/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/newspaper-day.jpg)
ৰাজৰ্ষি চহৰীয়া
বাতৰি কাকত। এখন বাতৰি কাকতে সমগ্ৰ বিশ্বৰে খবৰ কঢ়িয়াই লৈ ফুৰে। বাতৰি কাকতৰ কাৰ্যালয়ৰ পৰা পুৱা গ্ৰাহকৰ হাতত গৈ পুৱাৰ পাছত একাপ চাহৰ সৈতে বিশ্বৰ খবৰেৰে দিন আৰম্ভ হয়। বৰ্তমান সময়ত অৱশ্যে সেই দিনবোৰ নাই, যেতিয়া প্ৰায় সকলো লোকৰেই দিনটো চাহ একাপ আৰু বাতৰি কাকতখন হাতত লৈহে আৰম্ভ হৈছিল।
বৰ্তমান সময় হৈছে তথ্য-প্ৰযুক্তিৰ। বাতৰি কাকতখনৰ উপৰিও নিউজ চেনেল আৰু তাতোকৈ আগত হাতত থকা ম'বাইলটোতে দিনটোৰ বাতৰি লাভ কৰা হয়। বৰ্তমান সময়ত বাতৰি কাকত পঢ়া লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও, এই কথা মনত ৰাখিব লাগিব যে- খবৰ বা বাতৰি প্রথমে বাতৰি কাকতৰ দ্বাৰাই মানুহে লাভ কৰিছিল। লিখিতভাৱে চাবলৈ গ'লে বাতৰি কাকতেই প্ৰথম।
২৯ জানুৱাৰী। এই বিশেষ দিনটোত হয়তো বহুতেই পাহৰি যায় এটা সাধাৰণ দিন হিচাপে। কিন্তু ২৯ ছেপ্টেম্বৰ তাৰিখেই উদযাপন কৰা হয় ভাৰতীয় বাতৰি কাকত দিৱস। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। কিন্তু ভাৰতৰ প্রথমখন বাতৰি কাকত বাংলা ভাষাতহে ছপা হৈছিল। আমাৰ দেশৰ প্রথমখন বাতৰি কাকত হ'ল 'হিকিছ বেংগল গেজেট'। আৰু এই বাতৰি কাকতখন 'কলকাতা জেনেৰেল এডভাইৰ্টাইজাৰ' বুলিও পৰিচিত।
১৭৮০চনৰ ২৯ জানুৱাৰীত আৰম্ভ হোৱা এই বাতৰি কাকতখন কলকাতাৰ পৰা ছপা কৰা হৈছিল। সেই সময়ত ভাৰতৰ ৰাজধানী আছিল কলকাতা। যি সময়ত এটা খবৰ মানুহৰ মাজলৈ যোৱাত বহু কঠিন আছিল সেই সময়তে এই বাতৰি কাকতখনে জাগ্ৰত কৰিছিল সৰ্বসাধাৰণ ৰাইজক। কিন্তু ব্ৰিটিছ সকলে ১৯৮২চনত এই বাতৰি কাকতখনৰ পাব্লিকেশ্যন বন্ধ কৰি দিছিল।
কিয়নো তেঁওলোকে এই বাতৰি কাকতখনৰ দ্বাৰা বিস্তাৰ হোৱা প্ৰভাৱৰ কৰিছিল ভয়। ভাৰতৰ প্ৰথমখন বাতৰি কাকত 'হিকিছ বেংগল গেজেট'ত এনেবোৰ খবৰ প্ৰকাশ কৰা হৈছিল যিবোৰ ব্ৰিটিছ চৰকাৰৰ বিৰোধী আছিল। এই বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক আইৰিছমেন জেমছ অগষ্টাছ হিকী। তেতিও কেতিয়াও ব্ৰিটিছ চৰকাৰৰ পক্ষত বাতৰি প্ৰকাশ নকৰি ৰাইজক প্ৰকৃত আৰু সত্য খবৰ দিয়াৰ বাবেহে বাতৰি কাকতখন ছপা কৰিছিল।
এই বাতৰি কাকতখনে মুক্তভাৱে সেই সময়ৰ গ'ৱৰ্ণৰ জেনেৰেল ৱাৰেন হাষ্টিংছৰ শাসন যন্ত্ৰক সমালোচনা কৰিছিল। এই বাতৰি কাকতখন ভাৰতত সাংবাদিকতা আৰু মুক্ত অভিব্যক্তিৰ যুঁজৰ বাবে আছিল অতিকৈ গুৰুত্বপূৰ্ণ। উল্লেখ্য যে, 'হিকিছ বেংগল গেজেট' আছিল এখন সাপ্তাহিক বাতৰি কাকত। কিন্তু এই বাতৰি কাকতখনৰ আৰম্ভণিয়েই আছিল সেই সময়ত অতিকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই বাতৰি কাকতখনেই শাসনত থকা লোকক সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা বা প্ৰশ্নসমূহ কৰিবলৈ সহায় কৰিছিল।
উল্লেখযোগ্য যে, বাতৰি কাকতৰ প্রথম প্ৰচলম কিন্তু ভাৰতত হোৱা নাছিল। বাতৰি কাকতৰ প্রথম প্ৰচলন হয় চীনত। ইউৰোপৰ ভৌনচ চহৰত প্ৰথমে বাতৰি কাকতৰ প্ৰচলন হৈছিল। ইফালে, ইংলেণ্ডত প্ৰচাৰিত হয় ৰাণী এলিজাবেমৰ দিনত। তাৰ বিপৰীতে আমাৰ অসমৰ সাধু-সন্ত সকলৰ মাজত বাতৰি সোধাৰ প্ৰথা পুৰণি কালৰ পৰাই চলি আহিছে। অসমত আধুনিক ধৰণৰ বাতৰি-কাকত প্ৰথম প্ৰচলন হয় ১৮৪৬ খ্ৰীষ্টাব্দত। আমেৰিকান বেপটিষ্ট মিশ্বনাৰী সকলে শিৱসাগৰৰ পৰা অৰুনোদই নামদি মাহেকীয়াকৈ এই কাকত প্ৰচাৰ কৰিছিল।
বৰ্তমান সময়ত নানা দেশত নানা তৰহৰ বাতৰি কাকত প্ৰকাশ হয়। প্ৰকাশৰ কাল অনুশৰি এইবোৰক দৈনিক, তিনি দিনীয়া, সাদিনীয়া, পষেকীয়া আৰু মাহেকীয়া আদি শ্ৰেণীত পেলোৱা হয়। ডাঙৰ নগৰবোৰত একো একোখন কাকতৰ আকৌ ৰাতিপুৱাৰ সংস্কৰণ, আবেলি সংস্কৰণ আদিও প্ৰকাশ পায়। দৈনিক কাকতসমূহত ঘাইকৈ বাতৰিহে পৰিবেশন কৰা হয়। সাদিনীয়া, পষেকীয়া আদি বাতৰি কাকতত কৈ বিবিধ বিষয় আৰু সমস্যা বলীৰ বিষয়ে আলোচনা কৰা প্ৰৱন্ধ-পাতি বেছিকৈ প্ৰকাশ কৰা হয়।
মাহেকীয়া কাকতবোৰত আজি কালি বিশেষ কোনো বাতৰি পৰিবেশন কৰা দেখা নাযায়। এইবোৰত কেৱল প্ৰবন্ধ, গল্প, কবিতাহে প্ৰকাশ কৰা হয়। প্ৰায় সকলোবোৰ বাতৰি আলোচনীতে সম্পাদকীয় স্তম্ভ থাকিবই। এই স্তৰটো অতি গুৰুত্বপূৰ্ণ; কিয়নো অভিজ্ঞ সম্পাদকে সাময়িক গুৰুত্বপূৰ্ণ সমস্য়াৰ একোটাৰ এই স্তম্ভটোত সুচিন্তিত মত দাঙি ধৰে। বাতৰি কাকতৰ আৰু এটা গুৰুত্বপূৰ্ণ স্তম্ভ হল ৰাইজৰ চিঠি-পত্ৰৰ সিতানটো। এই স্তম্ভটোত ৰাইজে যিকোনো বিষয়ৰ মতামত বিনাদ্বিধাই প্ৰকাশ কৰাৰ সুযোগ পায়।
আৰু যি কি নহওঁক। ২৯ জানুৱাৰী, ২০২২ অৰ্থাৎ শনিবাৰে প্ৰায় সকলোৱে নাজানেই বা পাহৰিছে যদিও তাৰ মাজতে একাংশই কিন্তু উদযাপন কৰিলে ভাৰতীয় বাতৰি কাকত দিৱস। এখন বাতৰি কাকতৰ সৰ্বসাধাৰণ ৰাইজৰ হিতৰ বাবে কিমান কাম কৰে সেয়া নিশ্চিতভাৱে ৰাইজে বুজি পায়। আৰু তাৰ কাৰণতেই এই বিশেষ দিনটো বিশেষ বাতৰি কাকতবোৰৰ বাবে। যিয়ে ৰাইজক অৱগত কৰি ৰাখিছে দেশ-বিদেশৰ সংঘটিত প্ৰতিটো ঘটনা-পৰিঘটনাৰ সন্দৰ্ভত।