/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/bikhekh-lekha-IAS.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া। তেতিয়া কোৱা হৈছিল আই চি এছ। ১৮৭২চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি আহি শিৱসাগৰ জিলাত সহকাৰী কমিছনাৰ পদত যোগদান কৰিছিল। এবছৰহে তেওঁ এই কামত থাকি বংগলৈ বদলি হৈ গৈছিল। আৰু তাতেই তেওঁ বাকী চাকৰি জীৱন অতিবাহিত কৰিছিল।
পাৰুল দাস আছিল অসমৰ প্রথম মহিলা আই এ এছ বিষয়া। ১৯৫১চনৰ পৰা ২০২০চনলৈকে এক দীৰ্ঘ পৰিক্ৰমা , প্ৰায় ৭০টা বছৰ। আপুনি জানেনে এই সময়চোৱাত অসমৰ পৰা প্ৰত্যক্ষভাৱে কেইজনে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছে? আমি এই খবৰবোৰ নাৰাখিলেও কিছু সন্থাই এই কিছু খবৰ ৰাখে।
তুলনামূলক সেই অধ্যয়নে সামগ্ৰিকভাৱে আমি ৰাজ্যখন বা অসমীয়া সকল কি পৰ্যায়ত আছো তাৰ এক আভাস দাঙি ধৰে। অশোক বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰ এটাই এক আমোদজনক অধ্যয়ন কৰিছিল। সেই অধ্যয়নৰ বিষয় আছিল- ১৯৫১চনৰ পৰা ২০২০চনলৈকে পোনপটীয়াকৈ আই এ এছ অৰ্থাৎ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা বিষয়াসকল কোন ৰাজ্যৰ।
এই সময়চোৱাত পোনপটীয়াভাৱে ৫২৫২জন আই এ এছ বিষয়াই নিযুক্তি লাভ কৰি বিভিন্ন ৰাজ্যৰ লগতে দেশৰ সেৱা আগবঢ়াইছিল। এই সমীক্ষাই সামৰি লোৱা আই এ এছ বিষয়াসকলৰ ভিতৰত দেখা পোৱা যায় যে অসমৰ পৰা মাত্ৰ ১.১ শতাংশহে আই এ এছ বিষয়াৰূপে প্ৰত্যক্ষভাৱে যোগদান কৰিছে। অৰ্থাৎ যোৱা ৭০টা বছৰত অসমে মাত্ৰ ১.১ শতাংশ আই এ এছ বিষয়া দেশক দিব পাৰিছে।
ইয়াৰ বিপৰীতে উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীয়ে ১৫.৮ শতাংশ এই ৭ দশকত আই এ এছ বিষয়া দেশক দিবলৈ সক্ষম হৈছে। বিহাৰ আৰু ঝাৰখণ্ডে মিলি মুঠ ১০.৭ শতাংশ আই এ এছ বিষয়া দেশক দিছে। জনসংখ্যাৰ শতাংশ হিচাপত অসমৰ জনসংখ্যা দেশৰ ২.৬ শতাংশ। উৰিষ্যা ৩.৪৬ শতাংশ। পঞ্জাৱৰ ২.৩ শতাংশ, ৰাজস্থানৰ ৫.৬৬ শতাংশ, তামিলনাডুৰ ৫.৯ শতাংশ, কেৰালাৰ ২.৭ শতাংশ, বিহাৰ আৰু ঝাৰখণ্ডৰ ১১.৩ শতাংশ, মিজোৰামৰ ০.০৯ শতাংশ,মেঘালয়ৰ ০.২৪ শতাংশ।
সেই হিচাপত কেৰালাই ২.৭ শতাংশ জনসংখ্যাৰে ৪.৬ শতাংশ মুঠ আই এ এছ বিষয়া তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। এই সমীক্ষাত কেৱল আই এ এছ বিষয়াসকল সামৰি লোৱা হৈছে। দেখা পোৱা গৈছিল যে প্ৰত্যক্ষভাৱে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা আই এ এছ বিষয়াসকলৰ শতকৰা হাৰত উত্তৰপ্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ডৰ পাছতে আছে বিহাৰ, ঝাৰখণ্ড।
৫২৫৫গৰাকী প্ৰত্যক্ষভাৱে ইউপিএছচি পৰীক্ষাৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা সকলৰ ১০.৭ শতাংশই এই দুখন ৰাজ্যৰ। ভাৰতীয় প্ৰশাসনিক সেৱাত ভাল ফল দেখুওৱা ৰাজ্যসমূহৰ তালিকাত আছে ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পঞ্জাৱ আদি। এই ৭টা দশকত দেশক ৰাজস্থানে ৭.৫ শতাংশ, মহাৰাষ্ট্ৰই ৬.১ শতাংশ, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাই ৬ শতাংশ, মধ্যপ্ৰদেশ আৰু চত্তীশগড়ে ৩.৩ শতাংশ, গুজৰাটে ১.২ শতাংশ, হাৰিয়ানাই ৪.৩ শতাংশ, ছিকিমে ০.০৬ শতাংশ, মেঘালয়ে ০.৬৫ শতাংশ, অৰুণাচলে ০.১৮ শতাংশ, নগালেণ্ডে ০.৩৮ শতাংশ, মণিপুৰে ০.৭২ শতাংশ, ত্ৰিপুৰাই ০.০৪ শতাংশ, তামিলনাডুৱে ৬.৮ শতাংশ, কেৰালাই ৪.৬ শতাংশ, আন্দামান নিকোবৰ ০.০২ শতাংশ, পুডুচেৰীয়ে ০.০৬ শতাংশ প্ৰত্যক্ষ আই এ এছ বিষয়া দিছে।
ভাৰতীয় প্ৰশসানিক সেৱা অৰ্থাৎ আই এ এছ লাভ কৰাতো এক গৌৰৱৰ বিষয় বুলি গণ্য কৰা হয়। এই সকল আমোলাই এখন দেশ, এখন ৰাজ্য পৰিচালনাত কৰাত বা নীতি নিৰ্ধাৰণ নিৰ্ণয় কৰাত মূল ভূমিকা পালন কৰে। দেখাত কোনোবা প্রধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ৰাজ্য বা দেশ পৰিচালনা কৰা যেন লাগিলেও তেওঁলোকৰ আঁৰত থাকে একো একোজন প্রশাসনিক সেৱাৰ বিষয়াৰ মস্তিস্ক।
অসমত ১.১ শতাংশ হাৰত গণনা কৰিলে এই সময়চোৱাত মুঠ প্ৰায় ৫৩জন প্ৰত্যক্ষভাৱে আই এ এছ বিষয়া যোগদান কৰা অসমীয়া উলিয়াবলৈ সক্ষম হৈছো। ইউপিএছচিৰ জৰিয়তে নিৰ্বাচন কৰা ভাৰতীয় আন সেৱাৰ পৰীক্ষাতো অসমৰ ফলাফল বৰ উন্নত নহয়। লাহে লাহে সেই পৰিসংখ্যা কিছু বাঢ়িছে যদিও মাজতে ৰাজ্যত তেনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু প্ৰেৰণা দিব পৰা এক পৰিৱেশ নাছিল বুলিব পাৰি।
২০১৫ চনৰ ১ জানুৱাৰীৰ তথ্য অনুসৰি উত্তৰপ্ৰদেশৰ পৰা ৭১৭জনে, বিহাৰৰ পৰা ৪৫২জনে , ৰাজস্থানৰ পৰা ৩২২জনে , তামিলনাডুৰ ৩১৮জনে , অন্ধ্ৰপ্ৰদেশৰ পৰা ৩১৪জনে, মহাৰাষ্ট্ৰৰ পৰা ২৫৩জনে, পঞ্জাৱৰ পৰা ২৩২, দিল্লীৰ পৰা ২১১জনে , হাৰিয়ানাৰ পৰা ১৯০জন, মধ্যপ্ৰদেশৰ পৰা ১৮৩, কৰ্ণাটকৰ পৰা ১৫৯জনে কেৰালাৰ পৰা ১৫৭জন, উৰিষ্যাৰ পৰা ১১৯জনে, জম্মু কাশ্মীৰৰ পৰা ৬৭, গুজৰাটৰ পৰা ৬৫, হিমাচলপ্ৰদেশৰ পৰা ৬৪, ঝাৰখণ্ডৰ পৰা ৬০জন, ছত্তীশগড়ৰ পৰা ৪৪জন আৰু অসমৰ পৰা ৪৩জনে আই এ এছ লাভ কৰিছিল।
এই পৰিসংখ্যা যোৱা ৭টা বছৰত অসমৰ ক্ষেত্ৰত বৰ বিশেষ সালসলনি হৈছে বুলি ক'ব নোৱাৰি। ২০১৫চনলৈকে মণিপুৰৰ পৰা আই এ এছ পোৱা লোকৰ সংখ্যা আছিল ৪২জন। অৰুণাচলৰ পৰা ২৬জন, নগালেণ্ডৰ পৰা ২৩জন, গোৱাৰ পৰা দুজন, ছিকিমৰ পৰা দুজন। অৰ্থাৎ উত্তৰপ্ৰদেশ আৰু বিহাৰৰ পৰাই বেছি সংখ্যাক পৰীক্ষাৰ্থী আই এ এছ পৰীক্ষাত উত্তীৰ্ণ হয়।
