/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/Bekhekh-Lekha-prantik.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এই যাত্ৰা ইমান সহজ নাছিল। এক বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰি একেই বৈশিষ্ট্যৰে সৰ্বসাধাৰণ পাঠকৰ পৰা আৰম্ভ কৰি সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এখন আলোচনী ৪০ বছৰ জীয়াই ৰখাতো সহজ কথা নহয়। 'প্ৰান্তিক'। নামেই এতিয়া পৰিচয়। শব্দটোতে লুকাই আছে আলোচনী খনৰ প্ৰতি পাঠকৰ আত্মীয়তা আৰু আলোচনীৰ পাঠকৰ প্ৰতি দায়বদ্ধতা।
ভৱেন্দ্ৰ নাথ শইকীয়াৰ মানসপুত্ৰ আছিল প্ৰান্তিক। ১৯৮১চনৰ ১ ডিচেম্বৰ। সকলো বিষয় সামৰি এখন ব্যতিক্ৰম আলোচনীয়ে প্ৰকাশৰ মুখ দেখিছিল। ভৱেন্দ্ৰ নাথ শইকীয়াই সেই আলোচনীখনৰ সম্পাদকৰ দায়িত্ব লৈ যি যাত্ৰা আৰম্ভ কৰিছিল , সেই যাত্ৰা তেওঁৰ অনুপস্থিতিত নেতৃত্ব দিব লগা হৈছে প্ৰদীপ বৰুৱাই।
প্ৰান্তিকৰ গৰিমা আছে। আছে প্ৰান্তিকৰ দায়িত্ববোধ। সেয়েহে প্ৰান্তিকে এফালে নতুন লিখক আৰু প্ৰতিষ্ঠিত লিখকৰ মাজৰ যুগসূত্ৰ স্থাপনেৰে কেৱল আলোচনী বুলিয়েই নহয়, সাহিত্য, বিভিন্ন চিন্তা-চৰ্চাৰ নতুন বাট কৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই আলোচনীখন গঢ় দিওতে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল ভৱেন্দ্ৰ নাথ শইকীয়াই।
প্ৰান্তিকৰ আটাইতকৈ আকৰ্ষণীয় শিতানটোৱে 'পত্ৰালাপ'। সেই শিতানৰ জৰিয়তে পঢ়ুৱৈসকলে তেওঁলোকৰ বিভিন্ন মতামত, অভাৱ, অভিযান, আৱেগ-অনুভূতি প্ৰকাশ কৰি আহিছে। আৰু এই শিতান প্ৰান্তিকৰ অন্যতম জনপ্ৰিয় শিতান। প্ৰান্তিকত আচলতে নাই কি! প্ৰান্তিকৰ কবিতা মানেই কবিৰ বাবে এক ডাঙৰ স্বীকৃতি। প্ৰান্তিকত এটা লেখা মানেই এজন লেখকৰ বাবে পৰম প্ৰাপ্তি।
১৯৮১চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ কথা। আলোচনীখনৰ আৰ্হি কাকত প্ৰস্তুত কৰি থকা হৈছিল। শেষ পৃষ্ঠাটো চাই থাকোতে এই পৃষ্ঠাটোৰ নামেই ৰখা হৈছিল 'শেষ পৃষ্ঠা'। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ভৱেন্দ্ৰ নাথ শইকীয়াই লিখিছিল শেষ পৃষ্ঠা। তেওঁৰ মৃত্যুৰ পাছত এই শেষ পৃষ্ঠাত ভৱেন্দ্ৰ নাথ শইকীয়াৰে ডায়েৰীৰ পৰা কিছু কথা ধাৰাবাহিকভাৱে প্ৰকাশ কৰি থকা হৈছে।
এই প্ৰান্তিকৰ পাততে ক'ত কালজয়ী উপন্যাস ৰচনা হৈ গ'ল। কোনখন উপন্যাস পাঠকে আদৰি লোৱা নাই! অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং প্ৰান্তিকৰ পাততে পাঠকে পঢ়িছিল। ভৱেন্দ্ৰ নাথ শইকীয়াই লিখিছিল অন্তৰীপ। অনুৰাধা দেশৰ সৃষ্টি প্ৰান্তিকৰ পাততে হৈছিল। অসম কৃষি বিশ্ববিদ্যালয়ক লৈ লেখা সীমান্ত, সময়, সংগীত কোনে পাহৰিব পাৰে?
কিবা এক কাৰণত হয়তো লিখক হিৰণ্য কাশ্যপ হেৰাই গ'ল। থাকি গ'ল 'সীমান্ত, সময়-সংগীত'। 'মৌন ওঁঠ, মুখৰ হৃদয়' য়েছে দৰ্ছী ঠংচিয়ে প্ৰান্তিকৰ পাতত লিখা ধাৰাবাহিক উপন্যাসখন অসমীয়া জনপ্ৰিয় উপন্যাসবোৰৰ ভিতৰত অন্যতম। প্ৰান্তিকৰ এক পৰম্পৰা আছে। প্ৰান্তিকে লিখকৰ মূল্য বুজে। প্ৰান্তিকৰ বাবে লিখক সদায় গুৰুত্বপূৰ্ণ। সেই পৰম্পৰা প্ৰান্তিকে আৰম্ভ কৰিছিল।
লেখা প্ৰকাশ হ'লে প্ৰান্তিকৰ পৰা যায় লিখকৰ বাবে দুটা প্ৰান্তিকৰ কপী। ইয়াৰ উপৰিও লিখকজনক দিয়ে মাননী। কিবা কাৰণত লেখা প্ৰকাশ কৰিব নোৱাৰিলে লিখা উভতাই পঠাই লিখাটো প্ৰকাশ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি প্ৰেৰণ কৰে এখন পত্ৰ। সেইবাবেই প্ৰান্তিক ব্যতিক্ৰম। প্রথম সংখ্যা প্ৰান্তিকৰ সৈতে জড়িত হৈ আছিল নিৰোদ চৌধুৰী, ৰত্ন উজা, ধীৰেন বেজবৰুৱা আদি।
সমুদ্ৰ গুপ্ত কাশ্যপেও প্ৰান্তিকত সহকাৰী সম্পাদক ৰূপে কাম কৰিছিল। প্ৰান্তিকৰ প্ৰথম সংখ্যাৰ আলোকচিত্ৰ আছিল দীপক বেজবৰুৱাৰ, অংগসজ্জা কৰিছিল মানৱেন্দ্ৰ বৰুৱাই। প্ৰান্তিকৰ জৰিয়তে ড০ ভৱেন্দ্ৰ নাথ শইকীয়াই দেখা সপোন লাহে লাহে থন ধৰি উঠিছিল। বিজ্ঞান মনস্কতা, অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰান্তিকে জনমত গঠনতো সহায় কৰিছিল।
প্ৰান্তিকৰ ৪০টা বছৰৰ এই পৰিক্ৰমাত সালিনতাবোধ ৰক্ষা কৰি মানুহৰ মাজলৈ প্ৰান্তিকক লৈ যাওঁতে লেখাসমূহৰ মূল্যায়নৰ লগতে ইয়াত লিখকৰ পৰিচয়ৰ বিপৰীতে লিখনিৰ মানক গুৰুত্ব দিছিল। প্ৰান্তিকৰ কাৰ্যালয়ৰো পৰিৱেশ পৃথক। নাই কোনো হৈ-হাল্লা। এটা সৰু পিন পৰিলেও প্ৰান্তিকৰ কাৰ্যালয়ত মানুহ উচপ খাই উঠে।
তেনে এক ধাৰাবাহিকতাৰে বিতৰ্কৰ আৱৰ্তত থাকি এক ৰুচিশীল আলোচনী ৰূপত প্ৰান্তিকক গঢ় দিবলৈ কোনোদিনেই চেষ্টাৰ ক্ৰুটি কৰা নাছিল সম্পাদনা মেজে। অৱশ্যে অজগৰ শীৰ্ষক শিৰোনামেৰে প্ৰান্তিকত এটা লেখা লেখা হৈছিল। যিটো লেখাই কিছু বিতৰ্কৰ সৃষ্টি কৰিছিল। এক বৰ্ণবাদৰ ভাৱনা গঢ়ি তোলা বুলি অভিযোগ উঠিছিল। কিন্তু প্ৰান্তিকৰ সম্পাদনা কক্ষই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি প্ৰান্তিকক পুনৰ 'প্ৰান্তিক' কৰি ৰাখিছিল।
প্ৰান্তিক নপঢ়া মানুহ হয়তো নোলাব। অসমীয়া আলোচনী জগতত প্ৰান্তিকৰ সবল ভূমিকা পাঠকে নিজেই উপলব্ধি কৰে। সেয়েহে প্ৰান্তিক পঢ়াতো বহুতৰ বাবে নিচা। প্ৰান্তিকৰ পাতে পাতে বিচাৰি পাই নতুনত্ব। নতুন চিন্তাৰ উন্মেষ ঘটিব পৰা লেখা। সময়ৰ সৈতে প্ৰান্তিকে খোজ মিলাইছে। কিন্তু বিজ্ঞাপনৰ পৃথিৱীখনৰ পৰা প্ৰান্তিক বহু দূৰত আছিল বহু দিনলৈ।
পাঠকৰ মৰমেই প্ৰান্তিকক জীয়াই ৰাখিছে। ৪০ বছৰ অতিক্ৰম কৰি ৪১ বছৰত ভৰি দিয়া অনুভৱেৰে প্ৰান্তিকৰ সম্পাদকীয় লিখা হৈছে ১-১৫ ডিচেম্বৰ, ২০২১ সংখ্যাত। আৰম্ভণিৰ পৰা এতিয়ালৈকে ৪০ টা বছৰত বিশেষ অসুবিধাৰ বাবে মাত্ৰ তিনিটা সংখ্যাহে প্ৰান্তিকে প্ৰকাশ কৰা নাই। এতিয়ালৈকে ৯৫৭টা সংখ্যা প্ৰান্তিক প্ৰকাশ পাইছে।
সম্পাদকীয়টোত 'অসমীয়া আলোচনীৰ অস্তিত্ব' শীৰ্ষৰে লিখা হৈছে এইদৰে- 'প্ৰান্তিকৰ ১-১৫ ডিচেম্বৰ, ২০২১ৰ এই সংখ্যাটো প্ৰকাশৰ লগে লগে আলোচনীখনে চল্লিছটা বছৰ অতিক্ৰম কৰিলে। বিশেষ অসুবিধাৰ বাবে এইখিনি সময়ত তিনিটা সংখ্যা প্ৰকাশ নাপালেও আজিলৈকে ৯৫৭খন প্ৰান্তিক প্ৰকাশ পাইছে। অসমীয়া আলোচনীৰ জীৱনকালক কচুপাতৰ পানীৰ সৈতে সাহিত্যৰথীয়ে ৰিজাই একালত দুখ প্ৰকাশ কৰিছিল যদিও সম্প্ৰতি সেই দুৰ্যোগ নাই। 'বিস্ময়ে' পঞ্চাছ বছৰীয়া জীৱনকাল আজিৰ পৰা দুবছৰমান আগতে অতিক্ৰম কৰাৰ অভিলেখ আছে। বছৰৰ লেখেৰে নহয়, প্ৰচলনৰ ক্ষেত্ৰতো 'বিস্ময়ে' অৰ্ধ শতেক অতিক্ৰম কৰাৰ অভিলেখ আছে। নক'লেও হ'ব যে আৰ্থিকভাৱে স্বচ্ছল হ'ব নোৱাৰিলে আলোচনী এখন কোনো প্ৰকাশকে গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰিব নোৱাৰে। পৰ্যাপ্ত গ্ৰাহক-পঢ়ুৱৈৰ অংশগ্ৰহণেৰে আলোচনী এখনক টনকিয়াল কৰি ৰাখিব পাৰে। প্ৰান্তিক যিটো সময়ত জন্ম হৈছিল সেই সময়খিনিত অসমৰ সামগ্ৰিক পৰিস্থিতি মুঠেই শান্তি নাছিল। সুদীৰ্ঘদিন ধৰি পৰ্যায়ক্ৰমে অসমলৈ বৃহৎ সংখ্যক বাংলাদেশীৰ অনুপ্ৰৱেশে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি ভয়াৱহ কৰি তুলি অসমীয়াৰ অস্তিত্বকে বিপদাপন্ন কৰিবলৈ ধৰিছিল। তাৰ প্ৰতিকাৰৰূপে প্ৰতিজন অসমীয়াক সচেতন আৰু সজাগ কৰাকৈ সদৌ অসম ছাত্ৰ সন্থা নামৰ সংগঠনটোৱে এটা বৃহৎ আন্দোলন গঢ়ি তুলিলে। প্ৰতিজন জাতীয়বাদী অসমীয়াই অকপটভাৱে নবীনচামৰ নেতৃত্বলৈ সমৰ্থন জনোৱাৰ বাবে অতি কম সময়ৰ ভিতৰতে ই সৰ্বব্যাপ্ত হৈ পৰিল। সেই সময়ত প্ৰকাশিত সীমিত বাতৰিকাকতকেইখনেও নেতাসকলক জনপ্ৰিয় কৰি তুলিলে। বহু ক্ষেত্ৰত যুৱক নেতাসকলৰ ভুল-ক্ৰুটিলৈ যে চকু দিব লাগে সেইটো অৱহেলা কৰিলে। যুক্তিতকৈ আৱেগক অধিক গুৰু্ত্ব দিয়াৰ প্ৰৱণতা বাঢ়িল। উদ্দেশ্যে এটা মাধ্যম পন্থাৰে আন্দোলনটোক নৈতিক সমৰ্থন দিয়াৰ লগতে জাতিটোৰ শৈক্ষিক, সামাজিক, সাহিত্যিক, সাংস্কৃতিক আদি চিন্তাক অৱহেলা নকৰাকৈ এটা সুস্থ পৰিৱেশ গঢ়াৰ উদ্দেশ্যেৰে ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে এজন ব্যক্তিক গুৰিয়ালৰূপে লৈ পষেকীয়া প্ৰান্তিকৰ প্ৰকাশ আৰম্ভ কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে এই আৰম্ভণি শুভ হোৱাৰ লক্ষণে সসন্মানেৰে আগবঢ়াই নিয়াৰ আমাৰ প্ৰয়াসক বহুতেই সমৰ্থন দিয়াৰ ফলতে আলোচনীখনে স্থায়িত্বৰ ভেটি গঢ়ি তুলিব পাৰিলে।'
এয়াই প্ৰান্তিক। কোৰোনাৰ প্ৰভাৱ প্ৰান্তিকতো পৰিছিল। প্ৰান্তিকৰ সম্পাদকীয়ত লিখিছিল সেই বিপদে আমনি কৰাৰ কথা। কিন্তু তাৰ মাজতো লেখক-লেখিকা, পঢ়ুৱৈ আৰু প্ৰতিজন বিক্ৰেতাই আগবঢ়োৱা সহযোগিতাই প্ৰান্তিকক প্ৰতিটো অসমীয়া পৰিয়ালৰ বাবে অপৰিহাৰ্য কৰি ৰাখিছে। ভৱিষ্যতেও অপৰিহাৰ্য কৰি ৰাখিব।
প্ৰান্তিক এক সাধনাৰ ফল। প্ৰান্তিক এখন নিৰপেক্ষ মঞ্চ। প্ৰান্তিক অসমীয়া জাতিৰ আৱেগ অনুভূতিৰ দাপোন। ভাষা-সংস্কৃতি আৰু বিভিন্ন চৰ্চিত নোহোৱা বিষয় চৰ্চা কৰিব পৰা এখন উমৈহতীয়া মঞ্চ। প্ৰান্তিকৰ প্ৰতিটো সংখ্যাই অনন্য আৰু ভিন্ন। এক ধাৰাবাহিক সাধনাৰ মাজেৰে প্ৰান্তিকক আগুৱাই নিওতে চাৰিটা দশকৰ সফলতা, বিফলতা বহু দিশ প্ৰান্তিকে প্ৰাণ পাতি ল'ব লগা হৈছে।
প্ৰান্তিক মানেই শুদ্ধ, প্ৰান্তিক মানেই সত্য। এক প্ৰগতিবাহী চিন্তা-চৰ্চা বহন কৰি প্ৰান্তিকে বহু নতুন সম্ভাৱনাক পোহৰলৈ উলিয়াই আনিছিল। ৰামধেনু, আৱাহন, জোনাকী, বাঁহীৰ শাৰীতেই প্ৰান্তিকক থব পাৰি। ভাষাৰ প্ৰতি প্ৰান্তিক সদায় সচেনত। প্ৰান্তিকে লেখক আৰু লিখাক মৰ্যাদা দিয়ে। প্ৰান্তিকৰ পৰা বহুতৰে বহু আশা আছে। কাৰণ প্ৰান্তিকে পাঠকৰ আশা ভংগ নকৰে। সেই বিশ্বাস পাঠকৰ মাজত ইতিমধ্যে হৈ গৈছে। ৪০ বছৰীয়া প্ৰান্তিকক অভিনন্দন…