/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/dipali-barthakur-spcl-wrtng-all-songs-face-pics.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
আচ্ছন্ন হৃদয়! ক'ৰবাৰ ক'লা ডাৱৰে বুকুত সিঁচি দিলেহি যেন দুখৰ বৰষুণ। কাণত বাজি উঠিছে সেই মধুৰ কণ্ঠ। সকলোৰে বাবেই তেওঁ আছিল মৰমৰ, শ্ৰদ্ধাৰ। প্ৰাণখোলা হাঁহি, সাদৰৰ সেই আৱেগ ভৰা দৃষ্টিত আছিল মৰমৰ আকুলতা।
মাত্ৰ ২৭টা বসন্ত গৰকিছিল তেতিয়া তেওঁ। কণ্ঠত নামিছিল প্লাবন। কুকিল কন্ঠৰ সেই গীতবোৰ আজিও চিৰসেউজ। তেওঁৰ অবৰ্তমানত কোনটো গীতৰ কথা কম আজি। সকলোবোৰ গীতৰ মাজতেই তেওঁৰ আত্মা, মন, প্ৰাণ লুকাই আছিল। আৱেগৰ ঢৌ আৰু মাটিৰ পৰশেৰে জীপাল হৈছিল গীতৰ কথা। তাত তেওঁৰ কণ্ঠই প্ৰাণ দিছিল। সেয়ে আজি সেই গীতবোৰেই তেওঁৰ কথা সোঁৱৰাইছে।
আজি কেৱল তেওঁৰ গীতৰ কথা। গীতৰ মাজতেই বিচাৰিম দীপালি বাইদেউক। অশ্ৰুসিক্ত নয়নেৰে ক'তজনে আওৰাইছে বাইদেউক বিচাৰি সেই গীত। বিহুত আকৌ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে চেনাইৰ পৰা বিদায় লৈছিল। হাঁহিমুখে থাকিবলৈ তেওঁ কৈ গৈছিল। চকুলো নুটুকিবলৈ ক'বলৈ নাপাহৰিছিল।
গীতৰ মাজেৰেই তেওঁ কোৱা কথাবোৰ আজি সঁচা হৈছে। বিদায় লৈ তেওঁ গুচি গৈছে। কিন্তু অহাৰ প্ৰতিশ্ৰুতি নাই ইয়াত। এয়া যে চিৰবিদায়! চিৰশাশ্বত যাত্ৰা। হিয়া থাকি গৈছে তেওঁৰেই লগত, মনে মনে আঁৰ লৈ চকুপানী মচিছে তেওঁ। জীৱনৰ চিৰসত্য উপলব্ধি কৰি উদাস মনে চাইছে সেই মুখ। জিলিক আছে কঁপালত ৰঙা সেন্দুৰৰ ফোটটো। নাই কেৱল মুখত হাঁহি। বাজি উঠিছে তেওঁৰ কাণতো এই গীত-
শুনিলে শুনি থাকিব পাৰি এই গীত। গীতটোৰ কথা আৰু সুৰ আছিল কমল হাজৰিকাৰ। ৰেডিঅ'ত অনুৰোধ গীতত সম্ভৱ আটাইতকৈ বেছি অনুৰোধ অহা গীতেই আছিল এইটো। সকলোৱে শুনিব খোজে 'অ' চেনাই মই যাওঁ দেই…' । কোনো দিনেই পুৰণি নহ'ল এই গীতটি। থাকি গ'ল সেই গীতটো, গুচি গ'ল কেৱল তেওঁ। দীপালি বাইদেউক বিচাৰি এই গীত গুণ গুণাইছে আজি অনেকজনে-
'অ' চেনাই মই যাওঁ দেই,
অ' বিহুতে আহিমগৈ,
তেতিয়া গাই যাম গীত;
অ' হাঁহিমুখে থাকিবা,
অ' চকুলো নুটুকিবা,
আইৰে ঐ মনতে,
অ' বেজাৰেনো নিদিবা;
অ' চেনাই মই যাওঁ ……..
অ মোৰ হিয়া থাকিব,
তোমাৰেনো লগতে,
অ' মনে মনে আঁৰ লৈ,
অ' চকুপানী মচিবা;
অ' চেনাই মই যাঁও………….
আয়ে ভাৱিছে, আমাৰ ঘৰখনি ওখোৰা মোখোৰা বাট
আৰু আয়ে ভাৱিছে চকৰি ঘুৰাদি ঘুৰি পিচলি পৰিমগৈ তাত
বিহুতে আহি দেই ক'মে মই কথাকে
আয়ে শুনি হাঁহি ৰব,
আমাৰ কাৰণে আইৰে মৰমে,
ফুলাম গামোচা হৈ ৰব।
মোৰ হিয়া থাকিব, তোমাৰেনো লগতে
মনে মনে আঁৰ লৈ চকুপানী টুকিবা
অ' চেনাই মই যাও………………. ৷৷'
প্ৰতিটো গীততেই একেই আকুলতা, একেই মন-প্ৰাণ ঢালি গোৱা আৱেগ আৰু সুকণ্ঠৰ মায়া। কি যাদু আছিল তেওঁৰ কণ্ঠত? লতাতকৈও কম নাছিল এই কণ্ঠ। 'জোনধনে জোনালীতে জোনধনে জোনালীতে তৰাৱতীক চাই/হাতীপটি চিকিমিকি নাচি নাচি যায়/জোনে কয় তৰাৱতীক মোৰ ফালে চা/ৰূপোৱালি ৰিহা টানি তৰাই ঢাকে গা'- অহ! কি মায়া ভৰা এই গীত। দুচকু মুদি জোনালী আকাশৰ তলত বহি থকা যেন লাগে। তৰাৰ সৈতে খেলা এক মায়াবী নিশাৰ কোনো ৰূপ-কথাৰ পৰীয়ে যেন কয় আছে সাধু কথা। মুক্তি বৰদলৈয়ে লিখিছিল তেওঁৰ বাবে এই গীত। সুৰ দিছিল ৰুদ্ৰ বৰুৱাই। দীপালি বৰঠাকুৰে গাইছিল-
'জোনধনে জোনালীতে জোনধনে জোনালীতে তৰাৱতীক চাই
হাতীপটি চিকিমিকি নাচি নাচি যায়
জোনে কয় তৰাৱতীক মোৰ ফালে চা
ৰূপোৱালি ৰিহা টানি তৰাই ঢাকে গা
চকুত লাগিল মোহিনী তৰা
চকুত লাগিল মোহিনী
টিপি টিপি চাৱনি তৰা
টিপি টিপি চাৱনি
জোনধনৰ বুকুৰ কাষত ল'লে আহি ঠাই
হাতীপটি চিকিমিকি নাচি নাচি যায়
তামুলী তৰাটি দেখি
জোনে ল'লে বুকুত
থুৰিয়া তামোলৰে ৰাং লাগিল মুখত
পোহৰৰে সেলেঙী অ' অ' অ' অ' অ' অ'…..
অ' তৰা পোহৰৰে সেলেঙী
লাগিল তৰা ভেলেঙী
অ' তৰা লাগিল তৰা ভেলেঙী
নিজমৰাতি অকলশৰে জোনক দেখা পাই
হাতিপটি চিকিমিকি নাচি নাচি যায়
আকাশৰে নীল নীলাত জোনাকৰে খেল
তলত ৰূপৰ ফিৰিঙতি জোনাকৰে মেল
ছয়াময়া যাদু জোনৰ অ'
ছয়াময়া যাদু
দেহ জুৰোৱা সাধু জোনৰ অ'
দেহ জুৰোৱা সাধু
শুনি জিৰণীয়া পখী গীত এটি গায়
হাতীপটি চিকিমিকি নাচি নাচি যায়।'
'কণমাণ বৰশীৰে চিপ/অ' ….কণমাণ বৰশীৰে চিপ/কণমাণ বৰশীৰে চিপ/তাৰে আগত ৰঙা জিঁঞা ৰাজকণ্যা নাচে দিপলিপ/অ' জিঁঞানাচে দিপলিপ/কণমাণ…. কণমাণ'- কি লাগে আৰু? কণমানি জিঞাজনী উৰি গুচি গৈছে। জিঞাৰ ছাঁয়া পানীত জিলিকিছে। দিপলিপকৈ নচা সেই জিঞাজনী, কণমানি বৰশীৰ চিপটোৱে শৈশৱৰ কথাকেই কৈ যায়। জয়ন্ত বৰুৱাই লিখিছিল এই গীত। বীৰেন দত্তই সুৰ দিছিল। দীপালি বৰঠাকুৰৰ কণ্ঠত সেই গীতে প্ৰাণ পাইছিল। দুচকুত কাজল সনা জিঞা! ৰঙা আচল মেলি শৈশৱৰ সোণালীক ধৰি ৰখা ৰাজকন্যা জিঞাৰ কাহিনী আছিল এয়া। সাজি-কাচি থকা জিঞাজনীৰো যে আছিল ক'ত কথা। সেই কথা এই গীত নুশুনিলে বুজিবলৈকে টান হয়-
'কণমাণ বৰশীৰে চিপ
অ' ….কণমাণ বৰশীৰে চিপ
কণমাণ বৰশীৰে চিপ
তাৰে আগত ৰঙা জিঁঞা ৰাজকণ্যা নাচে দিপলিপ
অ' জিঁঞা নাচে দিপলিপ
কণমাণ…. কণমাণ
অ জিঁঞা, অ জিঁঞা
অ জিঁঞা…
বাৰে বাৰে উৰি উৰি পানী লৈকে যাৱ জিঁঞা
অ জিঁঞা, অ জিঁঞা
অ জিঁঞা…
বাৰে বাৰে জুমি জুমি পানীকেনো চাৱ জিঁঞা
অ জিঁঞা, অ জিঁঞা
সিয়ে জানো কৰে তোকে মায়া জিঁঞা
সিটো দেখোন পানীত তোৰেই ছায়া অ' জিঁঞা
সিটো দেখোন পানীত পৰা তোৰে নিজৰ ছায়া?
তাকে নেকি ভুলাবলৈ, চিকচিকিয়া ৰঙা আঁচল,
চিপচিপীয়া সৰু বুকুত খুৱালি গিলিপ,
কণমান ..কণমাণ..
কাকে আজি সাজি কাচি ভুলাই অনাৰ মন জিঁঞা?
কাৰ বাবে বৈ পৰা তোৰ সেই ৰঙা আঁচল খন জিঁঞা ?
দুয়ো চকুত ল'লি কাজল সানি জিঁঞা,
কাৰ বাবে তই দুয়ো চকুত ল'লি কাজল সানি ?
সেঁওতা তলত ল'লি নেকি, অ জিঁঞা তই লেখি লেখি,
জিলমিলিয়া সোণপৰুৱাৰ সোণোৱালী টিপ
কণমাণ , কনমাণ বৰশীৰে চিপ
অ' কনমাণ বৰশীৰে চিপ
কনমাণ বৰশীৰে চিপ
তাৰে আগত ৰঙা জিঁঞা ৰাজকণ্যা নাচে দিপলিপ
কণমাণ ….কণমাণ বৰশীৰে চিপ'
'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'- গাঁৱৰ জীৱন চাবলৈকে তুমি আহা। এবাৰ আহি যোৱা তুমি। যান-বাহন নাই, এয়া আওঁহতীয়া ঠাই। ক্ষন্তেক ৰৈ তুমি গাঁৱৰ সহজ জীৱন চাই যোৱা। গাঁওনো কি! খেৰ আৰু বাঁহেৰে ভৰা অনেক পঁজা। নাঙঠ শিশুবোৰে খেলি থাকে, অশিক্ষিত ছোৱালীবোৰে চাই থাকে। অসমৰ গ্ৰাম্য জীৱনৰ এখন সঁচা ছবি। ৬০ দশকৰ গাঁৱৰ সেই ছবিতেই লুকাই আছে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ-সৰল মানুহৰ আৱেগ-অনুভূতি। খাল-বিলৰ ঘোলা পানীৰে জীৱন নিৰ্বাহ কৰা গাঁৱত নাই কোনো বিলাস। অনাহাৰে মানুহে দিন কটায়। ৰুদ্ৰ বৰুৱাই লিখিছিল আৰু সুৰ দিছিল এই গীতটি। দীপালি বৰঠাকুৰৰ মুখখন মনলৈ আহিলেই মনত পৰে সেই গীতটো-
'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
বন্ধু…………….
সময় পালে আমাৰ ফালে এবাৰ আহি যাবা,
এবাৰ আহি যাবা
এবাৰ আহি যাবা
সহজ সৰল গাঁৱৰ জীৱন ক্ষন্তেক ৰৈ চাবা
সহজ সৰল গাঁৱৰ জীৱন ক্ষন্তেক ৰৈ চাবা
এবাৰ আহি যাবা
এবাৰ আহি যাবা
যানবাহনৰ সুযোগ নাই
আঁওহতীয়া আমাৰ ঠাই,
বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা
বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা
অনাহাৰে দিন কটাও তাত গধূলিও পূৱা
অনাহাৰে দিন কটাও তাত গধূলিও পূৱা
এবাৰ আহি যাবা
এবাৰ আহি যাবা
খেৰ বাঁহৰ অনেক পঁজা গাঁও ভৰি পাবা
দন খৰিয়াল শুনি শুনি তাতে অকণ ৰ'বা,
নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা;
অশিক্ষীতা লাজুকীহঁত কাষলৈ নেমাতিবা
চহৰৰ পৰা কিবা নিলে দূৰৈৰ পৰাই দিবা
চহৰৰ পৰা কিবা নিলে দূৰৈৰ পৰাই দিবা
এবাৰ আহি যাবা
এবাৰ আহি যাবা
পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী
খাল বিলৰ ঘোলা পানী নিদিও তোমাক আনি
ফেঁচাৰ চিঞৰ নুশুনিবা, হয়তো বন্ধু ভয় খাবা,
লাহে লাহে চহৰলৈ বাটটি ভিৰাই লবা,
লাহে লাহে চহৰলৈ বাটটি ভিৰাই লবা,
আমাৰ গাঁৱৰ ছবি খনি মনত আঁকি নিবা;
বন্ধু..বন্ধু..বন্ধু..'
বিয়াৰ সপোন সকলোৰে থাকে। হাতত সোণৰ খাৰু, ডিঙিৰ মণি-মুকুতাৰে সজাই তোলা ন-কইনাজনী হৈ নতুন ঘৰত ভৰি থয়। নতুন জীৱনৰ পাতনি মেলা সেই দিনবোৰৰ মাদকতাই সুকীয়া। আজি-কালিটো বিয়াত ন-কইনাই কিমান আ-অলংকাৰ পিন্ধিছে তাৰ চৰ্চা চলে। কইনাজনীক পিন্ধোৱা সাজ-পোছাক লৈ অভিজাত্যৰ প্ৰতিযোগিতা চলে। আনক দেখুৱাবলৈকে বহুতে অলংকাৰ, কাপোৰৰ পাহাৰ গঢ়ে। কি আছে এই জীৱনত? যদি দুজনৰ মাজত চেনেহৰ এক বন্ধনেই গঢ় লৈ নুঠে। সেই আত্ম উপলব্ধিৰেই নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা এই গীত আছিল-
'সোণৰ খাৰু নেলাগে মোক
সোণৰ খাৰু নেলাগে মোক
বিয়াৰ বাবে আই,
চেনেহ জৰি তইদিয়া মোক হাততে শুৱাই
চেনেহ জৰি তইদিয়া মোক হাততে শুৱাই
ডিঙিৰ মণি নেলাগেমোক সাতসৰীও যে
আই অ' তোৰ ছৱিটিবুকুতে থম, নেপাও লাজে
ডিঙিৰ মণি নেলাগেমোক সাতসৰীও যে
আই অ' তোৰ ছৱিটিবুকুতে থম, নেপাও লাজে
সোণৰ খাৰুনেলাগে মোক
বিয়াৰ বাবে আই,
চেনেহ জৰি তইদিয়া মোক হাততে শুৱাই
পাটৰে সাঁজে মোকনেলাগে নানিবি,
নানিবি শপতেকাণৰে কেৰু,
খুজি খাজি যিসাঁজে পিন্ধালি সৰুতে
সেয়েহে বিয়াতে শুৱাব বাৰু
সোণৰ খাৰুনেলাগে মোক
বিয়াৰ বাবে আই,
চেনেহ জৰি তইদিয়া মোক হাততে শুৱাই
আজি মই ওলালোঁ,অ' জোনে জোনালী
নতুনে ঘৰলৈ, অ' জোনে জোনালী
আজি মই ওলালোঁ,অ' জোনে জোনালী
নতুনে ঘৰলৈ, অ' জোনে জোনালী
সেন্দুৰৰে বন্তিজ্বালি সেৱাতে জানিলি
সেৱাতে জানিলি,
আজি মই ওলালোঁ,অ' জোনে জোনালী
আজি মই ওলালোঁ,অ' জোনে জোনালী'
নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰত গীত বিচাৰি গৈছিল এদিন দীপালি বৰঠাকুৰ আৰু তেওঁৰ ভাতৃ তথা বিশিষ্ট সুৰকাৰ ভৱেন বৰঠাকুৰ। কলেজলৈ যাব ওলাইছিল নিৰ্মলপ্ৰভা বৰদলৈ। গা-ধোৱা ঘৰত সোমাই নিৰ্মলপ্ৰভা বৰদলৈয়ে গীতৰ কথা কৈ গৈছিল। ভৱেন বৰঠাকুৰে সুৰ দিছিল আৰু গাইছিল দীপালি বৰঠাকুৰে। এতিয়াতো এয়া দীপলি বৰঠাকুৰৰ কণ্ঠৰ অন্যতম জনপ্ৰিয় গীত। চিৰকাল জুৰি খ্যাতি আৰ্জি আছে এই গীতে-
'জোন বাই এ বেজী এটি দে!' জোনবাইক সৰুতে বেজী খোজা সপোন সকলোৱে দেখিছিল। ক'ত কল্পনা-বিলাসেৰে ভৰা আছিল সেই দিনবোৰ। ধুনীয়া ঘোঁৰাত উঠি পৰীৰ দেখলৈ গৈ জোনবাইৰ সৈতে ধেমালি কৰা সেই সপোনবোৰ সকলো শিশুৱে দেখিছিল। পৰীৰ দেশখন বিতোপন। ডাৱৰৰ সিপাৰে সেই দেশ। চিকমিকাই থাকে তাত সকলো। সোণৰ পালেঙত ৰাজকন্যা শুৱে। ৰাজকুঁৱৰী যিফালে যায়, সেই খোজতেই ফুলে পদুম ফুল। নিচুকণি গীতৰ আলমত শৈশৱৰ সোণালি সপোন খোদিত কৰা এই গীত দীপালি বৰঠাকুৰৰ বাবে লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে। সুৰ দিছিল ভৱেন বৰঠাকুৰে-
'জোন বাই এ বেজী এটি দে
সোণে মোৰ গায় নে নেগায়
ধুনীয়া ঘোঁৰাতে পৰিৰে দেশলে
সোণে মোৰ যায় নে নেযায় …
–
আনিছোঁ তোমালৈ চোলাটি ফুলামকৈ
পিন্ধাহি অ' সোণটো আহা
কাজলৰ এটি ফোঁট
দিম কপালত
এতিয়া এতিয়া হাঁহা
এতিয়া এতিয়া হাঁহা
লুকা ভাকু খেল খেলিমে এতিয়া
সোণে মোক পায় নে নেপায়
ধুনীয়া ঘোঁৰাতে পৰিৰে দেশলে
সোণে মোৰ যায় নে নেযায় …
–
পৰীৰে দেশখন কিনো বিতোপন
ডাৱৰৰে সিপাৰে
চিকে মিকে কৰে
সোণৰ পালেঙতে শুৱে ৰাজকন্যা
পদূম ফুলি ফুলি যায়
কুঁৱৰীৰে খোজতে
সেই ৰাককোঁৱৰক আনিবলে
সোণে মোৰ যায় নে নেযায়
ধুনীয়া ঘোঁৰাতে পৰীৰ দেশলে
সোণে মোৰ যায় নে নেযায়.. ৷৷'
পুৰুষোত্তম দাসে সুৰ দিছিল দীপালি বৰঠাকুৰে গোৱা 'এই নদীৰ ইপাৰতে' শীৰ্ষক গীতটি। ৰত্ন ওজাই লিখিছিল এই গীত। কাৰ জানো হিয়া ভৰা মৰম মধু সৰে, সপোনৰ পখী হৈ উৰে, কোন বিৰহীৰে নোপোৱা চকুলোৱে ঢলে, সিপাৰৰে যাও মনত অগনী জ্বলে। শব্দই এখন নদীৰ সিপাৰৰ বৰ্ণনা দিছিল। সেই বৰ্ণনাক চেনেহৰ ফুল হৈ গীতৰ মাজেৰে ফুলাই তুলিছিল দীপালি বৰঠাকুৰে। ৰত্ন ওজাই লিখিছিল-
'(এই নদীৰ ইপাৰতে চেনেহ ফুল ফুলে
এই নদীৰে সিপাৰতে বেদনাৰ জুই জ্বলে)২
(নদীৰ বুকুত ঢকেঢকী পানীৰ সোঁত চলে)২
(জিকিমিকি জুইফুলে)২
লুকা ভাকু খেলে;
এই নদীৰে ইপাৰতে চেনেহ ফুল ফুলে
এই নদীৰে সিপাৰতে……….
কাৰে জানো হিয়াভৰা মৰম মধু সৰে,
(সেই মধুৰে গজালিতে)২
সপোন পখী উৰে;
(কোন বিৰহীৰে নোপোৱাৰে চকুলোৰে ঢলে)২
(সিপাৰৰে ঝাওবনত)২
অগনি জ্বলিলে
(এই নদীৰেইপাৰতে চেনেহ ফুল ফুলে
এই নদীৰেসিপাৰতে বেদনাৰ জুই জ্বলে)২
এই নদীৰে ইপাৰতে
এই নদীৰে ইপাৰতে'
সেই মিঠা কণ্ঠত ভাহি আহে এই সুৰ। কোনোবা ৰূপৱতী যায়। তেওঁৰ কঁপালত সুৰুয জ্বলাই, কাষৰ ধাননি কঁপাই পাৰ হৈ যায় সেই ৰূপৱতী। পকা ধানৰ বুলিয়া ৰিহা জিকমিকাই পাৰ হৈ যায় এই ৰূপৱতী। সবল-সুথাম সৰুকণৰ বুকুত অগনী জ্বলাই লাজুক লাজুক চাৱনীৰে বাট বুলে এই বনৰ চৰাই। প্ৰেমৰ কাহিনীওনো ইমান ধুনীয়াকৈ কোনোবাই ক'ব পাৰেনে? প্ৰতিটো শব্দতেই আছে প্ৰেমৰ নিভেজাল অনুভৱ। সই অনুভৱক সিক্ত কৰিছে নিয়ৰে। এক মিঠা ৰাগী হৈ গীতৰ মাজেৰে দীপালি বৰঠাকুৰে কৈছে এই প্ৰেমৰ কাহিনী। গ্ৰাম্য জীৱনৰ সেই প্ৰেমত আছে প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাব। লগতে আছে যৌৱনৰ সোণালী দিনৰ তীব্ৰ হেঁপাহ। নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা আছিল এই গীত। সুৰ আছিল ভৱেন বৰঠাকুৰৰ-
'(কোন সেই ৰূপৱতী যায়)২
যায় কঁপালত সূৰুয জ্বলাই
দুকাষৰ ধাননি কঁপায়
কোন সেই ৰূপৱতী যায়
(সৌ নিয়ৰৰে থুল
কাৰ মেখেলাৰে ফুল )২
কেঁচা ৰ'দৰ ৰহণ যেন শৰীৰৰে বৰণ
পকাধানে বুলীয়া ৰিহা জিকেমিকায়
কোন সেই ৰূপৱতী যায়
–
সবল সুঠাম
সৰুকণৰ
হাতত এটি ক'লা ছাটি
ডিঙিত অঁৰা
পাটৰ চেলেং
লাজুক লাজুক চকু দুটি
(সি আগে আগে যায়)২
বাট টি চিনোৱাৰ চলে ঘূৰি ঘুৰি চায়
–
বনৰ ফুলৰ মিঠা ৰাগী
যেন উটি উটি আহে
(হাতত নিয়া
টিনৰ পেৰাৰ
গোলাপ পাহিয়েও হাঁহে)২
অ' তাই
লাজত মৰি যায়
কেউ ফালে চায়
ওৰণিখন আৰু টানি লাজ আঁতৰায়
তাই লাজত মৰি যায়
কেউ ফালে চায়
ওৰণিখন আৰু টানি লাজ আঁতৰায়'
প্ৰতিটো গীতেই তেওঁ প্ৰাণ ঢালি গাইছিল। 'আগলি বাঁহৰে লাহৰি গগনা/বহি তাঁতৰ পাতত বাওঁ/আহে কি নাহে ঐ/মোৰে নো চেনাই ঐ/চিৰি পাতি মঙ্গলখন চাওঁ…' সেই যোজনা ধৰি তেওঁ গাইছিল- 'তই যে কলীয়া অ' আইতা/কেঁচা সোণ বৰষে/অলিয়া বলিয়া অ' আইতা/কেঁচা সোণ বৰষে'-
'আগলি বাঁহৰে লাহৰি গগনা
বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে ঐ
মোৰে নো চেনাই ঐ
চিৰি পাতি মঙ্গলখন চাওঁ…
তই যে কলীয়া অ' আইতা
কেঁচা সোণ বৰষে
অলিয়া বলিয়া অ' আইতা
কেঁচা সোণ বৰষে
মোকে কৰি গলি বাউল আইতা
জিলমিল কৰে অ' আইতা
মুকুতা জ্বলে অ' আইতা
কেঁচা সোণ বৰষে গাত…
কানফুলি বেজাৰত
কান্দ কি সৰুমাই
কান্দ কি সৰুমাই
গামখাৰু নিদিলে বুলি
কি সৰু মাই
গামখাৰু নিদিলে বুলি
মাকৰ আগতে
কান্দে কি সৰুমাই
কান্দে কি সৰুমাই
চহকীলৈ নিদিলে বুলি
কি সৰু মাই
চহকীলৈ নিদিলে বুলি…
উজাই চালোঁ মই অ'
ভটিয়াই চালোঁ মই
তোমাৰ মান শুৱনি নাই
দেৱে ঐ মাৰিব
মনিচে মাৰিব
তোমাক ধন অকলৈ পাই
এ লীলাই বহে তাঁতৰ বাটত
লীলাৰ চকু আলিবাটত
লীলাৰ মাকো সৰি সৰি পৰে…
পুলি তামোলৰে পুলি মোৰ আইজনী
অ' পুলি তামোলৰে পুলি
মোৰ আইজনী
অ' পুলি তামোলৰে পুলি
খোপা ডাঙি ডাঙি
বান্ধিছা আইজনী অ'
গৰাকী লাগকহি বুলি
মোৰ আইজনী অ'
গৰাকী লাগকহি বুলি
জাৰণিৰ মাজেৰে জৰা
মোৰ আইজনী অ'
জাৰণিৰ মাজৰে জৰা
মোৰ আইজনী অ'
জাৰণিৰ মাজৰে জৰা
দীঘলকৈ ওৰণি নলবা আইজনী
অ' আগৰ চিনাকি দৰা
মোৰ আইজনী
অ' আগৰ চিনাকি দৰা'
দীপালি বৰঠাকুৰৰ আন এটি কালজয়ী গীত আছিল-'কত বৰষা কত বসন্ত'। বৰষা আৰু বসন্তক লৈ লিখা এই গীতটিৰ পুৰণি ৰেকৰ্ডিং এতিয়া প্ৰায় দুষ্প্ৰাপ্য। বৰষা আৰু বসন্তৰ বন্দনাৰে তেওঁ গাইছিল-
(কত বৰষা কত বসন্ত)২
(সুৰ জোৱাৰত ঢৌ তুলি)২
কত বৰষা কত বসন্ত
(ছন্দে ছন্দে বকুল গন্ধে)২
(মালিনীমাই সুৰ কবি)২
কত বৰষা কত বসন্ত
কত বৰষা…
–
(মধু বসন্তে বন বনন্তে)২
(মধুকাৰোৰে গুঞ্জৰি)২
(মধুমালতি সপোনতো)২
(ফুলে ঊষা বন গুঞ্জৰি)২
কত বৰষা কত বসন্ত
কত বৰষা…
–
(শাৰদী নিশা
জোন জোনাকত
অঞ্জু নামি বুৰ মাৰি)২
(নীল নিলিমাৰ আপোনাকো)২
(মালিনীমাই সুৰ ক)২
(কত বৰষা কত বসন্ত)২
(সুৰ জোৱাৰত ঢৌ তুলি)২
কত বৰষা কত বসন্ত
(ছন্দে ছন্দে বকুল গন্ধে)২
মালিনিমাই সুৰ কবি
মালিনীমাই মালিনী ।।
–
কণ্ঠঃ- দিপালী বৰঠাকুৰ
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া
'ডালে ডালে গাই কুলি বুলবুলি'- দীপালি বৰঠাকুৰে গোৱা এই গীতটি লিখিছিল ফণী তালুকদাৰে। জীতেন দেৱে সুৰ দিছিল গীতটি। কুলি, বুলবুলিৰ লগতে ফাগুণ, পলাশ সকলোকে সামৰি এক শিহৰণ ভৰা শব্দৰ সম্ভাৰত সুৰৰ তন্দ্ৰাজালত আৱদ্ধ কৰিছিল তেওঁ-
'ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কুলি বুলবুলি
বন ময়ুৰীৰ সতে পেখম,
বন ময়ুৰীৰ সতে পেখম,
ঐ পেখম তুলি তুলি.!
গাই বুলবুলি..!
ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কুলি বুলবুলি…!
ফাগুনে অগনি জ্বলে,
পলাশত ৰং ঢালে
পলাশত ৰং ঢালে..!
পছোৱাৰ সতে সেয়ে,
গছে পাতে হালে জালে
চঞ্চল গাভৰুৰ খোপা..!
চঞ্চল গাভৰুৰ খোপা
ঐ খোপা যায় খুলি,
গাই বুলবুলি !
ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কুলি বুলবুলি ..!
মন নাচে, হিয়া যাচে,
ৰঙতে ৰাঙলী কইনা সাজোন কাঁচে
মন নাচে, হিয়া যাচে,
ৰঙতে ৰাঙলী কইনা সাজোন কাঁচে
আবেগে উতলা তনু,
মননিত বাজে বেণু, বাজে বাজে বেণু
শিহৰণ লাগি কিনো জাগে অণু পৰমাণু
মিলন বাৰতালৈ বসন্ত..!
মিলন বাৰতালৈ বসন্ত, বসন্ত, আহিল বুলি
গাই বুলবুলি..!
ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কুলি বুলবুলি..!!'
'বকুল বনত জোনাক যামিনী'- দীপালি বৰঠাকুৰৰ কণ্ঠৰ এই গীতটোৰ কথা আছিল শ্যামনন্দ বৈশ্যৰ। পূৰ্ণেন্দু চক্ৰৱৰ্তীয়ে সুৰ দিছিল গীতটো। বকুল বনত জোনাক যামিনী, তাৰ মাজতেই জোনাকী হাঁহি, দুবৰিৰ বুকুত বিয়পি থাকে নিয়ৰৰ মুকুতা। জোন-জোনাকী সকলো কথা ইয়াত। হিয়াত লুকাই সকলো কথা। কিন্তু বকুল ফুলে প্ৰবাস বিলাই। কোনোবা ছন্দ লাগি কলমে নাচিলে জোনাকে হাঁহে। দীপালি বৰঠাকুৰে অপূৰ্ব কণ্ঠৰে প্ৰাণঢালি গাইছিল সেই কথাবোৰেই-
'(বকুল বনত জোনাক যামিনী)২
জোনাকীয়ে হাঁহি যায় যায়
জোনাকীয়ে হাঁহি যায়..
দুবৰিৰ বুকুতে নিয়ৰৰ মুকুতা
ৰঙতে তিৰবিৰায় যায়
জোনাকীয়ে হাঁহি যায়..
–
সমীৰে সাদৰে হিয়াতে লুকায়
বকুল ফুলৰ সুবাস বিলায়..
কোন সু কবিৰ ছন্দ লাগি
সেই কলয়ে নাঁচি যায় যায়
জোনাকীয়ে হাঁহি যায়..
–
বিলৰ বুকুত কিনো উলাহতে,
মেলে কুমুদৰে পাহি
–
পানচপানি সপোন ভাঙি
সৰু সৰু ঢৌ যায় ভাহি
ফুলোঁনে নুফুলোঁ কুমলীয়া কলি
লাজতে মৰহি পৰে ঢলি ঢলি
ওঁৰণি আঁৰতে মুখনি লুকায়
জোনৰ ৰূপকে চাই চাই
জোনাকীয়ে হাঁহি যায়
–
(বকুল বনত জোনাক যামিনী)২
জোনাকীয়ে হাঁহি যায় যায়
জোনাকীয়ে হাঁহি যায়…. ।।'
"আগলি কলাপাত লৰে কি চৰে/বাঁৱে চকু মোৰ ঘনে ঘনে লৰে'- এয়া কিহৰ চিন? দুৰণিত থকা চেনাইজন আহিব ঘৰলৈ। কাউৰী আহে, চোতালত পৰি থকা ধান খাই। কৈ যায় ঘৰলৈ কোনোবা আহিব নেকি? আলহী নে অমংগল? অসমীয়া মানুহৰ সেই জনবিশ্বাসক লৈ নিৰ্মলাপ্ৰভা বৰদলৈয়ে লিখা এই গীতটো ভৱেন বৰঠাকুৰে সুৰ দিছিল আৰু গাইছিল দীপালি বৰঠাকুৰে।
'আগলি কলাপাত লৰে কি চৰে
বাঁৱে চকু মোৰ ঘনে ঘনে লৰে
আগলি কলাপাত লৰে কি চৰে
–
দূৰণিত থকা মোৰ
'বুকুৰে চেনাই সোণ)২
এতবাৰ যেন ঘৰলৈ আহে
(আগলি কলাপাত লৰে কি চৰে)২
–
কাউৰী যা
তই উৰি উৰি যা
চোতালত দিলোঁ চন
এভাগি খা
(অ')কাউৰী যা
তই উৰি উৰি যা
উগুলে ঠুগুলে
বুজাওঁ কিনো দৰে
কেনেকৈ তোমালৈ মনত পৰে
দূৰণিত থকা মোৰ
(বুকুৰে চেনাই সোণ)২
এতবাৰ যেন ঘৰলৈ আহে
(আগলি কলাপাত লৰে কি চৰে)২
–
তাঁতত ফুল বা..চিছোঁ
তাঁতত ফুল বাচিছোঁ লাগিছে চেনা
ঘৰৰ বনে বাৰীত নুগুচে জেঙা
তোৰ পাচে দেখোঁ এখনি মুখকে
মনকে আমনি কৰে বাৰে বাৰে
(কাউৰী যা
(তই উৰি উৰি যা)৩ '
এনে অনেক গীত আছে দীপালি বৰঠাকুৰৰ কণ্ঠত। 'এঠেঙীয়া বগলী হৈ নাচে/অ' নাচে তামোলৰে পুলি/হাত মেলিছে নীলাই আকাশ ঢুকি পামগৈ বুলি/তামোলৰে পুলি/ অ' তামোলৰে পুলি' এইবোৰ গীততো একেই বাস্তৱ জীৱনবোধৰ ছবি। নৱকান্ত বৰুৱাই লিখিছিল এই গীত দীপালি বৰঠাকুৰৰ বাবে-
'হে যুদ্ধ বিদায়
(হে যুদ্ধ বিদায়)৩
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
(কলীয়া নকৰা হায় !)২
(হে যুদ্ধ বিদায়)২
=
(আমাৰে সীমান্তত
যি ভুল কৰিলা
কত যে মাতৃৰ
বুকু শুদা কৰিলা )২
কত যে শিৰত সেন্দুৰ মচিলা
আমাৰে সীমান্তত
যি ভুল কৰিলা
সেই ভুল নকৰা দুনাই..
–
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
(হে যুদ্ধ বিদায়)৩
–
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
হে যুদ্ধ বিদায়
=
(আমি যে শান্তিৰে কপৌ এজাক
দেউকাত লাগিলে ধোঁৱাৰে দাঁগ )২
কৃষ্টি হেৰাল আৰু বন্ধু হেৰাল
–
(কৃষ্টি হেৰাল আৰু বন্ধু হেৰাল
পাঠ পাহৰোঁ আপুনি হিংসা অগনি জ্বলাই)২
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
(হে যুদ্ধ বিদায়)২
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
হে যুদ্ধ বিদায়
=
(হে যুদ্ধ বিদায়)২
–
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
(হে যুদ্ধ বিদায়)২
–
(হে যুদ্ধ বিদায়)৬'
সুৰৰ আকাশত তেওঁ ৰামধেনু চটিয়াইছিল। আৱেগৰ বোকোচাত তেওঁ ৰামধেনু চটিয়াইছিলে। নিয়তিয়ে সহ্য নকৰিলে। ২৭ বছৰ বয়সতে তেওঁ ৰোগত আক্ৰান্ত হৈ কণ্ঠ হেৰুৱাইছিল। তাৰ পাছত তেওঁ গাব নোৱৰা হৈছিল গীত। কিন্তু তাৰ পূৰ্বে যিবোৰ গীত গাইছিল, সেই গীতবোৰে তেওঁক অমৰ কৰি গ'ল। প্ৰতিটো গীততেই নতুনত্ব, প্ৰতিটো গীততেই তেওঁৰেই উপস্থিতি আজি। লুইতক লৈ দীপালি বৰঠাকুৰে গোৱা গীতটো আছিল লীলা গগৈয়ে লিখা আৰু মুকুল বৰুৱাই সুৰ দিয়া। 'লুইতে নেযাবা লুইতি কোঁৱৰ ঐ/পাৰতে ৰূপালী বালি'
'লুইতে নেযাবা লুইতি কোঁৱৰ ঐ
পাৰতে ৰূপালী বালি
দক্ষিণাৱলীৰ মৃদু পৰশত
নাচিছে বিৰিণা ডালি
–
লুইতৰে বালি বগী ঢকে ঢকী
ওপৰে শৰালি হালি
দুপাৰে দুহালি চাকৈ চকোৱা
ক'তে কি বতৰা পাবি
–
লুইতি কোঁৱৰে চেনেহ যাচিলে
কোন কুঁৱৰীলৈ বুলি
লুইতৰ পাৰৰে কঁহুৱা বননি
ডাৱৰ যেন শুকুলা ঢৌ
চিনাকি গাঁৱৰে চেনাইৰে চাৱনি
চকুত যেন মৌ'
এদিন বেলুন উৰুৱাইছিলো আমি। ৰঙে ৰঙে ওলাহতে আকাশত উৰুৱা বেলুনবোৰৰ মাজতেই উৰিছিল আমাৰ মৰমবোৰ। বেলুন উৰুৱা আকাশতে ৰঙে ৰঙে উলাহিত হৈ দীপালি বৰঠাকুৰে গাইছিল আন এটি গীত-
'বেলুন উৰা আকাশতে
আমাৰ মৰম উৰে
ৰামধেনুৰ সাতো ৰঙে
ৰঙতে আদৰে
–
ৰঙা ৰঙে উলাহতে
কথা এটি ক'লে
ভন্টি তোমাৰ মৰমখিনি
মিঠা মিঠা লাগে
–
তৰা যেন সোণোৱালী
ৰঙে মাত লগালে
ভাইটি তোমাৰ হাঁহিটিও
তৰা ফুল ফুলে
–
অ' ভাইটি অ' ভন্টি
সোণটি আহি ক'লে
বেলুন উৰি পালে সউ
দেশ সূৰুযৰে ।।'
মাটিৰ মানুহ মাটিত মিলি যায়। কাৰোৰে বাধা দিয়াৰ শকতি নাই। থৈ যায় কৃতি। স্মৃতিসোধ হৈ ৰৈ যায় সেই সৃষ্টি। সেয়ে আজি দুখৰ বৃষ্টি। খবৰটো পোৱাৰ লগে লগে উচুপি উঠিছে চিনাকি-অচিনাকি সকলো। কিন্তু তাৰ মাজতেই তেওঁৰ সেই গীতবোৰে কৈছে আজি তেওঁৰ কথা। তুমি নাথাকিলেও জোন-বেলি থাকিব, থাকিব তোমাৰ কণ্ঠত সোণৰ খাৰু নালাগে, অ' জোনে জোনালী, যায় অ' ৰূপৱতী যায় আদি অনেক গীত। তোমাক লৈ কোনোদিনেই কাৰো আক্ষেপ নাছিল। আজি খালী আক্ষেপ থাকিব তুমি কাষত নথকা। সেই শূন্য ঘৰটোত জীৱনৰ কঠোৰ সংগ্ৰামৰ যাতনা আজি অতীত হৈ পৰি ৰ'ব। চাই ৰ'ব খালী বিচনা তেওঁ। উদাস ভৰা দৃষ্টিৰে শিল্পীৰ তুলিকাৰে আকৌ সজাব তোমাক। তেওঁৰেই নাম নীলপৱন। তুমিতো কৈ গৈছা তেওঁক- 'হাঁহি থাকিব, চকুলো নুটুকিবা, তোমাৰ হিয়া থাকিব তেওঁৰ সৈতে, আমাৰ সৈতে…'
(গীতসমূহৰ ভিডিঅ' ইউটিউবৰ পৰা সংগ্ৰহৃত। গীতসমূহৰ কথা সেই ভিডিঅ'ৰ পৰা লিপিৱদ্ধ কৰিলে ডিম্পুল বৰগোঁহাই, পলাশজ্যোতি গগৈ, পংকজ তৰুণ আৰু ৰাজৰ্ষি চহৰীয়াই।)