বেণু মিশ্ৰঃ পেইন্টিং ব’য়ৰ পৰা প্ৰখ্যাত কলাকাৰলৈ…

বেণু মিশ্ৰঃ পেইন্টিং ব’য়ৰ পৰা প্ৰখ্যাত কলাকাৰলৈ…

author-image
asomiyapratidin
New Update
বেণু মিশ্ৰঃ পেইন্টিং ব’য়ৰ পৰা প্ৰখ্যাত কলাকাৰলৈ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

৬০ দশকৰ আৰম্ভণিৰ কথা। মহেন্দ্ৰ বৰা সম্পাদিত 'মণিদীপ' নামৰ আলোচনীখনত ছপা হৈছিল ৰবিন্দ্ৰ নাথৰ এটা কবিতাৰ আধাৰত অঁকা এখন ছবি। এই ছবিখনে চিত্ৰৰসিক সকলক বৰ আকৰ্ষণ কৰিছিল।

বিশিষ্ট কবি নীলমণি ফুকনে বেণু মিশ্ৰৰ সেই ছবি দেখি কৈছিল- 'ৰবিন্দ্ৰ নাথৰ এটা কবিতাৰ আধাৰত মণিদীপৰ সাংস্কৃতিক শিতানত ছপা হোৱা বেণু মিশ্ৰই অঁকা ছবিখন দেখি আনন্দিত হ'লো। এই ছবি নিৰ্জৰৰে স্বপ্নভংগ ভাৱনাৰ ৰূপকল্পনা, অংকন দক্ষতা আৰু চিত্ৰভাষা সকলোৰে পৰিপূৰ্ণ।'

বেণু মিশ্ৰৰ ছবি মানেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু…

ছবিখন বেণু মিশ্ৰই বিশ্বভাৰতীৰ ক'লা ভৱনৰ ছাত্ৰ হৈ থাকোতেই আঁকিছিল। বেণু মিশ্ৰ আছিল আধুনিক চিত্ৰ কলাৰ বাত্ৰা বাহক। তেওঁৰ শিল্পৰ কল্পদৃষ্টি আৰু শিল্পীসত্তাৰ লগতেই মানৱিক চেতনাবোধৰ আধাৰত গঢ় লোৱা।

অসমীয়া সাহিত্যত বেণু মিশ্ৰৰ আন এক পৰিচয় আছে। নীলমণি ফুকনেই ১৯৬৩চনত তেওঁৰ প্ৰথম কাব্য সংকলন 'সূৰ্য হেনো নামি আহে এই নদীয়েদি' কবিতাসমূহ যুগুতাই সেইবোৰ দিছিল বেণু মিশ্ৰক। উদ্দেশ্য আছিল- এই গ্ৰন্থখনৰ প্ৰচ্ছদ চিত্ৰ এখন আঁকি দিয়া।

তাৰপাছত কেইবা দশক ধৰি অসমীয়া লেখক, প্ৰকাশক, গ্ৰন্থ আলোচনী আদিৰ বাবে প্ৰচ্ছদ চিত্ৰ আঁকি দিয়াৰ দায়িত্ব লৈছিল বেণু মিশ্ৰই। তেওঁ আছিল এজন অবয়বী শিল্পী। বিচিত্ৰ ৰূপ আৰু জীৱনৰ চৰ্য্যাই তেওঁৰ ছবিৰ উপজীৱন।

বৰপেটা সত্ৰত দুটা বিখ্যাত মিশ্ৰ পৰিয়াল আছিল। জ্ঞান সাধনা, সংগীত আৰু শিল্পৰ চৰ্চা বাবে সেই পৰিয়াল আছিল বিখ্যাত। এনে কাহিনীও আছে এই পৰিয়ালৰ এজন আদিপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তীৰ্থ ভ্ৰমণলৈ গৈছিল।

বেণু মিশ্ৰৰ ছবিত আছিল সমাজ চেতনাবোধ…

বেণু মিশ্ৰৰ ককাক আছিল বৰপেটা বিদ্যাপীঠৰ শিক্ষক। তেওঁৰ পৰিয়ালৰে নাৰায়ণ মিশ্ৰই নামঘোষা এটাৰ হৈ মূল্যবান টীকা ৰচনা কৰিছিল। হাতত তুলিকা তুলি ল'লেও বেণু মিশ্ৰই তবলা শিক্ষাহে লৈছিল। তেওঁ আছিল ভাল তবলা বাদক।

বেণু মিশ্ৰৰ ছবিবোৰৰ আছিল অগণন ৰসিক। তেওঁৰ চিত্ৰভাষা কল্পনা আৰু বাস্তৱৰ মাজত বিচৰণ কৰি ফুৰে। তেওঁ অঁকা দুখন বিখ্যাত ছবি- পেনেকী আৰু পোট্ৰেট অৱ এ ফ্ৰেম। তৈল ৰঙত আঁকিছিল এই দুয়োখন ছবি।

পেনেকী ছবিখনত পোহৰ পৰি থকা মানুহৰ মুখবোৰ ফুটি উঠিছিল আৰু কি হ'ব, কি ঘটিব জাতীয় অভিব্যক্তি। মনোধৰ্মী বিকৃতকৰণৰ আশ্ৰয় লৈছিল চিত্ৰকৰে। আনখন ছবিত অভিব্যক্তিবাদৰ বৈশিষ্ট্যৰে সমাহাৰ ঘটা এক প্ৰতীকি চিত্ৰ আছিল।

ঘৰত এক আজৰী পৰত শিল্পী বেণু মিশ্ৰ…

৮০ দশক আছিল বেণু মিশ্ৰৰ বাবে শিল্পী জীৱনৰ সাৰুৱা সময়। অনন্য সুন্দৰ সেই ছবিবোৰে এফালে তন্ময়, আনফালে বিপন্ন মানসিক অৱসাদক তুলি ধৰিছিল। বেণু মিশ্ৰই অকা 'ডে'থ' ছবিখন আছিল এখন উল্লেখযোগ্য ছবি।

এই ছবিখনৰ সন্দৰ্ভত বেণু মিশ্ৰই এটা সাক্ষাৎকাৰত কৈছিল- মানুহে মৃতদেহৰ ওপৰত মালা দিলে। ফুলৰ ওপৰত ফুল। পলিটিকেল কোনো চিন্তা নাছিল। সামাজিক পটভূমিত এটা সময় অতিক্ৰম কৰি সাৰ্বজনীন ৰূপত বাস্তৱক তেওঁ চিত্ৰলৈ ৰূপান্তৰ কৰিছিল।

বেণু মিশ্ৰৰ এক উল্লেখযোগ্য ছবি…

এই ছবিখন কোনোবাই চালে তেওঁৰ মনত পৰিব পাৰে বিশ্ববিখ্যাত চিত্ৰকৰ মাইকেলেঞ্জেলোৰ পিয়েটালৈ ছবিখনলৈ। বেণু মিশ্ৰই অঁকা উল্লেখযোগ্য ছবিবোৰৰ ভিতৰত ফাদাৰ এণ্ড ছ'ন, লাষ্ট ছাফাৰ, লেণ্ডস্কেপ, চিটি স্কেপ, আৰু দা ক্ৰেইডল আদি উল্লেখযোগ্য।

Artist, Biren Sinha paying tribute to renowned artist Benu Mishra at his residence, at Kahilipara in Guwahati on Wednesday.

তেওঁ প্ৰায়ে ছবিবোৰত হালধীয়া বা হালধীয়া গেৰু, ৰঙা বা ৰঙা গেলু, নীলা বাদামী ৰঙৰ প্ৰয়োভৰ ঘটাইছিল। তেওঁ কৰা চিত্ৰক্ৰমৰ সংখ্যা কেইবা সহস্ৰাধিক হ'ব। নিজস্ব কলা সন্মত ধাৰণাৰে বিচিত্ৰ মাধ্যমত তেওঁ পৰীক্ষা নিৰীক্ষা চলাইছিল।

৬০ দশকত প্ৰকাশ পোৱা 'নীলাচল'তো তেওঁ বহু কেইখন ছবি আঁকিছিল। যিবোৰক ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰি। তেওঁৰ এক নিজস্ব শৈলী আছিল। তেওঁৰ মনতো কোমল। চকুত লগাকৈ তেওঁৰ ছবিবোৰৰ ৰঙবোৰে কৈছিল শিল্পীৰ মনৰ কথা।

সমাজৰ প্ৰতি সচেতন আছিল এইগৰাকী শিল্পী…

তেওঁ মনোজ্ঞ শিল্পী চৰ্চা যতি পৰিল। বৃহস্পতিবাৰ অৰ্থাৎ ২৯ মে', ২০১৯ৰ পুৱা ৬ বজাত ৰং আৰু তুলিকাৰে যাদুৰ সৃষ্টি কৰি অহা শিল্পীজনে ৮০ বছৰ বয়সত চিৰবিদায় ল'লে। কাহিলীপাৰাৰ নিজ বাসৃহত শেষ নিশ্বাস ত্যাগ কৰা দেশৰে অন্যতম বিশিষ্ট চিত্ৰশিল্পীগৰাকী গুৱাহাটীৰ চানমাৰিত থকা আৰ্টিষ্টগিলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত বেণু মিশ্ৰক ২০০৬চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটা প্ৰদান কৰিছিল। তেওঁ আছিল ৰূপান্তৰৰ শিল্পী। সময়তকৈ তেওঁ সদায় আগবাঢ়ি থাকে।অতি বিচক্ষণ তেওঁৰ শিল্প দৃষ্টি।

শিল্প কৰ্মৰে ব্যস্ত এক মুহূৰ্তত…

তেওঁ সফল প্ৰকাশভংগী আৰু মাধ্যমৰ নিখুত ব্যৱহাৰে সদায় পূৰ্ণতাপূৰ্ণ চিত্ৰভাষাৰ সন্ধান দিছিল। অসমৰ যিসকল চিত্ৰ শিল্পীয়ে চিত্ৰকৰ্মক বিশেষ পৰ্যায়লৈ লৈ গৈছিল, সেই সকলৰ ভিতৰত আছিল বেণু মিশ্ৰ অন্যতম।

কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমৰ শিল্পকলাত আধুনিকতাৰ সূত্ৰপাত হৈছিল। স্বাধীনতাৰ পাছত আত্মপ্ৰকাশ কৰা শিল্পীসকলৰ শিল্প কৰ্মৰ এই মৰ্যাদাবোধ আৰু উত্তৰণৰ এক আন্দোলন হৈছিল অসমত। ৬০-৭০ দশকলৈ যিকলে শিল্পীয়ে শিল্প কৰ্মৰে নিজক তুলি ধৰিছিল, সেই সকলৰ ভিতৰত ডিব্ৰুগড়ৰ মুকতাব বৰদলৈ, যোৰহাটৰ সোণাৰাম বৰদলৈ, নগাঁৱৰ শশীধৰ শইকীয়া আছিল অন্যতম।

প্ৰতিষ্ঠিত শিল্পী হৈও তেওঁ কটাইছিল এক সাধাৰণ জীৱন…

সেই সময়ত এই শিল্পীসকলৰ শিল্প কৰ্মৰ ব্ৰিটিছ একাডেমী ধাৰা আৰু বেংগলৰ প্ৰভাৱ পৰিছিল। প্ৰাচাত্য প্ৰভাৱেৰে তেল ৰং, পানী ৰং আদি মাধ্যমত ভিক্তৰিয়ান প্ৰভাৱত প্ৰতিকৃতি অংকনত তেওঁলোক সফল হৈছিল।

৩০ দশকৰ পৰা স্বাধীনতা লাভলৈকে জন্মগ্ৰহণ কৰা আৰু ৬০ দশকত প্ৰতিষ্ঠা লাভ কৰা অসমৰ প্ৰায়সকল শিল্পীয়ে আছিল বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অধীনত থকা কলা ভৱনৰ ছাত্ৰ। তেওঁলোকৰ ভিতৰত পদুম চন্দ্ৰ বুঢ়াগোঁহাই, মদন মোহন লহকৰ, ৰমেশ ঘোষ, মাধৱ বৈশ্য, শোভা ব্ৰহ্ম, হেমাংগিনী বৰদলৈ, অতুল চন্দ্ৰ বৰুৱা, তপন বৰদলৈ আছিল অন্যতম।

