মিনাজ আৰু জেছমিনৰ বিয়াৰ চিঠিখনো আদৰ্শ হ’ব পাৰে…

মিনাজ আৰু জেছমিনৰ বিয়াৰ চিঠিখনো আদৰ্শ হ’ব পাৰে…

author-image
asomiyapratidin
New Update
মিনাজ আৰু জেছমিনৰ বিয়াৰ চিঠিখনো আদৰ্শ হ’ব পাৰে…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

মিনাজ আৰু জেছমিনৰ বিয়া। চিঠিও ছপাইছে দুয়ো। ফাগুনৰ ৩ তাৰিখে (ইংৰাজী- ১৬ ফেব্ৰুৱাৰী, ২০২২, বুধবাৰে) ধাৰ্য কৰা হৈছে বিবাহৰ দিন। কামৰূপ গ্ৰাম্য জিলাৰ পুঠিমাৰী আঠাৰা গাঁৱৰ যুৱক মিনাজ। সম্পূৰ্ণ নাম চৈয়দ মিনাজ আহমেদ। সামাজিক মাধ্যমত এই বিয়াৰ চিঠিয়ে চৰ্চা লাভ কৰিছে।

৮ পৃষ্ঠাৰ ৰঙীন চিঠিখন কোনোবাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। তাৰপাছতেই চৈয়দ মিনাজ আহমেদ (বাপা) আৰু চৈয়দা জেছমিন আখতাৰীৰ বিয়াৰ চিঠিখনক লৈ বিভিন্নজনে টিপ্পনী দিছে। কেইদিনমানৰ পূৰ্বে এখন বিয়াক লৈ ব্যাপক চৰ্চা হৈছিল। মুখ্যমন্ত্ৰীও গৈছিল সেই বিয়ালৈ।

মনেশ্বৰ ব্ৰহ্মৰ বিয়া আছিল সেইখন। সংবাদ মাধ্যমতো বাতৰি হৈছিল বিয়াখনক লৈ। কিন্তু এই বিয়াখনৰ চিঠিক লৈহে এতিয়া চৰ্চা। এখন বিয়াৰ চিঠি ৮ পৃষ্ঠাৰ। ইয়াৰ উপৰিও বৰ সুসজ্জিতভাৱে ছপা কৰা এই বিয়াৰ চিঠিখনত কোন বিভাগৰ কাম কোনে চাব সেই কথাও উল্লেখ কৰা হৈছে।

বিয়াৰ চিঠিখনৰ এটা পৃষ্ঠাত আছে বিয়াগীতৰ বিভাগ। হামিদা বেগম, ছালমা আহমেদ, মিনালী ব্ৰহ্ম, মনিষা ব্ৰহ্ম, মিতালী ৰায়, মিতালী সৰকাৰ, পূজা নাৰ্জাৰী, হাছিনা বেগম আদি কেইবাগৰাকীৰো নাম আছে এই বিভাগত। একেদৰে আন বিভাগ সমূহৰ ভিতৰত প্ৰচাৰ বিভাগ, সাংস্কৃতিক বিভাগ, দৰাৰ সহকাৰী বিভাগ, যোগাযোগ বিভাগ, ভঁৰাল বিভাগ, আতচবাজী বিভাগ, পৰিবহন বিভাগ, চিকিৎসা বিভাগ, দোৱা বিভাগ, পৰামৰ্শ বিভাগ, ৰভা মঞ্চ বিভাগ, খাদ্য বিভাগ, ৰন্ধা-বঢ়া বিভাগ, অভ্যৰ্থনা বিভাগ আদিত অনেক লোকৰ নাম উল্লেখ আছে।

বিয়াখনলৈ কোন আহিব তাৰো এখন তালিকা দিয়া হৈছে বিশেষ নিমন্ত্ৰণী অতিথি শিতানত। ইংৰাজী, অসমীয়া দুয়োটা ভাষাতেই ৮ পৃষ্ঠাত বিয়াখনৰ সবিশেষ উল্লেখ আছে। কোন কামত কোনে সহায় কৰিব। সামাজিক মাধ্যমত চৰ্চা হোৱা সকলৰ ভিতৰত কিছু সংখ্যকে এই বিয়াৰ চিঠিখন দেখি হাঁহিছে।

কোনো কোনোৱে কৈছে- বিয়াৰ চিঠিও এনেকৈ লিখেনে! কিন্তু এই বিয়াৰ চিঠিখন এক নিদৰ্শন হ'ব পাৰে। যেনে দৰাৰ সহকাৰী বিভাগত ইনামুল দেৱান, ৰেকিবুদ্দিন আহমেদৰ উপৰিও বঙাইগাঁৱৰ পৰা গণেশ দাস, অপূৰ্ব দাস, মনোজ সৰকাৰ, বেজেৰাৰ পৰা কুমুদ দাস, মিৰ্জাৰ পৰা ফুলেন মজুমদাৰ, হাজোৰ পৰা জীৱন কলিতা, অৰূপ ডেকা, চন্দন হালৈ, নলবাৰীৰ পৰা কমল তালুকদাৰ, গোলাঘাটৰ পৰা চিৰঞ্জীৱ বৰগোঁহাই, সুভাষ জ্যোতি গগৈ, বিহাৰৰ পৰা নিৰঞ্জনয় ৰাৱাট, মৰিগাঁৱৰ পৰা পৰিক্ষিত পাটৰ, কাৰ্বি আংলঙৰ পৰা সিং তিষুভ, তেজপুৰৰ পৰা নয়নমণি মহন্ত, বিশ্বনাথ চাৰিআলিৰ পৰা নিৰেন হাজৰিকা আদি থাকিব।

আন বিভাগৰ ক্ষেত্ৰতো এনেদৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ নাম ইয়াত উল্লেখ আছে। সাংস্কৃতিক বিভাগত মাধৱ কলিতা, কুমুদ কুমাৰ ডেকা, বসন্ত কলিতাক দায়িত্ব দিয়া হৈছে। ছাফ-চিকুনৰ দায়িত্ব লৈছে আব্দুল আলী, হাফিজ আলী, তাৰিফুল ইছলাম আদিয়ে।

যোগাযোগ বিভাগত মতলেভ হুছেইন, মনিবুৰ ৰহমান, নুৰ হুছেইনৰ দায়িত্ব পৰিছে। একেদৰে আতচবাজী বিভাগতো চন্দন ঠাকুৰ, বিজয় ঠাকুৰ, ছয়দুল আলী, তজুল আলীক দায়িত্ব দিয়া হৈছে। চিকিৎসা বিভাগত দিলীপ ডেকা, দিলৱাৰা হুছেইন, মানৱ ডেকা, প্ৰফুল্ল কলিতা, দিনমণি কলিতা আদিয়ে দায়িত্ব লৈছে।

এই বিয়াৰ চিঠিখনত উল্লেখ কৰা মতে, চৈয়দ আতোৱাৰ ৰহমানৰ কন্যা চৈয়দা জেছমিন আখতাৰী আৰু চৈয়দ মিনাজ আহমেদৰ বিয়াৰ অভ্যৰ্থনা আৰু অনুষ্ঠান পৃথকভাৱে অনুষ্ঠিত হ'ব। দিনৰ ১০ বজাৰ পৰা ৰাতি ১০ বজালৈ ভিন্ন সুৰীয়াৰ গীত-মাতৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰিব।

মন কৰিব লগা যে, বিয়াৰ চিঠিখনতেই শুভেচ্ছা জনাই বিজ্ঞান সদৃশ দুটা বাৰ্তাও প্ৰকাশ কৰা হৈছে। কোনো কোনোৱে চিঠিখন দেখি হাঁহিছে। কিন্তু অলপ গভীৰভাৱে এই চিঠিখন যিসকলে পৰ্যবেক্ষণ কৰে, তেওঁলোকে চিঠিখনৰ মাজত এক বাৰ্তা দেখিবলৈ পাব। সেয়া হ'ল সমন্বয়ৰ বাৰ্তা।

চিঠিখনক কেৱল এখন বিয়াৰ চিঠি বুলি এৰাই চলিব নোৱাৰি। আঠাৰা নামৰ এই গাঁওখনৰো এটা মূৰত হিন্দু আৰু আনটো মূৰত মুছলমান লোকৰ বাসস্থান। এই গাঁওখন সম্প্ৰতিৰ এক নিদৰ্শন। সেই নিদৰ্শনেই যেন চিঠিখনত ফুটি উঠিছে। হিন্দু, মুছলমান সকলোৱে অতি মিলা-প্ৰীতিৰে বাস কৰে। তাৰেই প্ৰতিফলন ঘটিছে চিঠিখনত।

সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা মানুহৰ অভাৱ নাই। তেনে পৰিৱেশ-পৰিস্থিতিৰ মাজত এই চিঠিখনে সেই সকলক যেন এক উত্তৰ দিছে। কৈছে- তোমালোকে যিমানেই সাম্প্ৰদায়িক বীজ ৰোপন নকৰা কিয়, আমি যিদৰে আছিলো, সেইদৰেই আছো।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিব লগা লোকসকলে এই বিয়াখনত হাত উজান দিব। তাৰ আভাস চিঠিখনত থকা নামবোৰৰ মাজেৰে পোৱা গৈছে। কলিতা, ডেকা, গোঁহাই, বৰদলৈ, গগৈৰ পৰা আৰম্ভ কৰি কাৰ্বি, বড়ো, ৰাভা, কোচ ৰাজবংশী আৰু আন সম্প্ৰদায়ৰ লোকসকলৰ যেন মিলন ক্ষেত্ৰ হ'ব এই বিয়াখন।

এখন সাধাৰণ বিয়া। কিন্তু এই বিয়াখনেই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন ৰূপত এখন অসাধাৰণ বিয়া হ'বলৈ গৈ আছে। হয় বিয়া চিঠি এনেদৰে ছপা নকৰে। কিন্তু আনে নকৰা কামতো কৰিব পৰাকৈ চিন্তা কৰাতেই অসাধাৰণতা লুকাই থাকে। ইতিবাচকভাৱে সেই বাৰ্তা আমি গ্ৰহণ কৰিলে সমাজখনক ভাগ ভাগ কৰিব খোজা লোকসকলৰ বাবে ই এক ডাঙৰ প্ৰত্যুত্তৰ।

সংবাদ মাধ্যমৰ বাবে কোনো গ্লেমাৰ থকা লোক এই বিয়ালৈ নোযোৱাৰ বাবে সেয়া বাতৰিৰ বিষয় নহ'ব পাৰে। কিন্তু সুক্ষ্ম বিশ্লেষণেৰে সমাজৰ প্ৰতি শুভবাৰ্তা প্ৰেৰণৰ বাবে ই এক বাতৰিৰ বিষয় হ'ব পাৰে। সেয়েহে এই বিশেষ লেখাত এই বিয়াখনৰ চিঠিখনক ইমান গুৰত্বসহকাৰে স্থান দিয়া হৈছে।

মানুহৰ মনত এই বিয়াখনৰ চিঠিখনেই সাম্প্ৰদায়িক মিলাপ্ৰীতি শুভ পৰিৱেশ গঢ়াত সহায় কৰিব। কোন কি ধৰ্মাৱলম্বী সেই ভাগ ভাগ কৰোতে আমি মানুহ বুলি ভাবিব পৰা প্ৰৱণতাৰ পৰা যেন বহু দূৰলৈ গুচি গৈছো। তাৰ মাজতেই চৈয়দ জেছমিন আখতাৰী আৰু চৈয়দ মিনাজ আহমেদৰ ব্যতিক্ৰম বিয়াৰ চিঠিখনে সেই বাটৰেই দিশ নিৰ্ণয় কৰিছে।

চৰ্চা হৈছে দুয়োৰে বিয়াৰ চিঠিখন। সেই চৰ্চা কাৰোবাক হাঁহিয়তৰ পাত্ৰ কৰাৰ সলনি ইয়াৰ অন্তৰালত থাকিব পৰা ইতিবাচক বাৰ্তাক লৈ আলোচনা হ'ব লাগে। চৈয়দ মিনাজ আহমেদ আৰু চৈয়দা জেছমিন আখতাৰীৰ যুগ্মজীৱনলৈ অনেক শুভেচ্ছা। সেই ধাৰাবাহিকতা অব্যাহত থাকক । সম্প্ৰীতি নিদৰ্শনেৰে শংকৰ-আজানৰ দেশত মানুহৰ মানৱীয়তাবোধ সাম্প্ৰদায়িকতাতকৈ উৰ্ধত হওঁক।