায়িক ভিত্তিত খেতি-বাতি কৰিলেও উমৈহতীয়াভাৱে গ্ৰাম্য অৰ্থনীতিৰ এই বুনিয়াদ ৰাজনৈতিক কাৰণতে জহি খহি গ'ল। গাঁৱত কিছু পৰম্পৰা আছে।কাৰোবাৰ ঘৰত ঘৰ বনাবলৈ, ধান চপাবলৈ হাৰিয়া দিছিল।ওচৰ-চুবুৰীয়া সকলে আহি উমৈহতীয়া ভাৱে শ্ৰমদান কৰিছিল। বিনিময়ত লগে-ভাগে এসাঁজ খাইছিল।
গাঁৱৰ চৰিত্ৰ এতিয়া বহু সলনি হৈছে। গাঁৱৰ ঘৰবোৰ, বাৰীবোৰ এতিয়া শূণ্য হৈ পৰি ৰৈছে। চহৰৰ দৰে গাঁৱৰ মানুহেও শাক-পাচলি, মাছ-পুঠিৰ বাবে বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। বিনামূলীয়াকৈ পোৱা চাউল কেইটাৰ বাবে চাউলৰ অভাৱ এতিয়া নহয়। কিন্তু গাঁৱত সেই বিধে বিধে বিভিন্ন থলুৱা প্ৰজাতিৰ ধানৰ শাক-পাচলিৰ যি সোৱাদ লোৱাৰ পৰিৱেশ আছিল সেয়া হেৰাই গ'ল।
আমি উপলব্ধি হয়তো কৰা নাই আজি। কিন্তু এনে পৰিৱেশ আৰু বেছিদিন থাকিলে গ্ৰাম্য জীৱনৰ সেই আধাৰৰ সৈতে গ্ৰাম্য অৰ্থনীতিৰ সম্পৰ্ক সম্পূৰ্ণভাৱে ছেদ হৈ পৰিব। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন বিনামূলীয়া সামগ্ৰী, ধন যোগান ধৰা আঁচনি সমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা মানুহৰ বাবে এদিন এই পৰিৱেশে মহা সংকট নমাই আনিব।
শ্ৰীলংকাৰ খবৰ সকলোৱে শুনিছে। গভীৰ অৰ্থ সংকটত জুৰুলা হোৱা দেশখনত আৰ্থিক আৰু ৰাজনৈতিক সংকটে এনে ৰূপ লৈছে যে ৫১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিদেশী ঋণৰ লগতে আন কিছু কাৰণত এতিয়া সেই দেশত মানুহৰ মাজত জীৱন নিৰ্বাহ কৰাটোৱেই ডাঙৰ সমস্যা হৈ পৰিছে।
বিদেশী ঋণৰ ওপৰত নিৰ্ভৰশীল দেশখনত মুদ্ৰাস্ফীতিয়ে ব্যয়-বস্তুৰ দাম আকাশলংঘী কৰি তুলিছে। জনসাধাৰণৰ পৰা ভোটৰ স্বাৰ্থত ৰাজনৈতিক দলবোৰে এনে কিছু আঁচনিৰ কথা ঘোষণা কৰিছে যে হিতাধিকাৰী সৃষ্টি কৰি ভোট সংগ্ৰহেৰে ক্ষমতাত অধিষ্ঠিত থাকিলেও সেই দলবোৰে দেশৰ ভৱিষ্যৎ নষ্ট কৰিছে।
এসময়ত ভিনেজুৱেলা আছিল প্ৰাচৰ্যশালী দেশ। সেই দেশখনৰ অৱস্থাও আজি জটিল হৈছে কেৱল এনেবোৰ বিবেচনাহীন আঁচনি ৰূপায়ণৰ নামত ৰাজভৰাঁল উদং কৰি জনসাধাৰণক কৰ্মবিমুখ কৰাৰ ফলত। জনকল্যান আঁচনি চৰকাৰে গ্ৰহণ কৰিব লাগে। কিন্তু সেই আঁচনিবোৰৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰভাৱ কেৱল ৰাজনৈতিক দৃষ্টিকোনেৰে হোৱাৰ ফলত ইয়াৰ কোনো উৎপাদনশীলতা নাথাকে। বৰঞ্চ সেই জনমুহিনী আঁচনিয়ে ৰাজনৈতিক দলক কিছু দিনৰ বাবে সহায় কৰাৰ বিপৰীতে দীৰ্ঘদিনৰ বাবে দেশৰ আৰ্থিক পৰিকাথামো ভাগি পেলায়।
অসমতো তেনে বহু আঁচনি চৰকাৰে ঘোষণা কৰি সেইবোৰ ৰূপায়নৰ নামত কোটি কোটি টকা ব্যয় কৰা দেখিবলৈ পোৱা গৈছে। তেনে কিছু আঁচনি কেৱল চমক সৃষ্টিৰ বাবে কৰা ঘোষণাৰ বাদে একো নহয়। যিবোৰৰ প্ৰয়োজনীতা নাই বুলিব পাৰি। কিন্তু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক আকৰ্ষিত কৰিবলৈ দুটামান দিনৰ বাবে হিতাধিকাৰী সজাই ৰাজভঁৰালৰ ধন ব্যয় কৰাৰ পৰিণাম ৰাজ্যবাসীয়ে ভোগ কৰিব লাগিব।
অৰ্থনৈতিক দিশত এই ব্যৱস্থাপনাৰ ভুলবোৰ ৰাজনৈতিক দলবোৰে অনুধাৱন কৰাৰ সময় আহি পৰিছে। চুবুৰীয়া শ্ৰী লংকাৰ পৰা শিক্ষা লোৱাৰ সময় ভাৰতৰ সন্মুখতো উপস্থিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ সচিবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগতেই এনে সিদ্ধান্তবোৰে শ্ৰীলংকাৰ দৰে ভাৰততো দেউলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি সকীয়াই দিছে।
অসমৰ মুখ্যমন্ত্ৰীয়েও বিষয়টো গুৰুত্ব দিয়া উচিত। যিমানেই চৰকাৰে দম্ভ নামাৰক কিয় সেই আঁচনিবোৰ ৰূপায়নৰ বাবে প্ৰয়োজনীয় ধন সাধাৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰতে মাধমাৰ মাৰি সংগ্ৰহ কৰি আহিছে। যোৱা দুটা সম্পাহত ৮০-৪০ পইচাকৈ পেট্ৰ'লৰ মূল্য প্ৰায় ১০ টকা বৃদ্ধি কৰিলে।
এতিয়া চৰকাৰী পক্ষই নিজ দেশবাসীকেই যেন শোষণ কৰা বিকল্প পথৰ সন্ধান কৰে। পৰোক্ষভাৱে এনে জনমুখী আঁচনি বা হিতাধিকাৰী সৃষ্টি কৰিলেও প্ৰত্যক্ষভাৱে শোষকৰ ভূমিকা লয়। আঁচনিৰ পাছত আঁচনিৰ ঘোষণাৰে মানুহৰ মন ভুলোৱা চৰকাৰৰ এই পদক্ষেপবোৰ ললিপপৰ বাদে আন একো নহয়। কিছু সময় মুখত থাকি কিছু সোৱাদ দি কমি যায় কিন্তু ইয়াৰ পৰা কাৰো একো লাভ নহয়।