মাইক্র’ চিপ নহয়! কিন্তু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত থাকিব…

মাইক্র’ চিপ নহয়! কিন্তু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত থাকিব…

author-image
asomiyapratidin
New Update
মাইক্র’ চিপ নহয়! কিন্তু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত থাকিব…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এতিয়া পৰীক্ষাৰ বতৰ। সন্মুখত হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা, উচ্চতৰ মাধ্যমিক (বিজ্ঞান, কলা, বাণিজ্য) তিনিওটা শাখাৰ পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকল সাজু। পৰীক্ষাৰ এই দিন কেইটাৰ পৰিৱেশে পৰীক্ষাৰ্থী থকা পৰিয়ালসমূহৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ।

পূৰ্বতে মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ সা-খবৰ ল'বলৈ আত্মীয়-স্বজন, শিক্ষক-শিক্ষয়িত্ৰীসকল পৰীক্ষাৰ্থীসকলৰ ঘৰলৈ গৈছিল। মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱা দিনটোত পৰীক্ষাৰ কেন্দ্ৰ থকা বিদ্যালয়সমূহত ভাবিব নোৱাৰা ব্যস্ততা আৰু মানুহৰ সমাগম ঘটে।

সকলোৰে হিচাপ থাকে কেতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ'ব। সময় সলনি হোৱাৰ লগে লগে পৰিৱেশৰ সালসলনি হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ অভিভাৱকসকল অধিক সচেতন আৰু সতৰ্ক হোৱা যেন অনুভৱ হয়।

কিয়নো এই দুই পৰীক্ষাৰ আধাৰতে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ কেৰিয়াৰৰ প্ৰাথমিক বুনিয়াদ গঢ় লৈ উঠে। এতিয়া পৰীক্ষাৰ্থীসকলৰ মাজত এনে প্ৰতিযোগিতা আৰু কেৰিয়াৰ সচেতনতা বৃদ্ধি পাইছে যে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেও নিজক সেই অনুসৰি প্ৰস্তুত কৰিব লগা হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদে উদ্যোগ ল'লেও যোৱা কিছু বছৰত সেয়া সম্ভৱ হোৱা নাই। ক'ৰবাত যদি প্ৰশ্নকাকত ফাদিল হৈছে, আন ক'ৰবাত গৰুৱে মেট্ৰিকৰ উত্তৰবহী খোৱাৰ দৰে ঘটনাই পৰিষদক সমালোচনাৰ কাঠগড়াত থিয় হ'বলৈ বাধ্য কৰাইছে।

এই গুৰুত্বপূৰ্ণ পৰীক্ষাটো অনুষ্ঠিত কৰাত তিলমানো যাতে অৱহেলা নহয় তাৰ বাবে পৰিষদে যথোপযুক্ত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন হৈ আহিছে। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ'ব।

প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৪৮,৭৩৯গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব। ইয়াৰ বিপৰীতে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯,৭০৭জন। অৰ্থাৎ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৩,৫৮,৪৪৬গৰাকী পৰীক্ষাৰ্থী।

২০২০ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী…

সমগ্ৰ ৰাজ্যতে মুঠ ৮৬০টা পৰীক্ষা কেন্দ্ৰত এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা। ইয়াৰোপৰি নতুনকৈ ২টা এভালিউশ্বন জ'ন থাকিব এই পৰীক্ষাৰ বাবে।তাৰ এটা তিনিচুকীয়াত, আনটো মিৰ্জাত।

হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাইমাদ্ৰাছা পৰীক্ষাত হৈ থকা বিসংগতি দূৰ কৰিবলৈ নতুন নতুন পদক্ষেপ লৈছে ছেবাই। ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন শৰ্মাই এই সন্দৰ্ভত সদৰী কৰা মতে, পৰীক্ষা যাতে সুচাৰূৰূপে অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্টা পৰিষদে গ্ৰহণ কৰিছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু যাৱতীয় কৰণীয় প্ৰায় সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি পৰীক্ষাৰ নিয়ন্ত্ৰক নয়ন শৰ্মাই কয়- পূৰ্বৰ যি প্ৰত্যাহ্বান আছিল সেই প্ৰত্যাহ্বান সমূহ প্ৰতিহত কৰিবলৈ আমি সবাতো প্ৰকাৰে যত্নবান হৈছো এইবাৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আগৰ দৰেই থাকিব চিচিটিভি কেমেৰা। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে সেই কেমেৰা সমূহ যাতে সক্ৰিয় হৈ আছে সেয়া পৰীক্ষা কৰা হ'ব। পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত কোনো পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব ম'বাইল, কেমেৰা বা আন ইলেক্ট্ৰনিক সামগ্ৰী।

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা কেন্দ্ৰসমূহত নিৰীক্ষকৰ দায়িত্বত থকা শিক্ষক সকলেও পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এনে সামগ্ৰী ছাত্ৰ-ছাত্ৰী দৰেই নিয়াত বাধা আৰোপ কৰা হৈছে। অৰ্থাৎ শিক্ষক-ছাত্ৰ কোনোৱেই পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম'বাইল বা আন ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব।

কঠোৰ হৈছে ছেবা। পৰীক্ষা অনুষ্ঠিত হোৱা তিনি দিনৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰসমূহৰ ফলকত এই কথা উল্লেখ কৰি জাননী আঁৰিব লাগিব। যদি কোনো ছাত্ৰই বা শিক্ষকে এই নিয়ম ভংগ কৰে তেনেহ'লে তেওঁক তিনি বছৰৰ বাবে পৰীক্ষাত বহাৰ পৰা বাৰণ কৰা হ'ব।

পৰীক্ষাগৃহত বিতৰণ কৰিব লগা সংশ্লিষ্ট বিষয়ৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰতো এইবাৰ ছেবাই এক নতুন নিয়ম প্ৰযোজ্য কৰিছে। ছীল হৈ থকা প্রশ্নকাকতসমূহ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত খুলিব লাগিব। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে অন্ধ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইবাৰ প্ৰশ্নৰ উত্তৰ বহীত তেওঁক সহায়কাৰী ছাত্ৰ বা ছাত্ৰীজনৰ হতুৱাই লিখোৱাৰ লগতে ব্ৰেইলী পদ্ধতিৰে লিখিব পৰা ব্যৱস্থাও কৰা হৈছে।

আধুনিক ব্যৱস্থাৰে যাতে ইচ্ছানুসৰি অন্ধ ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ বাবে নতুন নতুন ব্যৱস্থা সংযোগ কৰা হৈছে। ২০২০ চনৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ১২জন এনে অন্ধ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিলে ডাঙৰ সমস্যা হৈ আহিছে। ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন শৰ্মাই জানিবলৈ দিয়া মতে, এই সমস্যা সমাধান আৰু প্ৰতিৰোধৰ বাবে ছেবাই এইবাৰ আন এক পদক্ষেপ গ্ৰহণ কৰিছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতসমূহৰ ওপৰত থাকিব QR Code.। ইয়াৰ জৰিয়তে কোনোবা প্ৰশ্নকাকত যদি ফাদিল হয়, তেনেহ'লে তাৎক্ষণিকভাৱে গম পোৱা যাব সেই প্ৰশ্নকাকতখন কোন পৰীক্ষা কেন্দ্ৰৰ কোনটো কোঠাৰ পৰা ফাদিল হৈছে।

এই সন্দৰ্ভত সকলো তথ্য তথা ব্যৱস্থা কৰি থোৱা হৈছে। মুহূৰ্তৰ ভিতৰতে তেনে অপকৰ্ম কৰা সকলক চিনাক্ত কৰাৰ বাবে এই পদক্ষেপ নতুনকৈ ছেবাই হাতত লৈছে। পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দিয়া মতে, এই QR Codeৰ জৰিয়তে আমি মুহূৰ্তৰ ভিতৰতে গম পাম কোনে ক'ৰ পৰা প্ৰশ্নকাকত ফাদিল কৰিলে।

ডিজিটেল মাধ্যমৰ ব্যাপক ব্যৱহাৰ আৰু অত্যাধুনিক প্ৰযুক্তিয়ে প্ৰায়ে দেখা যায় এই ধৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। এই সকলোবোৰ সমস্যা সমাধানৰ বাবে ছেবায়ো সমান্তৰালভাৱে এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিলে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে।

