Advertisment

দিনটোৰ বিশেষ সোঁৱৰণ…

দিনটোৰ বিশেষ সোঁৱৰণ…

author-image
asomiyapratidin
New Update
দিনটোৰ বিশেষ সোঁৱৰণ…

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত 'আজাদী কা অমৃত মহোৎসৱ'ৰ প্ৰথম দিনটোত বিশেষ সোঁৱৰণ। শিক্ষা, সমাজ আৰু সাহিত্যৰ ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়াই যোৱা অপ্ৰতিহত সংগ্ৰামী সত্বাৰ অধিকাৰী চিত্ৰলতা ফুকনৰ নৱম মৃত্যু বাৰ্ষিকী। এই বিশেষ দিনটোত চিত্ৰলতা ফুকনৰ জীৱন, কৰ্ম সম্পৰ্কে চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড০ ৰঘুনাথ কাগয়ুংৰ এই লেখা আগবঢ়োৱা হ'ল।

Advertisment

আজি ১৩ আগষ্ট । অসমৰ সাহিত্য জগতত সোণসেৰীয়া প্ৰতিভাৰে নিজৰ নাম ৰাখি  থৈ যোৱা এক অপ্ৰতিহত সংগ্ৰামী সত্বাৰ অধিকাৰী চিত্ৰলতা ফুকনৰ নৱম মৃত্যু বাৰ্ষিকী । ১৯৩৭ চনত শিৱসাগৰ জিলাৰ ম'ৰা বজাৰ মৌজাৰ দেওধাই গাঁৱৰ এটি ৰাজপুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰা মহিলাগৰাকীয়ে নিজৰ ভাগ্য ৰেখাক হাতৰ মুঠিত বন্দী কৰি শিক্ষাদান,সমাজ সেৱা আৰু সাহিত্য চর্চাৰে সমাজলৈ আগবঢ়াই থৈ গৈছে এক অনবদ্য অৱদান ।

সৎ শিক্ষানুৰাগী আৰু স্বাধীনতা সংগ্ৰামী পিতৃ কুলাই চন্দ্ৰ ফুকনৰ পৰাই সংগ্ৰামৰ আদিপাঠ গ্ৰহণ কৰি তেখেতে মাত্ৰ বাৰবছৰ বয়সতে  সক্ষম হৈছিল শিক্ষয়িত্ৰীৰ আসনত বহিবলৈ । এজাক কণ কণ শিশুৰ জীৱন গঢ়াৰ দায়িত্ব লবলৈ । বিদ্যালয়লৈ যোৱাৰ পথত প্ৰৱেশিকা পৰীক্ষাৰ পাঠ আওৰাই অতি কষ্টৰে প্ৰাইভেতকৈ মেট্ৰিক পাছ কৰাৰ পাছত বহু প্ৰতিকূলতা নেওচি তেওঁ শিৱসাগৰ কলেজৰ পৰা আই এ, গুৱাহাটীৰ সন্দিকৈ কলেজৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰিও লাভ কৰিছিল।

মাজে মাজে চাকৰি মাজে মাজে পঢ়া। তাৰ মাজতেই ডাঙৰ কৰিবলগা হৈছিল এটি কণ্যা সন্তান। তথাপি তেওঁৰ সংগ্ৰামী জীৱনত তিলমানো যতি পৰিবলৈ দিয়া নাছিল। ১৯৬৪ চনত জাঁজী কলেজৰ শিক্ষকতাৰ নিগাজী জীৱনে হাত বাউলি দি মতাত এশ পয়ত্ৰিছ টকা দৰমহাৰে শিক্ষাৰ জেউতি বিলাবলৈ পদাৰ্পণ কৰিছিলহি ঐতিহ্য মণ্ডিত জামুগুৰি চাপৰিত। সৰুৰে পৰা কেঁচা মাটিৰ গোন্ধ আৰু শ্ৰমজীৱী মানুহৰ জীৱনৰ উমেৰে হৃদয় সিক্ত হৈ থকাৰ বাবেই হয়তু দিল্লী বিশ্ববিদ্যালয়ৰ নিমন্ত্ৰনকো উপেক্ষা কৰি জাঁজী জামুগুৰিৰ এমুঠি সহজ সৰল মানুহৰ মাজতে গঢ়ি তুলিছিল এটি আশ্ৰম সদৃশ গৃহ "কাঞ্চন বন" নামেৰে ।

