কাৰ্গিল যুদ্ধক্ষেত্ৰৰ অসমৰ সেই ভগৱানজন…

কাৰ্গিল যুদ্ধক্ষেত্ৰৰ অসমৰ সেই ভগৱানজন…

author-image
asomiyapratidin
New Update
কাৰ্গিল যুদ্ধক্ষেত্ৰৰ অসমৰ সেই ভগৱানজন…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

যুদ্ধক্ষেত্ৰত তেওঁ আছিল ভগৱান! তেওঁ যুদ্ধ কৰা নাছিল, কিন্তু কাৰ্গিল যুদ্ধৰ সময়ত যুদ্ধৰত সৈনিকৰ কাষত আছিল। শত্ৰুৰ বন্দুকৰ গুলিত আহত বহু ভাৰতীয় সেনা জোৱানৰ প্ৰাণৰক্ষা কৰিছিল তেওঁ। এমাহ ধৰি তেওঁ যুদ্ধক্ষেত্ৰত থাকোতে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছিল। আহত জোৱানসকলৰ আৰ্তনাদ শুনি চকুৰে চকুপানী সৰিছিল।

কাৰ্গিলৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈক এতিয়াও এনেদৰে সোঁৱৰে মাতৃয়ে…

তথাপিও তেওঁ চকুপানী লুকুৱাই আহত সৈনিকসকলক শান্তনা দিছিল- 'একো নহয়, ঠিক হ'ব।' এদিন হঠাৎ খবৰ আহিছিল- বিক্ৰম নামৰ এজন সেনা জোৱানৰ পেটত গুলি লাগিছে। এটা গুহাত আশ্ৰয় লৈ আছিল তেওঁ। খবৰ পোৱা মাত্ৰকে পিঠিত ৪৫ কেজি ওজনৰ বেগটো লৈ তেওঁ আগবাঢ়ি গৈছিল সেই স্থানলৈ।

দুৰ্গম অঞ্চল, এফালে পাহাৰ আনফালে বৰফ। তাৰ মাজতে শত্ৰু সেনাৰ গুলিৰ ভয়। বিক্ৰমক তেওঁ ভালদৰে পৰ্যবেক্ষণ কৰিলে। পেটত গুলি লাগি পাকস্থলী আৰু পেটৰ নাৰী-ভূঁ ওলাই গৈছে। বেগত থকা এটা চেলাইনৰ বটল খুলি শিলত থৈ বিক্ৰমক দিলে। তাৰপাছত বিষৰ এটা ইনজেকচন আৰু বেণ্ডেজেৰে বান্ধি দিলে পেটটো।

প্ৰকৃতিৰ এই বিনন্দীয়া ভূমিতে এদিন বাজিছিল যুদ্ধৰ দামামা…

যুদ্ধক্ষেত্ৰৰ দৃশ্য এয়া। সেই দৃশ্যৰ কথা মনত পৰিলে তেওঁৰ আজিও চকুপানী ওলায়। মূৰটো কোলাত দাঙি ধৰি বিক্ৰমক তেওঁ পাৰ্যমানে শুশ্ৰূষা কৰিলে। কিন্তু আঘাত ইমানে গুৰুতৰ আছিল যে বিক্ৰম নাবাচিল। তেওঁৰ পিছে পিছে স্কোৱাড'নে বিক্ৰমৰ নশ্বৰ দেহ তললৈ কঢ়িয়াই লৈ গ'ল।

সেই দৃশ্য এতিয়াও তেওঁৰ চকুৰ আগত ভাহি আহে। কাৰ্গিল যুদ্ধৰ দৃশ্য আছিল এয়া। ১৯৮৬ চনতেই তেওঁ সেনাবাহিনীত যোগদান কৰিছিল এজন চিপাহী ৰূপে। যুদ্ধ আগতে তেওঁ দেখা নাছিল। প্ৰশিক্ষণৰ সময়ত যুদ্ধ কেনে হ'ব পাৰে তাৰ আভাস এটা পাইছিল। আৰু ১৯৯৯চনত বাস্তৱৰ যুদ্ধক্ষেত্ৰত তেওঁ এইদৰে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিব লগা হৈছিল।

জম্মু-কাশ্মীৰ অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে তেওঁ আছিল এখন সেনাৰ চিকিৎসালয়ত। যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তাৎক্ষণিকভাৱে তেওঁক তালৈ ফিল্ড পোষ্টিং কৰিছিল। বয়স আছিল তেতিয়া ৩৭। পূৰ্বতে জম্মু-কাশ্মীৰত কিছুদিন কাম কৰিছিল যদিও, পিছবাৰৰ অভিজ্ঞতা আছিল সম্পূৰ্ণ পৃথক।

২০ বছৰ আগৰ সেই দৃশ্য…

'মই প্ৰথম ১৮ নম্বৰ গাৰোৱাল ৰাইফলৰ লগত আছিলো। ৫১৪০ নম্বৰ পাহাৰত। দাৰাক ছেক্টৰৰ ট্ৰলিঙকে ধৰি সেই অঞ্চলটোত প্ৰায় এমাহমান মই সেৱা আগবঢ়াইছিলো। ছেকেণ্ড নগা, থাৰ্টিন জে এন কে ৰাইফল, ১৮ নম্বৰ গ্ৰেণেডিয়া ৰাইফল আদিতো সেৱা আগবঢ়াব লগা হৈছিল।'- এইদৰে সেই দিনবোৰৰ কথা সুঁৱৰিছিল তেওঁ।

সকলো সময়তে সজাগ হৈ থাকিব লগা হৈছিল। এফালে শত্ৰু সেনাৰ আক্ৰমণ, আনফালে বিষত চটফটাই ফুৰা সেনা জোৱানৰ চিকিৎসা। মোৰ কান্ধত এটা বেগ, প্ৰায় ৪৫ কেজি ওজনৰ। বেগটোত থকা বস্তুবোৰৰ ভিতৰত বেছি সংখ্যকে আছিল বিষ কমোৱা ইনজেকচন, তেজ ৰখোৱা ঔষধ, বেণ্ডেজ, এটা পৰ্টেবল অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিছিল তেওঁ। লগতে আছিল কিছু শুকান ফলৰ গুড়ি, বাদাম, মেগিৰ পেকেট, চিকেনৰ পাউদাৰৰ পেকেট আদি।

কাৰ্গিল যুদ্ধক্ষেত্ৰত তেওঁ আছিল আহত সেনাৰ বাবে ভগৱান সদৃশ…

যুদ্ধত আহত সৈনিকবোৰক চিকিৎসা কৰি তেওঁ ইফালৰ পৰা সিফালে ঘূৰি ফুৰোতে কিমান পাহাৰ বগাইছিল তাৰ হিচাপ নাছিল। তেওঁৰ লগত আছিল এটা স্কোৱাডন টীম। সেই সময়ত বৰফৰ বৰষুণৰ বাবেও বহু সমস্যাৰ সন্মুখীন হৈছিল।

যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগতে জিন্টু গগৈকো তেওঁ লগ পাইছিল। আহত সৈনিকবোৰক চিকিৎসা প্ৰদান কৰি তললৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছিল। কেতিয়াবা মানুহে দাঙি, কেতিয়াবা শাৰীপাতি সেইবোৰ তললৈ অনা হৈছিল।

নিহত সৈনিকৰ মৃতদেহ বিচাৰি যোৱা দলৰ সদস্য হৈও তেওঁ এল অ' চিৰ কাষলৈকে যাব লগা হৈছিল। শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ শিলৰ মাজত বা কেতিয়াবা গাঁত খান্দি আশ্ৰয় ল'ব লগা হৈছিল। তেওঁৰ লগত আছিল দুজন সহায়কাৰী। এজনৰ নাম আছিল ৰাজকুমাৰ।

যুদ্ধক্ষেত্ৰত পিঠিত ৪৫ কেজি ওজনৰ বেগ লৈ ঘূৰি ফুৰা শোভন চন্দ্ৰ কাকতি এতিয়া অৱসৰ লৈ ব্যস্ত সামাজিক কামত…

এইদৰে যুদ্ধক্ষেত্ৰত চিকিৎসা প্ৰদান কৰি ঘূৰি ফুৰোতে খাদ্য সংকটে দেখা দিছিল। ওপৰৰ পৰা শত্ৰুৰ ধাৰাসাৰ গুলীবৰ্ষণৰ বাবে এসপ্তাহ ধৰি প্ৰায় অনাহাৰে থাকিব লগা অৱস্থা হৈছিল। দুদিন শুকান ফলৰ পাউদাৰ, চিকেন পাউদাৰ আদি খায়ে কটাই দিছিল।

