ৰাজৰ্ষি চহৰীয়া
অসমৰ পৰা ওলাই গৈছিল দেশ তথা ৰাজ্যৰ নাম উজ্বলাবলৈ বিশ্ব দৰবাৰত। আৰু সেই কাম সফলতাৰে কৰি আজি ঘূৰি আহিল। সকলো সুখী, আজি সকলো আৱেগিক। নাম লাভলীনা বৰগোঁহাই। এতিয়া লাভলীনাক কেৱল অসম বা ভাৰতে নহয়, সমগ্ৰ বিশ্ববাসীয়ে চিনি পায়। টকিঅ' অলিম্পিকত মহিলা বক্সিঙৰ ৱেল্টাৰ ৱেইট শিতানত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিয়েই ৰচি দিয়ে ইতিহাস।
সেইগৰাকী লাভলীনাই আজি নিজৰ মানুহৰ মাজত উপস্থিত হয়। ১২ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত আহি গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় অসম গৌৰৱ লাভলীনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা, আছু আৰু অজাপৰ নেতৃত্বৰ লগতে শ শ লোক উপস্থিত হয় লাভলীনাক আদৰিবলৈ। হুঁচৰিৰে বিমানবন্দৰত আদৰা হয় লাভলীনাক। আৰু তাৰপাছতেই তাজ ভিভান্টালৈ লৈ যোৱা হয় অলিম্পিকত পদক অৰ্জন কৰা অসম কন্যাগৰাকীক।
বিমান বন্দৰত কিছু আৱেগিক হৈ পৰে লাভলীনা। এয়া স্বাভাৱিক। কিয়নো নিজৰ দেশ, নিজৰ ৰাজ্যৰ নাম বিশ্ববাসীৰ আগত উজ্বলাই আহিছে তেওঁ। জনাই আহিছে যে ভাৰত তথা অসমৰ খেলুৱৈসকলো কোনো পধ্যেই আন দেশৰ খেলুৱৈ বা এথলিটতকৈ কম নহয়। অসম বাসীয়ে তেওঁৰ পদক অৰ্জনৰ বাবে প্ৰাৰ্থনা জনোৱাৰ বাবে সকলোকে ধন্যবাদ দিয়ে আৰু টকিঅ' অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিব নোৱাৰাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে।
বিমান বন্দৰত লাভলীনাক সতীৰ্থ বক্সাৰ, প্ৰশিক্ষকসকলে আদৰণি জনোৱাৰ লগতে ৰেড কাৰ্পেটত তেওঁক বাহনলৈ অনা হয়। তাৰপাছত এক ৰেলীৰ জৰিয়তে তাজ ভিভান্টালৈ অনা হয়। ভিভান্টাত কিছু সময়ত অসম গৌৰৱ লাভলীনাই কিছু সময় জিৰণী লৈ আৰু প্ৰায় ২.৩০ বজাত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কলাক্ষেত্রত সম্বৰ্ধনা জনোৱা হয় লাভলীনা বৰগোহাঁইক। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চেলেং চাদৰ, মুগা চাদৰ আৰু শৰাইৰে সম্বৰ্ধনা জনায় অলিম্পিক পদক বিজয়ী অসম কন্যা গৰাকীক। তদুপৰি চৰকাৰে ১ কোটি টকাৰ চেকো প্রদান কৰে লাভলীনা বৰগোহাঁইক।
এই চৰকাৰী সম্বৰ্ধনা অনুষ্ঠানত অসমৰ গৌৰৱ লাভলীনাই কয়- 'ইমান দিনে মোৰ চকুত চকুপানী ওলোৱা নাছিল। অসমত আহি পোৱাৰ লগে লগে মোৰ চকুপানী ওলাবলৈ আৰম্ভ কৰিলে। যিখিনি থাকি গ'ল সকলো মনতে থাকি গ'ল। মই মাত্ৰ বক্সিং ৰিঙত দেখাম আৰু…।' এনেদৰে কৈ আৱেগিক হৈ পৰিল লাভলীনা।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গায়ন-বায়নেৰে আদৰণি জনোৱা হয় অলিম্পিকত পদক অৰ্জন কৰা অসম কন্যাক। মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী মণ্ডলী, অৰ্জুন ভোগেশ্বৰ বৰুৱা, ক্ৰীড়া সংগঠকসকলৰ উপস্থিতিত চৰকাৰী ভাৱে সম্বৰ্ধনা জ্ঞাপন লাভলীনা বৰগোঁহাইক। কলাক্ষেত্ৰত শুভাকাংক্ষীক উদ্দেশ্যি লাভলীনাই ভাষণত কয়- 'আপোনালোকৰ মোৰ বাবে মৰম-চেনেহ, মোৰ বাবে কৰা প্ৰাৰ্থনাৰ বাবেই হয়তো মই বক্সিং ৰিঙত শক্তি পাইছিলো।'
টকিঅ' অলিম্পিকত স্বৰ্ণ পদক আনিব নোৱাৰাৰ বাবে দুখী বুলি উল্লেখ কৰি তেওঁ কয়- 'মোৰ মা আৰু দেউতাক মই ধন্যবাদ জনাইছো যে মোৰ এই দীঘলীয়া যাত্ৰাত তেওঁলোকৰ যিখিনি সমৰ্থন কৰিলে তাৰ অবিহনে মই আজি অলিম্পিকত গৈ মেডেল আনিব নোৱাৰিলোহেঁতেন…।' লগতে সকলোকে খেলা-ধূলাকে কেৰিয়াৰ হিচাপে ল'বলৈও আহ্বান জনালে তেওঁ।
ইফালে, ৩.৩০ কোটি অসমবাসীৰ হৈ লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- 'মই আশা কৰো অসমবাসী ৰাইজৰ বাবে লাভলীনা সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব।আমাৰ নতুন প্ৰজন্মক কেনেকৈ দাৰিদ্ৰতাক জয় কৰি এখন উন্নয়ন নথকা, পথ নথকা, সুবিধা নথকা এখন স্থানৰ পৰা শিখৰৰ পৰা শিখৰলৈ যাব পাৰে লাভলীনা সেই সংগ্ৰামৰ আমাৰ বাবে আদৰ্শ হৈ ৰ'ব।
১২৫ বছৰীয়া অলিম্পিক ইতিহাসত প্রথম গৰাকী অসমীয়া হিচাপে পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই অনা লাভলীনালৈ দিয়া হ'ল অসম চৰকাৰৰ তৰফৰ পৰা ১ কোটি টকাৰ অনুদান। কেৱল সেয়াই নহয় অসম চৰকাৰৰ ডিএছপি পদৰ বাবে লাভলীনাক জনোৱা হৈছে নিমন্ত্ৰণ। ইয়াৰোপৰি পেৰিছ অলিম্পিকৰ সময়লৈকে অৰ্থাৎ ২০২৪চনলৈকে লাভলীনাক প্ৰতিমাহে ১ লাখ টকাকৈ দিয়া হ'ব জলপাণি। সৰুপথাৰত লাভলীনা আৰু তেওঁৰ পৰিয়ালৰ আহ্বান ক্ৰমেই ২৫ কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্পৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। তাতোকৈ ভাল খবৰটো হ'ল গুৱাহাটী মহানগৰীৰ এটা পথ লাভলীনা বৰগোঁহাইৰে নামেৰে নামাকৰণ কৰা হ'ব।
১৩ আগষ্ট অৰ্থাৎ শুকুৰবাৰে পুৱা লাভলীনা পুনৰ ঘূৰি যাব দিল্লীলৈ। লাভলীনা আজি সকলোৰে বাবে আদৰ্শ। খেলিব অসম, আগবাঢ়িব অসম। লাভলীনাৰ দৰেই ক্ৰীড়া ক্ষেত্ৰত অসমৰ নৱপ্ৰজন্মই পৰিশ্ৰম, একাগ্ৰতা, আত্মবিশ্বাসেৰে দেখক বিশ্ব জয়ৰ সপোন। আৰু বহু লাভলীনাৰ দৰে ক্ৰীড়া ক্ষেত্ৰত ওলাই আহক নতুন নতুন খেলুৱৈ-এথলিট। আৰু বিশ্বৰ সন্মুখত অসম তথা ভাৰতৰ নাম তুলক উজ্বলায়।