‘মিষ্টাৰ গগৈ’ কিয়? ‘মিচেছ মৈত্ৰ’ও…

‘মিষ্টাৰ গগৈ’ কিয়? ‘মিচেছ মৈত্ৰ’ও…

author-image
asomiyapratidin
New Update
‘মিষ্টাৰ গগৈ’ কিয়? ‘মিচেছ মৈত্ৰ’ও…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

গগৈ। আহোম সকলে ব্যৱহাৰ কৰা এটা উপাধি। যাৰ অৰ্থ মৰমৰ ডেকা। সাতঘৰীয়া আহোমসকলে ইজনে সিজনক মৰমতে এই শব্দৰে সম্বোধন কৰিছিল। বিশেষকৈ দেওৰ সকলক এনে সম্বোধন কৰা হৈছিল। ১৮৯৩ চনত অনুষ্ঠিত হোৱা আহোম সভাত এক প্ৰস্তাৱ লোৱা হৈছিল।

সেই প্ৰস্তাৱ অনুসৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা এটা ব্যৱস্থা কৰা হয়। কিছু বুৰঞ্জীবিদৰ মতে হাবুঙৰ বলিয়া গোঁসাই বংশধৰ সকলে এই উপাধি ব্যৱহাৰ কৰিছিল। এই শব্দটো বা উপাধিটো ৰজাৰ ল'ৰাক বুজাবলৈ ব্যৱহাৰ কৰাও হৈছিল।

কেশৱ চন্দ্ৰ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তৰুণ গগৈ অসমৰ ৰাজনীতিৰ এজন পুৰুধা ব্যক্তি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৩ বাৰকৈ শাসন কৰিছিল তৰুণ গগৈয়ে। পুলক গগৈ চিত্ৰ শিল্প আৰু চলচিত্ৰ ক্ষেত্ৰত এক উজ্বল নাম। ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ আছিল।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল লীলা গগৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে ৰাজ্যৰ সমাজ জীৱনত প্ৰভাৱ পেলোৱা অখিল গগৈ এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক লুৰিণ জ্যোতি গগৈয়ে অসম জাতীয় পৰিষৰ নেতৃত্ব লৈ আছে।

তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ বৰ্তমান লোকসভাৰ কলিয়াবৰ সমষ্টিৰ সাংসদ। জিণ্টু গগৈ দেশৰ বাবে ছহিদ হৈছিল। ১৯৭০ চনৰ ২১ নৱেম্বৰত জন্ম হোৱা জিণ্টু গগৈ ১৭ নং গাড়োৱাল ৰাইফলছৰ কেপ্টেইন আছিল। বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথাৰ ৰিজ' লাইনত শত্ৰুৰ সৈতে যুঁঁজি ১৯৯৯ চনৰ ৩০ জুনত মৃত্যু হৈছিল এইজন বীৰ সৈনিকৰ।

জন্মু-কাশ্মীৰত মেজৰ লিটুল গগৈয়ে বুদ্ধিমত্তাৰ পৰিচয় দিছিল। প্ৰতিবাদকাৰীক সেনাৰ বাহনৰ আগত বান্ধি প্ৰতিবাদকাৰীৰ আক্ৰমণৰ পৰা সেনাক ৰক্ষা কৰি চৰ্চালৈ আহিছিল। কবি ৰাম গগৈ, অজিত গগৈ, চেনিৰাম গগৈ, প্ৰেম গগৈয়ে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰিছে।

অসম বিধান সভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদবীত অধিস্থিত হৈছিল প্ৰণৱ গগৈ। পাপৰি কবি গণেশ গগৈ অসমীয়া সাহিত্য জগতৰ ৰোমাণ্টিক কবি হিচাপে খ্যাতি অৰ্জন কৰিছিল। কেৱল কবিয়েই নহয় তেখেত এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও বিখ্যাত আছিল। জনপ্ৰিয় শিল্পী মানস ৰবীনৰো উপাধি গগৈ।

তপন কুমাৰ গগৈ বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক আছিল। পদ্মেশ্বৰ গগৈ এগৰাকী শিক্ষাবিদ আৰু বুৰঞ্জীবিদ। ১৯৬৯ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হৈছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘক সুনেতৃত্ব দি আছে কমলাকান্ত গগৈয়ে। লোক সংগীতৰ ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্ৰ খগৈন গগৈ। ৰসানন্দ গগৈ, মনোৰঞ্জন গগৈ সংগীত ক্ষেত্ৰখনৰ এসময়ৰ চিনাকী নাম আছিল। বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈক বিশ্বই চিনি পায়। থলুৱা সংস্কৃতি বা উদ্ভিদ বিজ্ঞানৰ তেওঁ এজন চলন্ত অভিধান। পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা অনেক।

অঞ্জন গগৈয়ে বায়ুসেনাৰ এয়াৰ চিফ মাৰ্চেল হৈ অৱসৰ লৈছে। নিৰ্জন গগৈ বিলাতৰ এগৰাকী সু- চিকিৎসক। শৰীৰ চৰ্চাত বিশ্বজুৰি উজলি উঠা এজন গগৈ হ'ল বিজিত গগৈ। পানীন্দ্ৰনাথ গগৈ আছিল এক বিৰল প্ৰতিভা। বিহুক গৱেষণা আৰু অধ্যয়নেৰে শুদ্ধৰূপত তুলি ধৰা আন এজন গগৈ হ'ল ড০ অমৰেন্দ্ৰ গগৈ। ৰঞ্জিত গগৈয়ে লোকবাদ্য ঢোলেৰে বিশ্বজুৰি অসমীয়াৰ খ্যাতি বিলাইছে।

