/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ea4f88e2-a357-49af-bf32-9f37277e68b4.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পৰাগ কুমাৰ দাস। অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিকগৰাকীৰ সৈতে কাৰোবাৰ মত পাৰ্থক্য থাকিব পাৰে। কিন্তু তেওঁৰ ত্যাগ আৰু অৰিহণালৈ কোনেও আঙুলি তুলিব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-backside-de.jpg)
পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৩ বছৰ পূৰণ হ'ল। শ্ৰদ্ধাঞ্জলি, স্মৰণ সভাই পৰাগ দাসক জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে। কিন্তু প্ৰকৃত পৰাগ দাসজনক আজিও আমি ধৰিব ৰাখিব পৰা নাই। পৰাগ দাসৰ আদৰ্শৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাত কোনোবাখিনিত খুট ৰৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-maas-krmasala.jpg)
পৰাগ দাসে বিচাৰিছিল অসমৰ সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ শোষন নীতি তথা এখন শোষণমুক্ত অসম। তেওঁ সদায় আৰ্থনৈতিক স্বাধীনতা আৰু স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব দিছিল।
৮০ দশকতেই পৰাগ কুমাৰ দাসে 'প্ৰান্তিক' আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল। ১৯৬১চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ দাসে গুৱাহাটীৰ চেনীকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-das-childhood-Untitled-1.jpg)
সৰুৰে পৰা মেধাৱী আছিল পৰাগ কুমাৰ দাস। ১৯৭৭চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-mother-fffUntitled-2.jpg)
পৰাগ দাসৰ পিতৃ আছিল আৰক্ষী বিভাগত কৰ্মৰত। পিতৃ-মাতৃয়ে ভাবিছিল- পৰাগ কুমাৰ দাসে আন মেধাৱী ছা্ত্ৰৰ দৰে ডাক্টৰ-ইঞ্জিনিয়াৰ পঢ়িব। স্বাভিমানী পৰাগ দাসে কিন্তু কলা শাখাত অধ্যয়ন কৰাৰ সিদ্ধান্ত ল'লে।
দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে তেওঁ। তাৰপাছত স্কুল অৱ ইক'নমিকছৰ পৰা স্নাতক ডিগ্ৰী ল'লে পৰাগ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/teenage-pic-of-parag-kr-dasUntitled-10.jpg)
১৯৮৪চনত তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁ। তাৰপাছত ইউনিট ষ্ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে পৰাগ কুমাৰ দাসে যোগদান কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো তেওঁ ভৰি থয় প্ৰত্যক্ষভাৱে।
চাকৰিৰ ধনেৰে তেওঁ প্ৰকাশ কৰিছিল বুধবাৰ নামৰ কাকতখন। এই সাপ্তাহিক কাকতখনে সেই সময়ত ৰাজ্যত তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। সোতৰ বিপৰীতে গৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁ মুকলিকৈ লিখিছিল বহু কথা। ভয় শব্দ পৰাগ কুমাৰ দাসৰ অভিধানত নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-budhbaarUntitled-4.jpg)
পৰাগ দাসে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই তেওঁক দুবাৰকৈ ৰাষ্ট্ৰই গ্ৰেপ্তাৰ কৰিছিল। ১৯৯২ আৰু ১৯৯৩চনত ৰাষ্ট্ৰ নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। কিন্তু ৰাষ্ট্ৰযন্ত্ৰই ৰঙাচকু দেখুৱালেও সেই চকুলৈ তেওঁ ভয় কৰা নাছিল। লিখি গৈছিল ইখনৰ পাছত সিখন গ্ৰন্থ।
স্বাধীনতাৰ প্ৰস্তাৱ নামৰ পৰাগ দাসৰ গ্ৰন্থখন চৰকাৰে নিষিদ্ধ কৰাৰ লগতে এই গ্ৰন্থৰ কপী সমূহ জব্দ কৰিছিল। 'ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি' বিচাৰি পাঠকে হাহাকাৰ লগাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/books-of-parag-kr-daaas.jpg)
১৯৯৪চনৰ পৰা তেওঁ আগান নামৰ এখন বাৰ্তালোচনী প্ৰকাশ কৰিছিল। সেই আলোচনীখন আছিল ১০দিনীয়া। মুঠ ২৪ টা সংখ্যা প্ৰকাশ হৈছিল আগানৰ। জাতীয় জীৱনৰ বহু কথা সেই আগানৰ জৰিয়তে পৰাগ দাসে দাঙি ধৰিছিল।
'আগান' আছিল সেই সময়চোৱাত চৰকাৰৰ বিপক্ষে জনসাধাৰণৰ মত প্ৰকাশ কৰা এখন বলিষ্ঠ বাৰ্তালোচনী। আগান কেতিয়া আহিব বুলি দোকানত পাঠক ৰৈ আছিল। অসমৰ সম-সামৰিক পৰিস্থিতিৰ আভাস তুলি ধৰিছিল পৰাগ দাসে 'আগান'ৰ জৰিয়তে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-agani-Untitled-5.jpg)
সাংবাদিক-সম্পাদক ৰূপে দায়িত্ব পালন কৰাৰ লগতে এগৰাকী মানৱ অধিকাৰৰ কৰ্মী ৰূপে পৰাগ দাসে ১৯৯১চনৰ পৰাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰথম আহ্বায়ক আছিল পৰাগ দাস।
আলফা আৰু আন বিদ্ৰোহী সংগঠনৰ দমনৰ নামত উত্তৰ-পূবত চলিছিল সেনাৰ সন্ত্ৰাস। সাধাৰণ লোকৰ অধিকাৰ খৰ্ব হৈছিল সেই সময়ত। তেতিয়াই পৰাগ দাসে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-speechUntitled-7.jpg)
উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰধান সচিব পদতো আছিল পৰাগ কুমাৰ দাস। ১৯৯২চনত গঠিত হোৱা বাকস্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল পৰাগ কুমাৰ দাস।
পৰাগ কুমাৰ দাসে বুজিছিল- জাতি-জনগোষ্ঠীসমূহৰ স্বঅধিকাৰ অবিহনে প্ৰকৃত স্বাধীনতা সম্ভৱ নহয়। তেওঁ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধেও কলম তুলি লৈছিল। সাংবাদিকতাৰ দিশত কোনো দিনে আপোচ কৰা নাছিল পৰাগ কুমাৰ দাসে।
ৰাজ্যৰ সম্পদৰ প্ৰকৃত ব্যৱহাৰৰ হৈ তেওঁ মাত মাতিছিল। সাংবাদিক হকে মানৱ অধিকাৰৰ বাবে যুঁজিবলৈ তেওঁ লোভনীয় ষ্টক এক্সছেঞ্জৰ চাকৰিও বাদ দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-oneneUntitled-6.jpg)
চাকৰি এৰি পৰাগ কুমাৰ দাসে ১৯৯৫চনত যোগ দিছিল 'অসমীয়া প্ৰতিদিন' কাকতত। প্ৰথম তেওঁ এই কাকতখনৰ কাৰ্যবাহী সম্পাদক আছিল। গণতান্ত্ৰিক সংগ্ৰাম তেওঁ তীব্ৰতৰ কৰিছিল। অসমত তেওঁ সেই সময়ত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।
পৰাগ দাসে সাহস আৰু যুক্তি তথা তথ্যৰে বাতৰি পৰিৱেশনত গুৰুত্ব দিছিল। সাংবাদিকতাক তেওঁ নতুন ধাৰাৰে আগুৱাই নিব খুজিছিল। সাংবাদিকৰ উদ্দেশ্য কেৱল খবৰ দিয়াই নহয়। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁৰ কলম চলিছিল অহৰহ। কেন্দ্ৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, অসমৰ সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ হকে জনসাধাৰণক জাগ্ৰিত কৰা আদি কাম পৰাগ দাসে কৰিছিল। তেওঁ দেখিছিল স্বাভিমানেৰে অসমীয়া জাতি জীয়াই থকাৰ সপোন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-telifoneUntitled-3.jpg)
মানৱ অধিকাৰ উলংঘৰ বিৰুদ্ধে তেওঁ আছিল অতি সৰৱ। সেই সময়ত মানৱ অধিকাৰৰ মূল চালিকা শক্তি আছিল পৰাগ দাস। বহু প্ৰশ্নৰ উত্তৰ তেওঁ ৰাষ্ট্ৰৰ পৰা বিচাৰিছিল, যিবোৰ প্ৰশ্নৰ উত্তৰ তেওঁক ৰাষ্ট্ৰই দিব পৰা নাছিল।
'ছাংলট ফেনলা' পৰাগ দাসৰ আছিল এখন উল্লেখযোগ্য গ্ৰন্থ। য'ত তেওঁ স্বাধীন ৰাষ্ট্ৰৰ সপোন দেখা বিপ্লৱীসকলক মুক্তভাৱে সমালোচনা কৰাই নহয়, ইয়াৰ বাস্তৱ সন্মত ফলাফলৰ আভাস দিবলৈ যন্ত কৰিছিল।
পৰাগ দাসে মানৱ অধিকাৰ আন্দোলনৰ জৰিয়তে গঢ়ি তোলা গণসংগ্ৰামৰ পটভূমিত ৰাজ্যৰ বিদ্ৰোহী সমস্যাৰ শান্তিপূৰ্ণ সমাধান সূত্ৰ উলিয়াবৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল। ৰাষ্ট্ৰই বিচ্ছিন্নতাবাদীৰ এই আন্দোলনত সাংবিধানিক অধিকাৰ বুলি মানি লৈ ইয়াক স্বীকৃতি দিয়াৰ বাবে পদক্ষেপ গ্ৰহণৰ হকে মাত মাতিছিল।
পৰাগ দাসৰ শক্তিশালী কণ্ঠ আৰু কাৰো ওচৰত আঁঠু নকঢ়াৰ মানসিকতাৰ বাবেই সৰ্বসাধাৰণ মাজত তেওঁৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছিল। কিন্তু তাৰ বিপৰীতে শাসক গোষ্ঠীৰ বাবে পৰাগ দাস হৈ পৰিছিল এক প্ৰত্যাহ্বান।
পৰাগ দাসে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ নাছিল শাসকসমূহৰ হাতত। ১৯৯৬ চনৰ ১৭ মে', পৰাগ দাসে সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ আহিছিল। সন্তানক লৈ ঘৰলৈ উভতিব লওঁতেই ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-last-rites.jpg)
কেইদিনমানৰ পূৰ্বে শাসনলৈ অহা অগপ চৰকাৰ পৰাগ দাসৰ এই হত্যাকাণ্ডক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। পৰাগ দাসক হত্যা কৰাৰ পাছত চৌদিশে হাহাকাৰ লাগিছিল। সাহসী সাংবাদিকজনৰ মৃত্যুৰ খবৰে অসমবাসীক আৱেগিক কৰি তুলিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/pratidin-news-parag-died.jpg)
প্ৰথমবাৰৰ বাবে এই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰবাল প্ৰতিবাদ হৈছিল। পৰাগ দাসক শেষ বিদায় জনাবলৈ ৰাজপথত মানুহৰ লানি লাগিছিল। দোষীক কৰায়ত্ত কৰিবলৈ দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল। পৰাগ দাসক কিয় হত্যা কৰা হ'ল সেই কথা কোনেও নুবুজাকৈ থকা নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-das-samadhi-ajit-bhuya.jpg)
এই হত্যাকাণ্ডৰে অভিযুক্ত কৰা হৈছিল ৪জনক। চাৰিওজনে আছিল ছালফাৰ সদস্য। তেওঁলোক আছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিৎ শইকীয়া, নয়ন দত্ত ওৰফে গুলী।এই হত্যাকাণ্ডৰ বিচাৰ আদালতত চলিল। প্ৰায় ৬ বছৰৰ অন্তত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশত অভিযোগনামা দাখিল কৰিছিল চিবিআই-য়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/parag-kr-das-samadhi-oneommkoreUntitled-17.jpg)
পৰাগ দাসৰ হত্যাৰে নাম সাঙোৰ খোৱা সকলৰ দুজন ক্ৰমে- দিগন্ত বৰুৱা আৰু তপন দত্তৰ ছাৰ্জশ্বীট দাখিলৰ আগতেই মৃত্যু হৈছিল। ২০০৩চনত উন্মুক্ত জনতাই নয়ন দাসক হত্যা কৰিছিল। ১৩ বছৰৰ পাছত ২০০৯চনত পৰাগ দাসৰ হত্যাকাণ্ডৰ বিচাৰৰ ৰায় দিলে। উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত অভিযুক্ত দোষমুক্ত হ'ল। আনক ন্যায় দিব বিচৰা মানুহজনেই ন্যায়ৰ পৰা বঞ্চিত হ'ল।
পৰাগ দাসৰ মৃত্যুৰ পাছত চলা এই বিচাৰ প্ৰক্ৰিয়াক লৈ যথেষ্ট আলোচনা হয় আজিও। বিশেষকৈ দিনদুপৰতে হত্যা কৰা পৰাগ দাসৰ দৰে এজন সাংবাদিকৰ ক্ষেত্ৰত স্বাক্ষৰ প্ৰমাণৰ অভাৱ ঘটা কথাষাৰ সহজভাৱে ল'ব নোৱাৰি।
পৰাগ দাসেই অসমত হত্যাৰ বলি হোৱা প্ৰথম সাংবাদিক নাছিল। ইয়াৰ পূৰ্বেও অসমত হত্যাৰ বলি হৈছিল কেইবাজনো সাংবাদিক। ১৯৮৭চনত কামপুৰত 'দ্য আছাম ট্ৰিবিউন' কাকতৰ সাংবাদিক পূনৰমল আগৰৱালাক হত্যা কৰা হৈছিল।
১৯৯১চনৰ ৯ আগষ্টত শিৱসাগৰত হত্যা কৰা হৈছিল 'আজিৰ অসম'ৰ সাংবাদিক কমলা শইকীয়াক। ১৯৯৫চনৰ ১৯ আগষ্টত সন্দেহযুক্ত চোৰাং কাঠ বেপাৰীয়ে হত্যা কৰিছিল 'দ্য নৰ্থ-ইষ্ট টাইমছ'ৰ সাংবাদিক পবিত্ৰ নাৰায়ণক। সেই বছৰেই ২৪ ছেপ্টেম্বৰত গোড়েশ্বৰত দীপক খৰগেয়াৰীক হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই।
১৯৯৬ৰ ২৬ এপ্ৰিলত গোড়েশ্বৰত মানিক দেউৰী নামৰ সাংবাদিকগৰাকীৰ বি এল টিয়ে হত্যা কৰাৰ পাছত ১৯৯৬চনৰ ১৭ মে'ত গুৱাহাটীত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক পৰাগ দাসক হত্যা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/aac9b9fa-7817-4096-ac2c-1846af719a76-1024x649.jpg)
ইয়াৰ পাছত সৃষ্টি হোৱা প্ৰতিবাদে সাংবাদিকৰ নিৰাপত্তাৰ দিশত কিছু পৰিবৰ্তন আনিব বুলি ভবা হৈছিল যদিও, সেয়া নহ'ল। ১৯৯৭চনত কোকৰাঝাৰৰ কচুগাঁৱত পাঞ্জা আলী নামৰ স্থানীয় সাংবাদিকগৰাকীক, ১৯৯৮চনত নগাঁৱৰ হোজাইত মাফিয়াই হত্যা কৰে নুৰুল হক নামৰ আন এজন সাংবাদিকক।
১৯৯৯চনত শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হোৱা গ্ৰেণেড বিস্ফোৰণত নিহত হৈছিল দুজনকৈ সাংবাদিক। তেওঁলোক ক্ৰমে- চিত্ৰ সাংবাদিক আলফেইড চাজাদ আৰু সাংবাদিক জিতেন চুতিয়া। সেই বছৰেই বৰপেটাত হত্যা কৰা হয় ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী নামৰ আন এজন জ্যেষ্ঠ সাংবাদিকক।
২০০৩চনৰ ২৪ মাৰ্চত গুপ্ত ঘাতকে হত্যা কৰে সাংবাদিক দীনেশ ব্ৰহ্মক। উক্ত বচৰটোতেই গোৱালপাৰাৰ আগীয়াত আমাৰ অসম নামৰ কাকতখনৰ সাংবাদিক ইন্দ্ৰমোহন হাকাচামাকো হত্যা কৰা হৈছিল। ২০০৫চনৰ ৬ জানুৱাৰীত অসমীয়া খবৰৰ সাংবাদিক প্ৰহ্লাদ গোৱালা আৰু ২০০৬চনৰ ২৯ অক্টোবৰত শোৱালকুচিত গণক ৰাজ মেধিক২০০৭চনত হোজাইত মহম্মদ মুচলিমুদ্দিন, ২০০৭চনৰ ১ এপ্ৰিলত কোকৰাঝাৰৰ ভৱানীপুৰত বডছা নাৰ্জাৰীক হত্যা কৰা হয়। কোকৰাঝাৰতেই ২২ নবেম্বৰ ২০০৮চনত জগজিৎ শইকীয়াক হত্যা কৰাপাছত ২০০৯চনৰ ২৪ মাৰ্চত অনিল মজুমদাৰক হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/275b6184-81e7-444c-a2ed-6524e19bdf72-1024x768.jpg)
২০১০চনৰ ৪ ছেপ্টেম্বৰত বিমল প্ৰদাস তালুকদাৰক হোজাইত, ২০১২ চনৰ ৮ ছেপ্টেম্বৰত ৰায়হানু নাইমেক ধুবুৰীত হ্ত্যা কৰে দুৰ্বৃত্তই। ইয়াৰোপৰি সাংবাদিক নিগ্ৰহৰ ঘটনা ঘটিয়েই থাকে। অতি শেহতীয়াকৈ নলবাৰীত ৰাজেন ডেকা নামৰ সাংবাদিকগৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে।
সাংবাদিক নিৰ্যাতনৰ ঘটনা ৰাজ্যত সংঘটিত হৈয়ে আছে। হত্যাকাণ্ডৰ বলি হোৱা সাংবাদিকসকলেও ন্যায় পোৱা নাই। কোনো এজন সাংবাদিকৰ হত্যাকাৰীয়ে এতিয়ালৈকে উচিত শাস্তি পাইছে বুলি ক'ব নোৱাৰি। শাস্তি নাপালে খোদ পৰাগ কুমাৰ দাসৰ দৰে বিশিষ্ট সাংবাদিকৰ হত্যাকাৰীয়ে।
মৃত্যু হোৱা সাংবাদিকজনক ঘূৰাই আনিব নোৱাৰি। কিন্তু তেওঁৰ আদৰ্শক জীয়াই ৰাখিব পাৰি। পৰাগ দাসৰ আদৰ্শক নতুন প্ৰজন্মৰ সাংবাদিকৰ মাজলৈ লৈ যোৱাৰ বাবে যথেষ্ট কৰণীয় আছিল। সাংবাদিকগৰাকীৰ কৰ্মৰাজীৰ প্ৰকৃত মূল্যায়ন, তেওঁৰ সাংবাদিকতাৰ ধাৰাক লৈ গৱেষণা আদি কামৰ বাবে উদ্যোগ লোৱাৰ প্ৰয়োজন এতিয়া।
সাংবাদিকৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কমিছে। অথচ পৰাগ দাসৰ দৰে সাংবাদিকে জনসাধাৰণ আৰু সাংবাদিকৰ মাজত সু-সম্পৰ্ক স্থাপন কৰাই নহয়, এক গণ আন্দোলন গঢ়ি তুলিছিল। নতুন প্ৰজন্মৰ সাংবাদিকসকলক এই আদৰ্শৰে আগবাঢ়ি যাবলৈ আৰু তেওঁৰ নীতি, সাহসিকতাৰ প্ৰতি আকৰ্ষিত হ'ব পৰাকৈ আজিও বাস্তৱ সন্মত কৰ্মসূচী কোনোবাই প্ৰস্তুত কৰা বুলি ক'ব নোৱাৰি।
পৰাগ দাসৰ নামত তেওঁৰ একালৰ সতীৰ্থই সাংবাদিকতা বঁটা প্ৰবৰ্তন কৰি এই ক্ষেত্ৰত দায়িত্ব পালন কৰিছে যদিও, কৰণীয় আৰু যথেষ্ট আছে। পৰাগ দাসৰ ভাতৃ পল্লৱ কুমাৰ দাসে তেওঁৰ মৃত্যু তিথিত লিখা 'সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰক গুৰুত্ব নিদিয়াৰ প্ৰৱণতা বৃদ্ধি পাইছে' শীৰ্ষ লেখাত কেইটামান গুৰুত্বপূৰ্ণ কথা লিখিছিল- 'এই দীঘলীয়া সময়চোৱাত বহু শুভাকাংক্ষী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, অধিবক্তা আৰু সাধাৰণ জনতাৰ সহযোগিতাত আমি আদালতৰ মজিয়াত বহু সময়ত যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছিলো। কিন্তু হত্যাকাণ্ডটোৰ অনুসন্ধানৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ অসহযোগিতা আৰু নিৰ্লিপ্ততাৰ বাবে আমি পৰাগ দাস হত্যাৰ ন্যায় বিচাৰৰ পৰা বঞ্চিত হৈছিলো। ঘাত-প্ৰতিঘাতেৰে ভৰা সেই পোন্ধৰটা বছৰৰ ন্যায়ালয়ৰ যুদ্ধখনে আমাৰ সন্মুখতে আমাৰ ব্যৱস্থাটোৰ বহুতো দিশ উন্মোচন কৰি দিছিল। আমি বৰ হতাশাৰে প্ৰত্যক্ষ কৰিছিলো চৰকাৰী আগ্ৰাসনৰ বিপৰীতে আমাৰ ন্যায় ব্যৱস্থাটোৰ অসহায় অৱস্থিতি। আমি তাতোকৈ বেছি হতাশ হৈছিলো আমাৰ সমাজৰেই ভদ্ৰলোকৰ মুখা পিন্ধা এচামৰ মুখাৰ আঁৰৰ মুখবোৰৰ প্ৰৰকৃত স্বৰূপবোৰ দেখি। আমাৰ তিক্ততাপূৰ্ণ এই দীঘলীয়া পৰিক্ৰমা প্ৰকাশ হ'লে হয়তো এখন গ্ৰন্থৰ ৰূপ ধাৰণ কৰিব পাৰে। হয়তো এই লেখা এই গ্ৰন্থৰ পাতনিও হ'ব পাৰে।'
পৰাগ কুমাৰ দাস কাৰোবাৰ ব্যক্তিগত স্মৃতি হৈ এতিয়া জীয়াই আছে। কিন্তু আমি তেওঁক পৰাগ কুমাৰ দাস ৰূপত জীয়াই ৰাখিব পাৰিলেহে সেই সময়ৰ দৰে সাহসী-বিশ্বাসযোগ্যৰ সাংবাদিকৰ জৰিয়তে এক সুস্থ সাংবাদিকতাৰ ধাৰা গঢ়ি তুলিব পাৰিম বুলি আশা কৰিব পাৰি। পৰাগ দাসৰ বহু সপোন আছিল। সেই সপোনবোৰ পূৰণ কৰিব বাবে তেওঁৰ আদৰ্শক সমাজমুখী কৰিব লাগিব। সমাজত পৰাগ কুমাৰ দাসৰ আদৰ্শ কেৱল 'পৰাগ দা' হৈ নহয়, পৰাগ কুমাৰ দাসৰ আদৰ্শ হৈ সৰ্বত্ৰে বিয়পি পৰক। সেই পদক্ষেপ ল'ব লাগিব তেওঁৰ অনুগামীসকলে।