   ৰামধেনু, আৱাহন,মনিদীপ আদি আলোচনীত গল্প কবিতা প্ৰবন্ধৰে সাহিত্যিক জীৱন আৰম্ভ কৰি তেখেতে সৃষ্টি কৰিছিল চন্দন ধূপৰ ধোঁৱা, কনক চম্পা, বিষণ্ণ ৰাতিৰ জোন আৰু আঁহত গছৰ ছাঁ নামেৰে চাৰিখন গল্প সংকলন, অৰুন্ধতী, অশ্ৰুকণ্যা, আলোকিত পথৰ সনধানত আদি উপন্যাস, বন আমলখি পোনাকণ আৰু মই আৰু সোণালী কণ্যা নামৰ দুখন শিশু গ্ৰন্থ,মিথিলা, নীৰ ভঙা পখীৰ অৰণ্য, ৰাতি আৰু নুপুৱালে নামৰ তিনিখন নাটক আৰু এখন কাব্য সংকলন হৃদয় বিচাৰি হৃদয়। তদুপৰি হৃদয় নদীৰ পানছৈ নামৰ তেখেতৰ উপন্যাসোপম আত্মজীৱনীখনত সমসাময়িক সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি অংকন কৰি গৈছে।

অত্যন্ত সমাজ সচেতন আৰু আত্মঅভিমানী মানুহ গৰাকী নাৰী সমাজৰ প্ৰতি আছিল অতিশয় সমব্যেথা ।পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাত যুগে যুগে নাৰীসকলে মুখা মুখি হৈ অহা বঞ্ছনাৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ সকলো বঞ্চিত নাৰীকে সচেতন কৰি তোলাতো তেঁওৰ পবিত্ৰ কৰ্তব্য তথা দায়িত্ব বুলি অন্ত:কৰণেৰে মানি লৈছিল।

   সদৌ অসম লেখিকা সংস্থাৰ সভানেত্ৰীৰূপে মহিলাসকলক সংগঠিত কৰি তেওঁলোকৰ কলমক শক্তিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰাৰ লগতে অসম মহিলা সংঘৰ উপসভানেত্ৰী, মহিলা আয়োগৰ সদস্য, নাৰী নিৰ্যাতন প্ৰতিবাদী মঞ্চৰ সভানেত্ৰী আদি পদবীত কাৰ্য্য নিৰ্বাহ কৰি অনুষ্ঠানসমূহক তেওঁ গতিশীল কৰি তুলিছিল।

এই গৰাকী লেখিকাৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে সাহিত্যিক পেনচন, অসম সাহিত্যসভাই ২০০৩ চনত বাসন্তী বৰদলৈ বঁটা, ২০০৪ চনত সদৌ অসম লেখিকা সংস্থাই প্ৰবীণা শইকীয়া বঁটা আৰু টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা মূলা গাভৰু বঁটা আগবঢ়াই তেখেতক ধন্য কৰিছে।

অত্যন্ত অনাড়ম্বৰ জীৱন যাপন কৰা লেখিকা গৰাকীৰ সাহিত্য সম্ভাৰ একেলগ কৰি  বীণা বৰুৱাৰ সম্পাদনাৰে ইতিমধ্যে চিত্ৰলতা ফুকন ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে। আজি পবিত্ৰ মৃত্যু তিথিত চৰাইদেউ জিলা সাহিত্য সভাৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ।