বন্ধু…

বন্ধু…

author-image
asomiyapratidin
New Update
বন্ধু…

পলাশ জ্যোতি গগৈ

Advertisment

সেই নিৰ্ভেজাল মৰমবোৰ ইয়াতেই আছে। ইজনে সিজনক লগ পালে জীৱনকে পাহৰিব খোজে। কান্ধত কান্ধ থৈ সুখ-দুখৰ কথা পাতি দুয়ো আপোনপাহৰা হ'ব পাৰে। জীৱনৰ এই সম্পৰ্ক কেৱল তেওঁৰ সৈতেহে সম্ভৱ। আত্মীয় নহৈও তেওঁ আত্মীয়তকৈও আপোন। প্ৰিয়জন নহ'লেও প্ৰিয়জনতকৈ বেছি বিশ্বাসী।

এক আকলোৱা মৰমৰে বিশ্বাসৰ ভেটিত গঢ় লোৱা এই সম্বন্ধত আছে ত্যাগ আৰুভালপোৱাৰ প্ৰতিশ্ৰুতি। ইয়াৰ অভাৱ অনুভৱ হয় তেতিয়া, যেতিয়া কাৰোবাক ক'ব খোজা কথাবোৰবুকুতে ৰৈ যায়।

তেওঁ নুবুজিলে বুজিব কোনে? মৰম, ধেমালি আৰু স্বাৰ্থহীন সম্পৰ্কৰ মাজত দুয়ো আৱদ্ধ হৈ থাকে চিৰকাল। বয়স বাঢ়ি যায়, সম্পৰ্ক হেৰাই নাযায়। বহুদিন সংস্পৰ্শত নাথাকিলেও মনৰ ভিতৰত থাকি যায় ভাল লগা দিনৰ স্মৃতি।

বন্ধু। এক ভাল লগা শব্দ। এক গভীৰতা থকা সম্পৰ্ক। বিশ্বাস, আন্তৰিকতা,সহযোগিতা আৰু প্ৰতিশ্ৰুতিৰে ভৰা এই সম্পৰ্কত নাথাকে কোনো হিচাপ। জীৱনৰ বাবে বন্ধুহেনো অক্সিজেন। অতি প্ৰিয়জনৰ আগতো ক'ব নোৱাৰা কথা বন্ধুৰ আগত ক'ব পাৰি। বন্ধুৰসৈতে সময় কেনেদৰে পাৰ হয় ধৰিবই নোৱাৰি।

আগতে বন্ধু আছিল একেলগে খেলা-ধূলা কৰা, একেলগে গাঁৱৰ ফুৰা-চকা কৰা বা বিদ্যালয়-মহাবিদ্যালয়তএকেলগে পঢ়া লোকৰ মাজত। তাৰোপৰি, বিভিন্ন সূত্ৰে সুসম্পৰ্ক গঢ়ি এই সম্বন্ধ স্থাপনহৈছিল।

বন্ধুত্বৰ সেই পৰিসৰ এতিয়া বৃদ্ধি পাইছে। ছ'চিয়েল মিডিয়াযোগেও বিভিন্নজনৰ মাজত বন্ধুত্ব হয়। নেদেখাকৈ, নজনাকৈ গঢ় লৈ উঠে সম্পৰ্ক। বন্ধুত্বৰ পূৰ্বৰমাদকতা এতিয়া যেন ক'ৰবাত হেৰাই গৈছে।

মানুহৰ স্বাৰ্থৰ মাজত বন্ধুত্বৰ পবিত্ৰ সম্পৰ্কৰ মৰ্যাদা আৰুবিশ্বাসযোগ্যতা হেৰাই গৈছে। বন্ধু মানে বন্ধু। এক পাৰস্পৰিক চেনেহৰ মাজত গঢ় লৈউঠা এই সম্পৰ্ক কোনেও নুই কৰিব নোৱাৰে। সকলোৰে থাকে বন্ধু। সুখ-দুখৰ সংগী হয় এইবন্ধু।

বন্ধুত্বৰ সৈতে জড়িত হৈ থকা আৱেগ-আনন্দ, বুজাবুজি কেতিয়াবা বিষাদো হৈপৰে। বিশ্বাস আৰু শ্ৰদ্ধা নাথাকিলে বন্ধুত্বৰ কোনো মূল্য নাই। বিপদৰ মুহূৰ্ততবন্ধুৰ কাষত, আনন্দৰ মুহূৰ্তত বন্ধুৰ ওচৰত।

বন্ধু মানে বিশ্বাস আৰু আশা। বন্ধু মানে সকলো কথা ক'ব পৰা এজন মানুহ।কিন্তু তাৰ মাজতে এই সম্বন্ধৰ গইনা লৈ বন্ধুৱে প্ৰতাৰণা কৰে। এয়া বন্ধুক অতিবিশ্বাস কৰাৰ ফল।

প্ৰাচীন কালৰ পৰাই সমাজমুখী চেতনাৰে মানুহে সংগবদ্ধভাৱে বাস কৰিবলোৱাৰ পৰাই এই সম্পৰ্ক গঢ় লৈ উঠিছে। কাৰোবাৰ প্ৰতি থাকে তীব্ৰ টান আৰু বহুপ্ৰত্যাশা। তেওঁৰ উপস্থিতিয়ে মনত সাহস দিয়ে। আশাৰ সঞ্চাৰ কৰে।

বন্ধুত্বক লৈ বহু কথা, যিবোৰ কথা অনুভৱ কৰিব পাৰি বাখ্যা কৰাৰ ভাষাৰঅভাৱ হয়। এজন পুৰুষৰ সৈতে এগৰাকী নাৰীৰ ভাল বন্ধুত্ব হ'ব পাৰে। এজন যুৱকৰ সৈতে এগৰাকীআদহীয়া মানুহৰ সুসম্পৰ্ক গঢ় লৈ উঠিব পাৰে।

বন্ধুৰ এই সম্পৰ্কই দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। সময় গতিশীল। বন্ধুনামৰ ধাৰণাও এতিয়া সলনি হৈছে। ছ'চিয়েল মিডিয়াত কাৰ কিমান বন্ধু আছে তাৰ হিচাপ আমিসাংখ্যিকভাৱে পালেও, সেই বন্ধুত্ব ব্যৱহাৰিক বন্ধুত্বৰ সম্পৰ্কই চুব নোৱাৰে।

তথাপিও বন্ধু বন্ধুৱেই। বন্ধুৰ বাবে কোনোবা মৰিব পাৰে, বন্ধুৰ বাবেকোনোবাই সকলো কৰিব পাৰে। গাঁৱত এই বন্ধুত্বক লৈ এক সামাজিক বন্ধোন আছে। গ্ৰাম্যঅঞ্চলত বিবাহৰ পূৰ্বে বা বিবাহ কৰাৰ পাছত গুৰুৰ ওচৰত শৰণ লোৱাৰ নিয়ম আছে।

অসমীয়া সমাজ জীৱনত শৰণ লোৱাটো এক নিয়ম। সেই সময়তে মনে মিলা দুজন লোকৰমাজত আন এক বন্ধুত্বৰ সম্পৰ্ক গঢ়ি দিয়া হয়। সামাজিকভাৱে তেওঁলোক হৈ পৰে হৰি ভকত।

সেই লোকসকলে শৰণ লৈ হৰিভকত হোৱাৰ পাছত পৰৱৰ্তী সময়ত তেওঁৰ বন্ধুৰসুখে-দুখে সদায় কাষত থাকে। হৰিভকত মানেই গ্ৰাম্য সমাজত এক ডাঙৰ সম্পৰ্ক। হৰিভকতৰঘৰত কিবা সকাম আনজন হৰিভকতে দহোবন কাটি কৰি তেওঁৰ ঘৰত তেওঁৰ কাষত থাকেগৈ।

এই সম্বন্ধত আছে এৰাব নোৱাৰা আন্তৰিকতা আৰু টান। বন্ধুত্বৰ সম্পৰ্ককলৈ বিশ্বজুৰি এটা দিন উদযাপন কৰা হয়। কিন্তু গাঁৱৰ সেই লোকসকলৰ বাবে নিঃস্বাৰ্থৰবন্ধুসকলৰ বাবে প্ৰতিটো দিনেই বন্ধুত্বৰ দিন।

বাটে-পথে লগ পালে তেওঁলোকে ইজনে সিজনক হৰিভকত বুলি সম্বোধন কৰে। আঁতৰৰপৰাই দেখিলে দুয়ে দুয়োকে ভৰিত চুই প্ৰণাম কৰে। এই সংস্কৃতি বন্ধুত্বৰ অন্য একমৰ্যাদাপূৰ্ণ ৰূপ। বন্ধু নহ'লে জীৱন অসাৰ নেকি? নচলিব নেকি জীৱন? প্ৰতিজন মানুহেইচোন ক'বনোৱাৰাকৈয়ে এই সম্বন্ধৰ মাজত আৱদ্ধ হৈ পৰে। সকলোৰে ভিতৰত এজন প্ৰিয় বন্ধু হৈ পৰে।তেওঁৰ বাবে সকলো কৰিব পাৰে এই বন্ধুৱে।

সামাজিক দৃষ্টিকোণেৰে বন্ধুৰ বাখ্যা, ব্যক্তিগত দৃষ্টিকোণেৰে বন্ধুৰসংজ্ঞা পৃথক হ'ব পাৰে। কিন্তু বন্ধুৰ উদ্দেশ্য একেই। সমাজপ্ৰিয় মানুহৰ বাবে বন্ধুজীৱনৰ এক অভিন্ন অংগ।