ক’ৰ সংগ্ৰহালয়ত আছে অসমৰ থলুৱা মাছ…

ক’ৰ সংগ্ৰহালয়ত আছে অসমৰ থলুৱা মাছ…

author-image
asomiyapratidin
New Update
ক’ৰ সংগ্ৰহালয়ত আছে অসমৰ থলুৱা মাছ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

লোকেল মাছ। মাছৰ বেপাৰীয়ে প্ৰায়ে চিঞৰে- এ…ই…লোকেল মাছ, লাগে… লোকেল মাছ। আচলতে থলুৱা মাছৰ কথা কয় বেপাৰীজনে। এই থলুৱা প্ৰজাতিৰ মাছেৰে অসমৰ নদ, বিল, পুখুৰী ভৰি আছিল। আমাৰ চকুৰ সন্মুখতে বহু প্ৰজাতিৰ মাছ হেৰাই গ'ল।

ডিমৰীয়া গ্ৰাম্য সংগ্ৰহালয়…

নতুন প্ৰজন্মই এই মাছবোৰ দেখা নাই বা চিনি নাপায়। সেই মাছবোৰ আছিল অতি সুস্বাদু। কাৰোবাৰ ঘৰত মাছ পুৰিলে মাছৰ গোন্ধ নাকত লাগিলেই কৈ দিব পাৰে কি মাছ পুৰিছে। কাৱৈ মাছৰ পুৰা পিতিকাৰ স্বাদেই বেলেগ!

বোৱাল গছৰ তলত ন-পানী বাঢ়িলে সেই গছৰ গুটি খাবলৈ আহে এলেং, লাচিন আদি মাছ। বৰষী টোপাই সেই মাছ ধৰা মাদকতাই সুকীয়া আছিল। বিভিন্ন স্থানত এই মাছবোৰৰ নাম স্থানীয়ভাৱে বেলেগ বেলেগ। বিশেষ কিছু নদীৰ বৈশিষ্ট্য অনুসৰি পোৱা যায় বিশেষ প্ৰজাতিৰ মাছ।

অসমৰ নদ, বিলত পোৱা আঁৰি মাছ…

চকুৰ সন্মুখতেই হেৰাই যোৱা সেই মাছবোৰ ধৰি ৰাখিব নোৱাৰিলেও এজন ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তোলা এটা সংগ্ৰহালয়ত তেনে কিছু স্থানীয়ভাৱে উপলব্ধ হোৱা মাছৰ কিছু আলোকচিত্ৰ বৰ সুপৰিকল্পিতভাৱে সাচি থৈছে।

ক্ষেত্ৰীৰ সমীপৱৰ্তী ডিমৰীয়া অঞ্চলত ৫ বছৰ পূৰ্বে তৰুণ ডেকাই আৰম্ভ কৰিছিল এটা সংগ্ৰহালয়। এই সংগ্ৰহালয়টোৰ নাম দিছিল ডিমৰীয়া গ্ৰাম্য সংগ্ৰহালয়। অসম চৰকাৰৰ একালৰ বিষয়া তৰুণ ডেকা এই সংগ্ৰহালয়ত একক প্ৰচেষ্টাৰে বিভিন্ন প্ৰকাৰৰ সা-সামগ্ৰী সংৰক্ষণ কৰি ৰাখিছে।

ৰাজ্যৰ সংগ্ৰহালয় বিভাগতে এসময়ত কৰ্মৰত প্ৰাক্তন বিষয়াগৰাকীয়ে তেওঁৰ এই সংগ্ৰহালয় আন বহু বস্তুৰ সংগ্ৰহ কৰি ৰাখিছে যদিও, তাত থকা মাছৰ এই আলোকচিত্ৰ সমূহে যিকোনো দৰ্শনাৰ্থীৰ মন চুই যাব।

দেওবাৰ অৰ্থাৎ ২৭ ডিচেম্বৰ, ২০২০ৰ দিনটোত তেওঁ সেই সংগ্ৰহালয়টোৰ পঞ্চম প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন কৰিছিল। এই উপলক্ষে এই অনুষ্ঠান আয়োজন কৰিছিল তেখেতে। ভালে সংখ্যক লোকে আহি সমবেত হৈ সেই সংগ্ৰহালয়টো দৰ্শন কৰে এই দিনটোত।

বাঁহ পতীয়া পাভ…

সংগ্ৰহালয়ৰ ভিতৰত প্ৰৱেশ কৰি চকুত পৰা আন সা-সামগ্ৰীৰ বিপৰীতে মাছৰ আলোকচিত্ৰ সমূহে আকৰ্ষিত কৰিছিল। তেওঁ প্ৰায় ৪৮টা প্ৰজাতিৰ মাছ ইয়াত সংগ্ৰহ কৰিছে। তাৰ ভিতৰত এবিধ মাছ আছিল বাঁহ পতীয়া পাভ। এই বিধ মাছ এতিয়া পাবলৈ নাইকিয়াৰ দৰেই। কিন্তু এসময়ত অসমৰ নত, বিলত উভৈনদী আছিল এই মাছ।

বামী মাছ…

বামী মাছ অৱশ্যে এতিয়া বজাৰ-সমাৰে উপলব্ধ যদিও, আগৰ দৰে নদ-নদীত এই সুস্বাদু মাছ বিচাৰিলে পোৱা নাযায়। এটা দিন আছিল বাঁহৰ চোঙা এটা পাতি থ'লেও সেই চোঙাত বামী মাছ সোমাই থাকিছিল। বামী মাছৰ টেঙা আঞ্জাৰ স্বাদ বহু বয়সস্থ লোকে আজিও সুঁৱৰে। সেই থলুৱা মাছৰ সুৱাদ এতিয়া অতীত হৈ পৰিছে।

ভেচেলী মাছ…

হেৰাই যোৱা মাছ সমূহৰ ভিতৰত বিপন্ন প্ৰজাতিৰ আন এবিধ মাছ হ'ল ভেচেলী। অসমৰ লোক জীৱনত এই মাছৰ বিশেষ প্ৰভাৱ আছে। আনকি ভেচেলী মাছৰ নামেৰে এসময়ত মানুহৰো নাম দিয়া হৈছিল। বিশেষকৈ মহিলা সকলক ভেচেলী বুলি জোকোৱা হৈছিল । ঠায়ে ঠায়ে এই মাছ কেতিয়াবা উপলব্ধ হ'লেও সেয়া সকলোতে নহয়।

ভেচেলী মাছৰ পাতত দিয়া বা ভেচেলী মাছৰ জুল অতি সুস্বাদু। কাইট বেছি থকাৰ বাবে বহুতে এই মাছ খাবলৈ টান পালেও যি ভেচেলী মাছৰ সুৱাদ এবাৰ পাইছে তেওঁ পাহৰিব নোৱাৰে।

ভাঙন মাছ…

বজাৰত ভাঙন মাছ উভৈনদী। ব্যৱসায়ীয়ে প্ৰায়ে কয় এয়া ভাঙন মাছ। কিন্তু সেয়া আচলতে ভাঙন মাছ হয় জানো? ভাঙন মাছো অসমত পোৱা আন এবিধ খাই ভাল লগা মাছ আছিল। প্ৰকৃত ভাঙন এতিয়া কাৎচিতহে পোৱা যায়। কিন্তু বেপাৰীয়ে ভাঙন মাছ বুলি সেই আকৃতিৰ মিৰিকা মাছৰ পোৱালীয়ে বিক্ৰী কৰে।

বৰালি মাছ…

অসমৰ নদ নদী সমূহত পোৱা এবিধ জনপ্ৰিয় মাছ বৰালি। এতিয়াও বৰালি মাছ বজাৰত উপলব্ধ। এটা সময় আছিল নদ নদীসমূহত বৰালি মাছ ধৰি মানুহে দুজনে ভাৰ পাতি ঘৰলৈ নিছিল। বৰালি মাছ মাৰি নি ভোজ ভাত খাইছিল।

খলিহনা মাছ…

পুঠি-খলিহনা অসমীয়া মানুহৰ বাবে অতিকৈ চিনাকি মাছ। আমাৰ কথা বতৰাতো এই মাছে স্থান পাইছে। তেনেই সাধাৰণ লোক বুজাবলৈ প্ৰায়ে কোৱা হয়- আমিনো কি পুঠি-খলিহনা…।

চন্দা মাছ

যেতিয়া নদ নদীবোৰ মাছেৰে ভৰি আছিল, তেতিয়া আন মাছৰ লগতে চন্দা মাছো উঠিছিল। এই মাছবোৰ অতি ক্ষু্দ্ৰাকৃতিৰ। বহু লোকে ডাঙৰ মাছবোৰ ধৰি চন্দা মাছবোৰ এৰি দিছিল । দেখাত ধুনীয়া এই মাছ শুকুৱাই খুন্দি শুকতি বনাইছিল।

চেলকণা মাছ…

চেলকণা নামৰ এবিধ যে মাছ আছিল বৰ্তমানৰ ল'ৰা-ছোৱালীয়ে নাজানে। ৪ ইঞ্চি দৈর্ঘ্যৰ এই চেলকণা মাছবোৰ খাবলৈ বৰ মিঠা। তেনেবোৰ মাছৰ আলোকচিত্ৰ ভিতৰুৱা সেই গ্ৰাম্য সংগ্ৰহালয়ত বৰ সযতনে সাচিছে তৰুণ ডেকাই।

চেং মাছ…

অসমীয়া বিহু গীততো এই মাছবোৰৰ বিষয়ে উল্লেখ আছে। যেনে- শালে ভুমুকিয়াই, শ'লে ভুমুকিয়াই/ চেঙাই ভুমুকিয়াই খালত/মোৰ ধন চেনাই বুকুত ভুমুকিয়াই, সদাই পৰি থাকে মনত…। চেং মাছো এতিয়া এক বিপন্ন মাছৰ প্ৰজাতি।

দ'ৰিকণা মাছ

অসমীয়া সাহিত্যত মাছৰ ব্যৱহাৰ মন কৰিব লগা । প্ৰতীকি অৰ্থত দ'ৰিকণা মাছে বিশেষকৈ অসমীয়া কবিতাত স্থান লাভ কৰি আহিছে। 'তোমাৰ অভিমানৰ পুখুৰীত সিচি লৈ আহিম দ'ৰিকণ'-
এইদৰে কবিয়ে লিখে কবিতা। একেদৰে 'শব্দৰ জালত ধৰা দিয়া নাই মন পুখুৰী দ'ৰিকণা' আদিত প্ৰতীকি অৰ্থত কবিয়ে এই মাছৰ নাম ব্যৱহাৰ কৰে।

গাগ'ল মাছ…

গাগ'ল মাছো অসমীয়া মানুহে কোৱা আন এক জনপ্ৰিয় মাছ আছিল। সেই মাছবোৰে আমাৰ লোক জীৱন সমৃদ্ধ হৈ আছে। লোক সাহিত্যত এই মাছৰ উপস্থিতি মন কৰিব লগা। বিহু গীততেই আছে 'কাকডঙাৰ বৰালি/ ৰঙাজানৰ শৰালি/ কেনেকৈ একেলগ হ'ল/তোমাৰ ঘৰ সিপাৰে/মোৰ ঘৰ ইপাৰে/কেনেকৈ পিৰীতি হ'ল।'

গৰুৱা মাছ…

গৰুৱা মাছ এতিয়া পাবলৈকে নাই। এনে বহু প্ৰজাতিৰ মাছ হেৰাই গৈছে । আমিহে সেই কথাটো উপলব্ধি কৰিব পৰা নাই। বজাৰত ন ন মাছে উভৈনদী হৈ পৰিছে। কিন্তু সেই মাছবোৰ আমাৰ থলুৱাভাৱে উপলব্ধ মাছৰ দৰেই মিঠা নহয়।

গেদগেদী মাছ…

কোনোবাই এই মাছক কয় গেদগেদী, আন কোনোবাই ভেদেংকালী বুলি কয়। এই প্ৰজাতিৰ মাছ অতি অকৰা। হাতেৰে, হেলেঙেৰে ধৰিব পাৰি। এই মাছবিধ মঙহাল। আমিও সমাজ জীৱনত অকৰা-আকৰীক বা বুদ্ধিমত্তা নথকা লোকক এই মাছৰ লগত তুলনা কৰি কয়- কিনো ভেদেংকালীৰ দৰে ৰৈ আছ'।

গৰকা চেং…

কাকদোঙাৰ বৰালি, জীয়াভৰালীৰ শিলঘৰীয়া, সোৱণশিৰিৰ পিঠিয়াৰ বিশেষ নাম আছিল। ঢকুৱাখানৰ ফাটবিহুত গোৱা বিহু গীততো মাছৰ নাম উল্লেখ আছে। চাৰিকড়ীয়া নদীৰ বৰালি মাছ সেই অঞ্চলটোত বিখ্যাত। সেয়ে গাইছিল চাৰিকড়ীয়াত মাৰি যাওঁ চাৰিটাকৈ বৰালি/ ফাটবিহুত মাৰি যাওঁ মাকো/মিচিং আহিব/দেউৰী আহিব/মইনো ৰৈ কেনেকৈ থাকো।

কান্দুলি মাছ…

তেনেকৈ গোৱা হৈছিল চেনীমাছৰ কথা। সেই চেনী পুঠিবোৰ এতিয়া পাবলৈ নাই। বিহু গীতত আছে- মহঘুলি বেতগাছ/সাপেখাইতিৰ চেনী মাছ/বালিগাঁৱৰ দবাৰী ঐ শাক/ঔ টেঙা ঐ টেঙেচী/কিনো খাই যাবা ঐ/বেঠানো লগাই যোৱা মাত।

কৰোটি মাছ…

লোক বিশ্বাসতো মাছৰ কথা উল্লেখ আছে। অসমীয়া মানুহৰ অন্যতম প্ৰধান খাদ্য মাছ। অসমীয়া সংস্কৃতিৰ সৈতে মাছৰ আছে সম্পৰ্ক। মাছ খোৱা আৰু মাছ ধৰাৰ আনন্দই পৃথক। সকলোৱে মাছ খাই। ১৬ শতিকাতেই ৰচনা কৰা যুগুনী তন্ত্ৰত উল্লেখ আছে যে, কোনো লোকৰ বাবে মাছ আৰু মাংস নিষিদ্ধ নহয়।

কাৱৈ মাছ…

অৱশ্যে উচ্চ বৰ্ণৰ লোক সকলে শিঙি, মাগুৰ, গৰুৱা আদি মাছ নাখাইছিল। সেই সময়ত মাছৰ উজান ধৰাতো সাধাৰণ কথা আছিল। বাঁহৰ কাঠি, কামিৰে মাছ ধৰা সা-সজুলিৰে অসমীয়াই নিজেই বনাই লৈছিল। চেঁপা, জুলুকি, প'ল', ডিঙৰা, জাকৈ, চালনী আদি অনেক মাছ ধৰা সজুলি আছিল।

কোকিলা মাছ…

অসমীয়া বিয়াত জৰুণ বা তেল ভাৰৰ দিনা জৰুণৰ কাপোৰ কানি, তামোল পান, আ-অলংকাৰ আদিৰ লগতে দৰা ঘৰৰ পৰা মাছ দিয়াও নিয়ম আছিল। শুভ কাৰ্যত মাছক পৱিত্ৰ বুলি গণ্য কৰিছিল। ঠিক একেদৰেই আঠমঙলাৰ দিনা বন্ধু-বান্ধৱক মাতি কইনা ঘৰত যি ভোজ দিয়া হয় তাতো মাছৰ ব্যৱহাৰ হৈছিল। এয়া আছিল অপৰিহাৰ্য।

কলিয়াজৰা মাছ…

বিয়া নামতো সেয়েহে মাছৰ কথা উল্লেখ আছে। যেনে- চৰিয়াত জিৰাবা মাগুৰ মাছ এহালী/কইনাৰ আগতে থবা/সেই মাছ হালিকে নৈত মেলি দিবা/দীৰ্ঘজীৱী পুত্ৰ পাবা। একেদৰে আইতীয়ে আকৌ গাইছিল- আজি ৰাধাই হাঁহে-মাতে কালি ৰাধাৰ বিয়া/মাগুৰ মাছে খেলা খেলে ৰাধাৰ পোহন দিয়া।

কুচি মাছ…

লখিমী আদৰে উৎসৱতো গোৱা গীতত মাছৰ উপস্থিতি মন কৰিব লগা। এই উৎসৱত পানীত গোপিনী সকলে নাম গাই জাৱৰ-জোথৰসহ মাছ তুলি আনে। জাকৈত মাছ উঠিলে শুভ লক্ষণ বুলি ধৰা হৈছিল। মাছক প্ৰজননৰ প্ৰতীক বুলিও ধৰা হয়।

কুচিয়া মাছ…

উপমা হিচাপেও মাছ আৰু মাছ কেন্দ্ৰিক সা-সজুলি ব্যৱহাৰ কৰে অসমীয়া সকলে। যেনে- বাৰহাত জাল, তেৰ হাত ফটা/ কি মাছ মাৰিলি বাপৰ বেটা/ৰৌ-বৰালী সৰকি হ'ল/পুঠি-খলিহনা পাহে পাহে ৰ'ল। এনেকৈ আন এটা উপমা আছিল- একেটা বিলতে দুটি মাছ উপজে/শাল হ'ল দুয়োজন/শালটো মাৰি আনি বাচি কুটি খাই/শলটো হৈলা কুঞ্জন।

মাগুৰ মাছ…

অসমত নৈ-বিল, পুখুৰী আদি যথেষ্ট থকাৰ বাবে মাছ উভৈনদী আছিল। কিন্তু তেনে বহু মাছ এতিয়া হেৰাই গৈছে এই নদ-বিল সমূহৰ মাজৰ পৰা। বহু ঠাইত নদ-নদীৰ পানী নাইকিয়া হোৱাৰ ফলত মাছৰ প্ৰজাতি নিঃশেষ হৈ পৰিছে।

মোৱা মাছ…

অসমত পোৱা বহু থলুৱা মাছ আলংকৰীক মাছ হিচাপেও ব্যৱহাৰ কৰাৰ থল আছিল। তাৰ ভিতৰত এটা মাছ হ'ল মোৱা মাছ। থলুৱা ভাৱে উপলব্ধ এই মাছ খাবলৈই মিঠাই নহয়, দেখাতো অতি ধুনীয়া। ইয়াৰোপৰি, খলিহনা, বৰদোৱা, চন্দা, ভেচেলী আদিও আলংকৰীক মাছ ৰূপে ব্যৱহাৰ কৰিব পাৰি।

পিঠিয়া মাছ…

শিলঘৰীয়া, পিঠিয়া আদি মাছ অতি সুস্বাদু। কিছু নিৰ্দিষ্ট নদীতহে এই মাছ পোৱা যায়। একেদৰে পাতিমুটুৰা মাছক লৈ অসমীয়া সমাজত বিশেষ জনবিশ্বাস আছে। সৰু ল'ৰা-ছোৱালীয়ে বিচনাত ৰাতি প্ৰস্ৰাৱ কৰিলে এই মাছ পুৰি খাবলৈ দিয়া হয়।

পাটিমুটুৰা মাছ…

শিঙৰা মাছ অসমৰ নদ-নদীত পোৱা আৰু খাবলৈ অতি সুস্বাদু। ইয়াৰ কেইবাটাও প্ৰজাতি আছে। ইয়াৰ ভিতৰত বালি শিঙৰা খাবলৈ বেছি ভাল। বজাৰতো এই মাছৰ মূল্য এতিয়া যথেষ্ট।

শিঙৰা মাছ…

নেৰীয়া মাছো অসমীয়া সমাজত জনপ্ৰিয় । এই মাছৰ দৈৰ্ঘ্য ১৬-১৮ ইঞ্চি হয়। কি মাছৰ সৈতে কি পাচলি খাব লাগে সেয়াও জনপ্ৰবাদ আছে। ঠাণ্ডা দিনত শলে-মূলে খাব লাগে বুলি কয়।

নেৰীয়া মাছ…

অসমীয়া কবিতাতো সৰুতে মাছৰ আভাস পোৱা যায়। প্ৰায় প্ৰতিজনে লোকে এই কবিতা জানে। এসময়ত প্ৰাথমিক বিদ্যালয়ত সকলোৱে এই কবিতা মুখস্থ কৰিছিল। য'ত উল্লেখ আছিল- নাৰ', বাত আদি মাছৰ কথা- নাৰ', বাত, পাভ মাছ/আৰু এটি কাছ/১২ টকাত কিনি আনি/কিয় বাৰু নাচ'।

শিলঘৰীয়া মাছ…

এইদৰে আমাৰ মাজৰ পৰা হেৰাই যোৱা মাছৰ আলোকচিত্ৰ এই সংগ্ৰহালয়টোত ৰখাইছে তৰুণ ডেকাই। সাধাৰণ যেন লাগিলেও এয়া সাধাৰণভাৱে কৰা তেওঁৰ এটা অসাধাৰণ কাম। নতুন প্ৰজন্মই এই যাদুঘৰলৈ গৈ স্বচক্ষে এই হেৰাই যোৱা মাছবোৰ নেদেখিলেও অসমত পোৱা মাছৰ সন্দৰ্ভত এক ধাৰণা ল'ব পাৰিব।