/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AP-bikhekh-lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এয়া কোনো চিনেমাৰ কাহিনী নহয়।বাস্তৱৰ এটা গল্পৰ দৰে জীৱনৰ পৰিক্ৰমা।ধৰি লওক তাইৰ নাম প্ৰেৰণা।সেই প্ৰেৰণাৰে কাহিনী ক'ম আজি।আইনগত আৰু আন কিছু কাৰণত প্ৰেৰণাৰ পৰিচয় আমি দিব নোৱাৰো। কিন্তু প্ৰেৰণাৰ কাহিনী আপোনাক ক'ব পাৰো।
এটা দৃশ্য আপুনি কল্পনা কৰক। পথৰ কাষত এটা সৰু ঘৰত দুলি আছে এখন ঝুলনা। কাঠৰ সেই ঝুলনা খনত পাৰি থোৱা আছে শিশু এটাক শুৱাব পৰাকৈ বিচনা। তাৰ কাষতে আঁৰি থোৱা আছে এখন ফলক।
ডাষ্টবিন, জাৱৰথলী,বাট-পথত অজ্ঞাত লোকে এৰি থৈ যায় শিশুক। প্ৰায়েই উদ্ধাৰ হয় তেনে দুৰ্ভগীয়া শিশু। অৱাঞ্চিতভাৱে কোনোবাই মাতৃত্ব অৰ্জন কৰি সামাজিক লজ্জা নিবাৰণৰ বাবে নিৰপৰাধী দেৱ শিশুক এৰি যায় এনেকৈ।
আন কিছু আৰ্থ সামাজিক কাৰণতো মানুহে মানুহক দলিয়াই দিয়ে এনেকৈ। কিমান স্বাৰ্থপৰ হ'ব পাৰে মানুহ? সেই শিশু সকলৰ বাবেই এই ব্যৱস্থা। যদি কোনোবাই তেওঁৰ সন্তানক বা কেঁচুৱাক ৰাজপথত, ডাষ্টবিনত দলিয়াম বুলি ভাৱিছে তেনেহ'লে তাত দলিয়াওৱাতকৈ থৈ যাব পাৰে সেই ঝুলনাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/nalbari.png)
ঝুলনা খনৰ কাষতে আছে এটা কলিং বেল।শিশুটি বা কেঁচুৱাটো থৈ সেই কলিং বেল টিপি থৈ আঁতৰি গলেই এই ব্যৱস্থা কৰা গ্ৰাম্য বিকাশ মঞ্চই লৈ যাবহি শিশুটিক। তেওঁলোকেই তুলি তালি ডাঙৰ-দীঘল কৰিব ।
এয়া কাহিনীৰ পটভূমি। ১৯৯৯ চনত এটা বেচৰকাৰী সংস্থাৰ ৰূপত নলবাৰীৰ দুজন ডেকা লৰাই বিশেষ উদ্যোগ লৈ গঠন কৰিছিল গ্ৰাম্য বিকাশ মঞ্চ।তেতিয়া তেওঁলোক আছিল সাংবাদিক। পৃথ্বী ভূষণ ডেকা আৰু দিবাকৰ ডেকাই সন্ত্ৰাসজৰ্জৰ সেই সময়চোৱাত এনে উদ্যোগ লৈ আৰম্ভ কৰা গ্ৰাম্য বিকাশ মঞ্চ এতিয়া এক ডাঙৰ অনুষ্ঠান।
বিভিন্ন সামাজিক কাম-কাজেৰে এক আৰ্থ সামাজিক বুনিয়াদ গঢ়াৰ লগতে ৫০০ৰো অধিক যুৱকক প্ৰতক্ষ্যভাৱে ৪ সহস্ৰাধিক যুৱক-যুৱতীক জড়িত কৰি নামনি অসমত তেওঁলোকে বিকাশৰ নতুন আধাৰ গঢ়িছে।
জীৱিকা ,আৰ্থিক নিৰাপত্তা, সু-স্বাস্থ্য, ঐতিহ্য আৰু সংস্কৃতি সুৰক্ষা তেওঁলোকৰ মূল মন্ত্ৰ। কৃষক সকলৰ বাবে তেওঁলোক আশাৰ পোহৰ । কৃষি বিদ্যালয় খোলাৰ সপোন তেওঁলোকৰ। আৰম্ভ কৰিছে তেনে এখন বিদ্যালয়ো । য'ত কৃষকে পাব শিক্ষা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় হোৱাতো তেওঁলোকৰ নিয়ম । ক'ভিডৰ সময়ত ১২ সহস্ৰাধিক লোকলৈ আগবঢ়াইছিল খাদ্য-সামগ্ৰী।
১০০ কোটিৰো অধিক টকা ব্যয়ৰে বিভিন্ন আঁচনি ৰূপায়নত অত্যন্ত সততাৰে তেওঁলোকে কাম কৰিছে। নাই কোনো প্ৰচাৰ কিন্তু আছে প্ৰচুৰ দায়বদ্ধতা। নলবাৰীৰ বৰবড়ী কৰ্দৈতোলাত অৱস্থিত গ্ৰাম্য বিকাশ মঞ্চ। তাৰপৰাই ৰাজ্যৰ প্ৰায় ২২ খন মান জিলাত বিভিন্ন আঁচনি ৰূপায়ন কৰিছে।
প্ৰেৰণাৰ কাহিনী ক'ম। তাৰপূৰ্বে এই প্ৰেক্ষাপটৰ আভাস কিছু দিয়া প্ৰয়োজন।সেই তাতেই লগ পাইছিলো প্ৰেৰণাক। গ্ৰাম্য বিকাশ মঞ্চই নিজাকৈ আৰম্ভ কৰিছিল বিদ্যালয় আৰু এটা ইস্পিচিয়েল এডাপশ্যন এজেঞ্চি। গ্ৰাম্য বিকাশ মঞ্চৰ চৌহদতে থকা সেই শিশু গৃহটি কেইবাটাও শিশুয়ে প্ৰাণ চঞ্চল কৰি ৰাখিছে।
সময় পৰিৱৰ্তন হৈছে।এতিয়া ডিজিটেল যুগ।আন নাজানিলেও মোবাইলটোৰ ব্যৱহাৰ মানুহে জানিবই লাগিব। গাঁৱৰ মহিলা আৰু বয়োজ্যোষ্ঠ লোক সকলৰ বাবে ডিজিটেল শিক্ষা অতিকৈ প্ৰয়োজন। কিন্তু তেওঁলোকক দিয়া হৈছে তেনে আনুষ্ঠানিক শিক্ষা।
গুগলৰ সৈতে মিলি সহস্ৰাধিক মহিলাক ডিজিটেল শিক্ষা দিছিল গ্ৰাম্য বিকাশ মঞ্চই। এইবোৰ তেওঁলোকৰ কিছু কামৰ উদাহৰণ। এনে বহু কাম তেওঁলোকে কৰি গৈছে।নেতৃত্বত আছে পৃথ্বী ভূষণ ডেকা,দিবাকৰ ডেকা আৰু আন বহুজন।
আমি সেই শিশু গৃহটিলৈ যাঁওতে প্ৰেৰণাই খেলি আছিল।অৱশ্যে তাইৰ মুখত তেতিয়া হাঁহি নাছিল। আন শিশুবোৰ জঁপিয়াই ফুৰিছিল আনন্দত, প্ৰেৰণা বহি আছিল প্লাষ্টিকৰ দুলি থকা এটা খেলা সামগ্ৰীৰ ওপৰত।
ধুনীয়া প্ৰেৰণা সকলোৰে বাবে বিশেষ। প্ৰেৰণাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছিলো,সুধিছিলো প্ৰেৰণাৰ কথা। সেই সকলোবোৰ কথা আৰু পৰিচয় ৰাজহুৱা নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰেৰণাৰ কাহিনী কৈছিল সেই গৃহটিৰ দায়িত্বত থকা যুৱতী গৰাকীয়ে।
প্ৰেৰণাৰ বয়স খুব বেছিও নহয়।তাই মাতে মা, দাদা আৰু কিছু শব্দ। তাত থকা আন দুটা শিশু তাইৰ বাবে দাদা। সিঁহতক চোৱা-চিতা কৰা মহিলা কেইগৰাকীও প্ৰেৰণাৰ বাবে মা। প্ৰেৰণা যিদিনা পৃথিৱীলৈ আহিছিল সেইদিনা আশীৰ্বাদ হৈ অহা নাছিল। প্ৰেৰণাক ঘৰত ৰখাবলৈকে নিবিচাৰিলে পিতৃ-মাতৃয়ে।
প্ৰেৰণা তেওঁলোকৰ অবাঞ্চিত সন্তানো নাছিল।তথাপিও প্ৰেৰণাক তেওঁলোকে ১০ দিনৰ দিনা নিজৰ লগত ৰখাব নোৱাৰো বুলি তুলি দিছিল এটা শিশু গৃহৰ কৰ্তৃপক্ষৰ হাতত।
তেনেকৈয়ে প্ৰেৰণা গৈ পালেহি নলবাৰী গ্ৰাম্য বিকাশ মঞ্চৰ শিশু গৃহ। ১০ দিনীয়া এটি শিশু। কেনে পৰিচৰ্যাৰ প্ৰয়োজন হ'ব পাৰে কল্পনা কৰক। সেই পৰিচৰ্যাই তেওঁলোকে কৰিছিল। লাহে লাহে প্ৰেৰণা বাঢ়িছিল।
জীৱনৰ কথা প্ৰেৰণাই এতিয়াও বুজা নাই।সেই শিশু গৃহত থকা শিশু সকলক আইনগতভাৱে কোনো পৰিয়ালে তুলি ল'ব পাৰে। অনলাইন যোগে শিশু সকলক তুলি ল'বলৈ ইচ্ছা কৰা লোক সকলে যোগাযোগ কৰে ।
প্ৰেৰণাৰ বাবে আছে তেনে এটা ভাল খবৰ। নিজ পিতৃ-মাতৃয়ে প্ৰেৰণাৰ দায়িত্ব ল'ব নুখুজিলেও সেই প্ৰেৰণাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে বিদেশৰ এহাল সহৃদয়বান দম্পতী। আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰেৰণাৰ পাৰপত্ৰ আন প্ৰয়োজনীয় নথি-পত্ৰৰ যোগাৰ কৰা হৈছে।
সকলো সম্পন্ন হোৱাৰ পাছত প্ৰেৰণা গুচি যাব সাত সাগৰ তেৰ নদীৰ পাৰলৈ। নতুন এক জীৱন পাব প্ৰেৰণাই । উপেক্ষিত প্ৰেৰণাৰ বাবে অপেক্ষা এতিয়া সেইদিনৰ। ৰাতি প্ৰেৰণাক সেই শিশুগৃহৰ দায়িত্বত থকা মাতৃ সদৃশ মহিলা কেইগৰাকীয়ে বুকুৰ মাজত লৈ শুৱাই। কিয়নো প্ৰেৰণা পৃথিৱীৰ এক বিশেষ আলহী হৈ আহিছিল। আনক খাবলৈ দিয়াৰ আগতে তেওঁলোকে প্ৰেৰণাকে প্ৰথম দিয়ে।
প্ৰেৰণাৰ সেই কাহিনী জীৱনৰ কাহিনী। মহিলা গৰাকীয়ে প্ৰেৰণাক লৈ থাকোতেহে প্ৰথম লক্ষ্য কৰিছিলো ইমান ধুনীয়া কনমানিজনীক এখন ভৰি নথকাৰ বাবেই পিতৃ-মাতৃয়ে আঁতৰাই পথাইছিল। কিয় আঁতৰাইছিল তাৰ বহু যুক্তি দৰ্শাইছিল।
প্ৰেৰণাৰ বয়স ১ বছৰ ৫ মাহ।আৰু কেইটামান দিনৰ পাছত প্ৰেৰণাই পাব পিতৃ আৰু মাতৃৰ উম। অসমত প্ৰেৰণাৰ কথা ভৱা কোনো নোলালেও আমেৰিকাত ওলাল প্ৰেৰণাৰ কথা ভাৱিব পৰা দৰদী লোক।
প্ৰেৰণাৰ এই কাহিনীয়ে কৈ গ'ল কোনোবাই উপেক্ষিত কৰিলেও বিশেষভাৱে সক্ষম হৈ জন্ম লোৱা লোক সকলৰ বাবে কৰবাত নহয় কৰবাত কোনোবা থাকে। যি মৰমৰ উমেৰে তেওঁলোকক ধৰি ৰাখিব খোজে।