২০০২চনৰ পৰা ২০১২চনলৈ ইউপিএছচিয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল সমূহ যদি চোৱা যায় তেনেহ'লে দেখা পোৱা যায় যে- অসমত এতিয়াও সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ব লাগিছিল সেয়া সম্ভৱ হৈ উঠা নাই। ইউপিএছচিয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ গ্ৰুপ এ আৰু গ্ৰুপ বিৰ ভাৰত চৰকাৰৰ ২২টা সেৱাৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। তাৰ ভিতৰত আই এ এছ , আইপিএছ আৰু বৈদেশিক সেৱাৰ পৰীক্ষা সমূহ অন্যতম।
২০০২ৰ পৰা ২০১২চনলৈকে এই ১০টা বছৰত দিল্লীৰ পৰা মৌখিক পৰীক্ষালৈ মুঠ ১১,৭৩৮ জন পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছিল। আৰু ১০টা বছৰত সেই ১১,৭৩৮জন পৰীক্ষাৰ্থীৰ ভিতৰত ১,৪৯৮জনে ইউপিএছচি পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ ভিতৰত আই এ এছ , আই পি এছ আৰু অনুষাংগিক সেৱা সমূহ আছিল।
উত্তৰ প্ৰদেশৰ পৰা এই ১০টা বছৰত ২১,৯৮৪জন ছাত্ৰ-ছাত্ৰী মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈ ৯৯৮জনে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইফালে, অসমৰ পৰা ২০০২ৰ পৰা ২০১২চনলৈ এই ১০ টা বছৰত মাত্ৰ ২০০জন পৰীক্ষাৰ্থী মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল আৰু তাৰে ৩০জনে বিভিন্ন সেৱাত পৰীক্ষাৰ বাবে নিৰ্বাচিত হয়।
অৰ্থাৎ শতকৰা হাৰত মৌখিক পৰীক্ষালৈ নিৰ্বাচিত হোৱা অসমৰ ১৫ শতাংশ পৰীক্ষাৰ্থীহে এই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ১০টা বছৰত অসমৰ পৰা ৩০জন পৰীক্ষাৰ্থী ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এই পৰিসংখ্যাক ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰতি বছৰে গড়ে মাত্ৰ ৩জনকৈ পৰীক্ষাৰ্থীহে এই পৰীক্ষাৰ বাবে নিৰ্বাচিত হ'ব পাৰিছে।
প্ৰশ্ন হয়- কিহৰ বাবে অসমৰ পৰীক্ষাৰ্থীসকল বিফল হৈছে? ইতিমধ্যে গুৱাহাটীতো এই পৰীক্ষাৰ বাবে প্ৰশিক্ষণ ল'ব পৰা বহু কোচিং চেন্টাৰ স্থাপন হৈছে। অসমৰে বহু পৰীক্ষাৰ্থীয়ে দিল্লীত বাহৰ পাতিও আই এ এছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। ২০২১বৰ্ষত ঘোষণা কৰা ইউপিএছচি পৰীক্ষাত উত্তৰপূৰ্বাঞ্চলৰ পৰা মাত্ৰ ৯জন পৰীক্ষাৰ্থীহে নিৰ্বাচিত হৈছিল।
ইয়াৰে ৬জন আছিল মণিপুৰৰ , ২জন ত্ৰিপুৰাৰ আৰু এজন অসমৰ। মেঘালয়, মিজোৰাম আৰু নগালেণ্ডৰ পৰা কোনো পৰীক্ষাৰ্থীয়ে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। অসমৰ পৰা ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা একমাত্ৰ পৰীক্ষাৰ্থীজন আছিল আহমেদ হাছানুৰ জামান চৌধুৰী। ২৮৩ সংখ্যক স্থান লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল চৌধুৰী।
সামগ্ৰিকভাৱে এই খনেই বাস্তৱৰ ছবি। আমি আমাৰ অধিকাৰৰ দাবীত প্ৰায়ে সৰৱ হওঁ। সেই অধিকাৰবোৰৰ সমান্তৰালভাৱে আমাক এনে এক পৰিৱৰ্তনৰো প্ৰয়োজন যি পৰিৱৰ্তনেৰে আমি আমাৰ কথা ভাবিব পৰা কিছু লোকক তৈয়াৰ কৰি শাসনযন্ত্ৰৰ অংশীদাৰ যাতে কৰিব পাৰে। সেই কথা চিন্তা কেতিয়াবাই কৰিব লগা আছিল।