আহত সৈনিকৰ চিকিৎসাৰ বাবে নলাত পৰি চোঁচৰি চোঁচৰি আগবাঢ়িব লগা হৈছিল তেওঁলোক। য'তেই সেনাৰ জোৱান আহত হোৱাৰ খবৰ পাই তালৈকে তেওঁ আৰু তেওঁৰ দল দৌৰিব লাগে। এবাৰ খবৰ আহিছিল- চাৰিজন লোক আহত হৈ পৰি আছে একেবাৰে ট্ৰলিং পাহাৰৰ কিনাৰত। তেওঁলোক গৈছিল তালৈ। দুজনৰ ইতিমধ্যে মৃত্যু হৈছিল। আন দুজনক তললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল।

এনেদৰে যুদ্ধক্ষেত্ৰত ঘূৰি ফুৰোতে বৰফৰ মাজত দেখা পাইছিল এটা ৰঙালাও। যুদ্ধ আৰম্ভ হোৱাৰ আগতে তাত নিয়োজিত সেনাৰ বাবে নিয়া হৈছিল সেইবোৰ পাচলি। তাৰেই এটা ৰঙালাও হয়তো পৰি ৰৈছিল তাত। ইতিমধ্যে যুদ্ধ আৰম্ভ হোৱাত সেনা জোৱানসকল সুৰক্ষিত স্থানলৈ গুচি গৈছিল।

সেই দিনটোৰ স্মৃতি তেওঁৰ মনত আজিও সজীৱ। তেওঁ কৈছিল- 'আমাৰ খাদ্য নাছিল হাতত। তেনেতে দেখা পাইছিলো এই ৰঙালাওটো। কিমান যে ফূৰ্তি লাগিছিল আমাৰ সেইদিনা। আমি সেই ৰঙালাওটোকে কাটি কেচাই কেচাই খাইছিলো। ৰঙালাও নহয় যেন সেয়া আছিল আমাৰ বাবে আপেল।'

যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা বহু সেনা জোৱান বিষয়াৰ মৃতদেহ বহু দিনলৈকে বিচাৰি পোৱা নাছিল। বিচাৰি বিচাৰি যেতিয়া সেইবোৰ পাইছিলগৈ। তেতিয়া কোনো কোনো মৃতদেহ গেলিবলৈ আৰম্ভ কৰিছিল। কফিনত ভৰাই সেইবোৰ লৈ তললৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছিল।

দিনৰ ভাগত প্ৰায় যুদ্ধ বন্ধ আছিল। আবেলি ৪টা মান বজাৰ পৰা পুৱতি চাৰিটা মান বজালৈ ধাৰাসাৰ গুলীবৰ্ষণ চলে। তাৰ পাছত ছেগা-ছেৰেগাকৈ গুলীবৰ্ষণ হ'লেও কোনো পৰ্যায়ত যুদ্ধ চলা নাছিল। যি য'ত আছে তাতেই বিশ্ৰাম লৈছিল। অৱশ্যে শত্ৰু সেনাৰ ওপৰত কঠোৰ নজৰ ৰাখিব লগা হৈছিল তেতিয়াও।

সেই সময়ত এইজন লোকৰ দায়িত্ব বৃদ্ধি পাইছিল। বিভিন্ন ঠাইৰ পৰা খবৰ আহিছিল। আহত সেনাৰ কাষলৈ দৌৰিবলৈ কোনো চমু পথ নাছিল। পাহাৰৰ দুৰ্গম পথ অতিক্ৰম কৰি কৰি কেতিয়াবা তেওঁ অৱস হৈ পৰিছিল। কিন্তু মনোবল হেৰাই দিয়া নাছিল।

কাৰ্গিল যুদ্ধৰ ২০ বছৰ উপলক্ষে শোভন চন্দ্ৰ কাকতিক সম্বৰ্ধনা জনোৱা মুহূৰ্তত গোলাঘাটত…

এইদৰে যুদ্ধক্ষেত্ৰত ২ জুলাই, ১৯৯৯ লৈকে থাকি ৩ জুলাইত তেওঁ শ্ৰীনগৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। ৪ জুলাইত শ্ৰীনগৰৰ ইছলামবাট নামৰ ঠাইত আহি তেওঁলোকে জিৰণি লৈছিলহি। কিন্তু যুদ্ধৰ স্মৃতি আজিও পাহৰিব পৰা নাই।

যুদ্ধলৈ যোৱাৰ আগতে এখন এম্বুলেন্সত অতি লাগতিয়াল বস্তুবোৰ ভৰাই লৈছিল। তাৰ ভিতৰত বেছিভাগেই আছিল বিষৰ ইনজেকচন 'ফৰটুইন'। বেণ্ডেজ, তেজ ৰখোৱা ঔষধবোৰ আছিলেই। অতিৰিক্ত একো বস্তু লোৱা নাছিল। এঠাইত সেইবোৰ থৈ তাৰ পৰাই তেওঁ এইদৰে বিভিন্ন ঠাইলৈ দৌৰিব লগা হৈছিল।

চিপাহী বিক্ৰম তেওঁৰ কোলাতেই মৰিছিল। নাইনিতালৰ ফালে আছিল বিক্ৰমৰ ঘৰ। যুদ্ধ শেষ হ'ল। বহুতে এই যুদ্ধত প্ৰাণ হেৰুৱালে আৰু বহুতৰ প্ৰাণ বাচিল। প্ৰায় ৩শৰো অধিক জোৱানক চিকিৎসা কৰিছিল তেওঁ। সেই যুদ্ধক্ষেত্ৰতেই চিনাকি হোৱা গুজৰাটৰ দেৱেন্দ্ৰ সিং, হাৰিয়ানাৰ ৰাম হিট আদিৰ সৈতে এতিয়াও যোগাযোগ আছে।

জোৱান ৰূপে সেনা বাহিনীত যোগদান কৰিয়েই তেওঁ নাৰ্ছিং আৰু ফাৰ্মাচিষ্টৰ ডিপ্ল'মা লৈছিল। আৰ্মী ইনষ্টিটিউতে স্নাতক ডিগ্ৰী লৈছিল তেওঁ। কাৰ্গিল বুলি ক'লে এতিয়াও তেওঁৰ মনত সেই দৃশ্যবোৰ ভাহি আহে। সশস্ত্ৰ সেনা জোৱানৰূপে তেওঁ প্ৰত্যক্ষভাৱে যুদ্ধত অংশ নল'লেও, যুদ্ধক্ষেত্ৰৰ অন্যতম ব্যক্তি আছিল অসমৰেই এইগৰাকী বীৰ জোৱান।

কাৰ্গিল যুদ্ধৰ ২০ বছৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ভাগ লোৱা মুহূৰ্তত…

কাৰ্গিলৰ যুদ্ধৰ ২০ বছৰ হ'ল। ১৯৯৯চনৰ ২৬ জুলাইত আনুষ্ঠানিকভাৱে অন্ত পৰিছিল কাৰ্গিল যুদ্ধ। এই বীৰ জোৱানসকলৰ অৱদানৰ বাবেই ভাৰতীয় সেনাই বিজয় সাব্যস্ত কৰিছিল পাক সেনাৰ বিৰুদ্ধে। সামৰিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আন সকলক সম্বৰ্ধনা জনোৱা হয়, কিন্তু আঁৰতে ৰৈ যায় তেওঁলোকৰ কাহিনী। অৱশ্যে এই বিজয় দিৱসৰ লগত সংগতি ৰাখি ২০১৯চনৰ ২৬ জুলাইত এই সেনা জোৱানজনকো সম্বৰ্ধনা জনোৱা হ'ল গোলাঘাটত।

কাৰ্গিল যুদ্ধত আহত এজন সেনাক এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিকিৎসালয়ত খবৰ লোৱা মুহূৰ্তত…

যুদ্ধক্ষেত্ৰ মানেই ভয় লগা শব্দ। সেই যুদ্ধক্ষেত্ৰলৈ গৈ আহতজনক চিকিৎসা সেৱা আগবঢ়োৱা সাধাৰণ কথা নহয়। সেই কামেই কৰিছিল কাৰ্গিলৰ যুদ্ধৰ সময়ত এইজন অসম সন্তানে। তেওঁৰ নাম শোভন চন্দ্ৰ কাকতি। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীত তেওঁৰ ঘৰ। ২৬ বছৰ ভাৰতীয় সেনাৰ চিকিৎসা বিভাগত কাম কৰি তেওঁ ২০১২বৰ্ষৰ ফেব্ৰুৱাৰীত অৱসৰ লৈ ঘৰলৈ ঘূৰি আহিল। কিন্তু এতিয়াও লৈ ফুৰে সগৌৰৱে কাৰ্গিল যুদ্ধৰ সেইদিনবোৰৰ স্মৃতি। এইজন সেনা জোৱান সেই সময়ত আহত জোৱানসকলৰ বাবে আছিল ভগৱানৰ সদৃশ। ৩০০ৰো অধিক জোৱানক চিকিৎসা সেৱা প্ৰদান কৰি অসমৰ এই বীৰ জোৱানজনে ৰক্ষা কৰিছিল প্ৰাণ।