/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/foring.jpg)
তাঁতিমাৰা পাহাৰ পালেহি ফৰিং। মহানগৰীৰ উপকণ্ঠ অঞ্চলত এতিয়া চলিছে ফৰিঙৰ সন্ত্ৰাস। যোৱা দুদিন ধৰি এই ফৰিংজাকে খাই তহিলং কৰিছে গছ-বন। চন্দ্ৰপুৰৰ তাঁতিমাৰা পাহাৰৰ পৰা মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন।
অসম পালেহি ফৰিং। মহানগৰীত চন্দ্ৰপুৰৰ ফৰিঙৰ উপদ্ৰৱৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। তাঁতিমাৰা পাহাৰ নিৰ নিৰ্মল পৰিযোঁজনা পানীযোগান প্ৰকল্পৰ চৌহদত দেখা পোৱা গৈছে লাখ লাখ ফৰিং। এই ফৰিং যাকে চৌহদত থকা গছ-বন খাই তহিলং কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-768x1024.jpg)
চৌহদলৈ গৈ দেখা পোৱা গ'ল যে নতুনকৈ ৰোৱা আম, আমলখি আদিৰ গছৰ পাত খাইছে জাকে জাকে ফৰিঙে। এই ফৰিং জাকৰ বংশ বৃদ্ধি ইমান দ্ৰুতগতিত হৈছে যে, ইয়াৰ পৰা ওচৰৰ খেতি পথাৰলৈ সেই ফৰিং গ'লে সেই শস্য পথাৰ নিঃশেষ হোৱাটো নিশ্চিত।
তাঁতিমাৰা পাহাৰত থকা এই পানীযোগান প্ৰকল্পৰ চৌহদত তিনি দিনৰ পূৰ্বে এই ফৰিংবিধ দেখা পোৱা গৈছিল। প্ৰকল্পটোত কৰ্মৰত তপন নামৰ এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, প্ৰথমে তেওঁলোকে কেইশমান ফৰিং দেখিছিল। তাৰ পাছত আজি দুদিনতেই লাখ লাখ ফৰিঙে চৌহদত থকা গছ-গছনি খাই তহিলং কৰিছে। এইয়া কাকতি ফৰিং নহয় যদিও কফি লকাছ নামৰ এবিধ বিশেষ প্ৰজাতিৰ ফৰিং বুলি নিশ্চিত কৰিছে পতংগবিদ সকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-555-768x1024.jpg)
ইফালে এই চৌহদতে ফৰিঙৰ উপস্থিতিৰ খবৰ পাই কৃষি বিভাগৰ এটা দলো আহিছিল বুধবাৰে। কিছু কীতনাশক দ্ৰব্য চটিয়াই আৰু পানীযোগান প্ৰকল্পটোৰ কৰ্মচাৰীৰ হাতত কীতনাশক দ্ৰব্য দিয়ে দায়িত্ব সামৰিলে কৃষি বিভাগে।
চৌহদটোত কৰ্মৰত কৰ্মচাৰীসকলৰ মতে, কীতনাশক দ্ৰব্যই মাৰিব পৰা নাই এই ফৰিংবিধ। তেওঁলোকৰ মতে, যিস্থানত কীতনাশক দ্ৰব্য প্ৰয়োগ কৰা হৈছে সেই স্থানৰ পৰা আন ঠাইলৈ আতৰি গৈছে ফৰিং। চৌহদটোৰ চৌদিশে কেৱল ফৰিং আৰু ফৰিং। আনকি বাট-পথতো পৰি থকা দেখা গ'ল ফৰিং।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-444-768x1024.jpg)
এই ফৰিঙৰ জাকতো ক'ৰ পৰা কেনেকৈ আহিল সেই সন্দৰ্ভত কৃষি বিজ্ঞানীসকলেও কোনো নিশ্চিত তথ্য দিব পৰা নাই। ইয়াৰ সমীপতে আছে কেবাখনো গাঁও আৰু সেই গাওঁসমূহৰ লগতে আছে খেতি পথাৰ। এই স্থানৰ পৰা ফৰিংসমূহ কেনেবাকৈ উক্ত খেতি পথাৰত প্ৰৱেশ কৰিলে ফৰিঙে খেতি পথাৰ খাই তহিলং কৰাটো নিশ্চিত।
বৰষুণৰ বতৰত দ্ৰুতহাৰত বংশ বৃদ্ধি হয় ফৰিঙৰ। পানী যোগান প্ৰক্লপটোৰ চৌহদত থকা এই ফৰিংবিধৰ বংশবৃদ্ধি হৈছে অতি কম সময়ৰ ভিতৰতে। কামৰূপ মহানগৰ কৃষি বিভাগে এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই এই ফৰিঙৰ উপস্থিতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-33-768x1024.jpg)
উল্লেখ্য যে, ফৰিঙে জাক পাতি এঠাইৰ পৰা আন ঠাইলৈ যায়। পাৰম্ভিক সময়তে এই ফৰিংবিধক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ইয়াৰ ফলত এক বিস্তৃত অঞ্চলৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, কাকতি ফৰিঙে মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাৱ আদিৰ বিস্তৰ ক্ষয়-ক্ষতি কৰাৰ সময়তে মহানগৰীৰ সমীপতে জাকে জাকে এনে ফৰিঙৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিৱেচিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-2-768x1024.jpg)
এই ফৰিঙে একোটা স্থানত সম্পূৰ্ণৰূপে শস্য নষ্ট কৰাৰ পাছত আন স্থানলৈ উৰা মাৰে। কলা ৰঙৰ আৰু গাত হালধীয়া দাগ থকা এই ফৰিঙবিধৰ বংশ বিস্তাৰো অতি ক্ষীপ্ৰগতিত হয়। কৃষি বিজ্ঞানীসকলৰ মতে এইয়া কাকতি ফৰিং নহলেও এই ফৰিঙো বিপদজনক হ'ব পাৰে। প্ৰচুৰ হাৰত এই পানী যোগান প্ৰকল্পৰ চৌহদত থকা কাকতি ফৰিঙৰ সন্দৰ্ভত কৃষি বিভাগে এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰিলে চন্দ্ৰপুৰৰ এই অঞ্চলটোত ফৰিং জাকে ভয়ানক বিপদ কঢ়িয়াই আনিব পাৰে বুলিও স্থানীয় ৰাইজে সন্দেহ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/PUK-22-1024x472.jpg)
পানী যোগান প্ৰকল্পত কৰ্মৰত কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, পূৰ্বতে এই স্থানত কোনো ফৰিং নাছিল। ক'ৰ পৰা কেনেকৈ ফৰিংবোৰ আহিল সেয়া তেওঁলোকে নাজানে আৰু পূৰ্বতে এনে ফৰিং তেওঁলোকে দেখা নাছিল। কৃষি মন্ত্ৰী অতুল বৰাই হয়তো খবৰ পোৱা নাই যে, ফৰিঙৰ সন্ত্ৰাস চলিছে মহানগৰীৰ সমীপতে।
স্থানীয় কৃষক ৰাইজৰ দাবী এই ফৰিংবিধ নিয়ন্ত্ৰণৰ বাবে কৃষি বিভাগে অচিৰেই ব্যৱস্থা লওঁক। নহলে পৰৱৰ্তী সময়ত ফৰিঙৰ বংশ বিস্তাৰ অধিক হলেই, সমীপৰ খেতি পথাৰলৈ ই আতৰি গ'লেই এই সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰিব।