Advertisment

হায়! আকাশবাণী গুৱাহাটীও হৈছে প্ৰদীপ দত্ত ৰায়…

হায়! আকাশবাণী গুৱাহাটীও হৈছে প্ৰদীপ দত্ত ৰায়…

author-image
asomiyapratidin
New Update
হায়! আকাশবাণী গুৱাহাটীও হৈছে প্ৰদীপ দত্ত ৰায়…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসমীয়া ভাষাৰ ওপৰত এতিয়া চৌদিশৰ পৰা যেন চলিছে আক্ৰমণ। বৰাক উপত্যকাত অসমীয়া ভাষাৰ হৰ্ডিং অঁৰাৰ বাবে প্ৰদীপ দত্ত ৰায় নামৰ তথাকথিত লোকজনে ভাবুকি প্ৰদান কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কেৱল অসমীয়া ভাষাত লিখাৰ বাবেই খোদ প্রধানমন্ত্ৰী ছবি সন্মিলিত হৰ্ডিং আঁতৰ কৰি দিবলৈ বাধ্য হৈছিল জিলা প্ৰশাসন।

কিন্তু ইয়াক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত প্ৰদীপ দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও অসমীয়া ভাষাৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰ ইমানতে অন্ত পৰা নাই। কোনোবাই খবৰ লৈছেনে গণেশগুৰি উৰণীয়া সেতুৰ পৰা কলাগুৰু বিষ্ণু ৰাভা উৰণীয়া সেতু বুলি অঁৰা ফলক কোনে আঁতৰালে? কাৰ নিৰ্দেশত এই মহান অসমীয়াক অপমান কৰা হ'ল?

কেৱল এয়াই নহয়, অসমীয়া ভাষাৰ বিৰুদ্ধে আকাশবাণী গুৱাহাটী কেন্দ্ৰতো চলিছে এক শক্তিশালী লবীৰ নেতৃত্বত ষড়যন্ত্ৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া ভাষাৰ বহু অনুষ্ঠান আৰু শাখা বন্ধ কৰাৰ পৰিকল্পনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। যি সময়ত আন এফ এম কেন্দ্ৰবোৰে জনপ্ৰিয়তা বুটলিছে, সেই সময়ত খোদ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অধীনস্থ বহু শাখা বন্ধ কৰাৰ ব্লুপ্ৰিন্ট চূড়ান্ত হৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা তথ্য অনুসৰি অচিৰেই বন্ধ হ'ব আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নামৰ কেন্দ্ৰটো। মেডিয়াম ৱেভৰ (MW289.9) মিটাৰ আৰু ১০৩৫ কিলোহাৰ্টজ DRM ফ্ৰিকুৱেন্সিৰ ১০২৬ কিলোহাৰ্টজ পুৱা ৫.৩০ বজাৰ পৰা নিশা ১০ বজালৈ সম্প্ৰচাৰণ হৈছিল আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখা।

এই শাখা দিল্লীৰ নিৰ্দেশত ২০২২চনৰ জানুৱাৰীৰ পৰা বন্ধ কৰি দিয়াৰ যো-জাঁ চলিছে। অসমীয়া ভাষাক এনেদৰে নেলু চেপি ধৰিছে প্ৰচাৰ ভাৰতী নেতৃত্বাধীন আকাশবাণীয়েও। উল্লেখযোগ্য যে, গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ জৰিয়তে যুৱক-যুৱতীৰ জনপ্ৰিয় অনুষ্ঠান 'যুৱবাণী'কে ধৰি সৈন্যবাহিনী উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান 'অসমীয়া গীত মাত' আৰু অলেখ অনুষ্ঠান ২০২২চনৰ জানুৱাৰী মাহৰ পৰা হেৰাই যাব।

লক্ষণীয়ে যে অসমীয়া ভাষাত সম্প্ৰচাৰিত এই আকাশবাণীৰ অনুষ্ঠানৰ জৰিয়তে যথেষ্ট সংখ্যক শ্ৰোতা ৰাইজ থকাৰ পাছতো ৰহস্যজনক কাৰণত ইয়াক বন্ধ কৰি দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।এই শাখাৰ সৈতে বহু সংখ্যক যুৱক-যুৱতী নিয়োজিত হৈ আছিল আৰু অসমীয়া ভাষা-সংস্কৃতি তথা বিভিন্ন বা-বাতৰি , অনুষ্ঠান ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল।

কিন্তু কিহৰ কাৰণত এই শাখা বন্ধ কৰি দিবলৈ লৈছে সেয়া এক অবুজ সাৰ্থ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মৰত উচ্চপদস্থ বিষয়াসকলে কেৱল কোনোমতে চাকৰিটোক সাৱটি ধৰি প্ৰচাৰ ভাৰতীয়ে কি কৰিছে তালৈ পিঠি দি এই দিশত হাত উজান দিছে। এনে কৰাৰ ফলত এই শাখাত কৰ্মৰত বহু অংশকালীন কৰ্মচাৰী কৰ্মহীন হৈ পৰিব।

ইতিমধ্যে তেনে অংশকালীন কৰ্মচাৰীসকলক ২০২২চনৰ জানুৱাৰীৰ পৰা আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ শাখা যে বন্ধ হ'ব সেই কথা জনাই দিয়া হৈছে। লক্ষণীয় যে , আকাশবাণী গুৱাহাটী কেন্দ্ৰত চলি থকা চৰম অৰাজকতা আৰু দায়িত্বহীনতাই এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শ্ৰোতা ৰাইজৰ চকু কপালত তুলিছে।

কোভিডৰ সময়ত কোভিডৰ অজুহাত দেখুৱাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ১০০.৮ এফএম সেৱা বন্ধ কৰি দিয়া হৈছিল। আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতীৰ এই সেৱাৰ পৰা সম্প্ৰচাৰিত অসমীয়া ভাষাৰ অনুষ্ঠান এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে।এই এফএমৰ জৰিয়তে কেৱল মুম্বাইৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠান সম্প্ৰচাৰিত কৰি এফএম ব্ৰেণ্ডটো জীয়াই ৰাখিলেও ইয়াৰ পৰা বিদায় দিয়া হৈছে অসমীয়া ভাষাৰ অনুষ্ঠান।

উল্লেখযোগ্য যে, কোভিডৰ সময়ত দেশৰ আন ৰাজ্যৰ লগতে অসমতো বিবিধ ভাৰতীৰ আঞ্চলিক সম্প্ৰচাৰ বন্ধ কৰা হৈছিল। কোভিডৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত এই সেৱা আৰম্ভ কৰিবলৈ দিল্লীৰ পৰা নিৰ্দেশ আহিছিল যদিও বিবিধ ভাৰতীৰ অসমীয়া অনুষ্ঠান আকাশবাণী গুৱাহাটীয়ে আৰম্ভ নকৰিলে। বৰঞ্চ অঘোষিতভাৱেই এই অনুষ্ঠান বন্ধ কৰি দিয়া হ'ল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰৰ সৈতে জড়িত শীৰ্ষ বিষয়াৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত তেওঁলোকে জনালে যে – অনুষ্ঠান পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলেও যাৱতীয় বাজেট নথকাৰ বাবেই এই অনুষ্ঠান আৰম্ভ কৰিব পৰা নাই। এইখিনিতে প্ৰশ্ন হয়- দেশৰ আন আঞ্চলিক ভাষা সমূহে ইয়াত যদি পুনৰ আৰম্ভ কৰিব পাৰে অসমীয়া ভাষাত সেই সেৱা আৰম্ভ কৰিব নোৱাৰা যুক্তি ক'ত?

গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত এই ১০০.৮ মেগাহাৰ্জৰ অনুষ্ঠান কেতিয়া আৰম্ভ কৰিব তাৰ কোনো উত্তৰ নাই কাৰোৰে হাতত। কেৱল দিল্লীৰ পৰা নিৰ্দেশ দিছে বুলিয়েই আৰু কোভিডৰ কথা দোহাই দি এইদৰে আকাশবাণীত অসমীয়া অনুষ্ঠান বন্ধ কৰাৰ সাহস কোনে দিলে? আকাশবাণী গুৱাহাটী কেন্দ্ৰত নিয়োজিত তথাকথিত বিষয়াসকলৰ চৰম অৱহেলাই আৰু দিল্লীৰ লবীৰ সক্ৰিয়তাই এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰতো অসমীয়া ভাষাক এলাগী কৰিছে।

ইতিমধ্যে ৰাজ্যৰ আন প্ৰান্তত সম্প্ৰচাৰিত আকাশবাণী কেন্দ্ৰসমূহৰো সম্প্ৰচাৰ বন্ধ কৰি দিয়া হৈছে। কেৱল বৰাকতে নহয়, আকাশবাণীতো এনেদৰে অসমীয়া ভাষাৰ ওপৰত চলিছে চূড়ান্ত আক্ৰমণ। ইতিমধ্যে পূৰ্বতে দিল্লীৰ পৰা সম্প্ৰচাৰিত বাতৰিও বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় আঞ্চলিক সম্প্ৰচাৰ যি সময়ত আন সকলো ৰাজ্যতে আৰম্ভ কৰা হৈছে সেই সময়ত অসমত আঞ্চলিক সম্প্ৰচাৰৰ বিৰুদ্ধে এনেদৰে এচাম লোকৰ নেতৃত্বত ষডযন্ত্ৰ চলিছে।

বিবিধ ভাৰতীয়ে আন অসমীয়া অনুষ্ঠানসমূুহ বন্ধ কৰি দি কেৱল পুৱা-গধূলি ২ মিনিটৰ বাবে এফএম হেডলাইন সম্প্ৰচাৰ কৰি দায়িত্ব সামৰা হৈছে। হয়তো এনেদৰেই এদিন আকাশবাণী গুৱাহাটীতো নেলু চেপি ধৰিব দিল্লীয়ে। অতীত হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰ। এইখিনিতে প্ৰশ্ন উত্থাপন হয়- অসমীয়া ভাষা আৰু সংস্কৃতি বিকাশৰ বাবে এসময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰ এতিয়া কোনোবা পুঁজিপতিৰ হাতত গটাই দিব নেকি দিল্লীয়ে? আৰু সেই অনুষ্ঠানৰ সৈতে জড়িত একাংশ অসমীয়া বিষয়াই মৌন হৈ হাত চাপৰি বজাই ইয়াক সমৰ্থন দি যাব।

আকাশবাণীৰ সৈতে জড়িত আছিল এসময়ত পুৰুষোত্তম দাস, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, খগেন মহন্তৰ দৰে অসমৰ বিদ্যান লোকসকল। অসমীয়া সমাজ জীৱনত আকাশবাণীৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। গাঁৱে-ভূঞে আকাশবাণীৰ আছিল এক বিশাল প্ৰভাৱ। সময়ৰ গতিত আকাশবাণীৰ সংস্কাৰ হোৱাৰ প্ৰয়োজন আছিল। ন ন অনুষ্ঠানেৰে আৰু বিভিন্ন শাখাৰ জৰিয়তে ইয়াক জনমুখী কৰাৰ বিপৰীতে আকাশবাণী গুৱাহাটী বন্ধ কৰি দিয়াৰ কুটকৌশল ৰচনা হৈছে।

ৰেডিঅ'ৰ পৰা অসমীয়া মত-কথা এনেদৰে আঁতৰাই পঠাবলৈ চলা এই পৰিকল্পিত ষড়যন্ত্ৰৰ বিৰুদ্ধে এতিয়াও কোনো সৰৱ হোৱা নাই। প্ৰদীপ দত্ততকৈ মৰাত্মক এইবোৰ বিষয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে সকলো জানিও মৌন হৈ নিজৰ চাকৰিৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস নকৰে। সেয়ে হ'লে আৰু বেছি দিন নালাগিব আকাশবাণীতো অসমীয়া ভাষা এলাগী হ'ব।