যুক্তিবাদী লেখাৰে পাঠকৰ মাজত সুখ্যাতি আৰু প্ৰভাৱ অৰ্জন কৰা আন এজন গগৈ হ'ল ৰিপুঞ্জয় গগৈ। সংবাদ ক্ষেত্ৰত মনোৰম গগৈৰ এক সুকীয়া পৰিচয় আছে। একেদৰে বিবিচিৰ দৰে বিশ্ব পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানত প্ৰতিষ্ঠা লাভ কৰা আন এজন গগৈ হ'ল শচীন গগৈ। লিখক হৰেণ গগৈ, বাওঁপন্থী নেতা প্ৰমোদ গগৈ- গগৈ উপাধিধাৰী আন ২ জন উল্লেখযোগ্য ব্যক্তি।

এইবোৰ কোইটমান উদাহৰণ হে। এনে হাজাৰটা উদাহৰণ ওলাব। গগৈ উপাধিধাৰী বহু লোকে এই ধৰণে বিভিন্ন ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই গৈছে আৰু আহিছে। কোনোবা মহুৱা মৈত্ৰই সেই গগৈ উপাধিকলৈ তুচ্ছ তাৎচ্ছিল্য কৰিলে সমগ্ৰ অসমীয়া জাতি বা আহোম জনগোষ্ঠীকে অপমান কৰা হয়।

যৌন নিৰ্যাতন শব্দৰ পৰিৱৰ্তে মিষ্টাৰ গগৈ শব্দটো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া এইগৰাকী পশ্চিমবংগৰ তৃণমূলৰ সাংসদে কেনেকৈ ইমান সাহস পালে অসম আৰু অসমীয়াক এইধৰণে উপহাস কৰিবলৈ? বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে লোকসভাৰ সচিবালয়ে এখন তালিকা প্ৰকাশ কৰিছিল।

১৪ জুলাই ২০২২ ত লোকসভাৰ সচিবালয়ে প্ৰকাশ কৰা সেই শব্দৰ তালিকাত সাংসদসকলে সদনৰ ভিতৰত কিছু শব্দ ব্যৱহাৰ বা উচ্চাৰণ কৰিব নোৱাৰিব বুলি সকিয়াই দিয়া হৈছিল। অসমীয়া ভাষাৰ শব্দৰ তালিকাত অসংসদীয় শব্দ আখ্যা দিয়া শব্দবোৰ আছিল- ঘঁৰিয়াৰ চকুপানী, নিৰ্যাতন, বিশ্বাসঘাটকতা, নাটক, দুৰ্নীতিগ্ৰস্ত, লজ্জাজনক, ভণ্ডামি, অযোগ্য, নৌৰাজ্যবাদি, শকুনি, স্বেচ্ছাচাৰি, খালিস্তানী, দালাল, দাদাগিৰি আদি।

এই শব্দবোৰৰ উপৰিও চামচাগিৰি, গাড্ডাৰ কালাদিন, নিস্কৰ্মা, নৌটংকি, চামচা আদি শব্দও ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা দিয়া হৈছিল। ইয়াৰে বেছিভাগ শব্দই প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰে। ইয়াৰে গইনা লৈ তৃণমূলৰ সাংসদগৰাকীয়ে টুইটাৰ যোগে লিখিলে- "My first of new twitter series on replacements for unparliamentary words . Banned word- Sexual Harassment, Replacement- Mr. Gogoi"।

কেনেকৈ সহ্য কৰিব পাৰি এজন সাংসদৰ দৰে দায়িত্বশীল লোকৰ এনে মন্তব্য। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল। তাৰ পাছত পুনৰ টুইট কৰিলে- "Just for those sanghis twisting tweet to say I targetted all Gogois let me spell it out: Mister Ranjan Gogoi. Honourable MP, Rajya Sabha."।

অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্ব লোৱো ৰিপুণ বৰাই মমতা বেনাৰ্জী, মহুৱা মৈত্ৰক বুজাওক। এনে দৰে অসমীয়া স্বাভিমানত আঘাত হনা এই নেত্ৰীগৰাকীক বুজাই দিয়ক গগৈ মানেই কেৱল ৰঞ্জন গগৈ নহয়। গগৈ এক আহোম ৰাজত্ব কালৰে জড়িত আৱেগ আৰু সুকীয়া পৰিচয় দাঙি ধৰা সত্বা।

এনেকৈ সামাজিক মাধ্যমত যৌন নিৰ্যাতনৰ বিপৰীতে মিষ্টাৰ গগৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া এইগৰাকী সাংসদৰ বিৰুদ্ধে এতিয়া অসম জাগি উঠিছে। টুইট কৰি কেৱল কাক মিষ্টাৰ গগৈ হিচাপে ইংগিত দিছিল সেই কথা ক'লে এতিয়া নহ'ব। বিনাচৰ্তে ক্ষমা বিচাৰিব লাগিব এইগৰাকী সাংসদে।

সামাজিক মাধ্যমত বা ব্লগিং চাইটত এনে অপমান জনগোষ্ঠীক কৰিলে তাৰ শাস্তিও তেওঁ পাব লাগিব। অসম আৰক্ষী এইবোৰ দিশত বৰ সক্ৰিয় হেনো! গুজৰাটৰ পৰা ধৰি আনে বিধায়কক। এতিয়া পশ্চিমবংগৰ পৰা অসম, অসমীয়াক অপমান কৰা এইগৰাকী সাংসদক ধৰি আনিব পাৰে নে নোৱাৰে সেয়া অসমবাসীয়ে লক্ষ্য ৰাখিব।