/https://media.assettype.com/asomiyapratidin/import/website/2018/12/ËæÃ÷îÂ-ÍÏáÓáùÅÅ.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
'ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হ'ব বগীবিল/লখিমপুৰ-ধেমাজি দেহা ঐ স্কুটাৰ লৈ পোনাই দিম/দুপৰীয়া গৈয়ে পাম/তোমাৰ ঘৰত ভাতে খাম/বাসুদেৱ থানতেই দেহা ঐ দুয়ো সেৱা ল'বলৈ, দুয়ো সেৱা ল'বলৈ যাম…'- এদিন এয়া আছিল বিহু। আজি হ'ল বাস্তৱ। ২৫ ডিচেম্বৰ, ২০১৮, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে ডিব্ৰুগড়-ধেমাজি সংযোগী বগীবিল দলং।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/main-spcl3742c44d-f9f3-4389-be1f-6008dd21b9c2.jpg)
এটা সপোন আছিল উত্তৰপৰীয়া ৰাইজৰ। এদিন বগীবিলৰ দলং হ'ব, ডিব্ৰুগড়-লখিমপুৰ-ধেমাজিৰে পোনপটীয়া যোগাযোগ ব্যৱস্থা সম্ভৱ হৈ উঠিব। এই সপোন এদিন-দুদিনৰ নাছিল। প্রথমবাৰৰ বাবে ১৯৭৭চনৰ ১ জানুৱাৰীত উত্তৰ পাৰৰ ৰাইজৰ বাবে অসম অৰুণাচল সংযোগী এই দলংখন নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল ডিব্ৰুগড় নাগৰিক সংঘই। তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক প্ৰদান কৰা হৈছিল এই স্মাৰক পত্ৰ।
৬ নবেম্বৰ, ১৯৭৭চনত প্ৰদান কৰা এই স্মাৰকপত্ৰ কিয় দলংখন লাগে সেই সন্দৰ্ভত ৭টা কাৰণ দৰ্শোৱা হৈছিল। এই স্মাৰক পত্ৰত স্বাক্ষৰকৰা সকলৰ ভিতৰত আছিল শিৱপ্ৰসাদ দত্ত (সদস্য ডিব্ৰুগড় লটাৰী ক্লাৱ), চৰ্দাৰ দিলীপ সিং, (সদস্য ডিব্ৰুগড় নাগৰিক সংঘ), ৰবীন্দ্ৰ কুমাৰ বৰ্মা (সম্পাদক, লটাৰী ক্লাৱ ডিব্ৰুগড়), এছ এম আগৰৱাল (উপ-সভাপতি ইষ্টাৰ্ণ আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ ইণ্ডাষ্ট্ৰি ডিব্ৰুগড়), বিনন্দ চন্দ্ৰ বৰুৱা (সম্পাদক, ডিব্ৰুগড় নাগৰিক সংঘ), বসন্ত গাৰোদিয়া (সভাপতি ইষ্টাৰ্ণ আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ ইণ্ডাষ্ট্ৰি ডিব্ৰুগড়), গণেশ চন্দ্ৰ শৰ্মা (সদস্য, ডিব্ৰুগড় নাগৰিক সংঘ), দামুদৰ নাৱকা (সম্পাদক, ডিব্ৰুগড় পেছেঞ্জাৰ্ছ এছ'চিয়েশ্যন)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/before-pm-1st.jpg)
তাৰ পৰৱৰ্তী সময়ত ১৯৮০চনৰ ২০ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীক আন এখন স্মাৰকপত্ৰ দিয়া হৈছিল। সেইবাৰো মুঠ ৫টা দাবীৰে প্ৰদান কৰা স্মাৰকপত্ৰত অসম আৰু অৰুণাচলৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ আবেদন জনাই এই আবেদন প্ৰদান কৰা হৈছিল। এই স্মাৰকপত্ৰত স্বাক্ষৰ কৰা সকলৰ ভিতৰত আছিল- কে এন চৌধুৰী, বসন্ত গোৰোদিয়া, এছ এম আগৰৱালা, গোলাপ শৰ্মা, ড০ জে এন গগৈ, বি চি ডেকা, দিলীপ সিং, ভূপেন দাসকে ধৰি ১৯জন বিশিষ্ট ব্যক্তিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/before-pm-2nd.jpg)
(এই স্মাৰক পত্ৰ কেইখনৰ সন্দৰ্ভত কাৰোবাৰ দ্বিমত থাকিব পাৰে যদিও, ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত তেওঁলোকে স্মাৰকপত্ৰ কেইখনৰ সন্দৰ্ভত বিশেষ তথ্য যোগান ধৰাৰ পৰা বিৰত থাকে। অৱশ্যে বিভিন্ন মাধ্যমত এই স্মাৰকপত্ৰ দুখনৰ বিষয়ে চৰ্চা হৈছে। সেয়েহে ১৯৭৭ আৰু ১৯৮০চনত দুখনকৈ স্মাৰকপত্ৰ ডিব্ৰুগড় নাগৰিক সংঘই দিছিল নে নাই সেই তথ্য পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/before-pm-3rd.jpg)
এই দলংখনৰ প্ৰয়োজন যে আছিল সেই কথা ৮০ দশকতেই অসমৰ ৰাইজে অনুভৱ কৰিছিল। অৰুণাচলৰ ৰাইজেও সেই কথা অনুধাৱন কৰাৰ লগতে উত্তৰ পাৰৰ সৈতে ডিব্ৰুগড়ৰ সম্পৰ্ক স্থাপনৰ বাবে ডিব্ৰুগড়-ধেমাজি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণৰ দাবী লাহে লাহে জোৰদাৰ হৈছিল।
বগীবিল দলং আছিল ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ অন্যতম ফচল। তাৰ বহু বছৰৰ পাছত ১৯৯৭চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু নিৰ্মাণৰ কাম তেতিয়াও আৰম্ভ হোৱা নাছিল। ২০০২চনত বগীবিল দলঙৰ নিৰ্মাণৰ আধাৰশিলা পুনৰ স্থাপন কৰিছিল তদানিন্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/0c32189c-d74d-4915-948d-a3c301d7dc58.jpg)
দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল যদিও, প্ৰায় ৫টা বছৰ বিশেষ নিৰ্মাণ কাৰ্য আগবঢ়া নাছিল। ২০০৭চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে বগীবিল দলং ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ঘোষণা কৰাৰ পাছত এই নিৰ্মাণ কাৰ্য ক্ষীপ্ৰগতিত আগবাঢ়িবলৈ লৈছিল। প্ৰথমে এই দলঙৰ নিৰ্মাণ ব্যয় ধাৰ্য্য কৰা হৈছিল ১৭৬৭ কোটি টকা। কিন্তু সেই নিৰ্মাণ ব্যয় কেবাগুণো বৃদ্ধি হৈ এতিয়া প্ৰায় ৪৯৯৬ কোটি অৰ্থাৎ ৫হাজাৰ কোটি টকাই হ'ল।
উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আছে গেমন ইণ্ডিয়া, হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী, ডি এছ ডি ব্ৰাকেনবাউ জি এম বি এইচ আদি কোম্পানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/f01358b3-f6be-4f65-b517-edc310f4187a.jpg)
বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য ৪.৯৪ কিঃমিঃ। এই দলংখনে নিশ্চিতভাৱে উত্তৰ পৰীয়া ৰাইজৰ দীৰ্ঘদিনৰ আশা পূৰণ কৰিব। চিচিবৰগাঁৱৰ ক'লাজানত তদানিন্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াই আধাৰশিলা স্থাপন কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা দলংখন ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মাণ কৰা দীৰ্ঘতম দলং। ষ্টিল আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰা দলংখনে এই অঞ্চলটোৰ আৰ্থসামাজিক দিশতো যথেষ্ট উন্নয়ন সাধিব।
দুখলপীয়া দলংখনে ৰেল যোগাযোগৰ ক্ষেত্ৰতো নতুন যুগৰ সূচনা কৰিব। সেয়েহে এই দলংখনক লৈ অঞ্চলবাসী যথেষ্ট আশাবাদী। দীৰ্ঘদিনৰ অন্তত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ আৰু ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়াক লৈ ২৫ ডিচেম্বৰ, ২০১৮ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/333a2bb8-19be-4f09-9317-f102d2fa014b.jpg)
দলংখনৰ উন্মোচনৰ পূৰ্বে আন এক বিতৰ্কৰ সূচনা হৈছিল। সেয়া আছিল দলংখনৰ নাম কি হ'ব? কোনোবাই যদি চুতীয়া সকলৰ বীৰাংগনা সতী সাধিনী নামৰে নামাকৰণ কৰিব বিচাৰিছে, আন কিছুমানে মিৰি জীয়াৰী সেতু, চ্যুকাফা সেতু, সলালী সেতু, আজান পীৰ সেতু নাম দিব লাগে বুলি দাবী উত্থাপন কৰিছে। আনকি এচামে বৰলুইত, শংকৰ-মাধৱ, ক'লাজান বগীবিল আদি নামেৰে দলংখন নামাকৰণ কৰিব লাগে বুলিও দাবী তুলিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/7e07bb05-5859-4dd5-b317-73c9b139f8cb.jpg)
পূৰ্বতে সেই পথত ফেৰীযোগে যোগাযোগ হৈছিল। ডিব্ৰুগড়লৈ যাবৰ বাবে উত্তৰপৰীয়া ৰাইজৰ অন্যতম মাধ্যম আছিল ফেৰী। ইয়াকে কেন্দ্ৰ কৰি নদীপাৰত বাস কৰা বহু পৰিয়ালৰ উপাৰ্জনৰ পথ হৈ পৰিছিল সেই ফেৰী ঘাটসমূহ। ফেৰী ঘাট সমূহক কেন্দ্ৰ কৰি হোটেল, সৰু দোকান আদি গঢ় লৈ উঠিছিল সেই স্থানসমূহত। দলং নিৰ্মাণ হোৱাৰ পাছত এই ফেৰী সেৱা আৰু হোটেলকে ধৰি আন ব্যৱসায়েৰে পেট পৰ্বতোৱা পৰিয়াল সমূহলৈ ঘোৰ অমাৱশ্যা নামি আহিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/1cda3ca2-63ab-477b-b4c2-47a863d80ed8.jpg)
বগীবিল দলঙৰ নিৰ্মাণৰ কাম অগ্ৰগতি কৰাত এজন অসমীয়া আই এ এছ বিষয়াৰ আছিল প্ৰভূত বৰঙণি। সেই সময়ত তেওঁ আছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব। অটল বিহাৰী বাজপেয়ীৰ অত্যন্ত প্ৰিয় এই আই এ এছ বিষয়াগৰাকীয়ে বগীবিল দলং নিৰ্মাণৰ ক্ষেত্ৰত দিল্লীত বিশেষ তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ আছিল প্ৰয়াত অশোক শইকীয়া। বগীবিল দলঙৰ লগতে ধলা-শদিয়া দলঙৰ ক্ষেত্ৰতো এই বিষয়াগৰাকীৰ ভূমিকা আছিল মনকৰিবলগীয়া।
৬০ দশকৰ পৰা দলংখন নিৰ্মাণৰ বাবে অধ্যয়ন চলিছিল যদিও, সেই কাম কাৰ্যকৰী হোৱা নাছিল। তদানিন্তত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ব্ৰিজেশ মিশ্ৰৰ দৃষ্টি আকৰ্ষণ কৰি অশোক শইকীয়াই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থা আৰু উদ্যোগ গ্ৰহণ কৰাৰ ফলতেই আজি এই সপোন বাস্তৱ হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/1545679274-Bogibeel_bridge.jpg)
আৰ্থ সামাজিক দিশত বগীবিল দলঙে বহু আশাৰ বতৰা কঢ়িয়াই আনিলেও, এই দলংখন এতিয়া মাজুলী বা ধেমাজি-লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ বাবে অভিশাপ হৈ পৰিব নেকি তাক লৈও চলিছে ব্যাপক চৰ্চা। কিয়নো ভৰ বাৰিষা ডিব্ৰুগড়ৰ যি স্থানত বগীবিল দলং নিৰ্মাণ কৰা হৈছে, সেই স্থানত ব্ৰহ্মপুত্ৰৰ ব্যাস ১৮-২০ কিঃমিঃ বহল। আৰু খৰালি সেই ব্যাস ৭-৮ কিঃমিঃ হয়। কিন্তু ৪.৯৪ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰা এই দলংখনৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ চেপি পেলোৱাত নামনি অংশত ইয়াৰ নিশ্চিত প্ৰভাৱ পৰিব। তাৰ বিপৰীতে উজনিত থকা ধলা-শদিয়া দলঙৰ দৈৰ্ঘ্য কিন্তু ৯ কিঃমিঃ । ব্ৰহ্মপুত্ৰৰ বৰ্ধিত ব্যাস আৰু পাহৰৰ পৰা নামি অহা প্ৰবল সোতৰ প্ৰতি লক্ষ্য ৰাখি দলংখনৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হৈছিল। তাৰ বিপৰীতে বগীবিল দলংখন এনেদৰে চেপি পেলোৱাত নামনি অংশত ইয়াৰ প্ৰবাল সোতে গৰাখহনীয়া আৰু বানপানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/majuli-khohonia.jpg)
১৯৫০ চনত ৮.৭ প্ৰাবল্যৰ বৰভূমিকম্পৰ পাছত ব্ৰহ্মপুত্ৰৰ আয়তন বৃদ্ধি পাইছে। বিশেষকৈ এই ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তল ভাগ উঠি অহাত নদীখনে যেনি-তেনি বৈ যোৱাৰ প্ৰৱণতাই দেখা দিছে। ১৯২০ চনত ব্ৰহ্মপুত্ৰই সামৰি লোৱা মাটি-কালি পৰিমাণ আছিল ৪হাজাৰ বৰ্গ কিঃমিঃ। ২০০৮চনৰ মতে, ব্ৰহ্মপুত্ৰই সামৰি লোৱা মাটি-কালি হ'লগৈ ৬হাজাৰ বৰ্গ কিঃমিঃ।
বগীবিল দলং নিৰ্মাণ কৰাৰ ফলত মাজুলী, ঢকুৱাখানাৰ মাতমৰা আৰু দলংখনৰ নামনি ভাগত প্ৰবাল সোতে অধিক গৰাখহনীয়া সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ পাছতো এই দিশত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। লক্ষণীয় কথাতো হ'ল, ১৮৫৩চনৰ ৰিপৰ্ট অৱ আছামৰ মতে, মাজুলীৰ মুঠ মাটি-কালিৰ পৰিমাণ আছিল ১,১৪২বৰ্গ কিঃমিঃ। এই নদীদ্বীপটোৰ এতিয়া কেৱল অস্তিত্বহে ৰৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/majuli-gfx-2.jpg)
২০১১চনৰ চেঞ্চাছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ মাটি-কালি ৫৮৪.৩৮ কিঃমিঃ। পূৰ্বতে মাজুলীত ২১০খন গাঁও আছিল যদিও, বৰ্তমান তাত ৰাজহ গাঁৱৰ সংখ্যা ১০৭খন। মাজুলীৰ স্থানীয় প্ৰশাসনৰ মতে, ১৯৬০চনৰ পৰা ২০১৪চনলৈ মুঠ ১০,১৩৯টা পৰিয়ালে মাজুলীত গৰাখহনীয়াৰ বাবে গৃহহীন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/majuli-gfx-3.jpg)
বগীবিল দলঙৰ বাবে মাজুলীৰ অস্তিত্ব সংকটত পৰিব নেকি? সেয়াও চিন্তনীয় আৰু অধ্যনয়ৰ বিষয় আছিল। নিঃসন্দেহে এখন দলং নিৰ্মাণ কৰাৰ পাছত বিজ্ঞান সন্মত আৰু উপযুক্ত অধ্যয়ন নহ'লে উপকণ্ঠ অঞ্চলত পৰে। শৰাইঘাট দলং নিৰ্মাণ কৰাৰ ফলতেই অস্তিত্ব সংকটত পৰিল পলাশবাৰীৰ। একেদৰে পঞ্চৰত্নত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাৰ ফলত চাপৰৰ ৩০ কিঃমিঃ চৰগাঁৱৰ অস্তিত্ব সংকটত পৰিছিল।
কলিয়া ভোমোৰা দলং নিৰ্মাণৰ পাছত সমীপৱৰ্তী নামনিৰ ৫ শতাধিক গাঁৱলৈ শংকা নামি আহিছিল। এনেবোৰ অভিজ্ঞতাৰ পাছত এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত যি অধ্যয়ন হ'ব লাগিছিল, সেই অধ্যয়ন হৈছে নে নাই তাক লৈ বিতৰ্কৰ প্ৰয়োজন আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/majuli-gfx-5.jpg)
মাজুলী, লখিমপুৰ, ধেমাজিৰ নৈপৰীয়া ৰাইজৰ বাবে এই দলংখনে নিশ্চয় আশাৰ বতৰা কঢ়িয়াই নানে। আৰ্থসামাজিক দিশত দলংখনৰ যথেষ্ট প্ৰভাৱ থাকিব। কিন্তু প্ৰথমে নৈপৰীয়া ৰাইজৰ আৰু মাজুলীৰ ভৱিষ্যতৰ কথাও চিন্তা কৰাৰ প্ৰয়োজন আছিল। ১৫শ শতিকাতে সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰূপে গঢ় লৈ উঠা মাজুলীৰ ভৱিষ্যৎ এই দলংখনে নিঃশেষ কৰি পেলাব নেকি? তাক লৈ এতিয়া সংশয় হৈছে।
দলংখনৰ দীৰ্ঘদিনৰ প্ৰভাৱ আৰু ইয়াৰ ফলাফল কি হ'ব তাক লৈ হয়তো এই মুহূৰ্তত আলোচনা কৰাৰ অৱকাশ কাৰোৱে নাই। সকলোৱে আশাবাদী হৈ আছে, এই দলংখনে ব্যৱসায়-বাণিজ্যিক যোগাযোগৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব। এদিন বিহুত গাইছিল- দিচাং ঘাট পাৰ হৈ, মাতমৰাৰ হৈ ঢকুৱাখনাৰ কাৰোবাৰ ঘৰলৈ যোৱাৰ কথা। একেদৰে ক'লাজান পাৰ হৈ ডিব্ৰুগড়লৈ যোৱাৰ সেই দিনবোৰ এতিয়া অতীত হ'ব। কিয়নো ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে। মন গ'লেই একেদিনাই গৈ সেই দলঙেৰে ডিব্ৰুগড়, ধেমাজি ফুৰি ঘূৰি আহিব পৰা দিন হ'ল। সেই ভাল লগা পৰিৱৰ্তনৰ মাজতো এইবোৰ কথাও ভাবি লগা।
আৰ্থ সামাজিক দিশৰ লগতে দৰিদ্ৰ কৃষিজীৱী নৈপৰীয়া হাজাৰ হাজাৰ লোকৰ ভৱিষ্যতৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। এইবোৰ কথাই কাৰো অন্তৰ চুব নোৱাৰে। কিন্তু এদিন পলমকৈ হ'লেও সেই বাস্তৱৰো সন্মুখীন হ'ব লাগিব। তথাপিও কওঁ- বগীবিলৰ দলঙে বহু ৰাইজৰ সপোন পূৰণ কৰিলে।