অন্তিম শয়নত বেণু মিশ্ৰ…

নীলপৱন বৰুৱা, বেণু মিশ্ৰ, কন্দৰ্প শৰ্মা আদিয়ে সেই সময়ত চিত্ৰ শিল্পক এক বিশেষ পৰ্যায়লৈ লৈ গৈছিল। মুম্বাই জে জে স্কুল অৱ আৰ্টছত পঢ়ি আহিছিল প্ৰণৱ বৰুৱা। একেদৰে গৌৰী বৰ্মনেও জে জে কলেজত আৰ্কিটেক্সাৰ শিক্ষা গ্ৰহণ কৰিছিল। অসমৰ আধুনিক শিল্পকলাৰ পথপ্ৰদৰ্শক আছিল তেওঁলোক।

বৰপেটা সত্ৰৰ বিখ্যাত মিশ্ৰ পৰিয়ালত ১৯৩৯চনৰ ২৭ নবেম্বৰত জন্ম হৈছিল বেণু মিশ্ৰৰ। ইতিমধ্যে উল্লেখ কৰা হৈছে যে তেওঁৰ ককা আছিল বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক। গৰুৱা বান্ধোনত তেওঁ অতীষ্ঠ হৈছিল। সেয়েহে কলিকতালৈ বুলি এদিন ৰেলত উঠিছিল।

কলিকতাৰ সলনি ৰেল গৈ পাইছিলগৈ ডিব্ৰুগড়। উপায়বিহীন হৈ তেওঁ তিনিচুকীয়ালৈ গৈ ছাইনবৰ্ড লিখা দোকান এখনত পেইন্টাৰ হিচাপে কাম কৰিছিল। সেই খবৰ পাই ঘৰৰ মানুহে ধৰি আনে গুৱাহাটীলৈ। ১৯৫৭চনত তেওঁ কটন কলেজৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।

এয়াই আছিল তেওঁৰ শিল্প কৰ্মৰ নমুনা…

সেই বছৰে ৮০ টকীয়া বৃত্তি লাভ কৰি তেওঁ শান্তি নিকেতনৰ কলা ভৱনত নাম ভৰ্তি কৰে। ১৯৬১চনত ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ৪ বছৰীয়া ডিপ্লমা সম্পূৰ্ণ কৰে বেণু মিশ্ৰই। ডিপ্লমা গ্ৰহণ কৰি এবছৰ কলিকতাতে থাকি ১৯৬২চনত তেওঁ ঘূৰি আহে গুৱাহাটীলৈ। সেই বছৰে তেওঁ জনসংযোগত আৰ্টিছৰূপে যোগদান কৰে।

বেণু মিশ্ৰৰ প্ৰথম একক চিত্ৰ প্ৰদৰ্শনী ১৯৬৪চনত অনুষ্ঠিত হৈছিল নেপালৰ কাঠমাণ্ডুত। ১৯৭৩চনত তেওঁ পূব জাৰ্মানীত অনুষ্ঠিত দশম বিশ্ব যুৱ মহোৎসৱত যোগদান কৰিছিল। সেই বছৰে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল ৰাজলক্ষ্মী ভট্টাচাৰ্যৰ লগত।

পত্নীৰ সৈতে শিল্পী বেণু মিশ্ৰ…

কেন্দ্ৰীয় চৰকাৰক সাংস্কৃতিক আৰু কলাত ফেলছীট লাভ কৰিছিল বেণু মিশ্ৰই। তেওঁ প্ৰায় ৮ হাজাৰ ছবি আঁকিছে। তেওঁৰ বিশেষ ছবিসমূহ ৰেখা নিৰ্ভৰশীল। অসমীয়া, ইংৰাজী, বাংলা ভাষাৰ ৬ সহস্ৰাধিক কিতাপৰ পচ্ছদ ছবি আকিছে বেণু মিশ্ৰই। তেওঁ কনকলতা, মুকুণ্ড ৰাজ কাকতীৰ ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰিছিল। অসমীয়া শিল্পজগতত বেণু মিশ্ৰ নিঃসন্দেহে এক উল্লেখযোগ্য নাম। তেওঁৰ এই প্ৰস্থানে সৃষ্টি কৰিলে বিৰাত শূন্যতা।