
কোৰোনা মুক্ত বিশ্ব তথা অসমৰ দৰে এখন ড্ৰাগছ মুক্ত অসমৰো সপোন দেখে ৰাজ্যবাসীয়ে। এই বৰবিহৰ বিৰুদ্ধে অতিকৈ তৎপৰ হৈছে অসম চৰকাৰ। ২০২১ৰ মে' মাহত নতুন চৰকাৰ গঠন হোৱা আৰু অসমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে ড০ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে অসম আৰক্ষীয়ে।
সময়ে সময়ে ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে বহু পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰো কৰিছে এই সামগ্ৰীৰ সৰবৰাহৰ সৈতে জড়িত বহু লোকক। এই ড্ৰাগছ বা নিচাজাতীয় সামগ্ৰীসমূহে কেৱল এজন লোক বা এটা পৰিয়ালক নহয়, এটা প্ৰজন্মক ধ্বংস কৰে। সেয়া সকলোৱে জানে।
১৭ জুলাই, ২০২১ অৰ্থাৎ শনিবাৰে সম্পন্ন কৰা হয় ড্ৰাগছ দাহন কাৰ্যসূচী। গোলাঘাট আৰক্ষীৰ চাউনীৰ প্লে' গ্ৰাউণ্ডত দাহ কৰা হ'ল ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী। এয়া কম পৰিমানৰ ড্ৰাগছ নাছিল যি জ্বলাই দিয়া হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ লগতে বহু কেইগৰাকী মন্ত্ৰীও উপস্থিত থাকে এই ড্ৰাগছ দাহন কাৰ্যসূচীত।
৮২০ গ্ৰাম হিৰ'ইন, প্ৰায় ১২০০ কেজি গাঞ্জা, ৩ কেজি অপিয়াম, ১০লক্ষাধিক নিচাযুক্ত টেবলেট জ্বলোৱা হয় এই কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰীখিনি জ্বলায়। এয়া অসম চৰকাৰ, আৰক্ষীয়ে ৰাজ্যখনৰ যুৱপ্ৰজন্মক ধ্বংস হোৱাৰ পৰা ৰক্ষা পেলাবলৈ কৰা চেষ্টা। আৰু এই কাৰ্যৰ প্ৰয়োজনীয় অতিকৈ আছে। কিয়নো ড্ৰাগছ-নিচাজাতীয় সামগ্ৰীসমূহ সৰবৰাহ কৰি অহা এই চক্ৰটোৰ বাবে যে অসম এতিয়া আৰু সুৰক্ষিত নহয় সেয়া বুজি উঠিছে।
এনে কামৰ বাবে আজি সকলোৱে ধন্যবাদ জনাইছে ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী-প্রশাসনক। কিয়নো নতুন চৰকাৰ গঠনৰ পাছৰে পৰা প্ৰায় প্ৰতিদিনাই বিভিন্ন স্থানত আৰক্ষীয়ে এই বৰবিহৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ-নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহৰ সৈতে জড়িত বহু জনক গ্ৰেপ্তাৰ কৰি আহিছে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰি কৰা অনুসৰি, বৰ্তমানলৈ প্ৰায় ১৬৩ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে ১৪৯৩জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত। তদুপৰি ইয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৮৭৪টা গোচৰ।
উল্লেখ্য যে, কেৱল গোলাঘাটতে নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিফুতো একে ধৰণে দাহন কৰা হয় ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী। ডিফুত প্ৰায় ১১.৮৮ কেজি মৰ্ফিন, ২.৮৯ কেজি ক্ৰিষ্টেল মিথ, ৩.৪৭ কেজি হেৰ'ইন, ১০২ কেজি গাঞ্জা আৰু ২ লক্ষাধিক নিচাযুক্ত টেবলেট জ্বলাই দিয়া হয়। তদুপৰি ১৮ জুলাই অৰ্থাৎ দেওবাৰে নগাঁও আৰু হোজাইতো এই কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰী শৰ্মাই।