পৰীক্ষা হলত নকল কৰি ধৰা পৰিলেও কঠোৰ শাস্তি ভুগিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। অতি কমেও দুজন পৰীক্ষাৰ্থী সাক্ষী কৰি প্ৰশ্নকাকত মুকলি কৰা নতুন নিয়মৰ লগতে ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছতে অনুষ্ঠিত কৰিব Carrier guidance / Psychometric টেষ্ট।

এই পৰীক্ষাৰ দ্বাৰাই মেট্ৰিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হৈ কি শাখাত অধ্যয়ন কৰিব, কেনেদৰে পৰৱৰ্তী কেৰিয়াৰ বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিব এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সক্ষমতাৰ পৰীক্ষা ল'ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অন্ত পৰাৰ পাছতেই ২০২০ বৰ্ষৰ ১ মাৰ্চত এই Carrier guidance / Psychometric টেষ্ট অনুষ্ঠিত হ'ব। ২৭ জানুৱাৰীৰ পৰা অনলাইনযোগে এই টেষ্টত অৱতীৰ্ণ হ'ব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নৰ আৱেদন পৰ্ব আৰম্ভ হৈছিল। ৬ ফেব্ৰুৱাৰীত অন্ত পৰে এই পৰ্ব।

দুঘন্টা ধৰি অনুষ্ঠিত হ'ব লগা এই পৰীক্ষাত ছেবা অধীনত থকা ৬৯৯২খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আৱেদন কৰাৰ সুযোগ লাভ কৰিছে। এই পৰীক্ষাৰ নাম দিয়া হৈছে 'দিশা'। মুঠ সময় ২ ঘন্টা আৰু এই পৰীক্ষাত থাকিব ১৮২টা প্ৰশ্ন। পৰীক্ষাৰ শেষত ছেবাই পৰীক্ষাৰ্থীসকলক দুই পৃষ্ঠাৰ এক ৰিপৰ্ট কাৰ্ডো প্ৰদান কৰিব। নিঃসন্দেহে ছেবাৰ এই উদ্যোগ আদৰণীয়।

২৯ ফেব্ৰুৱাৰীত অন্ত পৰিব ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা। পুৱা ভাগৰ পৰীক্ষা ৯ বজাৰ পৰা আৰু আৱেলি ভাগৰ পৰীক্ষা ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ দৰেই উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১২ ফেব্ৰুৱাৰীৰ পৰা।

২০২০ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী…

উচ্চতম মাধ্যমিক পৰীক্ষাৰ তিনিওটা শাখাৰ পৰীক্ষাৰ্থীসকলে প্ৰথমদিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত অৱতীৰ্ণ হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষাত। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা শেষ হ'ব ২৪ মাৰ্চ, ২০২০ত। ১০ ফেব্ৰুৱাৰীৰ পৰা ২৪ মাৰ্চলৈ প্ৰায় ডেৰ মাহ ৰাজ্যত বিৰাজ কৰিব বিদ্যায়তনিক ব্যস্ততাপূৰ্ণ পৰিৱেশ। আৰু এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে একেদৰেই ব্যস্ত হৈ পৰিব শিক্ষকসকলো।

সমান্তৰালভাৱে পৰীক্ষাৰ্থীসকলৰ অভিভাৱকৰ বাবেও এই দিনকেইটা অত্যন্ত গুৰুত্ব আৰু ব্যস্ততাপূৰ্ণ হ'ব। শেহতীয়াকৈ ৰাজ্যত বিৰাজ কৰা পৰিৱেশৰ বাবে অভিভাৱকসকলো যথেষ্ট উদ্বিগ্ন আৰু উৎকন্ঠিত হৈ আছে।

একেদৰে ছেবা, মাধ্যমিক শিক্ষা সাংসদ, হাইমাদ্ৰাছা বৰ্ডৰ কৰ্তৃপক্ষ পৰীক্ষা কেন্দ্ৰ থকা সংশ্লিষ্ট বিদ্যালয়-মহাবিদ্যালয়সমূহৰ শিক্ষক-অধ্যক্ষসকলেও নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যস্ত হৈ পৰিছে। দীৰ্ঘদিনৰ প্ৰস্তুতিৰ অন্তত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকলেও সাজু হৈছে পৰীক্ষাৰ বাবে। মাজত মাত্ৰ কেইটামান দিন। তাৰ পাছতে আৰম্ভ হ'ব বহুতৰ বাবে জীৱনৰ প্ৰথমটো উল্লেখযোগ্য পৰীক্ষা হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা।