/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/Bekhekh-Lekha-New-_-.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এয়া মাতৃ পূজা। এয়াও দেশ সেৱা। এই সকলহে আচলতে ভাষাৰ পূজাৰী। শুই আছে অসম সাহিত্য সভা। ভাষা উত্তৰণৰ নামত চলিছে এচাম লোকৰ টনাটনী। তাৰ বিপৰীতে নীৰৱে এচাম লোকে কৰি গৈছে সাধনা। নিজ ক্ষেত্ৰত তেওঁলোকৰ এই কামবোৰ হ'ব পাৰে আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়।
কিছুদিনৰ আগলৈকে আছিল নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়। ২০১৭চনৰ ৮ আগষ্টত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিল মহেন শইকীয়াই। ১৯৬৩চনত স্থাপন কৰা এই বিদ্যালয়খন এতিয়া আনতকৈ পৃথক। সন্মুখত আছে অসমৰ বুৰঞ্জী প্ৰসিদ্ধ এক গড়। তাৰ কাষত ব্যস্ততাপূৰ্ণ পৰিৱেশ। কিন্তু ভিতৰফালে চালে জ্ঞানৰ অন্বেষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/31f0c877-d027-48f4-b77a-49d774929e8c-1024x461.jpg)
কোনে কয় অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয় বেয়া? কোনে কয় আজি তথাকথিত বহু শিক্ষকৰ নাই দায়িত্ববোধ? সেই সকলোবোৰ ধ্যান-ধাৰণাক মিছা প্ৰমাণিত কৰি এই বিদ্যালয়খন গঢ় দিছে এজন মানুহে। এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত কিমান ছাত্ৰ-ছাত্ৰী থাকিব পাৰে? ১০০, ২০০ বা ৩০০?
সেই সকলো অভিলেখ যেন ভংগ কৰিছে এইখন বিদ্যালয়ে। ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত ব্ৰতী এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী। বিদ্যালয়ত ভৰি থোৱাৰ পৰাই আপুনি অনুভৱ কৰিব ব্যতিক্ৰম চিন্তাৰে প্ৰতিফলিত হোৱা কোনোবা মানুহৰ নেতৃত্বত চলিছে এই শিক্ষা আন্দোলন। যি গঢ়িছে কেৱল মানৱ সম্পদ, গঢ়িছে শৈক্ষিক পৰিৱেশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/6812b1f4-9cfe-4811-a53c-488f14d80c6b-1024x461.jpg)
চৌদিশে চাহ বাগান। চাহ বাগিছাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ আধাৰ ইয়াত তৈয়াৰ কা হয়। তেওঁৰ আছে সেই সামাজিক দায়বদ্ধতা। পুৱাই ওলাই আহে বিদ্যালয়লৈ। তাৰপাছত সেই বিদ্যা মন্দিৰত বিদ্যাৰ পূজা চলে। ছাত্ৰ সকলক কেৱল স্কুলীয়া পাঠ্যক্ৰমৰ শিক্ষা দিয়াৰ সলনি ব্যৱহাৰিক জীৱনবোধেৰে সঁচা অৰ্থৰ এজন মানুহ কৰি গঢ়ি তোলাৰ সংকল্প তেওঁৰ আছে।
আনকি বিদ্যালয়ৰ উপৰ মহললৈ যোৱা চিৰিবোৰতো জ্ঞান অন্বেষণৰ বেদী পাতি দিছে। খটখটি বগাই যাওঁতে ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰিব কি আন্তৰিকতাৰে তেওঁলোকৰ প্ৰতি এইগৰাকী প্ৰধান শিক্ষকে নতুন চিন্তাৰ উদ্বেগকাৰী উদ্ভাৱনী শক্তিৰে তেওঁলোকক পাঠ দিয়াৰ চেষ্টা কৰিছে। আমি যেতিয়া এই বিদ্যালয়ত ভৰি দিছিলো, তেতিয়া বিস্ময়ৰে কেৱল উপলব্ধি কৰিছিলো সঁচাই ব্যতিক্ৰম এই বিদ্যালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/ad74387a-e861-4cb9-b7b2-a9b22ef69d13-1024x461.jpg)
যিসকল ছাত্ৰ-ছাত্ৰীয়ে খটখটী বগাই যাওঁতেও দেখে জ্ঞানৰ পোহৰ আৰু এই বিদ্যালয়খনৰ নেতৃত্ব বহন কৰা প্রধান শিক্ষক গৰাকীয়ে জ্ঞান অন্বেষণৰ এই মন্দিৰত ছাত্ৰৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ প্ৰতিটো ক্ষণ সাজু থাকে। বিদ্যালয়খনত নাই কি! এক প্ৰাকৃতিক পৰিৱেশৰ মাজত চাহ শ্ৰমিকৰ ৯৯ শতাংশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নিজস্বতাৰে আৰু আন্তৰিকতাৰে জ্ঞানৰ অন্বেষণ কৰোতে পায় পৰম সন্তুষ্টি।
মহেন শইকীয়াই ইয়াৰ কৃতিত্ব সদায় দিব খোজে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক । আন বিদ্যালয়ৰ দৰে এই বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক । সেই প্ৰত্যাহ্বানো তেওঁ গ্ৰহণ কৰি কেৱল ১৫জন মান শিক্ষকেৰে এনে এক পৰিৱেশ গঢ়ি তুলিছে যে যি ফালেই চকু যায়, সেই ফালেই দেখা পোৱা যায় এখন সন্দুৰ বিদ্যালয় গঢ়িবলৈ কেৱল ধনেই সকলো নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/6974a7a6-b912-4dda-9222-a06bcba803e0-1024x461.jpg)
বিদ্যালয়খনত আছে এটা যাদু ঘৰ। সেই যাদু ঘৰতে আছে শিক্ষক সকলৰ সৈতে শৈক্ষিক পৰিৱেশ আৰু শৈক্ষিক দৃষ্টিভংগী বিষয়ক আলোচনা কৰিব পৰাকৈ কিছু চকী-মেজৰ সুবিধা। তাতেই বহি তেওঁলোকে আলোচনা কৰে কেনেকৈ এই সকল ছাত্ৰ-ছাত্ৰীৰ জীৱনক সৰ্বাংগীন ৰূপত গঢ় দিব পৰাকৈ এক নতুনত্ব চিন্তাৰে পৰিপুষ্ট পৰিৱেশ আৰু তেওঁলোকক ব্যৱহাৰিক ভাৱে ইয়াৰ সৈতে জড়িত কৰি আগুৱাই লৈ যাব পাৰি।
মহেন শইকীয়া নামৰ এইগৰাকী প্রধান শিক্ষক নিজেও এগৰাকী সুলিখক। যাদু ঘৰত সংৰক্ষণ কৰি থোৱা আছে অসমীয়া লোকজীৱনক প্ৰতিনিধিত্ব কৰিব পৰা বহু সামগ্ৰী। তাৰে কিছু সামগ্ৰী স্থানীয় লোকআৰু এই বিদ্যালয়ৰ প্ৰতি থকা শুভচিন্তকৰ দান। প্ৰতিটো শ্ৰেণীকোঠা নামাকৰণ কৰা হৈছে ব্যতিক্ৰম ৰূপত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/7143e791-7198-454f-989d-80819860119f-1024x461.jpg)
কম্পিউটাৰ লেবৰেটৰীত ছাত্ৰ-ছাত্ৰীসকলে তথ্য প্ৰযুক্তিৰ উপযুক্ত শিক্ষা পাব পৰাকৈ সকলো আন্তঃগাঁথনি কৰা হৈছে। বিদ্যালয় চৌহদত বিভিন্ন গছ-গছনি ৰূপন কৰি এক আশ্ৰমৰ ৰূপ দিয়াৰ চেষ্টাৰ লগতে সেইবোৰৰ যতন ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে কৰাই তেওঁলোকক দায়িত্ব শীল কৰাৰ অনুশীলনো ইয়াত চলিছে। কোনোৱে কল্পনা কৰিব নোৱাৰে যে এনে এখন চৰকাৰী বিদ্যালয় কেৱল এজন প্ৰধান শিক্ষকৰ নেতৃত্বত আৰু শিক্ষক তথা কাষৰ বিভিন্ন লোকৰ সহযোগত গঢ়ি তুলিব পাৰি।
প্রধান শিক্ষকৰ কোঠাটো আন বিদ্যালয়ৰ দৰে এটা কেৱল কাৰ্যালয় নহয়। সেই কোঠাত আঁৰি থোৱা আছে বিদ্যালয়খনৰ প্ৰতি অহা স্বীকৃতি, বিভিন্ন বঁটা-বাহনৰ প্ৰমান পত্ৰ। ১০খনৰো অধিক গ্ৰন্থ প্ৰণেতা আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ প্ৰতিটো চোক-কোণ আমাক দেখুওৱাতে আমি মন কৰিছিলো তেখেতৰ এই সততাত আছে অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ প্ৰতি সুক্ষ্ম বিশ্লেষণ তথা সামগ্ৰিক ভাৱে আহি পৰা প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজিব পৰা মানসিকতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/4b9178a7-8d51-46bd-86e6-768e799ba1de-461x1024.jpg)
বিদ্যালয়খনত এনে কিছু কোঠা আছে, যিবোৰ কোঠা সাধাৰণভাৱে অসাধাৰণ। গণিতৰ পৰীক্ষাগাৰত সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন প্ৰকল্পৰে ভৰি আছে । ছাত্ৰ-ছাত্ৰীসকলে তাত সোমালে তেওঁলোকক আৰু পৃথককৈ গণিতৰ আদিপাঠ দিয়াৰ প্ৰয়োজন নাই। ত্ৰিভূজ কি? সমবাহু কি? আদি অলেখ ছাত্ৰ-ছাত্ৰীয়ে নিজেই প্ৰস্তুত কৰা প্ৰকল্প আৰু গণিতৰ অনুসংগিক বিষয়বোৰ ইমান ধুনীয়াকৈ তাত সজাই থোৱা হৈছে যে এই পৰীক্ষাগাৰটো হেনো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।
যিকোনো ছাত্ৰ-ছাত্ৰীয়েই এই গণিতৰ পৰীক্ষাগাৰৰ ভিতৰত সোমাই গণিতৰ পৃথিৱীখনত হেৰাই যায় । এনে এক শিক্ষানুষ্ঠান গঢ়িবলৈ এক মানসিকতা লাগে। পুৱাই তেখেত ওলাই আহে বিদ্যালয়লৈ। অহাৰ সময় আছে। যিমান পাৰে সোনকালে বিদ্যালয়লৈ তেওঁ আহে। কিন্তু উভতাৰ সময় নাই। তেওঁৰ বাবে নাই দেওবাৰ। দেওবাৰৰ দিনাও তেওঁ বিদ্যালয়খনলৈ আহি প্ৰতিটো দিশ নিজেই চোৱাচিতা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/736ba900-2081-4213-8f04-aea29ecd5873-1024x461.jpg)
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কষ্ট তেওঁ বুজি পায়। যি সময়ত এজন শিক্ষকে তিনি চাৰিটা ক্লাছ কৰিব লগা হয়, সেই সময়ত এই বিদ্যালয়খনৰ শিক্ষকে অতি কমেও ৬টা শ্ৰেণীত পাঠদান কৰি বিদ্যালয়খনক গঢ়ি তুলিছে। বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যাতে ভাল হয় তাৰ বাবে কি ধৰণে পাঠদান কৰিব লাগিব তাৰো ওপৰত আলোচনা চলে।
ইয়াক কেৱল এখন বিদ্যালয় নহয়,শিক্ষক-ছাত্ৰ সকলোৱে মিলি এক পৰিয়াল কৰি গঢ়ি তুলিছে। চাহ শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু সমস্যা থাকে। বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক অভাৱ-অভিযোগ শিক্ষক তথা প্রধান শিক্ষকে নিজে মূৰ পাতি ল'ব লাগে। কোনোবা ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰিলে প্রধান শিক্ষক মহেন শইকীয়াই নিজেই গৈ খবৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/8db793ce-23b4-4406-8786-e458e86eaca5-461x1024.jpg)
কাৰোবাৰ কাগজ-কলম নাথাকিলে জেপৰ ধন ব্যয় কৰিয়েই সেইবোৰ যোগান ধৰে। তেওঁৰ লক্ষ্য এটাই- ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিবই লাগিব। নৈতিক দিশৰ পৰা তেওঁলোকৰ ঘৰখনৰ মাজৰ পৰা উলিয়াই আনি শিক্ষাৰ পোহৰেৰে আলোকিত কৰি জগত জিনা সপোন দেখুৱাই এই বিদ্যালয়ত। ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫০জন মানেহে আন বৃত্তিৰে জড়িত লোকৰ সতী-সন্তান আছে।
আন সকলোৱেই চাহ শ্ৰমিকৰ সন্তান হোৱাৰ বাবেই তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ যতন ল'ব লাগে। সেই দায়িত্ব পালন কৰিবলৈ যাওঁতে তেওঁ হঠাৎ কেতিয়াবা গুচি যায় কোনোবা চাহ শ্ৰমিকৰ লাইনৰ মাজলৈ। খবৰ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ কথা পাতে অভিভাৱকসকলৰ সৈতে। চাহ শ্ৰমিকৰ কোনো পৰিয়ালত মাংগলিক বা বিবাব অনুষ্ঠান থাকিলে তেওঁ আন সকলো কাম বাদ দি সেই অনুষ্ঠানত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/ff464ddd-ce53-4e83-b935-a336b99df311-1024x461.jpg)
তেওঁ এই কথা বুজাব চেষ্টা কৰে যে তেওঁ শিক্ষক বিদ্যালয়ত নহয়, কেৱল তেওঁ অনুশাসনৰ মাজেৰেই তেওঁলোকক জীৱনৰ পাঠ দিব নিবিচাৰে। লগত তেওঁ লৈ যায় নিজৰ সহধৰ্মিনীকো। সেই সমাজখনৰ সৈতে একাত্ম হ'ব খোজে। ছাত্ৰ-ছাত্ৰী তথা চাহ শ্ৰমিকৰ সেই পৰিয়ালবোৰে উপলব্ধি কৰে এইগৰাকী প্ৰধান শিক্ষক তেওঁলোকৰ প্ৰতি কিমান আন্তৰিক আৰু ব্যৱহাৰিকভাৱে দায়বদ্ধ।
বাইদেউ আহিছে বুলি সকলো কাষ চাপি আহিছে। ছাৰৰ বাইদেউক লগ পাই তেওঁলোকো অভিভূত হৈ পৰে। এক আত্মীয়তাৰ মাজৰেই জীৱনৰ শিক্ষা এনেকৈয়ে আৰম্ভ কৰে। বিদ্যালয়খনত আছে এখন ধুনীয়া খেলপথাৰ। সেই খেলপথাৰখনত নাই ক'তো এডাল বন বা কোনো এটা কাগজৰ টুকুৰা। আমি লক্ষ্য কৰিছিলো বিদ্যালয়খনৰ পিছফাললৈ যেতিয়া তেওঁ আমাক লৈ গৈছিল ক'ৰবাত দুই এটা কাগজৰ টুকুৰা দেখি তেওঁৰ যেন বুকু খন বিষাই গৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/1318eb23-6b5f-49e7-baa7-95c9c0142907-1024x461.jpg)
ছাত্ৰ-ছাত্ৰীসকলক তেওঁ কিতাপৰ মাজৰেই জ্ঞান অন্বেষণ কৰিবলৈ শিকোৱা নাই। তেওঁৰ নেতৃত্বতে বিদ্যালয়ৰ আন শিক্ষকসকলে সেই পথেৰে বাট লৈছে। পৰিয়াল কেন্দ্ৰিক নীতিৰ বান্ধোনেৰে ছাত্ৰ-শিক্ষকসকলক বান্ধি ৰাখিছে। শ্ৰেণী কোঠাৰ সন্মুখত আছে শাক-পাচলিৰ বাগিচা। সৰু সৰুকৈ মাটিৰ ঢাপ কৰি সেইবোৰত ৰুইছে লাই-পালেং কিম্বা মূলা। ছাত্ৰ-ছাত্ৰীয়ে নিজেই সেইবোৰৰ দায়িত্ব লয়।
পঢ়াৰ মাজতো সময় উলিয়াই তাত পানী দিয়ে। যিয়ে এবাৰ এই বিদ্যালয়লৈ আহে তেওঁৰেই মন ভৰি পৰে। অসমীয়া ভাষাৰ প্ৰতি সেইসকল ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিব পৰাকৈ শিশু কালতে এক শৈক্ষিক আধাৰ গঢ়িছে এনেকৈয়ে এইখন বিদ্যালয়ে। তেওঁৰ মাটিৰ মানুহ। মাটিৰ সৈতে তেওঁৰ আছে একাত্মক সম্পৰ্ক। সেই সম্পৰ্কৰ মাধ্যমেৰে জীৱন , শিক্ষা আৰু মানৱীয় চেতনাৰ উৎকৰ্ষ সাধনৰ স্থল ৰূপে মহেন শইকীয়াই এই বিদ্যালয় গঢ় দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/e5481b39-d307-4c66-af07-46517954254d-1024x461.jpg)
আন বিদ্যালয়ে হয়তো বিদ্যালয়ৰ আলোচনী প্ৰকাশ কৰিব পৰা নাই। কিন্তু তেওঁ বিদ্যালয়ৰ আলোচনীখনৰ ধাৰাবাহিকতা যতি পৰিব দিয়া নাই।ইয়াৰ বাবে ধন নাথাকিলেও ক'ৰবাৰ কি কৰি জোৰা মাৰি সাহিত্য সাধনা আৰু মানসিক , বৌদ্ধিক চিন্তাৰ অনুশীলনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সুবিধা কৰি দিছে।
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো একে দায়বদ্ধতাই ক্ৰিয়া কৰিছে। বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়খনক গঢ় দিয়াত সহযোগ কৰিছে। আমাৰ বিদ্যালয় বুলি সগৌৰৱে ক'ব পৰা এনে এক পৰিৱেশ ৰচনা কৰা দায়িত্বও কম নহয়। এই বিদ্যালয়খনৰ প্ৰথম প্ৰধানশিক্ষক আছিল জয়নাল আবেদিন। তাৰপাছত পদ্মেশ্বৰ কছাৰী, ভোগেশ্বৰ বাঢ়ৈ, লাবন্য গগৈ আদিয়েও এই বিদ্যালয়ৰ পৰিকাঠামো গঢ়িছিল। এতিয়া তাত সাৰ – পানী দিছে মহেন শইকীয়াই।
যাদু ঘৰত ওলমাই থৈছে এনে কিছু সামগ্ৰী যিবোৰ সামগ্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া সমাজ জীৱনৰ অতীতৰ সম্পৰ্কত ব্যৱহাৰিক জ্ঞান দিব। একেদৰে বিদ্যালয়খনৰ আছে নিজাকৈ পুথিভঁড়াল। ছাত্ৰ-ছাত্ৰীকে সমল কৰি লৈ শিক্ষকসকলৰ সহযোগত এই বিদ্যালয় গঢ়ি তোলা হৈছে। বিদ্যালয়খনে ইতিমধ্যে বহু বঁটা লাভ কৰিছে। ২০১৯ বৰ্ষত গ্ৰাছ নিৰ্মল সেউজী বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/560f53dc-80fc-4f43-8aad-b30e845aed01-1024x461.jpg)
প্রধান শিক্ষক মহেন শইকীয়াও সমাজত অতি সুপৰিচিত ব্যক্তি। তেওঁৰ ব্যক্তিত্ব আভাৰে জিলিকি উঠিছে এই বিদ্যালয়। অসমীয়া ভাষাৰ প্ৰতি এনে দায়বদ্ধতাৰে কাম কৰা এই সকল নীৰৱ সাধক থাকিলে কোনেও অসমীয়া ভাষাৰ ঐতিহ্য আৰু মৰ্যাদা শেষ কৰি দিব নোৱাৰে। যিমানেই ষড়যন্ত্ৰ চলক, নতুন প্ৰজন্মই অসমীয়া ভাষাৰ প্ৰতি এনে আকৰ্ষণেৰে ভাষা চৰ্চা কৰিলে সেই ষড়যন্ত্ৰ কেতিয়াবাই উফৰি পৰিব।
আমাক লাগে এতিয়া এনে আন্দোলন আৰু সেই আন্দোলনক সু-নেতৃত্ব দিব পৰা এই সকল নমষ্য শিক্ষা গুৰুৰ দৰেই সচেতন ব্যক্তি। এইখন অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ আহি গৌৰৱবোধ হ'ব। ইয়াতকৈ আৰু অসমীয়া ভাষাৰ বাবে পূজাৰ অক্ষ কি আছে? কাৰোবাৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিলেই, কোনোবা ষড়যন্ত্ৰকাৰীক ধৰি আনি জে'ললৈ নিক্ষেপ কৰিলেই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা নহয়।
সেইবোৰ নেতিবাচক খবৰৰ মাজতো এইবোৰ ইতিবাচক খবৰে আমাক আশাবাদী কৰি তোলে। ইমান নীৰৱে চলা এই সাধনাৰ আঁৰত থকা শ্ৰদ্ধেয় শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰক নেতৃত্ব দি অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাক আগুৱাই নিয়া এই সকল লোকেই আমাৰ বাবে নমষ্য হোৱা উচিত। তেওঁলোকক স্বীকৃতি নালাগে। নালাগে তেওঁলোকক এই কামৰ বাবে কোনো ধন।
মন থাকিলেই সকলো সম্ভৱ। সেই শক্তিশালী মনৰ গৰাকী এইসকল ব্যক্তি। নুমলীগড় উচ্চ মাধ্যমিক (তেতিয়া) আৰু এতিয়া ওচৰতে থকা কেইবাখনো বিদ্যালয়ক এক কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উত্তীৰ্ণ কৰা এনে শিক্ষানুষ্ঠানসমূহক ৰাজ্যৰ আন চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহেও অনুসৰণ কৰা উচিত।
মন ভৰি যায়। দুঃখবৰবোৰৰ মাজত এইবোৰ দৃশ্যই মন পুলকিত কৰে। অসম আৰু অসমীয়াৰ প্ৰতি মহেন শইকীয়া আৰু তেওঁৰ নেতৃত্বত যিদৰে এই বিদ্যালয়খনক ব্যতিক্ৰম ৰূপত গঢ় দিছে তেওঁলোকক লৈ আমি গৰ্ব আৰু চৰ্চা কৰা উচিত। ভাল কামৰ স্বীকৃতি আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতাবোধ প্ৰকাশেৰেও কৰিব পাৰো। ইয়াৰ বাবে নালাগে কোনোবা ধনবিদ নালাগে কাৰো আশীৰ্বাদ। লাগে মাথো আমাৰ আন্তৰিকতা। নীৰৱে সাধনা কৰা এই সকল লোকৰ প্ৰতি তেওঁলোকক প্ৰেৰণা যোগাব পৰাকৈ সমাজৰ মাজলৈ দিব পৰা আমাৰ বাৰ্তা।