১৭ জুলাই, ২০২১ৰ এই ড্ৰাগছ দাহন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- 'আজিৰ দিনটো এক ঐতিহাসিক দিন। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যত কম-বেছি পৰিমানে ড্ৰাগছৰ প্ৰচলন চলি আছিল। কিন্তু সাধাৰণ মানুহৰ এটা ধাৰণা আছিল যে আমাৰ ইয়াত ড্ৰাগছৰ প্ৰচলন খুব কম। আৰু ইমানখিনি আমি চিন্তা কৰিব লগীয়া নাই। ময়ো ভাবি আছিলো যে.. যি ধৰণে আমি কথা-বতৰা পাতিছিলো… মানুহে কয় যে অসমেদি পাৰ হৈ যায়। কিন্তু অসমত ইমান ড্ৰাগছৰ ব্যৱসায় নাই। … আমি সকলোৱে জানো যে ড্ৰাগছ ক'ৰ ক'ৰ পৰা আহে। আমাৰ কাষৰীয়া কিছু ঠাইত ড্ৰাগছৰ উৎপাদন হয়, ড্ৰাগছৰ প্ৰচলন হয়। আৰু তাৰ পৰা ভাৰতৰ মেইন লেণ্ডলৈকে এই ড্ৰাগছ এক্সপ'ৰ্ট হয়। দুবছৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অসমলৈ আহিছিল আৰু তেওঁ আৰক্ষী সঞ্চালক প্রধানৰ সৈতে এই ড্ৰাগছৰ সৰবৰাহ বন্ধৰ বাবে আলোচনা কৰিছিল। তাৰপাছতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু বহু ঠাইৰ পৰা বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰা হয়…।'
'মই যেতিয়া দায়িত্ব লৈছিলো, আমি চালো যে কিমান ড্ৰাগছ আমি ধৰিছো। মোক বহু অভিভাৱকে লগ কৰি কৈছিল যে ড্ৰাগছৰ বাবে ঘৰ ভাঙি গৈ আছে। লাহে লাহে অপৰাধবোৰো বাঢ়ি গৈ আছে। পূৰ্বে ডিজিপি ভাস্কৰজ্যোতি মহন্তই জনাইছে যে ই এক পৃথক ধৰণৰ নিচাৰ আসক্তি। এবাৰ এই নিচাত সোমাই যোৱাৰ পাছত তাৰ পৰা ওলাই অহাতো বহুত কঠিন।… ল'ৰাবোৰে মাকৰ পৰা টকা কাঢ়ে, চেইন কাঢ়ে, ফিক্স ডিপ'জিটৰ ধন ওলাই লয় আৰু একো একোটা পৰিয়াল সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যায়।… গতিকে আমি যদি ড্ৰাগছৰ বিৰুদ্ধে যুঁজ নিদিও তেন্তে আমাৰ সমাজখন জীয়াই থাকিব নোৱাৰে।'- বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- হাজাৰ হাজাৰ কোটি টকাৰ এই ড্ৰাগছৰ বজাৰখনৰ বাবে ৰাজ্যৰ অৰ্থনীতি নষ্ট হৈ গৈছিল, প্ৰজন্ম ধ্বংস হৈ আছিল আৰু মধ্যবৃত্ত পৰিয়ালবোৰ শেষ হৈ গৈছিল। ড্ৰাগছৰ বাবে ঘৰৰ মাটি বিক্ৰী কৰি দিছিল, ঘৰৰ পৰা টকা কাঢ়ি নিছিল। আজি এই অগ্নিত এইবোৰ বেয়া কাম দাহ কৰি দিলো।
লগতে তেওঁ ৰাজ্যবাসীক আহ্বান জনাই যে- 'য'তেই ড্ৰাগছৰ খবৰ পাই অসম আৰক্ষীক কওঁক।তাৰপাছত আমি ব্যৱস্থা ল'ম। চিআৰপিচিৰ ভিতৰত থাকি আৰক্ষীক এই ক্ষেত্ৰত মই সম্পূৰ্ণ স্বাধীনতা দিছো যে শূন্য সহনশীলতা নীতি লৈ ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যাওঁক।' উল্লেখ্য যে, ৰাজ্যত কোৰোনাৰ সংক্ৰমণৰ বাবে সজাগ-সচেতন হোৱাৰ লগতে এই বৰবিহৰ বিৰুদ্ধে যুঁজ দিয়াতোও অতিকৈ প্ৰয়োজনীয়। অথবা কোনোৱে নিজৰ সন্তানক হেৰুওৱাব লাগিব পাৰে তথা এটা জাতি, এটা প্ৰজন্মক ধ্বংসৰ মুখত ঠেলি দিব এই বৰবিহে।