/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/bises-lekha-spcl-3-f2f3-4620-9103-7460e6921196-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ইয়াতকৈ আৰু মানুহ তললৈ যাব নোৱাৰে! ইয়াতকৈ আৰু মানুহ নৃশংস হ'ব নোৱাৰে। জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহৰ পৰিভাষা যেন সলনি কৰা সময় এয়া। আমি এতিয়া সকলোৱে যেন অবাটৰ যাত্ৰী। সামাজিক স্খলনৰ প্ৰতিচ্ছবি সকলোতেই প্ৰতিফলিত হৈছে।সৰু-ডাঙৰ সকলোৱেই হেৰুৱাই পেলাইছো মৰ্যাদা বোধ আৰু ৰুচীশীল জীৱন।
কি হৈছিল এই ঘটনাত? এটা কণমানি কন্যাশিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল। পেলাই থৈ যোৱা হৈছিল সেই কন্যা শিশুটিৰ নশ্বৰ দেহ এটা শৌচালয়ত। শিলভঙা এটা উদ্যোগৰ শৌচালয়ৰ ভিতৰত কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিহৰ বাবে এই শিশুটিক হত্যা কৰা হ'ল? সেই প্ৰশ্নই আৰক্ষীকো জোকাৰি গৈছিল।
তাৰপাছত লাহে লাহে পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। যি ঘটনা ক'বলৈ , ব্যাখ্যা কৰিবলৈ বা ইয়াৰ ওপৰত আলোকপাত কৰিবলৈও ইতঃস্বতবোধ হয়। কিন্তু এইবোৰ কথা আমি মুকলিকৈ , নিজক সমালোচনা কৰি পতাৰ সময় আহিছে। মানুহৰ অৰ্ধপতনৰ এই কাহিনী দেখি আৰক্ষীয়েও তবধ মানিছে। কি পৰ্যায়লৈ গুচি গৈছো আমি!
আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াগৰাকীয়ে কেইজনমান অভিভাৱকৰ সন্মুখত ক্ষোভ উজৰা দৃশ্য ভাইৰেল হৈছে। তেওঁ নিঃসংকোচেৰে কৈ গৈছে কথাবোৰ। আত্ম উপলব্ধি তেওঁলোকে কৰিছে নে নাই সেয়া তেওঁলোকৰ কথা। কিন্তু যিসকলে এই কথাবোৰ শুনিছে তেওঁলোকৰ মনৰ কোনোবা একোণত কথাবোৰে চুই গৈছে।
সমাজপ্ৰিয় জীৱ মানুহ। মানুহে জানে সুখ-দুখ, ভাল-বেয়া কি? আপেক্ষিক হ'লেও এই কথাবোৰ অনুভৱ কৰিব পৰা বাবেই মানুহক জীৱকূলৰ শ্ৰেষ্ঠ বোলা হয়। কলিয়াবৰৰ বালিবাটত সংঘটিত হৈছিল এই উদ্বেগজনক ঘটনা। কলিয়াবৰ থানাৰ অন্তৰ্গত বালিবাট বজৰংগ কেঁচা উদ্যোগটোত কাতি বিহুৰ দিনা সংঘটিত হৈছিল ৭ বছৰীয়া এটি কন্যা শিশুৰ হত্যাকাণ্ড।
এই হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে বুধবাৰে অৰ্থাৎ ২০ অক্টোবৰ, ২০২১ত আটক কৰিছিল তিনিটা শিশুক। শিশু কেইটাই দিয়া স্বীকাৰুক্তি অনুসৰি ৭ বছৰীয়া কন্যা শিশুটিৰ অপৰাধ আছিল এই তিনিটা শিশুৰ সৈতে অশ্লীল ছবি চাবলৈ অমান্তি হোৱাতো। যাৰ পৰিণতিত তিনি শিশুৱে কন্যা শিশুটিক প্ৰহাৰ কৰি হত্যা কৰিছিল।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে কন্যা শিশুটিৰ ঘৰৰে ওচৰৰ এই তিনিটা শিশুৱে ম'বাইলত অশ্লীল ভিডিঅ' চাবলৈ লগ ধৰিছিল। কিন্তু তেনে ভিডিঅ' চাবলৈ অস্বীকাৰ কৰিছিল কন্যা শিশুটিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰা তিনি শিশুৱে স্বীকাৰ কৰিলে – কি কাৰণত এই অপৰাধ সংঘটিত কৰিছিল।
আৰক্ষীয়ে তিনি শিশুৱে মিলি অশ্লীল ভিডিঅ' চোৱা ম'বাইলটো জব্দ কৰিলে। তাৰপাছতেই ফাদিল হ'ল এই দুৰ্ভাগ্যজনক ঘটনা। এক নিয়ন্ত্ৰণহীন আৰু ভাবিব নোৱাৰা ঘটনাই এতিয়া প্ৰতিজন অভিভাৱকক নিশ্চয় বিবেক দংশনত ভোগাব। অপৰাধ সংঘটিত কৰা শিশু কেইটা অভিভাৱকসকলে আৰক্ষীৰ পৰা ৰক্ষা কৰিবলৈ আন এখন নাটকৰ পাতনি মেলিছিল। কিন্তু আৰক্ষীৰ ৰঙা চকুত সেয়া সফল নহ'ল।
এই ঘটনাই আমাৰ ভৱিষ্যতৰ প্ৰতি সন্ধিহান কৰি তুলিছে। নতুন প্ৰজন্মৰ এনে মানসকিতাৰ বাবে এচাম অভিভাৱকো দায়ী যে তাকেই প্ৰমান কৰি দিছে। কণ কণ শিশু কেইটাই অশ্লীল ছবি চাব পৰাকৈ হাতলৈ ম'বাইল কেনেকৈ আহিল? সেই শিশু সকলক পিতৃ-মাতৃয়ে অকণো চকু-কাণ দিয়া নাছিল নেকি?
শিশু আৰু কিশোৰৰ এই সন্ধিক্ষণত তেওঁলোকক বিশেষভাৱে চকু দিয়াতো অভিভাৱকৰ দায়িত্ব । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই অভিভাৱক সকলক উদ্দেশ্যি এটা কথা কৈছিল- এইবোৰ কাম কৰিবলৈ আৰক্ষীয়ে কৈছিল নেকি? তেওঁ কোৱা কথাবোৰৰ সাৰাংশ আছিল- তেনে কাম সংঘটিত কৰাৰ বাবে সুযোগ কেনেকৈ পালে?
শিশুৰ হাতত ম'বাইল তুলি দিয়াতো এক ডাঙৰ প্ৰত্যাহ্বান। যদিও কোভিডৰ বাবে অনলাইন ক্লাছৰ পৰিপ্ৰেক্ষিতত ম'বাইল দিয়াটো প্ৰয়োজন হৈ পৰিছে, কিন্তু ইয়াৰ ব্যৱহাৰ আৰু সৰুৰে পৰাই নৈতিক দিশত এই শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ দায়িত্ব প্ৰতিজন অভিভাৱকেই ল'ব লাগিব। নহ'লে এক পংগু ভৱিষ্যতৰ গৰাকী হ'ব তেওঁলোক। যাৰ ফল সমাজৰ প্ৰতিজন লোকেই ভোগ কৰিব লাগিব।
কলিয়াবৰৰ এই ঘটনা সাধাৰণ ঘটনা বুলি জানো আমি উলাই কৰিব পাৰো? অশ্লীল ছবি চাবলৈ লগ ধৰা কন্যা শিশুটিয়ে তেনে অনুৰোধ প্ৰত্যাখান কৰাৰ বাবে যদি তিনিটা শিশুৱে মিলি তেওঁক হত্যা কৰিব পাৰে তেনেহ'লে তেওঁলোকে ইয়াতকৈ আৰু কি কৰিব পাৰে সেয়া ভাবিলেই ভয় লগা। শিশু সকল আজি বহু আগবাঢ়ি গৈছে।
পূৰ্বৰ দৰেই শিশু সুলভ মানসিকতাৰ বিপৰীতে তেওঁলোকৰ মানসিক উত্তৰণৰ সমান্তৰালকৈ আমি তেনে এখন সমাজ গঢ়িব পৰা নাই নেকি? শিশু মনস্তত্বক পুৰণি মনস্তত্বৰ আধাৰত বিচাৰ-বিশ্লেষণ কৰিলে নহ'ব। সময়ৰ সৈতে সংগতি ৰাখি অভিভাৱকসকলেও নিজৰ মানসিকতা সলনি কৰাৰ সময় এয়া।
নগাঁও কলিয়াবৰৰ এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছত আমি কাক দোষ দিম? আৰক্ষী অধীক্ষক গৰাকীয়ে স্বীকাৰ কৰিছে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ দুখজনক ঘটনা এয়া। শিশুৱে যদি শিশুৰ লগত খেলোতেই এনে ঘটনা সংঘটিত হয় তেন্তে তেওঁলোকে খেলিব কাৰ সৈতে? কোনো শিশুৱেই অপৰাধী হৈ জন্ম নহয়। কোৱা হয় শিশু ভগৱানৰ ৰূপ। কিন্তু এই তিনিটা শিশু বা কিশোৰক তেনে প্ৰৱণতাৰে আসক্ত হ'বলৈ সুবিধা দিয়াৰ বাবে তেওঁলোকৰ অভিভাৱক তথা পিতৃ-মাতৃয়েই দায়ী।
ঘটনাবোৰৰ বিশ্লেষণ আৰু অৱলোকন কেৱল বাতৰিৰ দৃষ্টিভংগীৰেই কৰা উচিত নহয়। ইয়াৰ অন্তৰালৰ পৰিৱেশ-পৰিস্থিতি আৰু সেই পৰিৱেশ কেনেদৰে সংশোধন কৰিব পাৰি তাৰ প্ৰতিও আমাৰ দায়িত্ব আছে। এগৰাকী ৭ বছৰীয়া শিশুক তেওঁৰ ওমলা সংগীয়েই অশ্লীল ছবি চাবলৈ প্ৰৰোচিত কৰাতেই ঘটনা শেষ হোৱা নাই। হয়তো ইয়াৰ পাছতো অপৰাধ প্ৰৱণ শিশু কেইটাৰ মনত আন কিছু দুঃচিন্তাই ক্ৰিয়া কৰিছিল বা তেনে দুষ্কাৰ্যত লিপ্ত হৈছিল।
আমি সকলো কথাতেই আৰক্ষীক দোষাৰোপ কৰো। কিন্তু অপৰাধৰ বীজ আমিয়েই ৰোপন কৰি লালন-পালন কৰো। তাৰেই ফল এই শিশু তিনিটা। দীৰ্ঘদিন ধৰি শিশু কেইটাই এইদৰে অশ্লীল ছবি চাই আহিছে। সেই সুযোগ-সুবিধা আৰু তেওঁলোকৰ ওপৰত দৃষ্টি দিয়াত কিয় অভিভাৱকসকল ব্যৰ্থ হ'ল?
যি হৈ গ'ল, সেয়া হৈ গ'ল। ইয়াৰ পাছত তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু নিজৰ সন্তানক যাতে পিতৃ-মাতৃয়ে সঠিক দৃষ্টি ৰাখে তাৰ প্ৰতি সচেতন হোৱা পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। অন্যথা এইবোৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ থাকিব। কিছু ঘটনা পোহৰলৈ আহিব, আৰু কিছু ঘটনা আঁৰতে থাকি হেৰাই যাব।
শিশুক যৌন নিৰ্যাতন চলোৱা ঘটনা এইখন সমাজত সংঘটিত হ'ল। কিন্তু শিশুৰ দ্বাৰাই শিশুক যৌন নিৰ্যাতন আৰু হত্যা কৰা ঘটনা বিৰল আছিল।আমি চকুমেলি আমাৰ চৌদিশ চাবৰ হ'ল। কেৱল আধুনিকতা আৰু তথ্য প্ৰযুক্তিৰে জীৱন উদযাপন কৰাৰ পৰিণতি এয়া। কান্দিলেই শিশুৰ হাতত ম'বাইলটো দি দিয়া বা শিশুক ম'বাইলটো দি তেওঁলোকে কি কৰিছে তাক নোচোৱা বহু অভিভাৱক আছে। শিশুৰ মানসিক বিকাশ, শিশুৰ আচৰণৰ প্ৰতি অভিভাৱকসকলৰ সতৰ্ক দৃষ্টি অবিহনে এই সামাজিক ব্যাধি প্ৰতিৰোধ কৰা অসম্ভৱ। সজাগ-সচেতন হওঁক সকলো অভিভাৱক তথা পিতৃ-মাতৃ। নহ'লে কোনে জানে এনে দুৰ্ভাগ্যজনক ঘটনা আপোনাৰ শিশুটিৰ ক্ষেত্ৰতো যে সংঘটিত নহ'ব।